top of page

শক্তিৰূপিণী মা দূৰ্গা :নাৰীৰ বহুমুখী ক্ষমতা আৰু দায়িত্ববোধৰ প্ৰতীক


শৰতৰ আগমনৰ লগে লগে প্ৰকৃতি যেন এক নতুন ৰূপত সজীৱ হৈ উঠে। নীলা আকাশ, শুভ্ৰ কঁহুৱা, শেৱালিৰ সুবাস আৰু কোমল ৰ’দৰ মাজেৰে আহি পৰে ভাৰতীয় সমাজৰ অন্যতম বৃহৎ উৎসৱ—দূৰ্গাপূজা। ই কেৱল এক ধৰ্মীয় অনুষ্ঠান নহয়; দূৰ্গোৎসৱ হৈছে শক্তি, শুভ চিন্তা,সম্প্ৰীতি আৰু মানৱতাৰ এক মহান উৎসৱ। শাস্ত্ৰানুসৰি দূৰ্গাপূজা হৈছে আদিশক্তিৰ উপাসনা আৰু মানৱতাৰ কল্যাণৰ কামনা। ই মানুহক সাহসী, ন্যায়পৰায়ণ আৰু আত্মবিশ্বাসী হ’বলৈ প্ৰেৰণা দিয়ে। দূৰ্গাপূজাৰ প্ৰকৃত শিক্ষা হৈছে—জীৱনৰ সকলো অন্ধকাৰ, অন্যায় আৰু অশুভ শক্তিৰ বিৰুদ্ধে সত্য, সাহস আৰু ন্যায়ৰ পক্ষত থিয় দিয়া।


দেৱী দূৰ্গা হিন্দু ধৰ্ম আৰু সংস্কৃতিত নাৰীশক্তি, সাহস, আত্মমৰ্যাদা, জ্ঞান আৰু ন্যায়ৰ এক মহান প্ৰতীক। পৌৰাণিক কাহিনী অনুসৰি, মহিষাসুৰৰ অত্যাচাৰত দেৱতাসকল অসহায় হৈ পৰাৰ সময়ত সকলো দেৱতাৰ শক্তিৰ সমন্বয়ত দেৱী দূৰ্গাৰ আবিৰ্ভাৱ হৈছিল। তেওঁ মহিষাসুৰক পৰাস্ত কৰি অশুভৰ ওপৰত শুভৰ আৰু অন্যায়ৰ ওপৰত ন্যায়ৰ জয় প্ৰতিষ্ঠা কৰিছিল। এই কাহিনীয়ে বুজাই দিয়ে যে নাৰী কেৱল কোমলতা, মমতা আৰু স্নেহৰ প্ৰতীক নহয়; প্ৰয়োজনৰ সময়ত তেওঁ অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিব পৰা এক অপৰাজেয় শক্তি।


দুৰ্গা পূজাৰ সময়ত আমি যেতিয়া "যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা। নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।" বুলি নাৰীৰ শক্তিক বন্দনা কৰোঁ, তেতিয়া সেই বন্দনা কেৱল মূৰ্তিৰ সন্মুখত ধূপ-ধূনা জ্বলোৱাৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। দুৰ্গাৰ প্ৰকৃত পূজা হ’ব তেতিয়াহে, যেতিয়া ঘৰৰ কন্যা সন্তানৰ মতামতক সন্মান কৰিম, স্ত্ৰীৰ স্বাধীনতাক স্বীকাৰ কৰিম, বিধৱাৰ জীৱনক সামাজিক অভিশাপ বুলি নাভাবিম আৰু নাৰীক নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ দিম।

