top of page

বিহুৱতী সন্মান 

ৰশ্মিৰেখাৰ জেঠায়েকৰ ল'ৰা  যতিনৰ  পৰা পোৱা খবৰটোৱে সিহঁতৰ ঘৰখনক বৰ চিন্তাত পেলালে। কেৱল চিন্তাই নহয় , একপ্ৰকাৰ  ঘৰখনত হাহাকাৰ পৰিবেশ এটাৰ  সৃষ্টি হ'ল ।  এমাহ পাছতে বিহু  প্ৰতিযোগিতা । এতিয়ালৈকে ঢুলীয়া দল ঠিক হোৱা নাই । ঢুলীয়া দল ঠিক হ'ব কেতিয়া আৰু ৰিহাৰচেল  কৰিব কেতিয়া ? ৰশ্মিৰেখাতকৈ মাক আভা দত্তৰহে চিন্তা বেছি হ'ল  । অগমুহুৰ্তত যতিনে খবৰ দিছে-- 'যোৱা বাৰৰ ঢুলীয়া ল'ৰাটোৱে এইবাৰ কোনো বিহু প্ৰতিযোগিতাত ঢোল ন বজোৱাৰ সিদ্ধান্ত লৈছে ।'  কি কাৰণত এইবাৰ ঢোল নবজাই কথাটো জানিব বিচৰাত যতিনে মাথোঁ এটা  কথাই কলে-'কিয় এইবাৰ সি ঢোল নবজাই সেইটো মই নাজানো। হয়টো যোৱা বছৰ কিবা বেয়াও পাব পাৰে ।'


ঢুলীয়া দল এটা যোগাৰ  নোহোৱাত প্ৰথমতে ঘৰখন কিছু চিন্তাত পৰা যেন লাগিছিল যদিও ধন, টকা,সম্পত্তিৰ অহংকাৰত নিজকে আত্ম বিশ্লেষণ কৰিব নিবিচৰা আভা দত্তই - ' সময়ত সকলো ঠিক হৈ যাব' বুলি ভাবি সিমানতে কথাটো অন্ত পেলায়। আভা দত্তৰ মনৰ কথা--'যোৱা বছৰো এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল ।কিন্তু সময়ত সকলো মেনেজ হৈ গ'ল।'        


আন বছৰৰ দৰে যোৱা বছৰো নগাঁও চহৰৰ  নিকটবৰ্তী ডিমৰুগুৰিত অনুষ্ঠিত হয় 'কলংপৰীয়া ৰঙালী বিহু উৎসৱ '।যোৱা বছৰেই নহয়, আজি পশিচ বছৰে এই ঠাই ডোখৰতে  অঞ্চলটিৰ ৰাইজে ৰঙালী বিহু উৎসৱ, বহাগী বিদায়, বিহু ফাংচন , ৰাস মহোৎসৱ আদি পালন কৰি আহিছে। ৰঙালী বিহুৰ লগত সঙ্গতি ৰাখি প্ৰতি বছৰেই আয়োজক সকলে অনুষ্ঠিত কৰে অন্যান্য অনুষ্ঠান সমূহৰ লগতে " বিহু কন্যা"" বিহু কুঁৱৰী" আৰু" বিহুৱতী " প্ৰতিযোগিতা।এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ বিহুৱা, হুঁচৰি দলবোৰে আহি যোগদান কৰে ।এই প্ৰতিযোগিতা সমুহত আজি কেইবছৰ মানৰ পৰা একাদিক্ৰমে যিকোনো এটা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে ৰশ্মিৰেখা। 


