top of page

মোবাইল

Updated: Dec 2, 2025


'ক্লিং ক্লিং......... '

কনমাই আইতাই মোবাইলটো হাতত লৈ ক'লে -হেল্লৌ, কোনে কৈছে।

সিফালৰ পৰা উত্তৰ আহিল - 'মই সৰু বোপাই কৈছোঁ।আমি কালিলৈ ঘৰলৈ গৈ আছোঁ ' ।

কনমাইয়ে মোবাইল টো কানত লৈ থাকোঁতেই গ'ল ।একো ক'ব লৈকে নাপালে। সিফালৰ

পৰা একো শব্দ নাহিল।

মোবাইলটো থৈ কনমাইয়ে খোন্দনাটো আনি তামোল খুন্দি খুন্দি ভাবিলে সংসাৰ খন বৰ জটিল।সময় সলনি হ'ল। যুগৰ পৰিবৰ্তন হৈছে। কোনেও কাকো সময় দিব নোৱাৰে।কি যে দিন আহিল ! মানুহৰ কৰ্ম শক্তিৰে জীৱন সংগ্ৰামত বীৰদৰ্পে যুঁজি নিজৰ পৰিচয় দিব পৰাটোৱেই জীৱনৰ সাৰ্থকতা।একাকীত্বই গ্ৰাস কৰি কনমাইক দুৰ্বল কৰি পেলাইছে। তথাপিও মনটো ভাল লাগিছে কালিলৈ পো -বোৱাৰী আৰু নাতি আহিব।

কনমাইৰ ভাল লাগিলে কি হ'ব । সিহঁতৰ জানো কথা পাতিবলৈ সময় হ'ব। আধুনিকতাৰ কবলত সকলো আজি আৱদ্ধ। বিচিত্ৰ সংসাৰত বিচিত্ৰ মানুহৰ মন। মানুহে জগতত কি কৰিব পৰা নাই। আগতে কথাবোৰ ক'বলৈ শুনিবলৈ আলোচনা কৰিবলৈ সময় আৰু আন্তৰিকতা আছিল পৰিয়ালৰ মাজত।

কনমাইয়ে জটিলতা কৃত্ৰিমতা বুজি নাপায়। পুতেক বোৱাৰীয়েক আহিলে তাই আগতে যেনেকৈ কথা কয় - সৰুবোপা, ডাঙৰ বোপা,আইজনী ,মাজনী ,তেনেকৈ আজিও কথা কয়।তাই কথা ক'ব নাজানে বুলি বোৱাৰীকে সদায় কয় আৰু বেয়াও পায় । কথাটো কনমাইয়ে জানে । যেতিয়া তাইৰ নাতিনীয়েক হঁতে আমাৰ আইতাই একো নাজানে বুলি গালখনতে টিপি দিয়ে, তেতিয়াই কনমাইৰ মনটো আনন্দৰে ভৰি পৰে। তাই ঘৰখন চাফ -চিকুণ কৰিবলৈ ওচৰৰ নয়নাক মাতি আনিলে।

কনমাইৰ মনত অতীতৰ বহু কথা ভাহি উঠিল। দেউতাক নোহোৱাকৈ কেনেকৈ তাই ল'ৰা ছোৱালী কেইটাক ডাঙৰ দীঘল কৰিছিল। সিহঁতক পঢ়া শুনা কৰাই উপযুক্ত কৰিবলৈ কিমান যে কষ্ট কৰিবলগীয়া হৈছিল , ভাবিলে আচৰিত লাগে। কনমাইয়ে ভগৱানক ধন্যবাদ দিলে তাইৰ কষ্ট অথলে যাবলৈ নিদি ল'ৰা ছোৱালী কেইটা উপযুক্ত হ'ল।

কনমাইৰ বয়স এতিয়া সত্তৰ বছৰ।তাই এতিয়া অকলশৰীয়া।এটা সময়ত ল'ৰা ছোৱালী কেইটাক বুকুত সোমোৱাই কিমান যে সাধু কথা কৈছিল। বোৱাৰী জীৱনটো হাঁহিৰে আদৰি লৈ সুখ বোৰ বুটলিবলৈ নাপাওঁতেই জীৱনটো ভাগি- ছিগি হেৰাই গৈছিল ।প্ৰৱল বেগে এজাক ধুমুহা বৰষুণ আহি কনমাইৰ ৰংবোৰ ধুই নিছিল।চিন হিচাপে থৈ গৈছিল বৈধব্য ।আকাশৰ শুকুলা মেঘবোৰে চকুলো টুকিছিল। সমবেদনা জনাবলৈ তাইৰ লগত থাকিল ল'ৰা ছোৱালী কেইটা।

