শ্ৰমৰ মৰ্য্যদা আৰু অধিকাৰৰ প্ৰতিশ্ৰুতি
- দীপিকা লস্কৰ

- Apr 25
- 3 min read

অৱসৰৰ পিছত লণ্ডনত থকা ভাগিনটোৰ অনুৰোধত লণ্ডনলৈ গৈছিলো ।তাৰ লগত লণ্ডনৰ উল্লেখযোগ্য ঠাই সমুহৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে ভিন্ন হোটেলত খাদ্যৰ জুতিও লৈছিলো ।প্ৰায়বোৰ হোটেলত ধুনীয়া যুৱক-যুৱতীক গ্ৰাহকক খাদ্য পৰিবেশন কৰা দেখি সিঁহতৰ বিষয়ে জানিবলৈ মন গৈছিল । মোৰ মনৰ ভাৱটো বুজিব পাৰি ভাগিনটোৱে ক'লে- "মাহী,এই ল'ৰা-ছোৱালীবোৰ কলেজ বা বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ -ছাত্ৰী। নিজৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে ঘন্টাৰ ভিত্তিত কাম কৰে । প্ৰতি ঘন্টাত এওঁলোকে প্ৰায় হাজাৰ টকা উপাৰ্জন কৰে ।ইঞ্জিনিয়াৰিঙ বা মেনেজমেন্ট কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে নিজৰ সুবিধানুযায়ী ভিন্ন দোকানত বা মলত কাম কৰে । বহুতে নিজৰ খৰচৰ উপৰিও ঘৰলৈকো টকা পঠিয়াই। " তাৰ কথা খিনি শুনি মনটো ভাল লাগিল । নতুন প্ৰজন্মই শ্ৰমৰ মৰ্যদা বুজি পালে সমাজৰ বহু সমস্যা সহজতে সমাধান হয় । এওঁলোকৰ কৰ্মৰ প্ৰতি থকা আগ্ৰহ দেখি মহাত্মা গান্ধীৰ "Bread Labour" (অন্নৰ বাবে শ্ৰম) ধাৰণাটোৰ কথা মনত পৰিল।
গান্ধীজীয়ে কৈছিল যে সকলো ধৰণৰ শ্ৰম পবিত্ৰ। তেওঁ “Bread Labour”ৰ ধাৰণা আগবঢ়াইছিল, যাৰ অৰ্থ হৈছে প্ৰতিজনে নিজৰ জীৱনৰ বাবে নিজে শাৰীৰিক শ্ৰম কৰা উচিত।
অর্থাৎ, মানুহে কেৱল বুদ্ধিগত কাম (যেনে লিখা-পঢ়া, ব্যৱসায়) কৰিলেই নহয়, কিছু শাৰীৰিক শ্ৰমো কৰা উচিত।গান্ধীজীয়ে কৈছিল—
যিজনে শ্ৰম নকৰে, তেওঁ খাদ্য খোৱাৰ অধিকাৰ নাই।শ্ৰম কৰাটো কেৱল আৰ্থিক বিষয় নহয়, ই এক নৈতিক কৰ্তব্য।সকলো মানুহে সমানভাৱে শ্ৰম কৰিলে সমাজত সমতা স্থাপন হব। Bread Labour ৰ মূল উদ্দেশ্য সমতা সৃষ্টি কৰা , আত্মনিৰ্ভৰশীল কৰা, শ্ৰমৰ মৰ্যাদা বৃদ্ধি কৰা আৰু মানুহক সক্ৰিয় আৰু দায়িত্বশীল কৰা ।
কাৰ্ল মাৰ্ক্সে কৈছিল মানুহে নিজৰ শ্ৰমৰ জৰিয়তে নিজৰ জীৱন গঢ়ে। শ্ৰম হৈছে মানুহৰ সৃজনশীল শক্তি, যাৰ দ্বাৰা মানুহে সমাজত নিজৰ স্থান গঢ়ে। তেওঁ শ্ৰমৰ ন্যায্য মূল্য আৰু অধিকাৰক গুৰুত্ব দিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে শ্ৰমক সৃজনশীলতাৰ সৈতে সম্পৰ্কিত কৰিছিল। তেওঁৰ মতে, শ্ৰমৰ মাজতেই আনন্দ আৰু মানৱিক উন্নতি লুকাই থাকে। তেওঁ শিক্ষাৰ সৈতে শ্ৰমক যুক্ত কৰাৰ ওপৰত জোৰ দিছিল।