ৰশ্মিৰেখাৰ ঘৰো ডিমৰুগুৰি অঞ্চলৰ অনিল নগৰত ।দেউতাক অজয় দত্ত এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ। প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ  উপৰিও দত্তৰ আছে দুটা শিলৰ কোৱেৰি আৰু টাউনৰ মাজ মজিয়াত আছে এটা পেট্ৰোলপাম্প । ভয় কৰে সকলোৱে । দত্তই কৰিব নোৱাৰা কাম একো নাই। জ্যেষ্ঠ চৰকাৰী বিষয়াৰ পৰা ৰাজনৈতিক নেতালৈকে সকলো তেওঁৰ হাতৰ মুঠিত। কিছুদিন পূৰ্বে দত্তই কলঙৰ ওপৰেদি যিখন কাঠৰ দলং নিৰ্মাণ কৰিলে, এবছৰ  নহওঁতেই ওপৰৰ  কাঠ এৰাই  দলং খন হৈ পৰে অতি  পুতৌ লগা অৱস্থা। বৰ্তমানেও  দলংখন প্ৰায় মৃতপ্ৰায় অৱস্থা। প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে জিলাখনৰ কেইগৰাকীমান ৰাজনৈতিক নেতাৰ হস্তক্ষেপত অজয় দত্তই  দলঙৰ কামটো লাভ কৰিছিল। এইসকল নেতাৰ নিশাৰ আড্ডাও চলে অজয় দত্তৰ ঘৰতে। গতিকে দত্তৰ ওপৰত মাত মাতে কোনে? আনহাতে , কেইবছৰমানৰ পৰা কলংপৰীয়া বিহু কমিটিৰ মুখ্য উপদেষ্টা হিচাপে তেওঁৰ নামটোৱে বিবেচিত হৈ আহিছে। সেই অনুসৰি অৰিহণাও থাকে তেওঁৰ  সকলোতকৈ ওপৰত। দত্তৰ সমপৰ্যায়ৰ লোক বৃহৎ ডিমৰুগুৰি অঞ্চলত দ্বিতীয় এজনো নাছিল। অজয় দত্তৰ পৰামৰ্শ মতেই পৰিচালিত হয় সভাপতি, সম্পাদককে ধৰি বিহুকমিটিৰ বিষয়ববীয়া সকল। অনুষ্ঠানটিৰ "বিহু কন্যা"," বিহু  কুঁৱৰী" " বিহুৱতী " আদি প্ৰতিযোগিতাৰ বাবে যি কেইগৰাকী বিচাৰক আমন্ত্ৰণ কৰি অনা হয়, প্ৰতি গৰাকীয়েই দত্তৰ চিনাকি লোক ।  তেওঁৰ পছন্দ মতেই তেওঁলোকক আমন্ত্ৰণ জনোৱা হয় ।  গতিকে এই প্ৰতিযোগিতাত ৰশ্মিৰেখাই পুৰষ্কাৰ লাভ কৰাটো তেনেই স্বাভাৱিক ।      

ৰশ্মিৰেখা টাউনৰ কোনোবা এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। দেউতাক মাকৰ অতি মৰমৰ ,আলাসৰ লাড়ু । মৰমতে সকলোৱে ঘৰত তাইক মাজনী বুলি মাতে । দেখাই শুনাইয়ো তাই বহুত ধুনীয়া আৰু চকুত লগা । জোনটোৰ দৰে মুখখন, হৰিণাৰ দৰে চকুৰ চাৱনি  । গাৰ গঠনো বেছ চকুত লগা । যিকোনো পোছাকতে তাইক ধুনীয়া দেখি। ৰশ্মিৰ ককায়েক ৰথিন নগাঁও কলেজৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ। ৰথিন আৰু ৰশ্মিৰ বাবে টকা পইচা খৰছ কৰাত দেউতাক- মাকে কেতিয়াও কৃপণালি নকৰে । সিহঁত হালে পছন্দৰ যি বস্তুৱেই বিচাৰে তাকেই দি সন্তুষ্ট ৰাখে দেউতাক অজয় দত্তই । ককায়েক ৰথিনে যিবোৰ  ড্ৰেছ পছন্দ কৰে ভনীয়েক ৰশ্মিয়েও তাকেই পছন্দ কৰে । তথাপিও তাৰ মাজতে ৰশ্মি ৰেখাই চুৰিদাৰ , শাৰী, মেখেলা- চাদৰ আদিও ব্যৱহাৰ কৰি লগৰ ছোৱালীবোৰৰ লগত মিলিবলৈ  চেষ্টা কৰে ।                                                                                            

      

