top of page

আমি খিলঞ্জীয়া মুছলমান,গৰিয়া-মৰিয়া

ইতিহাসে গৰকা আমাৰ প্ৰাগজ্যোতিষপুৰ । এই প্ৰাগজ্যোতিষপুৰৰ লোক-সংস্কৃতি, সমাজ গঠন আৰু জাতীয়তাবাদৰ এক অভিন্ন অংগ অসমত বাস কৰা অসমীয়া মুছলমানসকল । অসমত বাস কৰি অহা গৰিয়া, মৰিয়া, দেশী, চৈয়দ, মাইমল, ভাটিয়া আদি ইছলাম ধৰ্মাৱলম্বী থলুৱা লোকসকলৰ ক্ষেত্ৰত 'খিলঞ্জীয়া মুছলমান' শব্দটো ব্যৱহাৰ কৰা হয় ।

 

পূৰ্বাঞ্চলত বসতিৰ ইতিহাস : পূৰ্বাঞ্চলৰ ইতিহাসত মুছলমানসকলৰ ইতিহাস প্ৰায় আঠশ বছৰীয়া । ১২০৫-০৬ খ্ৰীষ্টাব্দত সম্ৰাট কুতুবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলিজিয়ে প্ৰাচীন অসমৰ মাজেদি তিব্বত আক্ৰমণ কৰিবলৈ অহা সময়ৰে পৰাই অসমত মুছলমানসকল অসমত থাকিবলৈ আৰম্ভ কৰে বুলি ইতিহাসে কয় । সেনাপতি খিলিজিক সেই সময়ছোৱাত সহায় কৰা মেচ জনজাতীয় ৰজা 'আলী মেচ' ইছলাম ধৰ্মৰে দীক্ষিত হয় । স্বাভাৱিকতে শ শ মেচ জনজাতিৰ লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰে। আহোমৰ লগত মুছলমান ৰজাৰ মুঠ ১৭ বাৰ যুদ্ধ হৈছিল ( ১৫২৭ চনৰ পৰা ১৬৮২ চনৰ লৈকে)। কিন্তু প্ৰতিবাৰেই আহোমসকলে জয় লাভ কৰে । ১৪৯৮ খ্ৰীষ্টাব্দত নবাব হুছেইনৰ আক্ৰমণৰ পিছত হাজোত মুছলমানসকলৰ এক উপনিৱেশ স্থাপন হয় । সেইসময়তেই হাজোলৈ অহা গিয়াছউদ্দিন আউলিয়াই মছজিদ নিৰ্মাণ কৰে আৰু ধৰ্মপ্ৰচাৰ কৰিবলৈ লয়। হাজোৰ পোৱামক্কা সমগ্ৰ অসম বিখ্যাত । আহোম ৰাজ্যত থিতাপি লোৱা আজান ফকীৰ চাহেবেও ধৰ্মন্তৰিতকৰণ প্ৰক্ৰিয়াটোক যথেষ্ট সবল কৰি তোলে। উল্লেখযোগ্য যে, মধ্যযুগত হিন্দু সমাজত প্ৰচলিত বৰ্ণভেদ প্ৰথাৰ অত্যাচাৰত বহুতো নিম্ন বৰ্গৰ হিন্দু লোকে ইছলাম ধৰ্মৰে দীক্ষিত হয়।

 

গৰিয়া আৰু মৰিয়াসকল : প্ৰথমতে, আধুনিক অসমীয়া অভিধানৰ মতে গৰিয়া শব্দৰ অৰ্থ হৈছে বাদ পৰি ৰোৱা, অকৃতকাৰ্য্য হোৱা,ভালকৈ ভাজ নোলোৱা বা নুফুটা আদী ।গৰিয়াসকল অতীত কালৰে পৰা অসমৰ স্থায়ী বাসিন্দা । অসমলৈ গৌড় ৰাজ্যৰ পৰা আহি বা গৌড় দেশৰ মাজৰে আহি প্ৰবেশ কৰাৰ বাবে হয়তো তেওঁলোকক 'গৌড়ীয়া' আৰু পিছলৈ গৰিয়া বুলি কোৱা হয় বা জনাজাত হয়, এই অৰ্থক লৈ কিছু অমিলো আছে কিয়নো সেই সময়ৰ গৌড় ৰাজ্য ( ভৌগোলিক ভাবে বৰ্তমানৰ পশ্চিম বংগৰ মালডা আৰু মুৰ্চিদাবাদ জিলা) ৬২৫ খ্ৰীষ্টাব্দলৈকেহে নিজৰ অস্তিত্বত বাচি আছিল তাৰ বিপৰীতে ইছলাম ধৰ্মৰ অসমলৈ আগমন ঘটিছিল ১২০৫ চনত । অন্য এক কথিত জনবিশ্বাস মতে, এওঁলোকৰ বেছি ভাগ মানুহেই যিহেতু হিন্দুৰ পৰা ইছলামলৈ ধৰ্মান্তৰিত হোৱা লোক গতিকে, তেওঁলোকে যেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তাৰ ফলস্বৰূপে মূল হিন্দু সমাজখনে তেওঁলোকক এঘৰীয়া কৰি দিছিল, বোধহয় এই এঘৰীয়া শব্দৰ ধ্বনি আৰু উচ্চাৰণ বিশেষে অৰ্থৰ সামঞ্জস্য থকা 'গৰিয়া' শব্দটো পিছৰ সময়ছোৱাত জনাজাত হৈ পৰে । স্বৰ্গদেউ চাওলুং চ্যুকাফাই যেতিয়া পাটকাই পৰ্বত পাৰ হৈ আহি তাহানিৰ অসমৰ সৌমাৰপীঠত ভৰি থৈছিলহি, তেতিয়াই তেওঁ গৰিয়া বোলা

