top of page

মই এজনী গাঁৱলীয়া ছোৱালী

Updated: Feb 3

 

   নাম কালৰি। দেখাত জুটুলা চুলি, দতুৱা দাঁত ,উঠঙা গাল । গাৰ ৰং বগা ,কণ্ঠ শুৱলা।গান গালে সকলো ওচৰ চাপি আহে।তাই আচলতে কালৰি নহয় ।থাকেহে ক'লা বেঙাৰ দৰে।নিৰ্জন ঠাইত থাকি ভাল পায়। বাৰীত আম ,বগৰী, মধুৰী বিচাৰি ফুৰা এজনী সাধাৰণ ছোৱালী ।

আকাশৰ তৰাৰ লগত কথা পতা, গছ গছনিৰ লগত খেলি থকা, পথাৰৰ বোকা পানী গছকি ডাঙৰ হোৱা তাই এজনী গাঁৱলীয়া ছোৱালী ।

গাঁৱৰ ছোৱালী হ'লেও তাইৰ সপোন আছিল আকাশ চোৱাৰ। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন ।  বন্ধু -বান্ধৱী বা আত্মীয়ৰ  আগত মনৰ কথা প্ৰকাশ কৰাৰ পৰিবৰ্তে মন গ'লেই দৌৰ মাৰে ঘৰৰ কাষেদি বৈ যোৱা নদী খনৰ পাৰলৈ ।নদী খনৰ লগত কথা পাতি  তাই ভাল পায় । এদিন নদীৰ ঢৌবোৰৰ লগত কথা পাতি থাকোঁতেই  এজন অচিনাকী যুবকে আহি মাত দিলেহি-

 'হেৰা ভন্টি ,অকলে অকলে নদীৰ পাৰত কি কৰিছাঁ ?'

'তোমাৰ নাম কি ? '

তাই উত্তৰ দিলে:

'মোৰ নাম তৰা। কিন্তু মানুহে মোক কালৰি বুলি মাতে। '

' তুমি কাণেৰে নুশুনা নেকি ? মই দেখোন এবাৰ মাতোতেই উত্তৰ দিলা ।'

' মানুহে কিয় কালৰি বুলি মাতে নাজানো। মই কাণেৰে সকলোবোৰ কথা শুনো । তাকে নদীখনক সুধিছো।'

 'অ' হয় নেকি। মই কিন্তু  তৰা বুলি মাতিম। তোমাৰ ঘৰত কোন কোন আছে ? '

' মা ,বাইদেউ আৰু এটা ভাইটি আছে। দেউতা আছে বুলি মায়ে কয় । কিন্তু ক'ত আছে নাজানো আজিলৈকে দেখা নাই ।"

পুনৰ যুৱকজনে সুধিলে-

 'তোমাৰ বাইদেউৰ নাম কি?

' বাইদেউৰ নাম জোন আৰু ভাইটিৰ নাম বেলি ।'

'বা: তোমালোকৰ ঘৰত জোন বলি তৰা সকলো আছে। তথাপিও তুমি অকলে আছা ,কিয়?' -যুবক জনে পুনৰ সুধিলে ।মোক কোনেও ভাল নাপায় ।

 

'মই হেনু ক'লা ,বেঙা ,কথা কব নজানা ছোৱালী ।'

'তুমি স্কুললৈ যোৱানে? কোন শ্ৰেণীত  পঢ়া ?'

' মই  দশম শ্ৰেণীৰ ছাত্ৰী ।'

'অ' হয় নেকি ! তুমি ভালকৈ পঢ়াশুনাত মনোযোগ দিবা । পৰিস্কাৰ কাপোৰ কানি পিন্ধি ধুনীয়া কৈ সাজি পাৰি থাকিবা। তোমাক কোনেও কালৰি বুলি নামাতে ।'- এই বুলি কৈ যুবকজন তাইৰ ওচৰৰ পৰা গুছি গ'ল।

 

  সেই দিনাৰ পৰা তাই নিজকে সাজি পাৰি থাকিবলৈ ল'লে।ভালকৈ পঢ়িবলৈ ল'লে।তাই নিজকে নিজে  ক'লে" মই জীৱনত কি পালোঁ সেইটো ডাঙৰ কথা নহয় ,কি কৰিলোঁ সেইটোহে ডাঙৰ কথা" ।তাই  মনত পুহি ৰখা এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোনটোৰ বাস্তৱ  কৰিবলৈ সংকল্পবদ্ধ হ'ল ।তাইৰ বিষয়ে কোনে কি ভাবে সকলো বাদ দি পঢ়া শুনাত  মনোযোগ  দিলে । কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ ফলত

