মৰমৰ দীঘে দি চেনেহৰ বাণীৰে
- দীপিকা লস্কৰ

- Apr 6
- 4 min read

" মৰমৰ দীঘে দি চেনেহৰ বাণীৰে
হেঁপাহৰ আচুৰে বোৱা ;
সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান
মনে দি এবেলি লোৱা ।"
বসন্তৰ পৰশ লাগি প্ৰকৃতি উন্মনা হওঁতেই বহাগ আহি নঙলামুখ পালেহি। বহাগৰ বিহু আহিল বুলিলেই অসমীয়াৰ গা সাতখন - আঠখন হয়। কাৰণ বিহু অসমীয়াৰ প্ৰাণৰ, হেঁপাহৰ উৎসৱ। অসমীয়া জাতিসত্তাৰ আটাইতকৈ জীৱন্ত সাংস্কৃতিক উৎসৱ হৈছে বিহু। বিহু কেৱল উৎসৱ নহয়; ই অসমৰ কৃষিজীৱী সমাজৰ জীৱনধাৰা, প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক আৰু সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ প্ৰকাশ।
অসমীয়াৰ প্ৰাণৰ শিল্পী ডঃ ভূপেন হাজৰিকাৰ মতে বহাগ বিহু অসমীয়াৰ জীৱন-সংস্কৃতিৰ প্ৰাণ। এই উৎসৱে মানুহক আনন্দ, একতা আৰু নতুন আশা প্ৰদান কৰে। বিহুৰ গান-নৃত্যত অসমৰ মাটিৰ গোন্ধ আৰু জনগোষ্ঠীৰ অনুভূতি প্ৰকাশ পায়।জ্ঞানপীঠ বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছিল- "বহাগ বিহু হৈছে নতুন বছৰৰ আৰম্ভণি আৰু নতুন জীৱনৰ আশা-আকাংক্ষাৰ প্ৰতীক, যিয়ে সমাজত মিলন, প্ৰেম আৰু ভ্ৰাতৃত্বৰ বাণী প্ৰচাৰ কৰে।" তেওঁৰ মতে —“বহাগ বিহু হৈছে অসমীয়া জাতিৰ জীৱনৰ আনন্দ, নবজাগৰণ আৰু মিলনৰ উৎসৱ। এই উৎসৱৰ মাজেৰে মানুহে নতুন আশাৰে জীৱন আৰম্ভ কৰে আৰু সমাজত একতা আৰু ভাতৃত্ববোধ দৃঢ় হয়।”
বিহুৰ মূল আত্মা হৈছে মিলন, আনন্দ আৰু প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ সম্পৰ্ক। বিহু আমাৰ জাতীয় জীৱনৰ আশা, আকাংক্ষা, ৰং -আনন্দ আৰু আৱেগৰ উৎসৱ । লীলা গগৈ দেৱে লিখিছিল:"ভেবেলি লতা ফুলাৰ বতৰ পালেহি, গাত বিহুৰো দেওধ্বনি উঠে; উজটিত যতৰ ভাঙি গাভৰু গৈ ফুল-পানী-ছিগা পায়গৈ। " অসমৰ আকাশে, বতাহে ঢোল, টকা, গগনা, ম'হৰ শিঙৰ পেঁপাৰ সুৰৰ মূৰ্চ্ছনাত প্রকৃতিও চঞ্চল হৈ উঠে । চটাই পৰ্বত, চিৰি লুইত দেখি কল্পনাবোৰে কাব্যিক ৰূপ পায় আৰু যুগৰ প্ৰতিচ্ছবি উন্মোচন কৰে-
" চটাই পৰবতে ধুৱঁলি কুঁৱলী
কোনে ভাত ৰান্ধি খায়....."
"চটাই পৰবতত পহু জাল পাতিলো
চটাইতে গধূলি হ'ল,
সমনীয়াই সুধিলে কমে এই বুলি
জাল ফালি হৰিণা গ'ল।"