ৰশ্মিৰেখাৰ মাক আভা দত্তই গাভৰু অৱস্থাত বৰ ভাল বিহু  নাচিছিল । গাভৰু অৱস্থাত বহু ঠাইত বিহু নৃত্য পৰিবেশন কৰি সু-নামো অৰ্জন কৰিছিল আভা দত্তই ।  মাকৰ দৰে যাতে  জীয়েকো এজনী ভাল নাচনি হ'ব পাৰে সেই চেষ্টা অব্যাহত ৰাখিছিল  আভা দত্তই । মাকৰ এটাই মাথোঁ জেদ ,  "কোনো প্ৰতিযোগিতাতে যাতে জীয়েক ৰশ্মিৰেখাতকৈ  আন কোনো প্ৰতিযোগী  আগবাঢ়িব নোৱাৰে । প্ৰয়োজন হ'লে আগতিয়াকৈ কৰিব লগা কাম খিনিৰ ব্যৱস্থা আগতেই কৰি ল'ব ।" মাকৰ মাথোঁ এটাই কথা,- " এইবাৰ  বিহু প্ৰতিযোগিতাত পুৰষ্কাৰ ৰশ্মিয়েই পাব লাগিব ।" ৰশ্মি ৰেখাই তাইৰ লাহি দেহত কঁকাল ভঙাতো প্ৰথম মাকৰ পৰাই আয়ত্ব  কৰে । এদেও-দুদেও কৰি এদিন সুন্দৰ দেহৰ ভাজ আৰু ধুনীয়া চকুযুৰিক সৰাথি কৰি তাই বিহু মঞ্চত উঠে ।মাকৰ প্ৰচেষ্টাতে অসমৰ বহু কেইখন বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰে তাই । এদিন তাই বিহু কন্যা হ'ল। তাৰ পিছত বিহু কুঁৱৰী আৰু শেষত যোৱা বছৰ  প্ৰথম বাৰৰ বাবে তাই  "বিহুৱতী " সন্মান লাভ কৰিবলৈ সক্ষম হয় ।         

যোৱা বৰ্ষটো আছিল কলংপৰীয়া ৰঙালী বিহু উৎসৱৰ  "ৰূপালী জয়ন্তী বৰ্ষ" । পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এইখন মঞ্চত  "বিহুৱতী " প্ৰতিযোগিতা। পৰিকল্পনাও আছিল অজয় দত্তৰ পৰিয়ালৰে। বিশেষকৈ দত্তৰ পৰিবাৰ আভা দত্তৰ। বয়সৰ ফালৰ পৰা ৰশ্মিৰেখাই সেই বছৰৰ পৰা বিহু কন্যা আৰু বিহু কুৱৰীৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব নোৱাৰিব । একমাত্ৰ জীয়েকৰ স্বাৰ্থত যিকোনো প্ৰকাৰে কলংপৰীয়া ৰঙালী বিহু মঞ্চত বিহুৱতী প্ৰতিযোগিতা এখনো আৰম্ভ কৰিব লাগে বুলি আভা দত্তই অজয় দত্তক হেঁচা প্ৰয়োগ কৰে ।   কলংপৰীয়া ৰঙালী বিহু উৎসৱৰ  ৰূপালী জয়ন্তী বৰ্ষত আভা দত্তৰ উপদেশ মতেই  এইটো বৰ্ষৰ পৰা এইখন মঞ্চত " বিহুৱতী" প্ৰতিযোগিতা এখনো অনুষ্ঠিত হ'ব লাগে বুলি অজয় দত্তই সাধাৰণ সভাত প্ৰস্তাৱ আগবঢ়ায় । ঠিকাদাৰ অজয় দত্তৰ পৰামৰ্শ না কৰাৰ প্ৰশ্নই নুঠে । শেষত দত্তৰ প্ৰস্তাৱ কাৰ্যকৰী হ'ল । অজয় দত্তৰ প্ৰচেষ্টাতেই তিনিওটা পুৰস্কাৰৰ দাতা সংগ্ৰহ হ'ল । প্ৰথম শ্ৰেষ্ঠ বিহুৱতী পুৰষ্কাৰৰ দাতা অজয় দত্তৰ বন্ধু চহৰৰ নাম থকা বিখ্যাত ব্যৱসায়ী দেৱজিৎ ফুকন । বঁটাত আছে  নগদ ৭,৭৭৭ টকা আৰু লগত মান পত্ৰৰ সৈতে এখন চলন্ত ট্ৰফী । ব্যৱসায়ী দেৱজিৎ ফুকন অজয় দত্তৰ বন্ধু। পুৰষ্কাৰটো আগ বঢ়াইছে তেৱেঁই । গতিকে এই পুৰস্কাৰটো আনে পোৱাতো নিবিচাৰে দত্তৰ পৰিবাৰ আভা দত্তই । আভা দত্তৰ মনৰ কথা-  " এই পুৰস্কাৰৰ লগত আমাৰ ঘৰখনৰ প্ৰেষ্টিজ জড়িত হৈ আছে । যিকোনো প্ৰকাৰে এই পুৰস্কাৰ ৰশ্মিয়ে পাবই লাগিব । নহ'লে ফুকনৰ পৰিয়ালৰ ওচৰত আমাৰ পৰিয়ালটো হেয় হ'ব লাগিব।         

