top of page

যুৱ উচ্ছৃংখলতা আৰু আজিৰ সমাজ

Updated: Feb 3

 

 

         বৰ্তমান সমাজ ব্যবস্থাত এটি মন কৰিবলগীয়া বিষয় হৈছে যুৱ উচ্ছৃংখলতা। বৰ্তমান সময়ত যুৱ সমাজ এখনেহে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। যুৱ শক্তিক কেন্দ্র কৰি গা কৰি উঠা প্ৰধান সমস্যা যুৱ উচ্ছৃংখলতাই ভয়াবহ ৰূপ লৈ উঠিছে।  পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতাত এচাম যুৱক-যুৱতীয়ে আত্ম নিয়ন্ত্রণ হেৰুৱাৰ ফলতেই যুৱ উচ্ছৃংখলতাৰ সৃষ্টি হয়। যুৱ সমাজৰ এচাম বিপথে পৰিচালিত হোৱাৰ মূল কাৰণেই হৈছে পৰিয়াল, সমাজ, ৰাজ্য তথা দেশৰ পাৰিপাৰ্শ্বিক অৱস্থা। এটি শিশুৱে জন্ম হোৱাৰে পৰা পৰিয়ালৰ লোকসকলক অনুসৰণ কৰে। অসমীয়াত এটি প্ৰবচনে আছে যে - "মাক চাই জীয়েক" আৰু " বাপেক চাই পুতেক", এই প্ৰবচনটিয়ে পৰিয়ালক অনুকৰণ কৰাৰ কথাই বুজাইছে। 


              বৰ্তমান সমাজ খনেই বন্ধনহীন, উন্মুক্ত সমাজ। এনে সমাজ ব্যবস্থাত অভিভাৱকৰ সময়োপযোগী নিয়ন্ত্রণ অবিহনে যুৱ মানসত যুৱ উচ্ছৃংখলতাৰ সৃষ্টি হৈছে। বৰ্তমানত ভাৰতত প্ৰৱেশ কৰা পশ্চিমীয়া সংস্কৃতিয়ে গাও-ভুঁই নগৰ-চহৰ সকলো গ্ৰাস কৰি আহিছে। এটা সময়ত ৰেডিঅ'ৰ অনুষ্ঠানতে সকলো মানুহে দেশৰ বা বাতৰি লোৱাৰ সুবিধা আছিল কিন্তু এতিয়া আৰু সেই দিন নাই। জাতীয় উৎসৱ বিহু, তিথি তথা অন্যান্য উৎসৱ পাৰ্ৱণত যুৱ সমাজৰ কোনো গুৰুত্ব নোহোৱা হ'ল। যুৱক-যুৱতীসকলৰ যি কোনো উৎসৱৰ ভাল দিশটো গুৰুত্ব নিদি কেৱল নিচা জাতীয় দ্ৰৱ্য সেৱনৰ প্ৰতি আসক্তি বাঢ়িব ধৰিছে। উচ্ছৃংখলতাই যুৱ সমাজক ইমানেই দ কৈ সিপাইছে যে আজিৰ ডেকা গাভৰু সকলৰ কাষেৰে পাৰ হৈ যাওতে জেষ্ঠ লোক সকল সাবধান হৈ চলিবলগীয়া পৰ্যায় পাইছে।  আজিৰ এচাম যুৱকক অনবৰতে মদ, ভাং, ধপাত, বিড়ি সেৱন কৰাৰ লগতে শিখৰ, গুটখা আদি বিভিন ধৰণৰ মুখৰোচক সামগ্রী মুখত লৈ ফুৰা দেখা যায়। কোনোবাখিনিত জেষ্ঠজনৰ প্ৰতি যেন সন্মান নোহোৱাই পৰিলক্ষিত হয়। এনে নিচা যুক্ত দ্ৰব্যৰ পৰা যুৱ সমাজক আতৰাব নোৱাৰিলে সমাজ লৈ অচিৰেই বিভীষিকা নামি অহাৰ সম্ভাৱনীয়তাক কোনেও নুই কৰিব নোৱাৰে। 


         আজিৰ একাংশ যুৱতীয়ে নিজকে জনপ্রিয় কৰি তুলিবলৈ অশালীন সাজ-পোছাক পৰিধান কৰি সামাজিক মাধ্যমত তোল পাৰ লগাব ধৰিছে। এইবোৰৰ কাৰণে দৈনিক কাকতৰ প্রথম পৃষ্ঠাত বৰ বৰ আখৰেৰে ধৰ্ষণ, বলাৎকাৰ আদি প্ৰকাশ পায়। এনে দিশবোৰ এৰাই চলিব পাৰিলে উঠি অহা নৱ প্ৰজন্মৰ বাবে মংগলদায়ক। যুৱ উচ্ছৃংখলতাই ব্যক্তিগতভাৱে ক্ষতি কৰাৰ উপৰিও সমাজ, ৰাজনীতি আদি সকলোতে ঋণাত্মক প্ৰভাৱ পেলায়। ইয়াৰ বাবে নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ঘৰুৱা পৰিৱেশো হ'ব লাগিব আধ্যাত্মিকতাসম্পন্ন। 

 

ভাস্বতী কলিতা

ভেৰুৱা, দৰং

ফোনঃ ৬৯০০৯৫৭২০৭

Comments


bottom of page