top of page

উত্তৰ আধুনিক চিন্তাত লোকবিশ্বাস,বিজ্ঞান আৰু দৰ্শনৰ সংঘাত

Updated: Feb 3

    

 

     

ঘটনাটো ভাৰতৰ এখন মহানগৰৰ। মটৰ গাড়ী, ৰেল, উৰাজাহাজৰ শব্দ,চকু চমক লগা বিজুলীৰ পোহৰৰ মাজতো এবাৰ এজন বন্ধুৰ দেহত অপশক্তি লম্ভিল বুলি পূজা অৰ্চনা কৰি  পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি  খাইছিল। কিতাপৰ পাতত  পালো অপশক্তিৰ প্ৰতি থকা আদিম মানুহৰ  কিমান বিশ্বাস।মোৰ মায়ে কৰতি পুথিৰ বিষয়ে কোৱা কথা মনত আছে। বায়ু কৰতি, মৎস কৰতি,গুৰু কৰতি বিষয়ে কৈছিল। ভূত -  প্ৰেত ,যক্ষ - যখিনী, পিশাচ, বীৰা, বুঢ়া ডাঙৰীয়া আদি  জয়াল কাহিনীবোৰে শৈশৱত আমাক তীব্ৰ আকৰ্ষণ কৰিছিল। ড০ নিৰ্মল প্ৰভা বৰদলৈয়ে লোক সংস্কৃতিত ভূত প্ৰেত আৰু বেজ বেজালি, , বেজৰ মন্ত্ৰ,বন দৰৱৰ ওপৰত লিখি থৈ গৈছে। এই লোক কাহিনীৰ কোনো বৈজ্ঞানিক বাখ্যা নাই।কিন্তু শৈশৱ ,যৌৱনত, বৃদ্ধলৈকে অগনন মানুহৰ হৃদয় এনে কাহিনী আৰু কেতবোৰ বিশ্বাসে আবৰি  আছে। এক কথাত কবলৈ গলে এনে ভূত - প্ৰেতৰ কাহিনীয়ে আমাৰ শৈশৱ জীপাল  কৰি ৰাখিছিল। ড০বৰদলৈয়ে লিখিছে "সচেতন, অর্ধচেতন আৰু অৱচেতন অৱস্থাৰ আশ্চৰ্যজনক ক্রিয়া-প্রক্ৰিয়াৰ আঁকোৱা-পকোৱা পথৰ পথিক মনস্তত্ত্ববিদসকলহে। নিউক্লিয়াৰ যুগৰ প্ৰতিমুহূৰ্তৰ সংঘাত আৰু উৎকণ্ঠাই গঢ় দিয়া জটিল মনৰ উৱাদিহ লওঁতে মনস্তত্ত্ববিদো ভাগৰি পৰে। মন ইমানেই ৰহস্যজনক। নিজৰ মনৰ গৰাকা আমি  নিজেই নহয়।তথাপিও লোক-সংস্কৃতি বিশ্লেষণ কৰোঁতে লোকমনৰ অধ্যয়ন এক এৰাব নোৱৰা দিশ।  অসমৰ লোকগীত, সাধুকথা, যোজনা, ফকৰা, ভাষা আৰু শিল্পকর্মত অসমীয়া লোকমনৰ যি সাধাৰণ পৰিচয় নিহিত হৈ আছে।"

সদ্যজাত কেঁচুৱা এটাক আমাৰ লোক বিশ্বাসৰ পৰম্পৰা অনুসৰি মুখলগা ভাঙিবলৈ চৌকাত জুই জ্বলাই সৰিয়হ আৰু শুকান জলকীয়া  জুইত দি কেঁচুৱাক সেই জুইৰ ধোঁৱা অকণ দিয়া হয়। প্ৰদূষিত   মহানগৰত  এইদৰে মুখলগা  ভঙাৰ দৰকাৰ  হয় নে নহয় -এই প্ৰশ্নটো সুধিলে লোক সংস্কৃতিৰ লোকবিশ্বাস আৰু আধুনিক বিজ্ঞান চিন্তাৰ মাজত  সংঘাত  আৰম্ভ হয়। আজু ককা -আইতাৰ দিনৰ পৰা মানি অহা এই বিশ্বাসবোৰ কেনেকৈ বিসৰ্জন দিম - এই চিন্তাই  এক   মানসিক দ্বন্দ্ব সৃষ্টিৰ কাৰণ হৈ পৰে।