 

বিহুৱতীৰ প্ৰথম পুৰষ্কাৰটো যিকোনো প্ৰকাৰেই লাভ কৰিব বুলি মনতে আশা পুহি ৰাখিলে যদিও ভিতৰি ভিতৰি আশংকা নকৰাকৈ থকা নাছিল দত্তৰ পৰিয়ালটো । কিয়নো তেওঁলোকৰ ছোৱালী ৰশ্মিৰেখাই প্ৰথমবাৰৰ বাবে বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।  বিহুৱতী প্ৰতিযোগিতাটো যে বিহু কন্যা আৰু বিহু কুঁৱৰী  প্ৰতিযোগিতাতকৈ  কিছু জটিল , সেই কথা আভা দত্তই ভালদৰেই জানে । তদুপৰি আগৰ কেইবছৰ হৈ যোৱা বিহু কন্যা আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ বিচাৰক কেইজন আছিল দত্তৰ পৰিয়ালৰ ফেভাৰৰ লোক । বৰ্তমান সময়ত চৰকাৰী চাকৰি সূত্ৰে তেওঁলোক আন জিলালৈ বদলি হৈ গ'ল । গতিকে বিহুৱতী প্ৰতিযোগিতাৰ বাবে কোন কোন বিচাৰকক আমন্ত্ৰণ জনাই সেই বিষয়ত দত্তৰ পৰিয়াল অৱগত নহয় ।  বিহু কমিটিখনৰ মুখ্য উপদেষ্টা যদিও দত্ত নিজেই  , কিন্তু মুখ্য পৃষ্ঠপোষক, সভাপতিকে ধৰি আটাই কেইগৰাকী নতুন মুখৰ ।আটাই কেইগৰাকীয়েই দত্তৰ  সম পৰ্যায়ৰ।গতিকে এইবাৰ দত্তৰ মতেই যে সকলো কাম হ'ব সেই আশা ক্ষীণ ।এই কথা অজয় দত্তৰ পৰিয়ালে ভালদৰেই জানে । অজয় দত্তৰ দৰেই বিহু সমিতিলৈ তেওঁলোকৰ অৰিহণাও মন কৰিব লগা । তথাপিও দত্তৰ পৰিয়ালৰ দৃঢ় বিশ্বাস  ৰশ্মিৰেখায়েই বিহৱতী সন্মান লাভ কৰিব । যদিও বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰটো ৰশ্মিয়েই লাভ কৰিব বুলি মনতে আশা পুহি ৰাখিলে , তথাপিও আন এক সমস্যাই তেওঁলোকক  চিন্তাত পেলালে । সমস্যাটো হ'ল ভাল এটি ঢুলীয়া দলৰ ।যোৱাকেইটা বছৰ ৰশ্মিয়ে যিটো ঢুলীয়া দলৰ সহায়ত একাদিক্ৰমে বিহু কন্যা আৰু বিহু কুঁৱৰী হৈছিল  ,সেই ঢুলীয়া দলটো আছিল উজনি অসমৰ । আটাইকেইজনেই ৰশ্মি ৰেখাৰ ককায়েক ৰথিনৰ কলেজৰ বন্ধু। কলেজীয়া শিক্ষা সমাপ্ত কৰি সিহঁত এতিয়া নিজ নিজ ঠাইলৈ গুছি গল ।উজনিৰ ঢুলীয়াৰ দলটো যোৱাৰ পিছত ঘৰখনক কিছু  সংকটত পেলালে ।ভাল ঢুলীয়া দল এটাৰ সন্ধানত চাৰিওফালে মানুহ  নিয়োগ কৰিলে । বাতৰি কাকততো বিজ্ঞাপন দিলে। কিন্তু কোনো সঁহাৰি নাহিল । বহত চিন্তাত পৰিল ৰশ্মিৰ মাক আৰু দেউতাক । 'কি কৰা যায়, এইবাৰ বিহুৱতী সন্মান ৰাখিব পৰা নাযাব নেকি ? যদিহে তেনে হয় , আমাৰ পৰিয়ালটোৰ  প্ৰেষ্টিজেই নাথাকিব দেখোন ।এইটো কতিয়াও হ'ব নোৱাৰে'-  বুলি আভা দত্ত  নিজেই ঢুলীয়া দলৰ সন্ধানত নামিল । কিন্তু বিফল হ'ল ।কোনো এটা ঢুলীয়া দল আগবাঢ়ি নাহিল ৰশ্মিক নচুৱাবলৈ ।দুদিন ঘৰখনৰ মানুহখিনিৰ টোপনিয়েই হৰিল । ভগৱানৰ