স্বামী বিবেকানন্দই কৈছিল যে শ্ৰমেই পূজা। যিকোনো কাম সততা আৰু নিষ্ঠাৰে কৰিলে সেয়া ঈশ্বৰ সেৱাৰ সমান। তেওঁ শ্ৰমৰ মাধ্যমে আত্মবিশ্বাস আৰু আত্মউন্নতিৰ কথা কৈছিল।
এডাম স্মিথে শ্ৰমক অৰ্থনৈতিক উন্নয়নৰ মূল ভিত্তি বুলি মানিছিল। তেওঁ Division of Labourৰ জৰিয়তে উৎপাদন বৃদ্ধি আৰু সমাজৰ সমৃদ্ধিৰ কথা বৰ্ণনা কৰিছিল।অম্বেদকাৰেও শ্ৰমৰ সৈতে সামাজিক সমতা জড়িত বুলি কৈছিল। তেওঁ শ্ৰমজীৱী লোকসকলৰ অধিকাৰ আৰু মৰ্যাদা নিশ্চিত কৰাৰ ওপৰত জোৰ দিছিল, বিশেষকৈ নিম্নবৰ্গৰ লোকসকলৰ ক্ষেত্ৰত।
সমাজ বিজ্ঞানীসকলৰ মতে শ্ৰম কেৱল জীৱিকা নহয়, ই মানুহৰ আত্মসন্মান, নৈতিকতা আৰু সমাজিক সমতাৰ মূল ভিত্তি ।শ্ৰমৰ মৰ্যাদা মানে সকলো ধৰণৰ কামক সমান সন্মান দিয়া আৰু শ্ৰমিকৰ অধিকাৰ ৰক্ষা কৰা। শ্ৰমিকসকলে ন্যায্য মজুৰি, সুৰক্ষিত কামৰ পৰিৱেশ, বিশ্ৰামৰ সময় আৰু সামাজিক সুৰক্ষা পাব লাগে। বহু সময়ত শ্ৰমিকসকলক শোষণ কৰা হয়, যাৰ ফলত তেওঁলোকৰ জীৱন কষ্টকৰ হৈ পৰে। এনে অৱস্থাত চৰকাৰ আৰু সমাজে শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব লাগে। বহু শ্ৰমিকে নিজৰ অধিকাৰসমূহ জানে নে নাজানে, সেয়া এক ডাঙৰ সমস্যা। সচেতনতা বৃদ্ধি পালে তেওঁলোকে নিজৰ অধিকাৰ দাবী কৰিব পাৰে।তাৰোপৰি সামাজিক সুৰক্ষা ব্যৱস্থা (social security) নিশ্চিত কৰা—যেনে পেনচন, বীমা, চিকিৎসা সুবিধা আদি সুবিধা প্ৰদান কৰি নিয়োগৰ্কতাই শ্ৰমিকসকলক অধিক নিৰাপত্তা দিব লাগে।
শিক্ষাৰ জৰিয়তে মানুহে মানুহে শ্ৰমৰ অধিকাৰৰ লগতে শ্ৰমৰ মৰ্যাদা বুজিব পাৰে ।চৰকাৰে নতুন শিক্ষা নীতিৰ অধীনত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত দক্ষতা বিকাশ শিক্ষা আৰম্ভ কৰিছে যদিও শিক্ষানুষ্ঠান সমূহে নিষ্ঠা সহকাৰে এই শিক্ষা দিছেনে নাই সেইয়া লক্ষ্য কৰা প্ৰয়োজন।পাঠ্যক্ৰমত বিষয় এটা অন্তৰ্ভুক্ত হলেই শ্ৰমৰ মৰ্যদা বৃদ্ধি নহয় যদিহে অন্তৰৰ পৰা শ্ৰমৰ মূল্য বুজি নাপায় ।