       

লোক বিশ্বাস পৰম্পৰাগত ভাৱে চলি অহা লোক বিজ্ঞান বুলি ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই লিখি থৈ গৈছে।তেওঁ লগতে কৈছে যে,লোক সাহিত্য,লোক বিশ্বাসৰ মাজতেই জাতিৰ মনোজগত আৰু জীৱন -যাপন - আদৰ্শৰ পৰিচয় পোৱা যায়। তেওঁ এই কথাটোও কৈছে যে, ইউৰোপ,আমেৰিকাতো  মানুহ  মুখে মুখে চলি অহা এনে লোক বিশ্বাসৰ দ্বাৰা প্ৰভাৱিত। আমি যিখন সমাজত বাস কৰোঁ, এইখন সমাজত লোকবিশ্বাস আমাৰ ঐতিহ্য, সংস্কৃতি আৰু অস্তিত্বৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গাঁৱলীয়া সমাজ জীৱনৰ পৰা আধুনিক নগৰীয়া সমাজলৈকে এই বিশ্বাসবোৰে আমাৰ আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্বণ, ৰীতি-নীতিক এক সুকীয়া ৰূপ দাঙি ধৰে। লোকবিশ্বাস কেৱল বিশ্বাস নহয়; ইয়াৰ মাজেদি এটা জাতিৰ ইতিহাস, পৰিবেশৰ সৈতে সম্পৰ্ক, কল্পনা শক্তি আৰু জীৱনদৰ্শন প্ৰতিফলিত হয়।কিন্তু সময়ৰ সোঁতত, বিজ্ঞান আৰু যুক্তিৰ প্ৰসাৰৰ লগে লগে এই লোকবিশ্বাসবোৰক বহুতে অন্ধবিশ্বাস বুলি কব বিচাৰে।


      ছাৰ জেম্‌ছ জৰ্জ ফ্ৰেজাৰ (১৮৫৪–১৯৪১) নামৰ এজন প্ৰখ্যাত স্কটিছ নৃতত্ত্ববিদ, লোকসংস্কৃতিবিদ আৰু ধৰ্মতত্ত্বৰ গৱেষকৰ বিখ্যাত গ্ৰন্থ The Golden Bough ত তেওঁ  ধৰ্ম আৰু বিজ্ঞানৰ বিকাশক মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ধাৰা হিচাপে বিশ্লেষণ কৰিছে।