কৃপাদৃষ্টি পৰিল নেকি , ৰশ্মিৰ  জেঠায়েকৰ ল'ৰা  যতিনে খবৰ দিলে যে- " এজন ভাল ঢোল বজোৱা ল'ৰাৰ সন্ধান পোৱা গৈছে ।  বৰ ভাল ঢোল বজাই লৰাজনে । বিহুৰ  যোজনাও গায় বৰ সুন্দৰকৈ । ঢুলীয়া ল'ৰাজনৰ সৈতে দলটোত সাতজন সদস্য । " যতিনৰ পৰা খবৰটো পোৱাৰ পিছত সেইদিনা ঘৰখনে অলপ  স্বস্তিৰ নিশ্বাস এৰিলে ।ঘোৰ সংকট এটাৰ পৰা যেন যতিনে সিহঁতক উদ্ধাৰ কৰিলে ।      

ঢুলীয়া লৰাজনৰ নাম ৰাতুল গগৈ ।ঘৰ ৰশ্মি হঁতৰ ঘৰৰ পৰা প্ৰায় সাত কি:মি: দুৰত্বত এখন ভিতৰুৱা গাঁৱত।দেখাই শুনাই লৰাজন ধুনীয়া। বয়স বিশ বছৰ ওপৰ নহব ।চহৰৰ কোনোবা এখন কলেজত পঢ়ে । আৰ্থিক অৱস্থা মধ্যমীয়া বাবে ঘৰৰ পৰাই কলেজ কৰে । ৰশ্মিক ৰাতুলে আগৰেপৰাই চিনি পায় । কিন্তু পৰিচয় হোৱা নাছিল । এদিন যতিনে ৰশ্মিৰেখাৰ  মাক-দেউতাকৰ লগত ৰাতুলক পৰিচয় কৰাই দিলে । প্ৰথম অৱস্থাত ৰাতুলে অলপ  সংকোছ কৰিছিল । কাৰণ  ৰশ্মি হঁতৰ ঘৰৰ লগত ৰাতুলহঁতৰ  ঘৰৰ অৱস্থা চন্দ্ৰ- সূৰ্য  পাৰ্থক্য । ৰিহাৰ্ছেলত ৰশ্মিৰেখাই তাৰ নিৰ্দেশ পালন কৰে বা নকৰে  ইত্যাদি কথাই ৰাতুলক চিন্তাত পেলাইছিল।প্ৰথম দিনাই ৰশ্মিৰেখাৰ মাক-দেউতাকে তাইক চমজি দিলে ৰাতুলৰ ওচৰত। ৰশ্মিৰ মাক-দেউতাকৰ  এটাই মন্তব্য -" এইবাৰ বিহুৱতী সন্মান লাভ কৰি দত্তৰ পৰিয়ালৰ  প্ৰেষ্টিজ ৰক্ষা কৰিব লাগিব ।"  দত্তৰ কথা মতেই বিনা সংকোছে ৰাতুলে ৰশ্মিক বিহুৱতী বনোৱাৰ দায়িত্ব কান্ধ পাতি ললে ।  পিছদিনাৰ পৰা আৰম্ভ হল ৰশ্মিৰেখাহঁতৰ ঘৰত পূৰ্ণোদ্যমে  ৰিহাৰ্ছেল । প্ৰতিদিনেই এখন মাৰুতি ভানত ঘৰৰ পৰা ৰাতুলহঁতক লৈ আনে আৰু ৰিহাৰ্ছেল শেষ হলেই ঘৰত থৈ আহে ।ৰিহাৰ্ছেল চলি থকা অৱস্থাত ৰাতুলে মনতে ভাবে--" ধনীৰ ঘৰৰ আলসুৱা ছোৱালী হলেও বিহু তাই সুন্দৰকৈ নাচিছে ।তাইৰ লাহি দেহেৰে সুন্দৰকৈ ককাল ভঙাৰ কৌশলটো বৰ চকুত লগা । লৱনু দেহা , চুলেই যেন পোটোকা পৰিব ।" নাচি থকা ৰশ্মিলৈ কেৰাহিকৈ চায় আনন্দ লভে ৰাতুল গগৈয়ে । ৰশ্মিয়েও ৰাতুলৰ ঢোলৰ  ছেৱত প্ৰাণ ঢালি নাচে।                                           সেইদিনা  বহাগ মাহৰ তিনি তাৰিখ । তিনিদিনিয়াকৈ অনুষ্ঠিত হৈছে কলংপৰীয়া ৰঙালী বিহু উৎসৱ ।  