অপৰাহ্নৰ নেদেখা ৰং
- গীতা মহন্ত শইকীয়া

- Feb 2
- 3 min read
Updated: Feb 3
'তোমাৰ গা বেয়া নেকি? '
'ওহোঁ, কিয় সুধিলা? '
' অথনিৰে পৰা যে ভাত কেইটা লিৰিক-বিদাৰি আছা? '
এওঁ মোৰলৈ যে লক্ষ্য কৰি আছে, মোৰ খবৰেই নাই। দেউতাই ভাল পাইছিল বাবেই নেকি, যিদিনা লফা শাক আৰু বিলাহীৰ লগত মাগুৰ মাছৰ টেঙা আঞ্জা ৰান্ধো, দেউতালৈ খুব মনত পৰে। এসময়ত ল'ৰা-ছোৱালীয়ে গিজগিজাই থকা সেই ঘৰখন কি যে নিমাওমাও হৈ গ'ল--------! এবাৰ ঘৰলৈ যাওঁতে চ'ৰাঘৰত 'ফুল' 'ভলিউমত' ৰেডিঅ'টো বাজি আছিল। মাক বিচাৰি বিচাৰি পাইছিলোগৈ পিছফালৰ শাকনিবাৰীত।
'ৰেডিঅ'টো কিয় ইমান ডাঙৰকৈ লগাই থৈছা মা?'
'সেইটো বাজি থাকিলে ঘৰখনত মানুহ থকা যেন লাগে অ'।
'নিসংগতা যন্ত্রণাৰ পৰা উপশম পাবলৈ মায়ে কি যে উপায় ভাবি পাইছিল......।'
এওঁক ক'লো -'এইবাৰ বিহুত মাৰ ঘৰৰপৰাই আহাগৈ নেকি? '
'তাকে ভাবি ভাবিয়েই হ'বলা ভাতকেইটাকে লিৰিকি -বিদাৰি আছা ? '
মোৰ লাজ লাগি গ'ল। এওঁ সদায় অভিযোগ কৰে মই হেনো কােনোদিন কথাবোৰ চিধা-চিধি নকওঁ। আচলতে আমাৰ বাই-ভনী দুজনীৰ প্ৰতি মাৰ এটা কাঢ়া নিৰ্দেশ আছিল- 'বন্ধৰ দিনবিলাকত প্ৰথমে শহুৰৰ ঘৰলৈ যাবি। পিছত সময়-সুবিধা পালেহে আমাৰ ঘৰৈল আহিবি। ' মায়ে ছাগৈ বুকুত কিমান কষ্ট লৈ সেইষাৰ কথা কৈছিল.......। সেয়ে এনেকুৱা সময়ত মই সদায় মোৰ শহুৰ-শাহুৰ ওচৰলৈ যাওঁ। কিন্তু আমাক দেখি উজলি উঠা সেই দুখন মুখৰ আঁৰে আঁৰে বিষাদৰে ভৰা মা-দেউতাৰ মুখ দুখন কল্পনা কৰি বৰ কষ্ট পাঁও। যাৰ বাবে মানুহ হিচাপে পৰিচিত হ'লো, তেওঁলোকক বিহুেৱে-সংক্রান্তিয়ে এষাৰ মাত দি আহিবলৈ আমাৰ সময়-সুবিধাৰ অভাৱ। সেয়ে এইবাৰ দুদিনমানৰ ছুটি লৈ আমাৰ ঘৰ ওলালোগৈ।
বেচ্ উলহ-মালহেৰে দিনেকইটা কটালো। আবেলি মা-দেউতাক লগত লৈ ইঘৰ সিঘৰ ফুৰাও হ'ল। নিৰ্দিষ্ট দিনটোত আহিবলৈ বুলি টালি-টােপোলা বান্ধােতে দেউতাৰ গলগলীয়া তথা আবেগ- গধুৰ কণ্ঠস্বৰ ভাঁহি আহিল- 'মই বৰ ডাঙৰ ভুল কৰিলো অ' মাজনী !'