বিহু বলিয়া ডেকাই চটাই পৰ্ব্বতত পহুজাল পাতিছিল যদিও জাল ফালি হৰিণা গলগৈ।পহু জালখন আচলতে চিত্ৰধৰ্মী প্ৰতীকহে। পহু জালখন বিহুৱা ডেকাৰ বুকুত ভিতৰৰ মৰমৰ জালহে।এনেবোৰ অসংখ্য বিহু গীত অসমীয়া লোকসংস্কৃতিৰ অমূল্য সম্পদ বুলি বিবেচিত হৈ আহিছে।
এসময়ত বকুল বৰা ধানৰ আখৈ, মালভোগ ধানৰ তেতেলি-পতীয়া চিৰা, বকনা ম'হৰ থমা দৈ আদিৰে বিহুত এসাঁজ জলপান খাইছিল।
বিহুৰ আগজাননী দিছিল কুলি-কেতেকীৰ কুকিল কণ্ঠই, চিৰা -পিঠা খুন্দা ঢেঁকীৰ শব্দই আৰু তাঁতশালৰ মাকোৰ ঘিট্ ঘিটনিয়ে । আজিকালি বিহুৰ আগজাননী দিয়ে বৈদ্যুতিন সংবাদ মাধ্যমবোৰে । এতিয়া ঢেঁকীত চিৰা জলপান খুন্দিব নালাগে , জুহালত পিঠা ভাজিব নালাগে আৰু তাঁতশালত গামোচাও বব নালাগে। আগৰদৰে বিহুৱাই বিহুগীত গাব নালাগে-
"চিৰা খুন্দি দিয়া খাওঁ ঐ লাহৰী,
পিঠা ভাজি দিয়া খাওঁ,
গুটিফুলৰ গামোচা বৈ দিয়া ঐ লাহৰী
বিহু মাৰিবলৈ যাওঁ ।"
এতিয়া ৰেডিমেড গামোচা,চিৰা-পিঠাৰেই বিহু চলে। ৰং-বিৰঙৰ মিঠাই, কেক,চাওমিন, মেগী আদিৰে খোৱা টেবুল ভৰি পৰাৰ ফলত চিৰা-পিঠাৰ চাহিদাও কমি গৈছে । নিজৰ প্ৰাত্যহিক জীৱনৰ দুখ - বিষাদ পাহৰি বিহু পালন কৰা অসমীয়াই ডাঙৰৰ ওচৰত মূৰ দোঁৱাই সেৱা কৰে,সৰুক আশীৰ্বাদ দিয়ে। এতিয়া বিহুৰ শুভেচ্ছা,বিহুৰ সেৱা আদিও ঘৰলৈ নহাকৈ মোবাইলতে আদান-প্ৰদান কৰিব পাৰি । বিহু গীতৰ মাজত সোমাই আছিল জীৱনৰ দাৰ্শনিক অৰ্থ -
"ধনকে ধনে কৰি ধনকে ঘটিলি
পৰম যতন কৰি
ধনে যাব চলি দেহা যাব পিছলি
লগত যাব দুছলি খৰি"

