top of page

শুভ কামনা

Updated: Feb 3

 

আমি দৈনন্দিন জীৱনত বিভিন্ন উপলক্ষত এজনে আনজনক শুভ কামনা জনাওঁ। আপোনাৰ 'ভাল হওঁক ' বা আপুনি 'সফল হওঁক ' বুলি কোৱা এটা সৰল কথাই আন এজনৰ মনত নতুন উৎসাহ আৰু আত্ম বিশ্বাস জগাই তোলে । বৰ্তমান ব্যস্ত জীৱনত মানুহে বহু সময়ত অনুভূতি প্ৰকাশ কৰিবলৈ পাহৰি যায়। কিন্তু শুভ কামনাৰ দৰে সৰু অথচ মূল্যৱান আচৰণে সমাজখন অধিক সুন্দৰ আৰু মানৱিক কৰি তুলিব পাৰে।


     মানৱ সমাজত সৌহার্দ্য, সহানুভূতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাত শুভ কামনাৰ ভূমিকা অপৰিসীম। এজন মানুহে আন এজনৰ মংগল, সুখ আৰু সফলতাৰ বাবে যি আন্তৰিক আকাংক্ষা প্ৰকাশ কৰে, তাকেই শুভ কামনা বোলা হয়। শুভ কামনা মানুহৰ মানসিকতাৰ এক উৎকৃষ্ট প্ৰকাশ, যিয়ে ব্যক্তিগত আৰু সামাজিক জীৱন দুয়োটাকেই ইতিবাচক দিশে আগুৱাই নিয়ে।

শুভ কামনাৰ মূল শক্তি নিহিত থাকে ইতিবাচক চিন্তাত। মানুহে যেতিয়া আনৰ উন্নতিত সুখ অনুভৱ কৰে আৰু দুখত সহমর্মিতা দেখুৱায়, তেতিয়াই সমাজত মানৱীয় মূল্যবোধ দৃঢ় হয়। প্ৰসিদ্ধ চিন্তাবিদ


এলবাৰ্ট শ্বৱাইৎজাৰে কৈছিল, “মানৱতা মানে কেৱল নিজৰ সুখ নহয়, আনৰ সুখৰ প্ৰতিও এক দায়িত্ববোধ।”

এই দায়িত্ববোধৰেই এক সুন্দৰ ৰূপ হৈছে "শুভ কামনা"।জীৱনৰ বিভিন্ন পৰ্যায়ত শুভ কামনাৰ প্ৰয়োজন অনুভৱ কৰা যায়। জন্মদিন, বিবাহ, উৎসৱ- পাৰ্বন, নৱবৰ্ষ, পৰীক্ষা, চাকৰি লাভ বা নতুন দায়িত্ব গ্ৰহণ আদি সকলো উপলক্ষতেই শুভ কামনা জনোৱাটো সামাজিক আচৰণৰ অংগ। এনে শুভেচ্ছাই মানুহৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰে ।


       কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে—“মানুহৰ প্ৰতি মানুহৰ বিশ্বাসেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি।”শুভ কামনাই এই বিশ্বাস অধিক মজবুত কৰে ।শুভ কামনা কেৱল আনন্দৰ মুহূৰ্ততেই সীমাবদ্ধ নহয়; দুখ-কষ্ট , ব্যৰ্থতা বা কঠিন  সময়তো ইয়াৰ তাৎপৰ্য অধিক গভীৰ হয়। এনে সময়ত আন্তৰিক শুভ কামনাই মানুহক মানসিক শক্তি প্ৰদান কৰে আৰু আশাবাদী হৈ আগবাঢ়ি যাবলৈ সহায় কৰে। এনে সময়ত আনৰ সদিচ্ছাই হতাশা আতৰাই আশাৰ পোহৰ দেখুৱায়।  এইদৰে শুভ কামনাই ব্যক্তি-জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে সমাজত শান্তি আৰু সহমর্মিতাৰ পৰিৱেশ সৃষ্টি কৰে।


     আমি যদি পৌৰাণিক মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ কথা লক্ষ্য কৰোঁ - সেই যুদ্ধ কেৱল অস্ত্ৰ-শস্ত্ৰৰ সংঘৰ্ষ নাছিল,  ই আছিল ধৰ্ম আৰু অধৰ্মৰ মাজৰ এক মহাযুদ্ধ। এই যুদ্ধত পাণ্ডৱসকলে বাহ্যিক শক্তিৰ লগতে বহুজনৰ পৰা শুভ ভাৱনা, আশীৰ্বাদ আৰু নৈতিক সমৰ্থন লাভ কৰিছিল। এই শুভ ভাৱনাই তেওঁলোকৰ জয়ৰ পথ সুগম কৰিছিল। শ্ৰীকৃষ্ণই যদিও প্ৰত্যক্ষ যুদ্ধত অংশগ্ৰহণ কৰা নাছিল  শ্ৰীকৃষ্ণ পাণ্ডৱসকলৰ সৰ্বাধিক শুভচিন্তক আছিল।  ভগৱদ্গীতাৰ উপদেশৰ বাণীৰে পাণ্ডৱসকলক ধৰ্মযুদ্ধত স্থিৰ থাকিবলৈ অনুপ্ৰাণিত কৰিছিল। পিতামহ ভীষ্ম কৌৰৱৰ পক্ষত থাকিলেও অন্তৰৰে পাণ্ডৱ সকলৰ মঙ্গল কামনা কৰিছিল। তেওঁ যুধিষ্ঠিৰক যুদ্ধনীতি আৰু ৰাজধৰ্মৰ বিষয়ে উপদেশ দিছিল আৰু শেষ পৰ্যায়ত পাণ্ডৱসকলৰ জয় নিশ্চিত হ’ব বুলি আৰ্শীবাদ দিছিল। সেইদৰে গুৰু দ্ৰোণাচাৰ্য যদিও কৌৰৱৰ পক্ষত আছিল পাণ্ডৱসকলক নিজৰ শিষ্য আৰু পুত্ৰসদৃশ বুলি গণ্য কৰিছিল। তেওঁলোকৰ প্ৰতি তেওঁৰ অন্তৰৰ শুভ ভাৱনা স্পষ্ট আছিল। সেইদৰে মহামতি বিদুৰৰ নৈতিক সমৰ্থন আৰু শুভ ভাৱনা পাণ্ডৱসকলৰ প্ৰতি আছিল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে, কৌৰৱৰ পক্ষে বৃহৎ সৈন্য বাহিনী থাকিলেও পাণ্ডৱৰ লগত আছিল ধৰ্ম,ন্যায়, আশীৰ্বাদ আৰু শুভকামনা। এই শুভ ভাৱনাৰ নৈতিক শক্তিয়ে পাণ্ডৱ সকলৰ বিজয় সুনিশ্চিত কৰিছিল।


       মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, "মানুহৰ মনত শুভ ভাৱনা জগাই তুলিব পাৰিলে, সমাজ আপোনা-আপুনি সলনি হয়।”

শুভ কামনা বা শুভ ভাৱনা হৈছে সমাজ জীৱনৰ এক অত্যাৱশ্যকীয় নৈতিক মূল্যবোধ। ই মানুহক মানুহৰ লগত সংযোগ ঘটায় আৰু সমাজত শান্তি, সহযোগিতা আৰু সৌহার্দ্য স্থাপন কৰে। সেয়ে প্ৰতিজন শিক্ষিত আৰু সচেতন নাগৰিকে নিজৰ জীৱনত শুভ কামনাৰ চর্চা কৰা উচিত। শুভ কামনাৰে সমৃদ্ধ সমাজেই হ’ব এখন সুস্থ, সুন্দৰ আৰু মানৱিক সমাজ।


     আধুনিক যুগত প্ৰযুক্তিৰ বিকাশৰ লগে লগে শুভ কামনা প্ৰকাশৰ মাধ্যম সলনি হৈছে। আগতে মুখে মুখে বা চিঠিৰ জৰিয়তে যি শুভেচ্ছা জনোৱা হৈছিল, আজিকালি সেইবোৰ মোবাইল বাৰ্তা, সামাজিক মাধ্যম বা ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰা হয়। যদিও মাধ্যম সলনি হৈছে, তথাপি শুভ কামনাৰ আন্তৰিকতা আৰু মানৱীয় মূল্য সদায় অটুট থাকিব লাগে। আন্তৰিকতা নাথাকিলে শুভ কামনা কেবল আনুষ্ঠানিকতাত সীমাবদ্ধ হৈ পৰে। হৃদয় শক্তিশালী হ'লেহে শুভ ভাৱনাত আন্তৰিকতা থাকে। স্বামী বিবেকানন্দই কৈছিল- "যি হৃদয়ত সকলো প্ৰাণীৰ প্ৰতি শুভ কামনা আছে, সেই হৃদয়েই প্ৰকৃত শক্তিশালী” । সমাজৰ পৰা ঘৃণা, ঈৰ্ষা অমঙ্গল আদি শুভ ভাৱনাই নাইকিয়া কৰিব পাৰে। ভগৱান বুদ্ধই শিষ্য সকলক কৈছিল - "ঘৃণা ঘৃণাৰে কেতিয়াও শেষ নহয় , শুভ ভাৱনাইহে ঘৃণাৰ অন্ত কৰে।” সেয়ে আমি সকলোৰে প্ৰতি শুভ ভাৱনা ৰখা উচিত।


হিটলাৰ এজন অতি বিতৰ্কিত ঐতিহাসিক ব্যক্তি আছিল তেওঁৰ চিন্তা ধাৰা অলপ পৃথক, তেওঁৰ মতে কেৱল শুভ কামনাই সফলতা আনিব নোৱাৰে, বাস্তৱিক পৰিশ্ৰম, শৃংখলা আৰু কৰ্মইহে লক্ষ্য পোৱাত সহায় কৰিব পাৰে । মানুহৰ প্ৰতি শুভ ভাৱনা ৰাখিলে শত্ৰুও এদিন বন্ধু হৈ উঠিব পাৰে। যিদৰে অন্ধকাৰ অন্ধকাৰে দূৰ কৰিব নোৱাৰে, আলোকেহে অন্ধকাৰ দূৰ কৰিব পাৰে ,সেইদৰে ঘৃণা দূৰ কৰিব পাৰে কেৱল শুভ ভাৱনাই। আমাৰ সৰু সৰু শুভ ভাৱনাই পৃথিৱীখন অধিক সুন্দৰ কৰি তুলিব পাৰে । শুভ ভাৱনা মানৱ জীৱনৰ এক মহৎ গুণ । ই মানুহক মানুহৰ লগত সংযোগ কৰে । সমাজত শান্তি, সৌন্দৰ্য আৰু সহানুভূতি প্ৰতিষ্ঠা কৰে। সেয়ে প্ৰতিজন সচেতন নাগৰিকে আনৰ প্ৰতি আন্তৰিক শুভকামনা পোষণ কৰা এক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰা উচিত ।

 

সুৰজিৎ গোস্বামী

পানীগাঁও, নগাঁও

মো: নম্বৰ -৭০০২৮৬৫৯৬৮

Comments


bottom of page