top of page

বাণলিঙ্গ

Updated: Feb 3

 



বাণলিঙ্গক নর্মদেশ্বৰ শিৱলিঙ্গ বুলিও কোৱা হয় বা জনা যায় । কিয়নো বাণেশ্বৰ শিৱলিঙ্গ বা বাণলিঙ্গৰ উৎপত্তিস্থল মূলত নর্মদা নদী । নর্মদা নদীৰ অন্য নাম হৈছে “ৰেবা”। এই নামটো সংস্কৃত “ৰেব” শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে পাথুৰীয়া নদী । বায়ু পুৰাণ আৰু স্কন্দ পুৰাণৰ মতে নর্মদা নদীৰ উৎপত্তি শিৱৰ দেহৰ পৰা হৈছিল। সেইকাৰণে নর্মদা নদীক “শংকৰী” বুলিও কোৱা হয়, অৰ্থাৎ শিৱৰ কন্যা । মা নর্মদাই শিৱৰ পৰা বৰ লাভ কৰিছিল যে নর্মদা নদীৰ ডাঙৰ–সৰু সকলোবোৰ পাথৰ প্ৰাণ-প্ৰতিষ্ঠা নকৰাকৈয়ে শিৱলিঙ্গ হিচাপে সৰ্বত্র পূজিত হ’ব তথা বাণলিঙ্গ স্বয়ং সদায় শক্তিসংযুক্ত — ‘প্ৰমত্তং শক্তিসংযুক্তম্’ । সেয়ে নর্মদা নদীৰ যিকোনো পাথৰ ঘৰলৈ লৈ আহি তাক বিধিগতভাবে নর্মদেশ্বৰ শিৱলিঙ্গ বা বাণলিঙ্গ হিচাপে পূজা আৰু অভিষেক কৰিব পাৰি । কেৱল লক্ষ্য ৰাখিব লাগে যে ঘৰত পূজা কৰা লিঙ্গভাগ নিজৰ হাতৰ বুঢ়া আঙুলিতকৈ যাতে ডাঙৰ নহয় । বাণলিঙ্গৰ পূজা কৰিলে সুখ-সমৃদ্ধিৰ লগতে যিকোনো বিপদ-আপদ নোহোৱা হৈ জীৱন শান্তিময় হৈ পৰে । নর্মদা নদীত যিবোৰ পাথৰ বৈ আহে, সেইবোৰে শিৱলিঙ্গৰ ৰূপ ধাৰণ কৰে—এয়া ভগৱান শিৱৰ এক অলৌকিক আশীৰ্বাদ ।

 

বাণলিঙ্গ সম্পৰ্কে পুৰাণসমূহত এক প্ৰচলিত কাহিনী আছে। কোৱা হয় যে বাণাসুৰ নামে এজন শিৱভক্ত অসুৰ আছিল । তেওঁ নৰ্মদা নদীৰ তীৰত থকা শিৱক্ষেত্ৰত বহু বছৰ ধৰি দিন-ৰাত তপস্যা কৰি ভোলানাথক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছিল । শিৱই তেওঁৰ এই ভক্তিত সন্তুষ্ট হৈ তেওঁক বৰ বিচাৰিবলৈ ক’লে । তেতিয়া বাণে আনন্দত অভিভূত হৈ নিজৰ আৰাধ্য দেৱতাৰ ওচৰত ক’লে—

“প্ৰভু, আপোনাৰ দৈনিক পূজাৰ বাবে লিঙ্গ নিৰ্মাণ কৰাটো মোৰ বাবে বৰ কষ্টকৰ। আপুনি দয়া কৰি মোক সু-লক্ষণযুক্ত শিৱলিঙ্গ দান কৰক, যাতে মই মনৰ আনন্দেৰে আপোনাৰ বিধিবদ্ধ পূজা কৰিব পাৰোঁ।” তেতিয়া শিৱই তেওঁক চৌদ্দ কোটি শিৱলিঙ্গ দান কৰিলে । বাণে এই শিৱলিঙ্গসমূহ যাতে সকলোৰে উপকাৰত আহে, সেই উদ্দেশ্যে সেইবোৰ পূজা কৰি বিভিন্ন স্থানত স্থাপন কৰিলে। যেনে—তিনি কোটি লিঙ্গ কালিকাগড়ত, তিনি কোটি লিঙ্গ শ্ৰীশৈলত, এক কোটি কন্যাশ্ৰমত, এক কোটি মহেশ্বৰ ক্ষেত্ৰত আৰু অবশিষ্ট লিঙ্গসমূহ বিভিন্ন তীৰ্থক্ষেত্ৰত স্থাপন কৰিলে । বাণে পূজা কৰাৰ বাবে এই শিৱলিঙ্গসমূহক বাণলিঙ্গ বা বাণেশ্বৰ শিৱলিঙ্গ নামেৰে পৰিচিত হৈ উঠিল ।