পলৰীয়া মানুহ এজনক বাটত লগ পাইছিল আৰু নিজৰ প্ৰশাসনৰ আওঁতাত আনি ঠাই দিছিল ৷ এইজনৰে সতি-সন্তানক স্বৰ্গদেউ চুবিনফাই চইজৰি বটাকৈ দিলে আৰু নাম ৰাখিলে 'চেঙ্গচাই' ৷ এয়াই হৈছে বুৰঞ্জীৰ পাতত উল্লেখ থকা প্ৰথমটো গৰিয়া পৰিয়াল ৷ অসমৰ গৰিয়া জনগোষ্ঠীৰ নব্বৈ শতাংশ লোক থলুৱা তথা বিভিন্ন জনগোষ্ঠীৰ পৰা 'গৰিয়া পৰি' অৰ্থাৎ বাদ পৰি পিচলৈ ইছলাম ধৰ্মৰে দীক্ষিত হোৱা লোক আৰু বাকী থকা দহ শতাংশ লোকহে আহোম স্বৰ্গদেউসকলৰ দিনত বিভিন্ন কাৰণবশতঃ অসমলৈ অনা লোক ।

 

দ্বিতীয়তে, আহোম ৰাজত্ব কালত যুদ্ধ কৰিবলৈ অহা বহুতো মুছলমান যুদ্ধবন্দী হিচাবে ৰৈ যায় । স্বৰ্গদেৱে প্ৰথমে তেওঁলোকক হাতীৰ বাবে ঘাঁহ যোগানৰ দায়িত্বৰে 'হাতীঘাঁহী' পাতে। কিন্তু তেওঁলোকে হাতীক নেগুৰৰ ফালৰ পৰা ঘাঁহ দিয়া দেখি সকলো আচৰিত হয় । এই কাম ভালদৰে কৰিবলৈ নোৱাৰাৰ বাবে পিছলৈ খেতি কৰ্মত নিয়োজিত কৰে কিন্তু এই কামতো পাৰদৰ্শিতা দেখুওৱাব নোৱাৰাৰ বাবে তেওঁলোকে নিজেই জীৱিকা হিচাপে পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰিবলৈ লয়। বাচন-বৰ্তন মৰিয়াই মৰিয়াই তৈয়াৰ কৰাৰ বাবেই তেওঁলোক 'মৰিয়া' বুলি জনাজাত হৈ পৰে । বৈবাহিক সম্পৰ্কৰে তেওঁলোক অসমত থাকি অসমীয়া মূল সুঁতিৰ লগত মিলি যায় । বুৰঞ্জী প্ৰণেতা পদ্মনাথ গোহাঞিবৰুৱাই অসমৰ বুৰঞ্জীত (১৯৩৭) মৰিয়া সকলৰ কথা বৰ্ণনা কৰিছে ।

 

ইতিহাসৰ পৃষ্ঠাত আৰু কিছু : আহোমৰ দিহিঙ্গীয়া ৰজাৰ দিনত সংঘটিত ১৫২৭ চনৰ যুদ্ধত মুছলমানৰ এটি বৰ ধুনীয়া ল'ৰা বন্দী হয়। সেই ল'ৰাটোক স্বৰ্গদেৱে কাটিদাং দুৱৰা পাতি আহোম খেলত অন্তৰ্ভুক্ত কৰায় । আহোম শাসনৰ শেষৰজন সেনাধ্যক্ষ ৰমজান খাঁ হিলৈধাৰী বৰুৱা গৰিয়া জনগোষ্ঠীৰে লোক আছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত গুৱাহাটীত ১২খন আৰু আহোমৰ ৰাজধানী ৰংপুৰত ২০খন মাদ্ৰাছা প্ৰতিষ্ঠা কৰাৰ তথ্য পোৱা যায়। ১৬৩৫ চনত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া কাচিম খান, ১৬৭১ চনত শৰাইঘাট যুদ্ধৰ উপ-সেনাপতি বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি, আহোম ৰজাৰ পাৰদৰ্শী কৰ্মচাৰী চুলতান গৰিয়া আদি খিলঞ্জীয়া মুছলমানৰ জাতীয়তাবাদৰ মাথোঁ কেইটামান উদাহৰণহে। আহোম স্বৰ্গদেউ গদাধৰ সিংহই আজান ফকীৰক নিৰ্মাণ কৰাই দিয়া মছজিদ শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰিত আজিও বিদ্যমান । আজান ফকীৰে ৰচনা কৰা জিকিৰসমূহ অসমীয়া গীতি-সাহিত্যৰ চহকী সম্পদ ।  'আজাদ-হিন্দ-ফৌজ'ৰ প্ৰথম অসমীয়া ছহিদ নবাব ছেহিদুৰ ৰহমান, বিখ্যাত সাহিত্যিক ছৈয়দ আব্দুল মালিক, বিখ্যাত সংগীত শিল্পী পাৰবিন চুলতানা, অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ, সাহিত্যিক ইমৰান শ্বাহে আদিকে ধৰি বহু সুযোগ্য অসম সন্তানে অসমৰ নাম বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এওঁলোকৰ বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণৰূপে অসমীয়া‌‌। কেৱল ধৰ্মৰ বাদে এই লোকসকলৰ অন্য কোনো অমিল অসমীয়া জাতিৰ লগত নাই। এওঁলোকৰ নামবোৰো থলুৱা, যেনে - তেতেলী, ৰহিতন, সৰুমাই, পদুমী, জোন, নৰেন, ফুলকন, কলাই, বগাই, চাহিদা ইত্যাদি ।এওঁলোকে নিজৰ প্ৰচেষ্টা আৰু উদ্যমৰ জৰিয়তে ১৮/১৯ শতিকাৰ সময়চোৱাত বিভিন্ন মুক্তাব বিদ্যালয়ো প্ৰতিষ্ঠা কৰাই ।