দেৱী দূৰ্গাৰ দশভূজা ৰূপটো নাৰীৰ বহুমুখী ক্ষমতা আৰু দায়িত্ববোধৰ প্ৰতীক। এগৰাকী নাৰী একেলগে মাতৃ, কন্যা, ভগ্নী, শিক্ষয়িত্ৰী, কৰ্মজীৱী আৰু সমাজ গঢ়াৰ অন্যতম শক্তি হ’ব পাৰে। জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেওঁ দক্ষতা, ধৈৰ্য, সাহস আৰু প্ৰজ্ঞাৰে নিজৰ ভূমিকা পালন কৰে।দেৱী দূৰ্গাৰ ৰূপত আমি আত্মবিশ্বাস আৰু আত্মমৰ্যাদাৰ শিক্ষা পাওঁ। দেৱী দূৰ্গাৰ দহখন হাত কেৱল অলৌকিক শক্তিৰ চিহ্ন নহয়; ই নাৰীৰ জীৱনৰ বিভিন্ন দায়িত্ব আৰু অসীম সম্ভাৱনাৰো প্ৰতীক।অন্যায়, অত্যাচাৰ আৰু অশুভ শক্তিৰ সন্মুখত শিৰ নত নকৰাকৈ নিজৰ শক্তিক চিনাক্ত কৰি সত্যৰ পক্ষত থিয় দিয়াৰ প্ৰেৰণা দিয়ে। দেবী দূৰ্গাৰ হাতত থকা বিভিন্ন অস্ত্ৰসমূহে ন্যায়, সত্য আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ শক্তিক প্ৰতিনিধিত্ব কৰে আৰু প্ৰয়োজনত সাহসী, দৃঢ় আৰু প্ৰতিবাদী সত্তা হিচাপে চিনাক্ত কৰে। সেয়ে নাৰীশক্তিৰ সঠিক অৰ্থ কেৱল শাৰীৰিক শক্তি নহয়; ই মানসিক দৃঢ়তা, জ্ঞান, নৈতিক সাহস আৰু আত্মবিশ্বাসৰ সমন্বয়।


আমি এহাতে দেৱীক পূজা কৰোঁ আৰু অন্যহাতে সমাজত নাৰীক সন্মান দিব নিবিচাৰো—এই প্ৰশ্নটোৱে আমাৰ সমাজৰ এক গভীৰ বৈপৰীত্যক উন্মোচন কৰে। ভাৰতীয় সমাজত দুৰ্গা, কালী, লক্ষ্মী, সৰস্বতী আদি দেৱীক শক্তি, জ্ঞান, সম্পদ আৰু মমতাৰ প্ৰতীক হিচাপে পূজা কৰা হয়। উৎসৱ-পাৰ্বণত দেৱীৰ চৰণত মূৰ দোঁৱাই আশীৰ্বাদ বিচাৰোঁ। দেৱীৰ ভিতৰত যি শক্তি, মৰ্যাদা আৰু সন্মান আমি অনুভৱ কৰোঁ, সেই একে সন্মান প্ৰতিগৰাকী নাৰীক দিব নোৱাৰো। ঘৰৰ কন্যা সন্তান ,মাতৃ, ভগ্নী, পত্নী, সহকৰ্মী বা সমাজৰ যিকোনো নাৰী—সকলোৰে নিজস্ব ব্যক্তিত্ব, অধিকাৰ আৰু মৰ্যাদা আছে।সেয়েহে, নাৰীক কেৱল “দেৱী” বুলি উচ্চ আসনত বহুৱাই পূজা কৰিলেই যথেষ্ট নহয়; তেওঁলোকক মানুহ হিচাপে সমান অধিকাৰ, স্বাধীনতা, সুৰক্ষা আৰু সন্মান দিয়াটো অধিক প্ৰয়োজনীয়।