লোকবিশ্বাসৰ সামাজিক, সাংস্কৃতিক আৰু মনস্তাত্ত্বিক প্ৰসংগত এক গভীৰ, সমালোচনামূলক বা গৱেষণামূলক দৃষ্টিভংগী গ্ৰন্থখনত প্ৰকাশ কৰিছে।বিজ্ঞান বুলি কলে যুক্তি, প্ৰমাণৰ কথা আহে।অন্যহাতে  লোক বিশ্বাস অনুভৱ আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে। আধুনিক বিজ্ঞানৰ দৃষ্টিত বহু লোকবিশ্বাস অসাৰ অন্যহাতে লোক বিশ্বাসৰ দৃষ্টিত বিজ্ঞান কেতিয়াবা নিৰ্মম আৰু মানৱীয় অনুভূতিহীন।  এই দুয়োটাৰ মাজত বিজ্ঞানৰ দৰ্শন হৈ পৰে এখন  সেতু , যি খন সেতুৱে কেতিয়াবা বিজ্ঞানক সীমিত কৰে, কেতিয়াবা লোকবিশ্বাসক ব্যাখ্যা কৰে।বিজ্ঞানৰ দৰ্শন  হৈছে বিজ্ঞান  মানে কি, কেনেকৈ বিকশিত হয়, আৰু সমাজৰ সৈতে ইয়াৰ সম্পৰ্ক কেনেকুৱা—এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ সন্ধান কৰে।বিজ্ঞানৰ দৰ্শনে বৈজ্ঞানিক জ্ঞান মানে কি তাক বুজিবলৈ  সহায় কৰে। বৈজ্ঞানিক জ্ঞান বুলি কলে সম্পূৰ্ণ সত্য নে সময়ৰ সৈতে সলনি হ’ব পৰা!   ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে নিউটনৰ নিয়ম এটা সময়ত চূড়ান্ত বুলি গণ্য  কৰা হৈছিল, কিন্তু পিছলৈ আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ত্বই সেই ধাৰণালৈ পৰিবৰ্তন আনিলে। এইদৰে বিজ্ঞানৰ দৰ্শনে আমাক শিকায় যে বিজ্ঞান সদায় গতিশীল আৰু আত্ম-সমালোচনামূলক।বিজ্ঞানৰ পদ্ধতি বুজাত বিজ্ঞানৰ দৰ্শনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰ্যবেক্ষণ, অনুমান, পৰীক্ষা আৰু উপসংহাৰ—এইবোৰ বৈজ্ঞানিক পদ্ধতিৰ মুখ্য উপাদান। কিন্তু এই পদ্ধতিবোৰ কিমান নিৰপেক্ষ বুলি প্ৰশ্ন উত্থাপন হয়। বিজ্ঞানৰ দৰ্শনে দেখুৱায় যে বৈজ্ঞানিক অনুসন্ধানত মানৱীয় মূল্যবোধ, সামাজিক পৰিস্থিতি আৰু ঐতিহাসিক প্ৰেক্ষাপটৰ প্ৰভাৱ থাকিব পাৰে। আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ জীৱন সহজ কৰিছে, কিন্তু একে সময়তে পৰিবেশ দূষণ, অস্ত্ৰ নিৰ্মাণ, যুদ্ধই নৈতিক সংকটৰো সৃষ্টি কৰিছে। বিজ্ঞানৰ দৰ্শনে এই ক্ষেত্ৰত বিজ্ঞানৰ সামাজিক দায়িত্ব আৰু নৈতিক দিশসমূহ পৰ্য্যালোচনা কৰে। বিজ্ঞানৰ সীমাবদ্ধতা উপলব্ধি কৰাত বিজ্ঞানৰ দৰ্শনে সহায় কৰে।


জীৱন কালত প্ৰবাদ -পুৰুষত  পৰিণত হোৱা আলবাৰ্ট আইনষ্টাইনে পৰমাণৱিক শক্তিক যুদ্ধৰ বাবে পৰমাণু বোমা প্ৰস্তুতৰ  সলনি এই শক্তিক জনকল্যাণৰ বাবে ব্যৱহাৰ কৰাত গুৰুত্ব দিছিল।

জীৱনৰ অৰ্থ, নৈতিকতা, সৌন্দৰ্যবোধ আদি বিষয়সমূহত দৰ্শন, সাহিত্য আৰু সংস্কৃতিৰ ভূমিকা আদিৰ   বাখ্যা বিজ্ঞানে ঘপহকৈ দিব নোৱাৰে। এইয়া বুজিবলৈ বিজ্ঞানৰ দৰ্শন এক গুৰুত্বপূৰ্ণ পথপ্ৰদৰ্শক। বিজ্ঞানৰ দৰ্শন বুজা মানে কেৱল বিজ্ঞানী হোৱাৰ প্ৰয়াস নহয়, বৰঞ্চ চিন্তাশীল, দায়িত্বশীল আৰু সচেতন নাগৰিক হোৱাৰ এক পদক্ষেপ বুলি কব পাৰি। বিজ্ঞান দৰ্শনে আমাক যুক্তিবাদী হ’বলৈ শিকায় আৰু  নৈতিক ভাবে সচেতন  কৰি তোলে। আধুনিক বিশ্বত বিজ্ঞানৰ প্ৰভাৱ  দিনক দিনে বৃদ্ধি পাইছে আৰু বিজ্ঞানৰ দৰ্শন  অধিক প্ৰাসংগিক হৈ পৰিছে ।