        

বৰ্তমানৰ বসতি : অসমৰ থলুৱা হিন্দু জনজাতিৰ লগত মিল থকা হেতু এওঁলোক প্ৰধানতঃ হিন্দু প্ৰধান অঞ্চলত সিঁচৰতি। সেয়ে ন-অসমীয়া বা মিঞা মুছলমানসকলৰ দৰে এওঁলোকে বৃহৎ এলেকাজুৰি বসবাস নকৰে যাৰ ফলত কোনো বিধানসভা সমষ্টিতে ভোটৰ অংকৰে জয়ী হোৱাটো সম্ভৱ হৈ নুঠে । তাৰ ফলশ্ৰুতিতে হয়তো বহু সময়ত চৰকাৰে আমাৰ অভিযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ নকৰে। 'মুছলমান' শব্দৰ আলম লৈ বহুতে পূৰ্ব-বংগীয় মুছলমানৰ লগত এওঁলোকক একাকাৰ কৰিবলৈ বিচাৰে । কিন্তু এনে কৰাৰ চেষ্টা আমাৰ স্বাভিমান তথা অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ । বৰ্তমান এওঁলোক প্ৰধানতঃ অসমৰ নগাঁও, মৰিগাঁও, দৰং, গোৱালপাৰা, নলবাৰী, যোৰহাট, গোলাঘাট, শিৱসাগৰ জিলাকে ধৰি অসমৰ অন্যান্য জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে । অসমৰ প্ৰায়বোৰ গৰিয়া-মৰিয়া গাওঁ হিন্দুৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত হোৱা গাওঁ । উদাহৰণস্বৰূপে - পুৰণি দৰং জিলাৰ কানাইচুবা, গোহাঁইপাৰা, নলবাৰী জিলাৰ ভোগপুৰ, মাধৱপুৰ, অবিভক্ত নগাঁও জিলাৰ দন্দুৱা, ৰোৱাঢলা, পাথৰি, তৰাবাৰী, পাইখাইতি আদি ।

           

এখন কল্যাণকামী ৰাষ্ট্ৰ নিৰ্মাণৰ হেতু প্ৰত্যেক জাতি-জনগোষ্ঠীৰ উত্তোৰণেহে প্ৰকৃত বিকাশ সাধন কৰিবলৈ পাৰে । ব্ৰহ্মপুত্ৰৰ সোণোৱালী সভ্যতাই যুগে যুগে সাক্ষী দিয়ে আৰু দি যাব আমি খিলঞ্জীয়া বুলি,আমি অসমীয়া বুলি ।

 

সহায়ক গ্ৰন্থপঞ্জী : অণিমা গগৈ, স্বৰ্গদেউ ছ্যু-হুম্-মং ওৰফে স্বৰ্গনাৰায়ণ, পৃষ্ঠা ৬৫/৬৬

 

মোস্তাকিন শ্বেখ

নাজিৰাজান, নগাঁও

মো:নং- ৮৬৩৮৮৬৪২২০

Recent Posts

See All
দশ মহাবিদ্যাঃঃ

প্ৰথমতে মহাকালী দুখ কষ্ট বিনাশিনী তোমাৰ ৰূপ ভংকৰী মহামায়া তুমি তেজস্বিনী দ্বিতীয়তে মা তাৰা মুক্তিৰ পথ সজীৱ কৰা জ্ঞান বুদ্ধি প্ৰদান কৰা তুমি মা মহামায়া তৃতীয়তে ষোড়শী ৰূপ ষোল কলাৰ পূৰ্ণ স্বৰূপ শক্ত

 
 
 

Comments


bottom of page