বহাগ মাহৰ দুই তাৰিখৰ পৰা আৰম্ভ হোৱা বিহু উৎসৱৰ সেই দিনা দ্বিতীয় দিনৰ কাৰ্যসূচী । দিনৰ ভাগত বিভিন্ন অনুষ্ঠানৰ লগতে নিশালৈ বিহু প্ৰতিযোগিতা । কাৰ্যসূচী অনুসৰি নিশা ন বজাৰ পৰাই আৰম্ভ হব বিহু প্ৰতিযোগিতা ।  সন্ধিয়া প্ৰায় ছয় মান বজাত সেইদিনা দত্তৰ ঘৰত উপস্হিত হয় ৰাতুলৰ সৈতে ঢুলীয়া দলটো । মুগাৰ মেখেলা-ছাদৰ , হাতত গাম খাৰু , জেতুকাৰ বোল , খোপাত এপাহি কপৌ ফুল পিন্ধি সাজি কাচি অপেক্ষা কৰিছিল ৰশ্মি ৰেখা বিহু নাচিবৰ বাবে । মুগাৰ মেখেলা- ছাদৰৰ সাজেৰে বিহুৱতী ৰূপত সেইদিনা বৰ সুন্দৰ লাগিছিল ৰশ্মি ৰেখাক । সেই সময়ত তাইৰ ধুনীয়া মুখ খনলৈ বিমুগ্ধ মনেৰে চাই তৃপ্তি পাইছিল ৰাতুলে ।  নিশা এঘাৰ মান বজাত মঞ্চত ঘোষণা শুনা গল --" এইবাৰ  মঞ্চত বিহু পৰিবেশন কৰিব কলংপাৰৰ বিহুৱতী নাচনি ৰশ্মিৰেখা দত্তই ।  মঞ্চলৈ তেওঁক আমন্ত্ৰণ জনোৱা হল ।" ঘোষণাটো শুনাৰ লগে লগে ৰশ্মিৰেখাৰ বুকু খন  কঁপনি উঠে যদিও ঢুলীয়াৰ দুই চৰণত সেৱা এটা জনাই মনত সাহ বান্ধি ঢোলৰ ছেৱে ছেৱে তাই   মঞ্চত  প্ৰবেশ  কৰে । লগে লগে বিহুৱা দল ।মঞ্চত উঠাৰ লগে ৰাতুলৰ সৰল হাতৰ পৰশত ঢোলটো যেন সাৰ পাই উঠিল । ঢোলৰ ছেৱে ছেৱে নাচনিয়ে গীত জুৰিলে--" চেনাই নাৱে মেলে পানীয়ে পানীয়ে মইনো লৰি মৰো বামে । চুটিকৈ যৌৱনে কৰে হাফো হাফো , মেখেলা তিতি যায় মানে ।" ৰাতুলৰ ঢোলৰ ছেৱে ছেৱে ৰশ্মিয়ে ঘুৰি ঘুৰি নাচিলে । ঢোলৰ চাপৰ দি ৰাতুলে গীত জুৰিলে--"নাচনি  কেৰাহিকৈ নাচাবি ,,,,,,,,,,।"  ৰশ্মি ৰেখাই  ৰাতুললৈ কেৰাহিকৈ চালে , ৰাতুলৰ চকুহাল যেন  চাট মাৰি ধৰিলে । পুনৰ ৰাতুলে গীত জুৰিলে - " নাচনি পলুৱাই অ' নিমে তোক ।" কটাক্ষ নয়নেৰে ঢুলীয়ালৈ চাই ৰশ্মিয়ে ঘুৰি ঘুৰি নাচিলে ৰাতুলৰ ঢোলৰ ছেৱত ।গোটেই বিহু মণ্ডপ ৰজনজনাই গল । প্ৰতিযোগিতাৰ অন্তত পুৱা প্ৰায় চাৰে তিনিমান বজাত ঘোষণা হল--" ইতিমধ্যে হৈ যোৱা বিহুৱতী প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠা বিহুৱতী সন্মান লাভ কৰিছে কলংপৰীয়া বিহুৱতী নাচনি ৰশ্মিৰেখা দত্ত ই । শ্ৰেষ্ঠ ঢুলীয়া হিচাপে নিৰ্বাচিত হয় ৰাতুল গগৈ ।      