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ঘৰৰ ওচৰৰ উচ্চতৰ মাধ্যমিক স্কুল খনত  কলা শাখাত  নাম লগালে । উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতো প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল । তাইৰ চহৰৰ কলেজত পঢ়িবলৈ মন আছিল যদিও ঘৰৰ শোচনীয় আৰ্থিক অৱস্থাৰ বাবে গাঁৱৰ পৰা তিনি কিলোমিটাৰ দূৰত থকা কলেজ খনতে নাম লগালে ।নিজৰ আত্মবিশ্বাস আৰু প্ৰৱল ইচ্ছাশক্তিৰ বাবে তাই ৰাজনীতি বিজ্ঞানত  মেজৰ সহ স্নাতক ডিগ্ৰী লাভ কৰৰা লগতে এদিন  প্ৰশাসনিক বিষয়া হবলৈ সক্ষম হ'ল ।কালৰি গুছি তাই হ'ল ACS তৰালী শইকীয়া। বিভিন্ন সমস্যাৰ মুখামুখি হৈ সেইবোৰৰ সমাধান কৰাটো কষ্টকৰ যদিও তৰালীয়ে সেইবোৰৰ সমাধান কৰিবলৈ সক্ষম হ'ল। গাঁৱৰ  সকলোৰে বাবে তৰালী আদৰ্শ  হৈ পৰিল। সকলোৱে তাইক প্ৰশংসা কৰিলে ।জীৱনৰ লক্ষ্যত উপনীত হবলৈ হ'লে তৰালীৰ দৰে কঠোৰ পৰিশ্ৰম কৰিব পাৰিব লাগিব বুলি অভিভাৱক সকলে নিজৰ সন্তানক বুজনি দিলে ।

   কৰ্মসূত্ৰে বিভিন্ন ঠাইত  ঘূৰি ফুৰিব লাগে যদিও গতি পথত আগবাঢ়োতে তৰালীয়ে যিকোনো সিদ্ধান্ত লওঁতে সদায় মাকলৈ মনত পেলায় । মাকে তাইক সদায় সৎ পথত থাকিবৰ বাবে প্ৰেৰণা যোগায় । মাকে কোৱা এটা সাধুলৈ  তাইৰ মনত পৰিল ।এখন দেশত এজন ৰজা আছিল। ৰজা জনৰ তিনিগৰাকী ৰাণী আছিল । বহু তপস্যাৰ ফলত এজন ৰাজকুমাৰৰ জন্ম হ'ল। ৰাজকুমাৰে ৰাজ্যভাৰ লোৱাৰ পাছত ৰজা বনলৈ যাব লাগিব আৰু তাতেই তেওঁ মৃত্যুবৰণ কৰিব। এইয়া এজন ঋষিৰ ভবিষ্যতবাণী আছিল। সময়ত ঋষি জনে আহি ৰজাক ক'লে -

"মহাৰাজ আপোনাৰ যাবৰ সময় হ'ল।"

ৰজা বনলৈ যাবলৈ সাজু হৈ সৰু ৰাণীৰ ওচৰলৈ গ'ল যাক তেওঁ আটাইতকৈ বেছি ভাল পাইছিল আৰু মৰম কৰিছিল। তুমি মোৰ সহযাত্ৰী হবানে ? তেতিয়া ৰাণীয়ে কৈছিল-

" এই বিশাল সাম্ৰাজ্য এৰি আপোনাৰ লগত বনলৈ যাব নোৱাৰিম ।"

তাৰ পিছত ৰজা দ্বিতীয় গৰাকী ৰাণীৰ ওচৰলৈ গ'ল আৰু বনলৈ যাবলৈ লগ ধৰিলে । দ্বিতীয় ৰাণীয়ে ক'লে -

 ৰজাৰ মৃত্যুৰ পিছত তেওঁৰ কৰিব লগীয়া কাম বহুতো আছে। সেয়েহে ৰজাৰ লগত যাবলৈ অস্বীকাৰ কৰিলে ।এনেতে ডাঙৰ গৰাকী ৰাণীয়ে আহি ক'লেহি, মহাৰাজ মই আপোনাৰ লগত বনলৈ সহযাত্ৰী হৈ যাম ।কেতিয়া যাব লাগিব কওঁক  ।

ৰজা আচৰিত হ'ল !  যিগৰাকী ৰাণীক  ৰজাই এলাগী আৰু অবহেলা কৰিছিল সেই গৰাকী আজি ৰজাৰ মৃত্যু পথৰ সহযাত্ৰী হ'বলৈ ওলাইছে  । ৰজাই ইমান দিনে ডাঙৰ ৰাণীৰ প্ৰতি কৰা আচৰণৰ বাবে ৰাণীৰ ওচৰত  ক্ষমা বিচাৰিলে আৰু জীৱনৰ  শেষৰ  সময়খিনি ডাঙৰ ৰাণীৰ লগত কটাবলৈ সিদ্ধান্ত কৰিলে ।