   

সমাজ বিজ্ঞানী সকলে কৈছে যে,লোক বিশ্বাস হৈছে সমাজৰ আদিম অভিজ্ঞতা, লোককথা, আচাৰ-অনুষ্ঠান আৰু প্ৰজন্মান্তৰে প্ৰৱাহিত জ্ঞানৰ ভঁৰাল। আধুনিক চিন্তাত লোকবিশ্বাসক অন্ধবিশ্বাস বা অবৈজ্ঞানিক বুলি উলাই কৰা হৈছিল। কিন্তু উত্তৰ আধুনিক চিন্তাই লোকবিশ্বাসক একেবাৰে নাকচ নকৰি ইয়াক সাংস্কৃতিক সত্য আৰু বিকল্প জ্ঞান হিচাপে বিবেচনা কৰে। যদিও বহু লোকবিশ্বাস বিজ্ঞানবিৰোধী বা যুক্তিবিৰোধী, তথাপিও তাৰ মাজত সমাজৰ মানসিকতা, ভয়, আশা আৰু জীৱন দৰ্শনক প্ৰতিফলিত কৰে। লোক সংস্কৃতি, বিশ্বাস, আধুনিক আৰু উত্তৰ আধুনিক চিন্তাৰ সংঘাত  আছে কিন্তু এই সংঘাত ধ্বংসাত্মক নহয়, বৰঞ্চ বহুবাদ বা বৈচিত্ৰৰ সহাৱস্থান (pluralism)ৰ পথ মুকলি কৰে। ইয়াত বিজ্ঞানেই শেষ কথা নহয়, দৰ্শনেই সৰ্বোচ্চ নহয়, লোক বিশ্বাসো একেবাৰে নাকচ কৰা নহয়। সকলো জ্ঞানৰ নিজা পৰিসৰ আৰু সীমাবদ্ধতা আছে।এই বোধেই উত্তৰ আধুনিক চিন্তাৰ মূলভেঁটি। উত্তৰ আধুনিক চিন্তাত বিজ্ঞান, দৰ্শন আৰু লোক বিশ্বাসৰ সংঘাত মানে সত্যৰ বাবে সংঘাত নহয়; ই হৈছে সত্যৰ বহুমাত্ৰিকতা উপলব্ধি কৰাৰ প্ৰয়াস। এই সংঘাতৰ মাজতেই সমসাময়িক মানুহে নতুন বোধ, সহনশীলতা আৰু বিকল্প চিন্তাৰ পথ বিচাৰি পায়।  বৌদ্ধিক সমাজত আলোড় সৃষ্টি  কৰা উত্তৰআধুনিক চিন্তাত বিজ্ঞান, দৰ্শন আৰু লোক বিশ্বাস এই তিনিওটা জ্ঞানৰ উৎসৰ মাজত এক জটিল, দ্বন্দ্বময় কিন্তু অৰ্থপূৰ্ণ সংঘাত দেখা যায়। এই সংঘাতেই সমসাময়িক সমাজৰ চিন্তাধাৰাক নতুন ৰূপ দিছে।এই চিন্তাধাৰাই সদায় ভাবি  থকা একমাত্ৰ সত্য, একমাত্ৰ ব্যাখ্যা বা একমাত্ৰ জ্ঞানৰ আধিপত্যক  বৌদ্ধিক চিন্তাৰ কাঠগৰাত  ঠিয় কৰি প্ৰশ্নৰ সন্মুখীন কৰিছে।

      