এদিন লৰাহঁত ডাঙৰ হ'ল। ছোৱালী বিয়া দিলে। সকলো এতিয়া নিজৰ নিজৰ কামত ব্যস্ত। ডাঙৰ বোপা,সৰু বোপাই বিয়া পাতিলে। চাকৰি সূত্ৰে সিহঁত এতিয়া বাহিৰত থাকে। নিজৰ চাকৰি ঠাইত সিহঁতৰ সুবিধা অনুযায়ী ঘৰ বনালে। ল'ৰা ছোৱালীক স্কুলত দিলে। ঘৰলৈ আহিবলৈ সময় ক'ত। মোবাইল এটা দিছে পুতেক হঁতে সেইটোতে কথা পাতে, খবৰ লয়। যিহেতু আজিকালি মোবাইলেও কথা কয়।


এৰা ,আধুনিক পৃথিৱীত বিজ্ঞানৰ আবিষ্কাৰে মানৱজাতিক ক'ৰপৰা কলৈ লৈ গৈ আছে কনমাইয়ে ভাবি আছে। আজি-কালি মাকৰ মৰমবোৰো যান্ত্ৰিকতাত পৰিণত হৈ

আধুনিক হৈ পৰিল মাতৃত্ব ।আধুনিকতাৰ মাজত বহু পিতৃ-মাতৃ আজি আৰ্বজনা হ'ল।পিতৃ- মাতৃক লৈ চৰকাৰে আঁচনি প্ৰস্তুত কৰিবলগীয়া হৈছে আজিৰ শিক্ষিত পৰিবেশত। হাহাকাৰ কৰি দুৰ্ভগীয়া পিতৃ-মাতৃয়ে অনাথ শিশুৰ দৰে কন্দা টিভিত কনমাইয়ে দেখিবলৈ পায়।

অন্তত: আজিৰ এই শিক্ষাৰ পোহৰত উজ্বলা সমাজত এইবোৰ হ'ব নালাগিছিল। কিন্তু মানুহ যিমান শিক্ষাৰ পোহৰত উজ্বলিছে সিমান মন আৰু মগজু বিকৃত চিন্তাৰ বাহ হৈছে।


কনমাইয়ে সৰুতে ল'ৰা ছোৱালীক কোৱা এটা সাধুলৈ মনত পৰি গ'ল। পুৰণি কালত এখন দেশত এজন ৰজা আছিল। তেওঁৰ ডাঙৰ ফল ফুলৰে ভৰা এখন বাগান আছিল। বাগানখন তেওঁৰ বৰ মৰমৰ আছিল।ফল মূল যাতে কোনেও অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে তেওঁ এজন প্ৰহৰী নিয়োগ কৰিছিল। এদিন বাগানত এটি চৰাই সোমাই ফল খাবলৈ ধৰাত প্ৰহৰীয়ে চৰাইটোক ধৰি ৰজাৰ ওচৰলৈ লৈ গৈছিল। ৰজাই শাস্তি হিচাপে চৰাইটোক মাৰি পেলাবলৈ আদেশ দিয়াত চৰাইটোৱে ৰজাক ক'লে " মহাৰাজ মই চাৰিটা জ্ঞানৰ কথা জানো। মৃত্যুৰ আগত মই আপোনাক সেই চাৰিটা কথা কৈ যাব বিচাৰোঁ।"

ৰজাই চৰাইটোক কবলৈ দিলে।

চৰাইটোৱে কলে ঃ প্ৰথমতে হাতত অহা শত্ৰুক কেতিয়াও এৰি দিব নালাগে।

দ্বিতীয়তে ঃ শুনা কথাত বিশ্বাস কৰিব নালাগে।

তৃতীয়তে : অতীতৰ কথা ভাবি দুখ কৰি থাকিব নালাগে।

ইয়াকে কৈ চৰাইটো মনে মনে ৰল।চৰাইটো নিমাত হৈ থকাত ৰজাই চতুৰ্থ জ্ঞানৰ কথাটো সুধিলে।

