top of page

বিদেশত  মহাত্মা গান্ধীৰ  স্মৃতিসৌধ দৰ্শন

 

 

 সৰুতে কিতাপত পঢ়িছিলোঁ --

       'আমাৰ  বাপুজী মানুহ  নাছিল

        নৰৰূপী ভগবান

       গোটেই  বিশ্বই সমস্বৰে যাৰ

        গাইছে বন্দনা গান --'

এই গৰাকী মহামনীষাৰ এক বিশাল  স্মৃতিসৌধ দেখাৰ সৌভাগ্য  ঘটিছিল উত্তৰ  আমেৰিকাৰ  টেক্সাচ প্ৰদেশৰ আৰভিং নগৰত। বিদেশৰ মাটিত বাপুজীৰ বিশাল  আবক্ষ  মূৰ্তি দেখি গৌৰৱত বুকু ফুলি উঠিছিল। বৰ্তমান সেই ঠাই পৰ্যটন স্থলীলৈ ৰূপান্তৰিত  হৈ পৰিছে ।শাৰী শাৰী বিজুলি বাতিৰে তিৰবিৰাই  থকা ৰাজ পথেৰে গৈ আমি যি ঠাইত উপস্থিত  হ'লোঁগৈ সেয়া আমাৰ  বাবে আশ্চৰ্য। সেয়া হৈছে থমাছ  জেফাৰণ পাৰ্কৰ  থিক সোঁ-মাজত থকা ওখ বেদীৰ ওপৰত গান্ধীজীৰ  বিশাল  আবক্ষ  মূৰ্তি । ওপৰত  লিখা আছে "Mahatma  Gandhi  Memorial of North  Texus ." শ্ৰদ্ধাত শিৰ নত হৈ পৰিল। মনলৈ আহিল  শেৱালি কবিৰ কবিতা-- জীৱন্ত  কবিতা তুমি আপুনি মহাত্মা--'

 

পাৰ্ক খনত খোদিত থকা ফলক কেইখন পঢ়ি জানিব  পাৰিলোঁ যে ভাৰত-আমেৰিকা মৈত্ৰী পৰিষদৰ যুটীয়া প্ৰচেষ্টাত 2010 চনৰ  29 মে' তাৰিখে মহাত্মা গান্ধী স্মৃতিসৌধ  প্ৰকল্পৰ  প্ৰস্তাৱ  হয় ।সেইদিনা পৰিষদৰ  সভাত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ  ৰাজনীতিবিদ আৰু মানৱতাবাদী মহামানৱ মহাত্মাৰ স্মৃতি যুগমীয়া কৰি বিশ্বৰ  মানৱ জাতিক যুগে যুগে তেওঁৰ মহান আদৰ্শৰ  দ্বাৰা অনুপ্ৰাণিত  কৰাৰ  মহান উদ্দেশ্য আগত ৰাখি গান্ধী স্মৃতি ৰক্ষা কমিটি গঠন কৰা হয় ।টেক্সাচৰ স্থানীয় প্ৰশাসনেও সম্পূৰ্ণ  সহযোগিতা আগবঢ়াই আৰু সৰ্বসন্মতি ক্ৰমে টেক্সাচ  প্ৰদেশৰ  মাজমজিয়াত, ডালাচ  ফৰ্টৱৰ্থ মেট্ৰ অঞ্চলৰ আৰভিং নগৰত  এই প্ৰকল্প নিৰ্মাণৰ  কাম  হাতত  লোৱা হয় । প্ৰায় 4 বছৰৰ অন্তত 2014 চনৰ  3মে' তাৰিখে এই প্ৰকল্প সম্পূৰ্ণ  হয় ।সেইদিনা প্ৰায় 20 হাজাৰ ভাৰতীয় লোকৰ  উপস্থিতিত হোৱা উদ্বোধনী সভাত আমেৰিকাৰ চাউথ ক'ৰলিনা প্ৰদেশৰ প্ৰথম  গৰাকী ভাৰতীয় মহিলা গৱৰ্ণৰ Nikki Randhawa Haley মূখ্য  অতিথি ৰূপে আসন  গ্ৰহণ  কৰাটো উল্লেখযোগ্য। সেই সভাত বহু বিশিষ্ট  আমেৰিকান 

 

নাগৰিক উপস্থিত  আছিল।

   মহাত্মা গান্ধীৰ  স্মৃতিসৌধৰ সকলোতকৈ গৌৰৱ আৰু ঐতিহাসিক  ক্ষণ আছিল 2014 চনৰ 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিৱসটো। কিয়নো সেইদিনা দক্ষিণ  আফ্ৰিকাৰ পৰা গান্ধীজীৰ  নাতি M Satish Dhupalia ই ককাকৰ 145 তম জন্ম জয়ন্তী উদযাপনৰ  কৰাৰ  মানসেৰে এই  মহান  ক্ষেত্ৰত  আহি উপস্থিত  হয়হি । সেই  বিশেষ  দিনটোত মাৰ্টিন  লুথাৰ কিঙৰ পৰিয়াল আৰু গান্ধী পৰিয়ালৰ যোগদান স্মৰণীয় হৈ ৰ'ব ।

জীৱনৰ  আদৰ্শক অতি উচ্চ  পৰ্য্যায়লৈ লৈ যাব  পৰা বিৰল গুণৰ  অধিকাৰী গান্ধীজী সৰ্বকালৰ  সৰ্বশ্ৰেষ্ঠ  মহামনীষী । আমাৰ  মনবোৰ  ভৰি পৰিছিল  স্বদেশ  প্ৰেমৰ  অতনু সুৰভিৰে ।

  আমেৰিকাত  প্ৰতিষ্ঠিত  প্ৰায় 2 লাখ ভাৰতীয় লোকৰ  অৰ্থ সাহাৰ্য্যৰে এই বিশাল ব্যয়বহুল প্ৰকল্পৰ আচনি সুকলমে সমাধান  কৰা হয় । বৰ্তমান  পৰ্যটন থলীলৈ পৰিণত হোৱা গান্ধীজীৰ এই বিশাল  প্ৰতিমূৰ্তি আমেৰিকাৰ অন্যান্য  স্থানত থকা স্মাৰকতকৈ বহু ডাঙৰ। এক অদ্বিতীয় স্থাপত্য।

 

গান্ধী স্মৃতি প্ৰকল্পৰ  স্থানত 2 অক্টোবৰ গান্ধী জয়ন্তী ,30 জানুৱাৰী স্বহীদ  দিৱস ,21জুন আন্তৰ্জাতিক যোগ দিৱস ,21 চেপ্তেম্বৰ শান্তি দিৱস , 26 জানুৱাৰী গণতন্ত্ৰ  দিৱস ,15 আগষ্ট স্বাধীনতা দিৱস আদি প্ৰবাসী ভাৰতীয় সকলে উদযাপন কৰি আহিছে । তদুপৰি মাজে সময়ে জ্যেষ্ঠ  নাগৰিক  সন্মিলন ,যুব সমাৰোহ, আদি অনুষ্ঠিত  হয় । গান্ধীজীৰ  নীতি আদৰ্শৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ  চেষ্টা ,সত্য ,অহিংসা ,শান্তি মৈত্ৰীৰ আদৰ্শ  প্ৰচাৰ, স্কুল কলেজত বক্তৃতা প্ৰদান  আদি উন্নয়ন মূলক কাম -কাজ এই প্ৰকল্পৰ  যোগেদি অব্যাহত  আছে ।

 

দীপ্তি দেৱী শৰ্মা

নগাঁও, অসম।

মো:নং ৭৮৯৬১ ২৬৬১৪ 

Comments


bottom of page