বিজ্ঞান আধুনিক যুগত যুক্তি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত আধাৰিত এক শক্তিশালী জ্ঞান ব্যৱস্থা হিচাপে প্ৰতিষ্ঠিত হৈছিল। আধুনিক চিন্তাই বিজ্ঞানক “সৰ্বশ্ৰেষ্ঠ সত্যৰ উৎস” হিচাপে মানি লৈছিল। কিন্তু উত্তৰ আধুনিক চিন্তাই বিজ্ঞানকো এক ধৰণৰ  আখ্যান বা বৃত্তান্ত হিচাপে চিহ্নিত কৰে।  বিজ্ঞান নিৰপেক্ষ হ’লেও ই সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক শক্তিৰ পৰা সম্পূৰ্ণ মুক্ত নহয় আৰু এই দৃষ্টিভংগীয়ে বিজ্ঞানৰ একচ্ছত্ৰ আধিপত্যক মানি নলয়। প্লেটো, ডেকাৰ্ট বা হেগেলৰ দৰে দাৰ্শনিকসকলে যি “সাৰ্বজনীন সত্য”ৰ কথা কৈছিল , উত্তৰ আধুনিক দাৰ্শনিকসকলে ইয়াক আপেক্ষিক সত্য বুলি গণ্য কৰে। মিশেল ফুকোঁ, জাঁ-ফ্ৰাঁসোৱা লিয়তাৰ আদিয়ে কৈছিল যে জ্ঞান মানেই ক্ষমতা, সেয়েহে কোনো জ্ঞান সম্পূৰ্ণ নিৰপেক্ষ নহয়। এই দৃষ্টিকোণৰ পৰা দৰ্শনে বিজ্ঞানকো প্ৰশ্ন কৰে আৰু লোক বিশ্বাসকো সম্পূৰ্ণ অস্বীকাৰ নকৰে।  বিজ্ঞান কেৱল তথ্য আৰু পৰীক্ষাৰ সমষ্টি নহয়; ইয়াৰ অন্তৰালত থকা চিন্তাধাৰা, যুক্তি, পদ্ধতি আৰু সীমাবদ্ধতাবোৰ বুজিবলৈ যি চিন্তন প্ৰয়োজন, তাকেই বিজ্ঞানৰ দৰ্শন বুলি কোৱা হয়।


থমাছ এছ. কুনে লিখা" The Structure of Scientific Revolutions" (১৯৬২) নামৰ  গ্ৰন্থখন বিজ্ঞানৰ দৰ্শন আৰু ইতিহাসৰ এক যুগান্তকাৰী গ্ৰন্থ। এই গ্ৰন্থখনত কুনে বিজ্ঞানৰ বিকাশক এক সৰল, ক্ৰমাগত আৰু একৰৈখিক প্ৰগতি বুলি ধাৰণা কৰাটো প্ৰশ্ন কৰে। তেওঁ বিশ্লেষণ কৰি লিখিছে যে বিজ্ঞান সাধাৰণতে “সাধাৰণ বিজ্ঞান” (Normal Science)  বুলি কলে  এটা স্বীকৃত ধাৰণাৰ(Paradium) ভিতৰত কাম কৰে।

কুনৰ মতে, যেতিয়া চলিত ধাৰণাই  কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান কৰিব নোৱাৰে, তেতিয়া বিজ্ঞানত সংকট সৃষ্টি হয়। এই সংকটৰ পৰিণতিত এটা পুৰণি ধাৰণা  ভাঙি পৰি নতুন ধাৰণা প্ৰতিষ্ঠিত হয়, যাক তেওঁ বৈজ্ঞানিক বিপ্লৱ (Scientific Revolution) বুলি অভিহিত কৰিছে। এই পৰিবৰ্তন  পূৰ্ব পৰিকল্পিত নহয় ; ইয়াক মৌলিক বুলি কব পাৰি।গ্ৰন্থখনত কুনে যুক্তি দিছে যে ,  বৈজ্ঞানিক সত্য সম্পূৰ্ণ নিৰপেক্ষ নহয়; ই ঐতিহাসিক আৰু সামাজিক পৰিপ্ৰেক্ষিতৰ সৈতে সম্পৰ্কিত। এই চিন্তাই আধুনিক বিজ্ঞানৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে আৰু উত্তৰ আধুনিক চিন্তাত বিজ্ঞানৰ আধিপত্যক প্ৰশ্ন কৰাৰ পথ মুকলি কৰিছে।

   