পিছদিনা গোটৈই ডিমৰুগুৰি অঞ্চলৰ মানুহ বোৰৰ মুখত বু বু , বা বা - " অজয় দত্ত  বিহু কমিটিৰ মূখ্য উপদেষ্টা । তেওঁৰ জীয়েকে বিহুৱতী সন্মান নাপালে আৰু পাব কোনে ? " কোনো কোনোৱে আকৌ এইবুলিহে কলে- " নহয়, নহয় ;  আগৰ কেইবাৰতকৈ  এইবাৰ তাই ভাল নাচিছে । ঢুলীয়া লৰাটোৰ বাবেই তাই এইবাৰ ভাল নাচিছে। তাৰ যত্নতেই তাই এইবাৰ বিহুৱতী সন্মান পাবলৈ সক্ষম হল।" 

আবেলিৰ মুকলি সভাত প্ৰথম শ্ৰেষ্ঠা  বিহুৱতী বঁটা আৰু শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা প্ৰদান কৰে চহৰৰ  বিখ্যাত ব্যৱসায়ী, বঁটাৰ দাতা দেৱজিৎ ফুকনে । ৰাতুলৰ হাতৰ ঢোল বাদন আৰু সভাত উপস্থিত থকা শত সহস্ৰ দৰ্শকৰ হাত চাপৰিৰ মাজত হাস্যবদনেৰে সেইদিনা বঁটা গ্ৰহণ কৰে ৰশ্মিৰেখাই ।ৰাতুলেও শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা গ্ৰহণ কৰে দৰ্শকৰ হাত চাপৰিৰ মাজেৰে । বঁটা গ্ৰহণৰ অন্তত ৰথিনৰ বন্ধুবোৰে ৰশ্মিৰেখাক আহি   অভিনন্দন জনালে । কিন্তু ৰাতুল হঁতক সেই সময়ত কোনেও ভ্ৰূক্ষেপেই নকৰিলে। ধন্যবাদ এটা দিবলৈকো কাৰো আহৰি নহল । আনকি ৰশ্মিৰেখাৰ মাক আভা দত্তয়ো ৰাতুলক মাত এষাৰ দিবলৈকো পাহৰি নিজৰ গাড়ীত উঠি ঘৰমুৱা হল । থিয় হৈ ৰল বিষন্ন মনেৰে সেই ঠাইত ৰাতুল আৰু ৰাতুলৰ বিহুৱা দলটো ।                              