তেতিয়া চৰাইটোৱে কলে , মহাৰাজ চতুৰ্থ জ্ঞানৰ কথাটো মই নিভৃতে ক'ব বিচাৰো আৰু কথাটো কোৱাৰ আগতে মই মোৰ গুৰু দেৱক স্মৰণ কৰিব লাগিব। কিন্তু বন্দী অবস্থাত মই ধ্যান কৰিব নোৱাৰিম।

ৰজাই প্ৰহৰীক চৰাইটোক মুকলি কৰি দিবলৈ ক'লে।চৰাই জনীয়ে মুক্তি পাই উৰি গৈ গছত বহিল আৰু তাৰ পৰাই ৰজাক ক'লে " মহাৰাজ জ্ঞানৰ কথাবোৰ অকল শুনিলে লাভ নহয়।ব্যৱহাৰিক জীৱনত সেইবোৰ প্ৰয়োগো কৰিব লাগিব।"

কনমাইয়ে সাধুটোৰ কথা ভাবি এটা দীঘল হুমুনিয়াহ কাঢ়ি ভগৱানৰ নাম ললে।

কনমাইয়ে নিজকে নিজে ক'লে কি যে কথাবোৰ ভাবি আছে।

কালিলৈ ল'ৰা বোৱাৰী ,নাতি আহিব। কিমান যে ভাল লাগিব। ঘৰখন ঘৰ হৈ পৰিব। কিন্তু এই মোবাইলৰ দিনত তাইৰ লগত কথা পাতিবলৈ সিহঁতবোৰৰ সময় হ'ব জানো? নামাতিলে নহয়, নক'লে নহয় বুলি ভাবি 'মা 'বুলি মাতি মোবাইলত ব্যস্ত হৈ পৰিব। নিজক লৈ সকলো ব্যস্ত হৈ অন্য মনস্ক হৈ পৰিব। কনমাইয়ে মাতি থাকিলেও অ' আ' কৰি শলাগি থাকিব।

সেয়েহে কনমাইয়ে অকলে থাকিবলৈ সিদ্ধান্ত ললে। নহ'লে কেতিয়াবা কনমাইয়ে নকবলগীয়া কথা কলে বোৱাৰীয়ে বেয়া পাব। পুতেকৰ খং উঠিব। যিহেতু তাই এতিয়া বুঢ়ী হৈ আহিছে।

কনমাইয়ে হাতত নামঘোষা খন তুলি লৈ ভগৱানক প্ৰাৰ্থনা কৰি কলে " হে প্ৰভু তোমাৰ চৰণত শৰণ দি মোক ইহ সংসাৰৰ পৰা মুক্তি দিয়া। মোৰ কাৰণে কেতিয়াও ল'ৰা বোৱাৰীহঁতে কষ্ট পাবলগীয়া নহয় যেন।মোক একো নালাগে । সিহঁতৰ সুখেই মোৰ সুখ।" এইবুলি কনমাইয়ে টোপনি যাবলৈ চেষ্টা কৰিলে ।

আজিকালি কনমাইৰ টোপনি কম হ'ল। কি যে কথাবোৰ মনলৈ আহি থাকে !তাইৰ নিজৰ ওপৰতে খঙ উঠে।বয়স হ'লে মানুহৰ টোপনি চাগৈ কম হয়। এইবুলি কনমাইয়ে ঘোষা এফাঁকি আওৰালে ,

"বলনি গদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম

কিনো কৃপা মোক কৰিলা হা নাৰায়ণ

দেৱৰ দুৰ্লভ অতিশয়ে ৰাম ৰাম ৰাম ৰাম ৰাম

গৃহতে থাকিয়া দেখিয়ো তযু চৰণে।।"


এনেতে আক'মোবাইলটো বাজি উঠিল 'কিলিং কিলিং ..'


জ্যোতিকা বৰা

কামপুৰ, নগাঁও।

মো:নং ৭৬৩৮০ ১১৫৮৩

Comments


bottom of page