 

বাণলিঙ্গক ব্ৰহ্মাণ্ডৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে । ইয়াৰ মুখ্য বিশেষত্ব হ’ল— বাণলিঙ্গত এবাৰ মাত্ৰ পূজা কৰিলেই সহস্ৰ পূজাৰ সমান ফল লাভ কৰিব পাৰি । দহ মহাবিদ্যাক বাদ দি আন সকলো দেৱ দেৱীৰ পূজা বাণলিঙ্গত কৰিব পাৰি । বাণলিঙ্গত উৎসৰ্গা কৰা প্ৰসাদ ভক্তই পূজাৰ শেষত গ্ৰহণ কৰিব পাৰে আৰু বাণলিঙ্গক অভিষেক কৰা জল ভক্তই গ্ৰহণ কৰিব পাৰে । চিহ্ন, ৰং, আকৃতি আৰু শক্তিৰ বৈশিষ্ট্য অনুসাৰে বাণলিঙ্গ বহু প্ৰকাৰৰ হয়। শাস্ত্ৰসমূহত এই সকলো ৰূপৰ বৰ্ণনা পোৱা যায়। তলত তেনে প্ৰকাৰসমূহৰ কিছু প্ৰকাৰ উল্লেখ কৰা হ’ল—

 

১) স্বয়ম্ভু বাণলিঙ্গ : ই মধুৰ বৰ্ণৰ হয় আৰু ইয়াত ক’লা ৰঙৰ কুণ্ডলী সদৃশ চিহ্ন দেখা যায়।

২) ইন্দ্ৰচিহ্নযুক্ত বাণলিঙ্গ : যদি বাণলিঙ্গত বজ্ৰ, ইন্দ্ৰৰ অস্ত্ৰ আদি চিহ্ন থাকে, তেন্তে সেই লিঙ্গৰ পূজাত ভক্তৰ সকলো কামনা পূৰ্ণ হয় আৰু তেওঁ সমাজত সন্মান আৰু সম্পদ লাভ কৰে।

৩) আগ্নেয় বাণলিঙ্গ : এই লিঙ্গ উষ্ণ স্পৰ্শযুক্ত হয় আৰু ইয়াত শক্তিৰ অস্ত্ৰৰ চিহ্ন দেখা যায়।

৪) বৰুণ লিঙ্গ : ই গোলাকাৰ আৰু পাশচিহ্নযুক্ত। এই লিঙ্গ পূজা কৰিলে সম্পদ বৃদ্ধি আৰু উন্নতি ঘটে।

৫) বায়ুলিঙ্গ : এই লিঙ্গ ক’লা বা ধূম্ৰবৰ্ণৰ হয় আৰু ইয়াত পতাকাৰ চিহ্ন থাকে।

৬) ৰৌদ্ৰলিঙ্গ : এই লিঙ্গত বৰফৰ দৰে বগা কুণ্ডলী চিহ্ন, অস্থি আৰু শূলৰ চিহ্ন দেখা যায়।

৭) ব্ৰহ্মলিঙ্গ : দণ্ড আৰু সূত্ৰ চিহ্নেৰে ভূষিত লিঙ্গক ব্ৰহ্মলিঙ্গ বুলি কোৱা হয়।

৮) বৈষ্ণৱ লিঙ্গ : এই লিঙ্গত শঙ্খ, চক্ৰ, গদা, গৰুড়, বিষ্ণুপদ আৰু কৌস্তুভ আদি চিহ্ন থাকে।

৯) মৃত্যুঞ্জয় বাণলিঙ্গ : বহু ৰঙ মিশ্ৰিত এই লিঙ্গত জটা আৰু শূলৰ চিহ্ন স্পষ্ট দেখা যায়।

১০) নীলকণ্ঠ বাণলিঙ্গ : ই দীঘল আকৃতিৰ, বগা বৰ্ণৰ আৰু ক’লা বিন্দু চিহ্নযুক্ত। দেৱতা আৰু অসুৰেও এই লিঙ্গ পূজা কৰে।

১১) ত্ৰিলোচন বাণলিঙ্গ : এই লিঙ্গ অলপ বগা ৰঙৰ হয়, বগা কেশচিহ্ন আৰু তিনিটা নেত্ৰচিহ্ন থাকে। ই সকলো পাপ নাশ কৰে।

১২) কালাগ্নিৰুদ্ৰ বাণলিঙ্গ : ক’লা বা গাঢ় ৰঙৰ, উজ্জ্বল আৰু জটাজুটেৰে সমৃদ্ধ এই লিঙ্গ সত্ত্বগুণী মহাত্মাসকলে পূজা কৰে।

১৩) অৰ্ধনাৰীশ্বৰ বাণলিঙ্গ : ই আধা বগা আৰু আধা ৰক্তবৰ্ণৰ হয় আৰু ত্ৰিশূল আৰু ডমৰুৰ চিহ্ন থাকে।