সন্ধিয়া সাতমান বজাৰ পৰাই অজয় দত্তৰ ঘৰত মানুহৰ সমাগম  ।আয়োজন কৰিছে এটি ডাঙৰ পাৰ্টীৰ । " প্ৰথম বাৰৰ বাবে জীয়েকে বিহুৱতী সন্মান  অৰ্জন কৰিছে । দত্তৰ ফেভাৰৰ মানুহখিনিৰ পৰা ৰাজনৈতিক নেতালৈকে ঘৰখনত উখল মাখল । পদুলিৰ মুখত গাড়ী- মটৰ , মটৰ চাইকেল আদি ৰখাবলৈ ঠাই নোহোৱা অৱস্থা । বহু জনৰ আগমণ আৰু বহু জনৰ গমণ । সন্ধিয়া প্ৰায় চাৰে সাত মান বজাত ৰাতুলৰ সৈতে ঢুলীয়া দলটোও উপস্থিত হল , ৰশ্মিৰেখাক অভিনন্দন এটা দিয়াৰ উদ্দেশ্যেৰে  দত্তৰ ঘৰত । কিন্তু সিঁহতৰ প্ৰতি কাৰো ভ্ৰূক্ষেপ নাই। সকলো ব্যস্ত আমন্ত্ৰিত অতিথি আৰু বন্ধু -বান্ধবীৰ লগত। ঘৰৰ দুৱাৰ মুখতে বহু সময় থিয় দি  ৰ'ল ৰাতুলহঁত ।                               

'আমি অহাৰ কথাটো হয়টো ৰশ্মিয়ে গমেই নাপায় ।গম পোৱা হলে ওলাই আহি মাত এষাৰ দিলেহিহেঁতেন ।' মনতে কথাটো ভাবি ৰাতুল হঁতে আত্ম সন্তুষ্টি লভিলে ।এটা সময়ত ৰশ্মিৰ দেউতাক অজয় দত্ত ৰাতুল হঁতক দেখিও ব্যস্ততাৰ ভাৱত পুনৰ  ভিতৰলৈ  সোমাই গ'ল । যেন দত্তই ৰাতুল হঁতক চিনিকে পোৱা নাই ।হতাশত মন ভাঙি গ'ল ৰাতুল হঁতৰ ।অসহায় অনুভৱ কৰি এটা সময়ত যাওগৈ বুলি ৰাতুলহঁত গেটৰ ওচৰ পোৱাৰ লগে লগে - 'অ' তোমালোক আহিলা ? ঠিক আছে । তোমালোকৰ মাননিটো অহা কালি যতিনে দি আহিবগৈ । আজি আমি সকলো ব্যস্ত আছো বুজিছা '  বুলি এখোজ দুখোজকৈ ভিতৰৰ পৰা ওলাই আহি অজয় দত্ত ৰাতুল হঁতৰ ওচৰ পালেহি।       

 

' নাই , নাই খুড়া ! আমি মাননিৰ কাৰণে অহা নাই । ৰশ্মিক এবাৰ দেখা কৰি খবৰটো লওঁ বুলিহে আহিলো ।'  বুলি ৰাতুলে কোৱাৰ লগে লগে  কথাষাৰ কাঢ়ি আনি দত্তই-" বাৰু হব ; তাই এতিয়া ব্যস্ত ।লগৰ বন্ধু- বান্ধবী বহুত আহিছে। তোমালোকৰ ঘৰ গাঁৱতটো । ৰাতিও হব আৰু ঘৰতো চিন্তা কৰিব । এতিয়া যোৱাগৈ।আকৌ লগ পামেই নহয় ।'


' অ' ৰ'বাচোন, ৰ'বা। চাহ একাপ খাবানেকি ?' দত্তই নক'লে নহয় কাৰণে ক'লে ।

'নালাগে খুড়া ! আমি যাও ।' -বুলি মনতে গধূৰ ভাৱ এটা লৈ ৰাতুলহঁত ঘৰমুৱা হয় । ধনী মানুহবোৰ বহুত স্বাৰ্থপৰ। স্বাৰ্থ আদায়ৰ ক্ষেত্ৰত সিহঁতবোৰ সকলোৰে ভৰিত পৰে। স্বাৰ্থ সিদ্ধিৰ পিছত সিহঁতবোৰে কাকো চিনি নোপাৱা হয়। ঘৰলৈ ওভতাৰ পিছত ৰাতুল হঁতে এই সত্যটো উপলব্ধি কৰিলে।                  

                      

 ভোলা কলিতা।                              

 মাহৰোল: নগাঁও।                

 মো:নং- ৮৮৭৬৫৬৪০৮৫,

Comments


bottom of page