top of page

সময়ো এক শিল্প

Updated: Sep 18, 2025

সময়ো এক শিল্প  !

যাৰ সৌন্দৰ্য্যত 

জীৱনৰ প্ৰত্যেক মূহুৰ্ত প্ৰতিফলিত ।

মানুহৰ পৰা মানুহলৈ

হৃদয়ৰ পৰা হৃদয়লৈ,

এয়া সময়ৰ আহ্বান

য'ত নেকি আছে; সহস্ৰ প্ৰত্যাহ্বান ।

এই প্ৰত্যাশিত ৰাতিৰ অন্ধকাৰ

যিমানেই ঘন ঘোৰ হ'ব,

প্ৰভাত তাতোধিক উজ্বল হ'ব ।

সূৰুযমুখীৰ বাটেৰে

তুমি হৈ ৰোৱা স্মৰণীয়,

তুমি শিল্পী

সময়ৰ শিল্পী ।

এই সময় বিজ্ঞ

অভিজ্ঞ !


মোস্তাকিন শ্বেখ

একাদশ শ্ৰেণী

কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুল, নগাঁও

8638868220

Comments


bottom of page