মই উচপ খাই উঠিলো। কি ভুল কৰিলে দেউতাই যে বৃদ্ধ বয়সত গাভৰু জীয়েকৰ আগত স্বীকাৰ কৰিব খুজিছে! এই অঞ্চলত দেউতা অতি সন্মানীয় আৰু সৎ ব্যক্তি হিচাপে পৰিচিত। তদুপৰি আমাৰ চাৰিওটা সন্তানক উপযুক্ত ভাবে গঢ় দিয়া বুলি দেউতাক সকেলােৱে প্ৰশংসা কৰে। ডাঙৰ দাদা মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম হৈছিল। এতিয়া চফ্টওৱেৰ ইঞ্জিনিয়াৰ, আমেৰিকাত থাকে। সৰুদাদা' আৰ্কিটেক্ট ইঞ্জিনিয়াৰ আৰবত থাকে। বাইেদউ এইম্ছৰ ডাক্তৰ আৰু তাতেই সহকৰ্মী ডাক্তৰ এজনৰ লগত বিয়াত বহিল। মই অৱেশ্য সিহঁততকৈ বেলেগ। বইেদেৱে সহকৰ্মী ডাক্তৰ এজন আৰু ডাঙৰ দাদাই আমেৰিকাবাসী এজন অসমীয়া ল'ৰাৰ লগত মোৰ বিয়া ঠিক কৰিছিল যদিও মই অসন্মত হৈছিলো। মোৰ যুক্তি হ'ল- য'ত থাকিলে নিজৰ ভাষাত কথা পাতিব নোৱাৰো, ,চুবুৰীয়া ঘৰৰপৰা ভাঁহি অহা এটা অসমীয়া গীত নুশুনো, গৃহস্থ কৰ্মস্থলীলৈ ওলাই যোৱাৰ পিছত এটা নিৰ্দিষ্ট কোঠাত ওৰেদিনটো আৱদ্ধ হৈ থাকিব লাগিব, সেয়া জীৱন হ'ল নেকি? নিজৰ ভাষা সংস্কৃতি তথা আপোন মানুহখিনিক এনেদৰে নিলগত ৰাখি, বিয়া হৈ এখন অচিনাকি দেশলৈ মই গুচি যাব নোৱাৰিম। মোৰ অভিমত শুনি বহুতে মোক 'আউট-ডেটেড' বুলিলে, লগৰ বান্ধবী বােৰে 'দেশ-প্ৰেমিকা'নাম দিলে, সম্বন্ধীয় দুই-একৰো সেই একেই কথা। মোৰ মতামত শুনি কেৱল মা-দেউতাৰ মুখ দুখনহে উজলি উঠিল। অৱেশষত মহাবিদ্যালয়ৰ শিক্ষক অবিনাশ বৰুৱাৰ লগত মোৰ বিয়া হ'ল। বৰ্তমান আমি দুয়ো একে মহাবিদ্যালয়তে শিক্ষকতা কৰো। কিন্তু ইয়াৰ পিছতো যেতিয়া দেউতাই ভুল কৰাৰ কথা ক'লে মমৰ অবাক হোৱাৰ পাল। মোকলৈ দেউতাৰ কিবা অশান্তি হোৱা নাইতো? নে দেউতাই যৌৱনত কিবা ভুল কৰিছিল যাৰ পৰিণতি এতিয়া ভুগিব লগা হৈছে? আহিবৰ দিন ধৰি লক্ষ্য কৰিছো মা যেন আগতকৈ বহুত গহীন হ'ল। ইয়াৰ অন্তৰালত কিবা ৰহস্য ঘনীভূত হৈ থকা নাইতো?
আজি পুৱা বকুলীবায়ে ওচৰলৈ মাতি কৈছিল-'সেইযে তোমােলাক চাৰিওটাৰ সৰু কালৰ ফটোখন বন্ধাই থোৱা আছে দেখিছা'--মই প্ৰশ্ন বোধক চাৱনিৰে বকুলীলৈ চালো।
'মাৰাই প্ৰায়ে ফটোখনলৈ চাই কিবা কিবি কথা কৈ থাকে। মাজে মাজে কান্দেও। মোৰ কেতিয়াবা ভয়েই লাগে মাজনী'।
'ভয় কৰিব নালাগে বাই। অকলে অকলে থাকিলে তোমােৰো তেনে হ'ব। তুমি মাথো মাক সংগ দি থাকিবা'।
মই লাহে লাহে মাৰ মনোজগতলৈ সােমাৱাৰ চেষ্টা কৰিলো। আস্!নিসংগতাৰ কি যন্ত্রণা ! সীমাহীন কষ্ট স্বীকাৰ কৰি নিজৰ সন্তানক উপযুক্তকৈ গঢ় দিয়াৰ বিনিময়ত জীৱনৰ বিয়লি বেলাত নিসংগ হৈ পৰিল এহাল বৃদ্ধ পিতৃ-মাতৃ। শীতৰ সন্ধ্যা জুইৰ কাষত বা পুৱা ৰ'দ-কাঁচিলত বহি দুয়ােৱে সন্তানৰ ল'ৰালি কালৰ স্মৃতি ৰোমন্হন কৰে।
এতিয়াও মনত পৰে, পঢ়ি থকা দিনবিলাকত আমি হােষ্টেলৰ পৰা ঘৰলৈ আহিলে ঘৰখনত উখল-মাখল লাগে। কিন্তু উভতিবৰ বেলিকা দেউতাৰ গাটো বেয়া লাগে, মাৰ চাল-চলন আগতকৈও গম্ভীৰ হয়। মই নীৰৱে সকলো চাই থাকো।
কিন্তু আজি এয়া পতি গৃহলৈ উভতিবৰ সময়ত দেউতাই কি ভুল কৰাৰ কথা কৈছে বাৰু? মই ব্যগ্ৰ হৈ দেউতাৰ মুখলৈ চাই থাকিলো।
'তহঁতৰ কােনাবা এটাক মূৰ্খ কৰি ৰাখিব লাগিছিল। '
'কিয়, কিয় দেউতা? ' মই আচিৰত হ'লো। এয়া দেউতাই কি কৈছে?
'অন্তত: মূৰ্খ সন্তানটো আমাৰ লগত থাকিলহেঁতেন। '
মই বাৰু কি ক'ম এতিয়া দেউতাক!
গীতা মহন্ত শইকীয়া
মৰিকলং,নগাঁও।
মো:নং. ৭৫৭৬৯০২৪০২ .




Comments