দেৱী দূৰ্গাক নাৰীশক্তিৰ এক মহান প্ৰতীক বুলি গণ্য কৰা হয় । তেওঁ আমাক শিকায় যে নাৰী দুৰ্বল নহয়; তেওঁ সৃষ্টি, সুৰক্ষা আৰু পৰিৱৰ্তনৰ এক অসীম শক্তি। ভাৰতীয় সমাজত নাৰীক এফালে দেৱী, শক্তি, জননী আৰু সৃষ্টিৰ আধাৰ হিচাপে পূজা কৰা হয় যদিও বাস্তৱ জীৱনত বহু নাৰী আজিও নিৰাপত্তাহীনতা, বৈষম্য, নিৰ্যাতন আৰু অবহেলাৰ সন্মুখীন হয়। ৰাজপথ ,গাড়ী-মটৰ,ৰাজহুৱা স্হান আদি সকলোতে নাৰীয়ে নিৰাপত্তাহীনতাত ভোগা দেখা যায় ।২০১২ চনত দিল্লীৰ বাচত সংঘটিত হোৱা নিৰ্ভয়া ধৰ্ষণ কাণ্ড ভাৰতৰ ইতিহাসৰ এনে এক কলা অধ্যায় যাৰ যন্ত্ৰণাই আজিও দেশবাসীক খেদি ফুৰে। দিল্লীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পিছত এনে ঘটনা সংঘটিত নহব বুলি ভবা হৈছিল যদিও এনে ন'হল । প্ৰায় প্ৰতিদিনেই দিল্লীকে ধৰি দেশৰ বিভিন্ন ঠাইত সংঘটিত নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাই বাতৰি কাকতৰ শিৰোনাম দখল কৰি আছে । নিৰ্ভয়া কাণ্ডৰ পিছত কোৱা হৈছিল যে ৰাজহুৱা পৰিবহণত চোৰাংচোৱাগিৰি বৃদ্ধি পাব, চালক আৰু কণ্ডাক্টৰৰ পৰিচয় পৰীক্ষা কৰা হ’ব, বাছত চি চি টি ভিৰ ব্যৱস্থা থাকিব, যাত্ৰীসকলে পেনিক বুটামৰ সহায় লাভ কৰিব, খিৰিকীত ক’লা কাঁচ নিষিদ্ধ হ’ব।কিন্তু বাস্তৱ ক্ষেত্ৰত ভাৰতৰ পৰিবহন ব্যৱস্থাত এনে ধৰণৰ পৰিবৰ্তন হ'ল নে ?চৰকাৰী তথ্য অনুসৰি, ভাৰতত মহিলাৰ বিৰুদ্ধে অপৰাধ (Crimes Against Women) ৰ সংখ্যা যথেষ্ট উদ্বেগজনক।NCRB-ৰ Crime in India 2023 প্ৰতিবেদন অনুসৰি—২০২৩ চনত মহিলাৰ বিৰুদ্ধে মুঠ ৪,৪৮,২১১টা গোচৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল।অৰ্থাৎ গড় হিচাপত প্ৰতিদিনে প্ৰায় ১,২২৮টা গোচৰ পঞ্জীয়ন হৈছে।২০২২ চনত এই সংখ্যা আছিল ৪,৪৫,২৫৬টা।২০২৩ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল প্ৰতি ১ লাখ মহিলা জনসংখ্যাত প্ৰায় ৬৬.২টা গোচৰ।এই শ্ৰেণীৰ ভিতৰত ধৰ্ষণ, অপহৰণ, স্বামী বা আত্মীয়ৰ দ্বাৰা নিষ্ঠুৰতা, যৌন নিৰ্যাতন, যৌতুকজনিত মৃত্যু, মহিলাৰ শালীনতা ভংগ আদি বিভিন্ন অপৰাধ অন্তৰ্ভুক্ত হয় । চৰকাৰী তথ্য মতে ২০২৩ –২০২৪ দুয়োটা বছৰত মুঠ 8,89,745টা “Crimes Against Women” গোচৰ পঞ্জীয়ন হৈছে। চৰকাৰীভাৱে তথ্য প্ৰকাশ কৰা নাই যদিও ২০২৫- ২০২৬ বৰ্ষতো নাৰী নিৰ্যাতন,হত্যা,ধৰ্ষণ, অপহৰণ আদি ঘটনা সংঘটিত হৈ আছে ।


দেৱীপূজা আৰু বাস্তৱ মূল্যবোধৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। সমাজত দেৱীক পূজা কৰাটো ধৰ্মীয় আচাৰ-অনুষ্ঠানতে সীমাবদ্ধ হৈ থাকে। নাৰীক মৰ্যাদা আৰু সন্মান দিয়াৰ মূল্যবোধ দৈনন্দিন জীৱনত সম্পূৰ্ণৰূপে প্ৰতিফলিত নহয়।দীৰ্ঘদিন ধৰি সমাজৰ বহু ক্ষেত্ৰত পুৰুষক অধিক ক্ষমতাশালী আৰু নাৰীক পুৰুষৰ অধীনস্থ বুলি গণ্য কৰাৰ মানসিকতা চলি আহিছে। এই মানসিকতাই নাৰীৰ স্বাধীনতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।দেৱী হিচাপে নাৰীক কল্পনা কৰাটো যিমান সহজ, কিন্তু এগৰাকী সাধাৰণ নাৰীক সুৰক্ষা নিশ্চিত কৰা, স্বাধীনতা আৰু অধিকাৰ থকা মানুহ হিচাপে সন্মান কৰাটো সিমান জটিল। শিক্ষাৰ ক্ষেত্ৰত নাৰীয়ে উচচ শিখৰত আৰোহণ কৰিব পাৰিছে যদিও সমাজত মূল্যবোধ ভিত্তিক শিক্ষা, লিংগসমতা আৰু পাৰস্পৰিক সন্মানৰ শিক্ষা সকলো স্তৰত সমানভাৱে গঢ়ি উঠা নাই।বহু সময়ত নাৰীৰ ওপৰত হোৱা নিৰ্যাতন বিৰুদ্ধে সমাজ নীৰৱে থাকে। সমাজত ভুক্তভোগী নাৰীক সহায় কৰাৰ পৰিৱৰ্তে তেওঁকেই দোষাৰোপ কৰাৰ প্ৰৱণতা দেখা যায়।