অসমত ছাত্ৰ- ছাত্ৰীৰ বাবে চৰকাৰে বাবু আঁচনি,নিযুত মইনা আঁচনি আদিৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত অৰ্থ সাহায্য দিয়াত নিম্ন আয় পৰিয়ালৰ বাবে সকাহ হৈছে যদিও শ্ৰমদান কৰি উপাৰ্জন কৰা চিন্তাৰ পৰা এওঁলোক আঁতৰি গৈছে।আনহাতে ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলক কম মাননিৰে অতিৰিক্ত সময় কাম কৰাই হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন হৈছে ।
উইলিয়াম ব্লেক নামৰ বিখ্যাত কবি এগৰাকীয়ে কবিতাৰ মাজেৰে শিশু শ্ৰমিকৰ দুখ আৰু শ্ৰমিকৰ ওপৰত চলা শোষণ আৰু তেওঁলোকৰ অবহেলিত জীৱন মৰ্মস্পৰ্শী ভাষাৰে বৰ্ণনা এনেকৈ কৰিছে-
“So your chimneys I sweep & in soot I sleep.”
"Chimneys I sweep” মানে শিশু শ্ৰমিকে লাইটৰ চিমনি পৰিষ্কাৰ কৰা কঠিন আৰু বিপজ্জনক কাম কৰে কিন্তু থকাৰ বাবে ঘৰ নাই।
দুখ আৰু দৰিদ্ৰতাৰ মাজত থাকিব লগা হয়।
“in soot I sleep” মানে তেওঁ লোকে অপৰিষ্কাৰ দুৰ্গন্ধ ময় পৰিৱেশৰ মাজতে শুই থাকে।
সমাজত যাতে কোনো শ্ৰমিক শোষিত নহয় আৰু প্ৰতিজনে মৰ্য্যাদাৰে জীৱন যাপন কৰিব পাৰে তাকেই কবিয়ে সোঁৱৰাই দিছে।
শ্ৰমৰ মৰ্য্যদা আৰু অধিকাৰ দুয়োটা সমানে গুৰুত্বপূৰ্ণ। যেতিয়া শ্ৰমক সন্মান দিয়া হয় আৰু শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষা কৰা হয়, তেতিয়াহে এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধ সমাজ গঢ়ি উঠিব পাৰে। শ্ৰমৰ মৰ্য্যদা আৰু শ্ৰমিকৰ অধিকাৰ নিশ্চিত কৰা কেৱল নৈতিক দায়িত্ব নহয়, এখন সুস্থ আৰু উন্নত সমাজ গঢ়াৰ মৌলিক চৰ্ত। ব্যক্তিগত স্তৰত আমি প্ৰতিটো কামক সন্মান জনোৱা উচিত আৰু শ্ৰমক লাজৰ বিষয় বুলি নাভাবি গৌৰৱৰ বিষয় হিচাপে গ্ৰহণ কৰিব লাগে। যেতিয়া শ্ৰমৰ মূল্য স্বীকৃত হয় আৰু শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত হয়, তেতিয়াই সমাজত ন্যায়, সমতা আৰু সমৃদ্ধিৰ পথ সুগম হয়। নতুন প্ৰজন্মই শ্ৰমৰ মৰ্যাদা উপলব্ধি কৰি নিজৰ অধিকাৰ সম্পৰ্কে সজাগ আৰু সচেতন হ'লে আমি এখন অধিক মানবীয়, ন্যায়সংগত আৰু উন্নত বিশ্ব গঢ়ি তুলিব পাৰিম। আন্দোলন বা শ্লোগানে নহয়—আইন, সংগঠন, সচেতনতা আৰু সহযোগিতাৰ মাধ্যমৰে শ্ৰমৰ মৰ্যাদা বৃদ্ধিৰ লগতে শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিব।
দীপিকা লস্কৰ।
দূৰভাষ নং ৯৪৩ ৫২২৪৩৬৩





Comments