বিহুৰ ঐতিহ্য, পৰম্পৰা আজি কিছু ম্লান হোৱা যেন লাগে। গাঁৱে গাঁৱে স্বাভাৱিক ভাৱে পালন কৰা বিহুক আজিকালি বহু ঠাইত ডাঙৰ মঞ্চ সাজি বহুজাতিক কোম্পানীৰ বিজ্ঞাপন প্ৰদৰ্শন কৰি এটা নিৰ্দিষ্ট পাৰিশ্ৰমিকৰ বিনিময়ত শিল্পী আনি বিহু উৎসৱক একধৰণৰ পেছাদাৰী অনুষ্ঠানলৈ পৰিণত কৰিছে ।গাঁৱৰ কৃষিজীৱি মানুহৰ আদৰৰ, হেঁপাহৰ উৎসৱ বিহুক এচামে কেৱল মনোৰঞ্জন আৰু অতি বাণিজ্যিকীকৰন কৰিব বিচৰা বাবে বিহুৰ মূল লোকসংস্কৃতি হ্ৰাস হোৱাৰ উপক্ৰম হৈছে আৰু বিশ্ব দৰবাৰলৈ নিয়াৰ নামত বিকৃত কৰাৰ অভিযোগ উঠিছে।টেলিভিছন, ইণ্টাৰনেট আৰু বহুজাতিক কোম্পানীৰ প্ৰভাৱৰ বাবে নতুন প্ৰজন্মই বিহুৰ মাদকতা পাহৰি যোৱা যেন লাগে। বিহুতলীৰ ঢোলৰ মাত শুনি বঢ়া ভাতৰ কাঁহী এৰি থৈ ঢাপলি মেলা, তাঁতশালৰ শিপিনী জনীয়ে পেঁপাৰ মাত শুনি ৰ'বকে নোৱাৰি হাতৰ মাকো সৰি পৰা কথা এওঁলোকে বুজি নেপায়।
জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা "ৰূপান্তৰেহে জগত ধুনীয়া কৰে" কথাষাৰ মানিও কব বিচাৰো যে বিহুৰ মূল ৰূপ সলনি হলে বিহুৰ আত্মা সলনি হব।বাণিজ্যিক অনুষ্ঠান আৰু প্ৰতিযোগিতামূলক প্ৰদৰ্শনৰ ফলত বিহুৰ মৌলিক ৰূপ কিছু পৰিমাণে পৰিবর্তিত হৈছে। যেতিয়াই লোক -সংস্কৃতিক কেৱল বাণিজ্যিক প্ৰদৰ্শনী হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ মৌলিক আত্মা আঘাতপ্ৰাপ্ত হয়।তদুপৰি নগৰীয়া জীৱনৰ ব্যস্ততাৰ বাবে নতুন প্ৰজন্মই বিহুৰ ঐতিহ্যবাহী নিয়ম আৰু সামাজিক অৰ্থ জানিবলৈ আগ্ৰহ কমি যোৱা পৰিলক্ষিত হৈছে ।ই শুভ লক্ষণ নহয়।
বিশ্বায়নৰ যুগত বিহুৰ ৰূপ কিছু পৰিমাণে পৰিবৰ্তিত হ’ব পাৰে, কিন্তু ইয়াৰ আত্মা বা সাংস্কৃতিক প্ৰমূল্য যাতে নষ্ট নহয় তাৰ প্ৰতি সজাগ হৈ থাকিব লাগিব।যেতিয়ালৈকে অসমীয়া সমাজে নিজৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্যক লৈ গৌৰৱবোধ কৰিব, তেতিয়ালৈকে বিহুৰ আঁচল ৰূপ ম্লান হ’ব নোৱাৰে। আধুনিকতাৰ সৈতে সামঞ্জস্য ৰাখি যদি ঐতিহ্য সংৰক্ষণ কৰা যায়, তেন্তে বিহু আৰু অধিক সমৃদ্ধ হ’ব-
"ৰাতি পৰে পৰে/ফেঁচাই কুৰুলিয়াই/আমাৰ বিহুত আমনি নাই/ আমাৰ বিহু ভাঙোতা নাই.."
পৃথিৱীৰ বহু লোকসংস্কৃতি আজিৰ বিশ্বায়ন, নগৰায়ন আৰু আধুনিক জীৱনধাৰাৰ প্ৰভাৱত ভাবুকি বা বিপদজনক অৱস্থাৰ মাজত আছে। ইউনিচেফে বহুদেশৰ সাংস্কৃতিক পৰম্পৰাক “Intangible Cultural Heritage in Need of Urgent Safeguarding” হিচাপে চিহ্নিত কৰিছে। উপনিবেশবাদ, সামাজিক বৈষম্য আৰু আধুনিক জীৱনধাৰাৰ বাবে জাপানৰ আদিবাসী জনগোষ্ঠীৰ ভাষা, গান আৰু আচাৰ-অনুষ্ঠান আজি বিপদৰ সন্মুখীন হৈছে।একেদৰে অষ্ট্ৰেলিয়াৰ আদিবাসী লোকসংস্কৃতিৰ বহু গান, নৃত্য আৰু লোকবিশ্বাস হেৰাই যাবৰ উপক্রম হৈছে।ঐতিহাসিক নিপীড়ন, সংস্কৃতিৰ একীকৰণ আৰু ভাষাৰ ব্যৱহাৰ কমি যোৱা বাবেও লোক সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে।নৰৱে, ছুইডেন আৰু ফিনলেণ্ডত বাস কৰা সামি জনগোষ্ঠীৰ ভাষা আৰু পৰম্পৰাগত সংগীত বিপদৰ মুখত পৰিছে। সেয়েহে ইউনিচেফে সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰা,নতুন প্ৰজন্মক ইয়াৰ বিষয়ে সচেতন কৰা,গৱেষণা আৰু প্ৰচাৰৰ জৰিয়তে ঐতিহ্য জীৱন্ত কৰি ৰখাৰ ওপৰত গুৰুত্ব দিছে।
বহাগ বিহু অসমীয়া জাতিৰ আত্মাৰ সৈতে জড়িত এক মহান উৎসৱ। বিহু মাত্ৰ বিনোদনৰ মাধ্যম নহয়; ই অসমীয়া সংস্কৃতিৰ এক মূল্যবান ঐতিহ্য। ইয়াৰ মাজেৰে সমাজৰ নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আৰু জীৱন-দৰ্শনৰ প্ৰতিফলন ঘটে। সোতৰ শতিকাত আহোম স্বৰ্গদেউ চুহুংমুঙে অসমত বসবাস কৰা নানা জাতি-উপজাতিক কেৱল বিহু নামৰ এৱাঁ সূতাডালেৰেহে বান্ধিব পাৰিব বুলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীক একত্ৰিত কৰি বিহুৰ প্ৰশিক্ষণ দিছিল। যুগে যুগে মুখে মুখে চলি অহা বিহুগীতসমূহে অসমীয়া জাতিৰ পৰিচয় আৰু ঐতিহ্য বহন কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আনন্দ, ঐক্য আৰু সংস্কৃতিৰ বাণী কঢ়িয়াই লৈ যায় ।নতুন প্ৰজন্মই বিহুৰ প্ৰকৃত তাৎপৰ্য্য বুজি ইয়াৰ ঐতিহ্য আৰু সংস্কৃতিক সংৰক্ষণ কৰাটো অতি প্ৰয়োজন।
সকলো পঢ়ুৱৈ , লেখক সমাজলৈ ব'হাগ বিহুৰ আন্তৰিক ওলগ জনালোঁ ।
দীপিকা লস্কৰ
দূৰভাষ নং ৯৪৩৫২২৪৩৬৩





Comments