দেৱীৰ মন্দিৰত ফুল দি পূজা কৰাতকৈ সমাজৰ প্ৰতিগৰাকী নাৰীক সন্মান, স্বাধীনতা আৰু নিৰাপত্তা দিয়াটোৱেই প্ৰকৃত দেৱী পূজা।দুৰ্গাপূজাৰ সময়ত আমি যদি শক্তিৰ আৰাধনা কৰোঁ, তেন্তে সেই শক্তিক কেৱল প্ৰতিমাত নহয়—আমাৰ ঘৰ, বিদ্যালয়, কৰ্মক্ষেত্ৰ আৰু সমাজৰ প্ৰতিগৰাকী নাৰীৰ মাজতো সন্মান কৰিব লাগিব।যি সমাজে নাৰীক সন্মান নকৰে ,নাৰীক সুৰক্ষা নিদিয়ে, সেই সমাজৰ পূজা সম্পূৰ্ণ নহয়।নাৰীশক্তিক সন্মান জনোৱা, কন্যাশিশুক শিক্ষাৰ সুযোগ দিয়া আৰু সমাজত সমতা প্ৰতিষ্ঠাৰ বাবে কাম কৰাটোৱেই হ’ব দেৱী শক্তিৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।প্ৰকৃত ধৰ্ম আৰু প্ৰকৃত পূজা তেতিয়াই সম্পূৰ্ণ হ’ব, যেতিয়া দেৱীৰ প্ৰতিমাৰ লগতে জীৱন্ত নাৰীৰ মৰ্য্যদা সমানে ৰক্ষা কৰা হ’ব।


দূৰ্গাপূজাই সমাজক একত্ৰিত কৰাৰ এক অনন্য সুযোগ সৃষ্টি কৰে। জাতি, ধৰ্ম, ভাষা আৰু সামাজিক ভিন্নতাৰ সীমা অতিক্ৰম কৰি মানুহে এই উৎসৱৰ আনন্দত অংশগ্ৰহণ কৰে। পূজামণ্ডপ, আলোকসজ্জা, সাংস্কৃতিক অনুষ্ঠান আৰু সমূহীয়া মিলনৰ মাজেৰে গঢ় লৈ উঠে সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ পৰিবেশ। আজিৰ বিভাজিত আৰু সংঘাতপূৰ্ণ সমাজত এই সম্প্ৰীতিৰ মূল্য অপৰিসীম।কিন্তু উৎসৱৰ আনন্দৰ মাজতো আমি আমাৰ সামাজিক দায়িত্ব পাহৰি যোৱা উচিত নহয়। অত্যাধিক বিজুলীৰ অপচয়, শব্দ প্ৰদূষণ, পৰিবেশ প্ৰদূষণ আৰু আতচ বাজীৰ প্ৰতিযোগিতাই উৎসৱৰ মূল সৌন্দৰ্য নষ্ট কৰা দেখা যায়। দূৰ্গাপূজা হ’ব লাগে আনন্দৰ লগতে সচেতনতা আৰু দায়িত্ববোধৰ উৎসৱ। পৰিবেশ-অনুকূল সামগ্ৰী ব্যৱহাৰ, শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু দৰিদ্ৰ-অসহায় লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰাটোও উৎসৱৰ এক অংশ হোৱা উচিত।


এই শাৰদীয় উৎসৱে আমাৰ হৃদয়ত নতুন আশা জগাওক, সমাজত সম্প্ৰীতিৰ বাণী বিয়পাওক আৰু সকলো অন্ধকাৰৰ মাজত মানৱতাৰ পোহৰ জ্বলাই ৰাখক।মা দুৰ্গাক বিশ্বাস কৰাটো ভক্তি। সমাজৰ নাৰী শক্তিক সন্মান জনোৱা আৰু বিশ্বাস কৰাটো—সেই ভক্তিৰেই এক জীৱন্ত ৰূপ। দূৰ্গোৎসৱ কেৱল পূজাৰ উৎসৱ নহয়—ই হৈছে শুভবোধ জাগৰণৰ, নাৰীশক্তিৰ সন্মানৰ আৰু মানৱতাৰ জয়গানৰ এক অনন্য উপলক্ষ।


সদাশয় পাঠক সমাজলৈ 'শব্দৰ জোনাক' পৰিয়ালৰ তৰফৰ পৰা শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক ওলগ জনালো ।


দীপিকা লস্কৰ

দূৰভাষ নং ৯৪৩৫২২৪৩৬৩

Comments


bottom of page