১৪) মহাকাল বাণলিঙ্গ : এই লিঙ্গ দীঘল আকৃতিৰ, অলপ উজ্জ্বল ৰক্তবৰ্ণ বা লালচে আৰু ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ প্ৰদানকাৰী।

১৫) নন্দীশ বাণলিঙ্গ : ই পদ্মৰাগ মণিৰ দৰে উজ্জ্বল বৰ্ণৰ।

       (আন বহুতো আছে)

 

তলত বাণলিঙ্গ স্তোত্রম্  উল্লেখ কৰা হৈছে :

 

বাণলিঙ্গ মহাভাগ সংসাৰাৎ ত্রাহি মাং প্রভো।

নমস্তে চোগ্রৰূপায় নমস্তেহব্যক্তযোনয়ে ॥

 

সংসাৰহাৰিণে তুভ্যং নমস্তে সূক্ষ্মরূপধক।

প্রমত্তায় মহেন্দ্রায়কালৰূপায় বৈ নমঃ ॥

 

দহনায় নমস্তুভ্যং নমস্তে যোগকাৰিণে।

ভোগিনাং ভোগকর্তে চ মোক্ষদাত্রে নমো নমঃ ॥

 

নমঃ কামাঙ্গনাশায় নমঃ কল্মষহাৰিণে।

নমো বিশ্ব প্রদাত্রে চ নমো বিশ্বস্বৰূপিণে ॥

 

বাণস্য বৰদাত্রে চ ৰাবণস্য ক্ষয়ায় চ।

ৰামসানুগ্রহাথায় ৰাজ্যায় ভৰতস্য চ ॥

 

মুনীনাং যোগাদাত্রে চ ৰাক্ষসানাং ক্ষয়ায় চ।

নমস্তুভ্যং নমস্তুভ্যং নমস্তুভ্যং নমো নমঃ ॥

 

ঐং দাহিকাশক্তিযুক্তায় মহামায়াপ্রিয়ায় চ।

ভক্তপ্রিয়ায় সর্বায় বৈৰিণাং নিগ্রহায় চ ॥

 

যোগিনামধিৰাজায় কেলিকানাং প্রিয়ায় চ।

কুলাঙ্গনানীং ভক্তায় কুলাচাৰৰতায় চ ॥

 

কুলভক্তায় যোগায় নমো নাৰায়ণায় চ।

মধুপান প্রমত্তায় যোগেশীয় নমো নমঃ ॥

 

কুলনিন্দা প্রণাশায় কৌলিকানাং সুখায় চ।

কূলযোগায় নিষ্ঠায় শুদ্ধায় পৰমাত্মনে ॥

 

পৰমাত্মস্বৰূপায় লিঙ্গমূলাত্মকায় চ।

সর্বেশ্বৰায় সায় শিবায় নিখুঁণায় চ ॥

 

ইত্যেতং পৰমং গুহ্যং বাণলিঙ্গস্য সংস্কৃতম।

যঃ পঠেৎ সাধকশ্রেষ্ঠ গাণপত্যং সভেত সঃ ॥

 

স্তবস্যাস্য প্রসাদেন নৰো যযাগিত্বময়াৎ।

ৰাজ্যার্থ লভতে ৰাজ্যং ভাগিনাং ভোগ এব চ ॥

 

যং যং কাময়তে কামী, তং তমাখোতি লীলয়া।

বাণলিপ্রসাদেন সর্বমাগ্লোতি সত্বৰম্ ॥

 

কিমন্যৎ কথয়ামীহ সর্বং বেৎসসি কুলেশ্বৰ ।

মহাভিয়ে সমুৎপন্নে ৰাজদ্বাৰে বনানলে ॥

 

অৰণ্যে প্রান্তৰে বাপি দস্যুচৌৰাগ্নিসঙ্কুলে।

পঠনাৎ স্তবৰাজস্য ন ভয়ং বিদ্যতে কচিৎ ॥

 

বাণলিঙ্গস্য মাহাত্ম্যং সংক্ষেপাৎ কথিতং ময়া।

তস্য বৰণমাত্রেণ নৰো মোক্ষমবাকুয়ৎ ॥

 

বাণলিঙ্গং সদারাধ্যং যোগীনাং যোগসাধনে। কৌলিকানাং কুলাচাৰে পশূনং শনিগ্রহে ॥

 

বেদনাং বেদপাঠে ৰোগীনাং ৰোগনাশনে।

যস্ত নাৰাধয়েদেনং তস্য সর্বং সুনিষ্ফলম্ ॥

 

।।  ইতি শ্রীযোগসাৰে বাণলিঙ্গস্তোত্রম্  ।।

 

হিমাংক শৰ্মা

নগাঁও বিশ্ববিদ্যালয়,

নগাঁও, অসম।

মো:নং- ৬০০১৩০২৫১২

Comments


bottom of page