"মোৰ বিশ্বাস শুদ্ধ, তোমাৰটো ভুল" – এই মনোভাৱৰ পৰিৱৰ্তে "তোমাৰ বিশ্বাসটোৱে তোমাক কি শিকায়, মোৰটোৱে মোক  শিকায়" এই বোধৰ বিকাশ হ’ব লাগে। বৈচিত্ৰ্যক সন্মান কৰাটো আধুনিক সভ্য সমাজৰ চিন। বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সংঘৰ্ষত লোকবিশ্বাসৰ সুস্থ অংশবোৰ জীয়াই ৰখাটো এক প্ৰত্যাহ্বান। যিবোৰ বিশ্বাসে আমাক পিছপেলাই ৰাখে, সেইবোৰক পৰিৱৰ্তন কৰাৰ লগতে যিবোৰ আমাৰ সাংস্কৃতিক শিপা আৰু নৈতিক মূল্যবোধক শক্তিশালী কৰে, সেইবোৰক সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ।

      

উল্লেখযোগ্য যে,লোকবিশ্বাসক  অৱজ্ঞাৰ কৰাটো শুদ্ধ  পথ নহয়। ই এক সাংস্কৃতিক অসহিষ্ণুতা আৰু ঐতিহাসিক দৃষ্টিভংগীৰ অভাৱৰ লক্ষণ। কিন্তু একে সময়তে, যুক্তি আৰু বৈজ্ঞানিক মনোবৃত্তিৰে এইবোৰক পৰীক্ষা কৰি চোৱাটোও জৰুৰী। উত্তৰ আধনিকতাবাদৰ মতে  অন্ধভাৱে   বিশ্বাসক ত্যাগ নকৰি, এক গভীৰ বুজাবুজিৰ ভেটিত সমাজক অগ্ৰসৰ কৰা উচিত। লোকবিশ্বাস আমাৰ অতীতৰ দাপোন; ইয়াৰ ধূলি মচি পোহৰলৈ আনি, ইয়াৰ সুস্থ অংশবোৰৰ লগত আধুনিক যুক্তিৰ মিলন ঘটাই, এক উন্নত ভৱিষ্যত গঢ়িব পৰাটোহে হ’ব বুদ্ধিমানৰ কাম। সমালোচনা আৰু অৱজ্ঞা একে নহয়। সমালোচনা যুক্তিৰ হাতত, অৱজ্ঞা আবেগত বন্দী। লোকসংস্কৃতিৰ উন্নতি আৰু সংৰক্ষণৰ বাবে যুক্তি আৰু সন্মান—এই দুয়োটাকে হাতত লোৱাটোৱেই হ’ল বাস্তৱসন্মত আৰু মানৱীয় পথ।জঁ-ফ্ৰাঁসোৱা লিয়তাৰ মতে উত্তৰআধুনিক যুগত একমাত্ৰ সত্য বুলি একো  ব্যাখ্যা নাই;  কাৰণ বহু ধৰণৰ জ্ঞান আৰু ভাবধাৰা একেলগে সহাৱস্থান কৰে। এই দৃষ্টিভংগীয়ে বিজ্ঞান, দৰ্শন আৰু সংস্কৃতিক নতুনকৈ বুজিবলৈ সহায় কৰে আৰু জ্ঞানৰ বহুমাত্ৰিকতা স্বীকাৰ কৰাৰ পথ মুকলি কৰে।বিজ্ঞানৰ আধিপত্য, দাৰ্শনিক চিন্তাধাৰা আৰু লোক বিশ্বাসৰ সাংস্কৃতিক তাৎপৰ্য—এই তিনিটা দিশ উত্তৰ- আধুনিক চিন্তাৰ  পৰিপ্ৰেক্ষিতত বুজিবলৈ  চেষ্টা কৰা বৰ্তমান  দৰকাৰ হৈ পৰিছে কাৰণ সমাজৰ পৰা অশুভ শক্তিক দূৰ কৰাটো, এতিয়া সকলোৰে দায়িত্ব।

 

ড০ শৰৎ বৰকটকী

নগাঁও, অসম

মো:নং- ৯৪৩৫০ ৬৩০১৪

Comments


bottom of page