     বিচিত্ৰ মানুহৰ জীৱন।অভিজ্ঞতাই মানুহক বহুত কথা কৈ যায় ।এবাৰ এঘৰ মানুহৰ ঘৰলৈ যাওঁতে তৰালীয়ে টেবুলৰ ওপৰত এখন কিতাপ দেখিলে। কিতাপখনৰ পাতবোৰ লুটিয়াই চাওঁতে এটা অধ্যায়ত তাইৰ চকু পৰিল আৰু পঢ়িলে।উদ্ধৃতিটো আছিল জৰ্জ বাৰ্ণাৰ্ড শ্বৰ । "বিচাৰ বুদ্ধি থকা মানুহে  পৃথিৱীখনৰ ভিন্ন  মনৰ মানুহৰ লগত নিজকে অভ্যস্ত কৰি লয় । " উদ্ধৃতিটোৰ সাৰমৰ্ম তাই উপলব্ধি কৰিলে ।

    ঠেকিলেহে শিকে বুলি এষাৰ কথা আছে।ইমান ডাঙৰ অফিচত তাই নিজকে খাপ খুৱাই লোৱাত প্ৰথমে কিছু অসুবিধাৰ সন্মুখীন হৈছিল।বিভিন্ন ধৰনৰ চিন্তাই তাইক  অশান্ত  কৰিলে ।এই কেইদিনত বহুত মানুহ  তাইৰ ওচৰলৈ আহিছে। বিভিন্ন  সমস্যাৰ মুখামুখি হৈছে । ভিনীহিয়েকে কোৱা এটা অভিজ্ঞতাৰ কথা তাইৰ মনত পৰিল। এবাৰ তৰালীৰ ভিনীহিয়েকে দিল্লীত থকা জীয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল।এখন দামী হোটেলত দুপৰীয়া আহাৰ গ্ৰহণ কৰি জীয়েকৰ লগত এখন মলত সোমাল জীয়েকৰ এযোৰ জোতা কিনিবলৈ । তেনেতে দেখিবলৈ পালে  তেওঁৰ  জোতাযোৰৰ এপাটৰ তলটো এৰাই গৈছে । ওচৰত মুচি আছে নেকি সোধাত জীয়েকে পৰ্বতত কাছৰ কণী বিচৰাৰ কথা কৈ জোতা যোৰ পেলাই দি এযোৰ নতুন জোতা কিনাৰ কথা ক'লে ।জোতাযোৰ তৰালীৰ ভিনীহিয়েকৰ বৰ মৰমৰ  আৰু আৰামদায়ক আছিল। এযোৰ নতুন জোতা কিনিলে যদিও জীয়েকে কব নোৱাৰাকৈ পুৰণি জোতাযোৰ নিজৰ বেগত ভৰাই ল'লে । নিজকে নিজে ক'লে -   'জোতাযোৰে আজি বিশ্বাস ঘাটকতা কৰিলে।এইযোৰ মুচিৰ হতুৱাই ঠিক কৰিব লাগিব।কাৰণ এই জোতাযোৰে বহুত দিন লগ দিলে এতিয়া নতুনক পাই অবহেলা কৰিব নোৱাৰি। '

    তৰালীয়ে জীবনৰ বাটত বহুত মানুহক লগ পালে। সকলোবোৰ হৃদয়ৰ ডায়েৰীত লিখি থলে ।এই সকলো বোৰৰ মাজতে তাই কাম কৰিব লাগিব বুলি টেবুলৰ ফাইলটো হাতত লৈ ঠিয় হৈ নিজকে নিজেই ক'লে -'মই এতিয়া কালৰী নহয় । ACS বিষয়া তৰালী শইকীয়া । এজনী গাঁৱলীয়া ছোৱালী।' নিজৰ গাঁৱৰ আকাশখন, নদীখন, পথাৰখন সকলোবোৰ তাইৰ চকুৰ আগত ভাঁহি উঠিল। সেই যুবকজন যিজনে তৰালীক বাট দেখুৱাই দিছিল তাৰ মুখখন মনলৈ আহিল। নিজকে নিজে ক'লে -তাক বিচাৰিব লাগিব । সুৰুযৰ সমগতিৰে,  অপ্ৰতিহত শক্তিৰ মনৰ গতিৰে তাক বিচাৰি উলিয়াব লাগিব ....।

 

 

জ্যোতিকা লস্কৰ।

কামপুৰ, নগাঁও।

মো:নং. ৭৬৩৮০১১৫ ৮৩

Recent Posts

See All
বিহুৱতী সন্মান 

ৰশ্মিৰেখাৰ জেঠায়েকৰ ল'ৰা  যতিনৰ  পৰা পোৱা খবৰটোৱে সিহঁতৰ ঘৰখনক বৰ চিন্তাত পেলালে। কেৱল চিন্তাই নহয় , একপ্ৰকাৰ  ঘৰখনত হাহাকাৰ পৰিবেশ এটাৰ  সৃষ্টি হ'ল ।  এমাহ পাছতে বিহু  প্ৰতিযোগিতা । এতিয়ালৈকে ঢুলী

 
 
 

Comments


bottom of page