top of page

আত্ম বিশ্বাস: ভয়ৰ ওপৰত বিজয়

Updated: Sep 19, 2025


শৈশৱত আমাৰ মনত আত্মবিশ্বাস গঢ়ি তুলিবৰ বাবে আইতাই বহু কাহিনী কৈছিল । আজি কালি জোনাকৰ স্নিগ্ধ পোহৰত ঘৰৰ চোতালত বিচনিৰ বা লৈ ককা-আইতাৰ কোলাত মূৰ থৈ গল্প বা সাধু শুনাৰ দৃশ্য সততে দেখা নাযায় যদিও আমাৰ দিনত ই এটা মন পৰশা পৰিবেশ আছিল। জেন-জি (Gen-Z)ৰ বাবে এই কাহিনীবোৰ আমনিদায়ক হ'লেও ইয়াৰ গূঢ়াৰ্থ কমি নাযায় ।আইতাই মূৰত হাত বুলাই কোৱা কাহিনীবোৰে আজিও আমাক উজ্জীৱিত কৰে । এদিন মোৰ লগতে মোৰ ভন্টী আৰু ভাইটিক কাষত বহুৱাই লৈ এটা সুন্দৰ কাহিনী কৈছিল -পাহাৰৰ নামনিত এখন সৰু গাঁও আছিল। সেউজীয়া গছ গছনিৰে আৱৰি থকা গাঁও খন যেন প্ৰকৃতিৰ উপহাৰ । ত্ৰিছ ঘৰ মানুহে বসবাস কৰা গাঁওখনত অৰ্ণৱ নামৰ এজন ল’ৰা আইতাকৰ লগত বাস কৰিছিল। সি বৰ লাজকুৰীয়া আছিল । তাৰ বন্ধুৰ সংখ্যাও তেনেই সীমিত আছিল। সি সদায় নিজৰ শ্ৰেণীত পিছফালে বহিছিল ।সি লগৰ লৰাবোৰৰ লগত কথা পাতিবলৈ ভয় কৰিছিল। তাৰ কাষত বহা ৰমেনৰ বাহিৰে শ্ৰেণীৰ আন ছাত্ৰই তাক মাতবোল নকৰিছিল ।আনকি শিক্ষক সকলেও তাৰ উপস্থিতি খুব কমেইহে লক্ষ্য কৰিছিল।কিন্তু অৰ্ণৱৰ এটা সপোন আছিল — সি এজন সু বক্তা হ’ব আৰু সন্ধিয়া সময়ত গাৱঁৰ পুথিভঁৰালত সুন্দৰ সুন্দৰ কাহিনী কৈ, হাঁহিবলৈ,কান্দিবলৈ, গভীৰভাৱে চিন্তা কৰিবলৈ শিকোৱা বৰদেউতাকৰ দৰে সকলোৰে প্ৰিয় হব ।


এদিন বিদ্যালয়ত কাহিনী কোৱা প্ৰতিযোগিতাৰ কথা ঘোষণা কৰিলে আৰু বিজয়ীজনক গাঁৱৰ বছেৰেকীয়া উৎসৱত ভাষণ দিয়াৰ সুযোগ দিয়াৰ কথা ক'লে ।অৰ্ণৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছিল, কিন্তু তাৰ অন্তৰৰ পৰা যেন কোনোবাই মনেমনে ক'লে, "তই ভালকৈ কথা এটাকে কব নোৱাৰ। কাহিনী কেনেকৈ কবি ?সকলোৱে তোক হাঁহিব ।" সি প্ৰায় হাৰ মানিলে। সেই নিশা সি আইতাকক তাৰ মনৰ কথাবোৰ ক'লে । আইতাকে তাক বিভিন্ন ধৰণৰ উদাহৰণ দি প্ৰতিযোগিতাত অংশ লবলৈ উৎসাহিত কৰিলে ।তাৰ কাষত বহি মৰমেৰে আইতাকে ক’লে,"সিংহই কেতিয়াও নিজৰ শক্তিৰ বিষয়ে আনক কৈ নুফুৰে। সময়ত নিজৰ শক্তি প্ৰদৰ্শন কৰে ।তোমাৰ ভিতৰত কথা কোৱাৰ শক্তি আছে । তুমি অনুশীলন কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা ।" আইতাকৰ কথাত সি সাহস পালে ।তাৰ পিছত অৰ্ণৱে প্ৰতিদিনে অনুশীলন কৰিবলৈ ধৰিলে । আইনাখনৰ সন্মুখত থিয় হৈ নিজৰ লগত কথা পাতিলে,তাৰ পিছত গছবোৰক, পোহনীয়া কুকুৰটোক, আনকি ৰাতি আকাশৰ তৰাবোৰকো নিজৰ কাহিনী ক’লে। লাহে লাহে সি নিজকে বিশ্বাস কৰিবলৈ ধৰিলে।প্ৰতিযোগিতাৰ দিনটো আহিল। মঞ্চত উঠি অৰ্ণৱৰ বুকুখন কঁপি উঠিল।আইতাকৰ কথা মনত পেলাই দীঘলকৈ উশাহ এটা লৈ সি নিজৰ কাহিনী আৰম্ভ কৰিলে। কথা কোৱাৰ লগে লগে তাৰ মাতটো ডাঙৰ হৈ আহিল। তাৰ কাহিনীটোৱে সকলোৰে হৃদয় চুই গ'ল। সি কাহিনীটো সুন্দৰকৈ শেষ কৰিলে । এটা মুহূৰ্তৰ বাবে সভাগৃহ মৌনতাই বিৰাজ কৰিলে আৰু তাৰ পিছত সকলোৱে জোৰেৰে হাতচাপৰি বজালে। অৰ্ণৱক বিচাৰক সকলে প্ৰশংসা কৰিলে আৰু প্ৰতিযোগিতাত প্ৰথম স্হান পালে । সি কেৱল প্ৰতিযোগিতাত জয়ী হৈছিল এনে নহয়, সি আৰু ডাঙৰ কিবা এটা জিকিছিল । সেইটো হ'ল আত্মবিশ্বাস। সি তাৰ ভিতৰৰ শক্তিক চিনি পালে । সি বুজিব পাৰিলে যে আত্মবিশ্বাস মানে কোঠাটোত আটাইতকৈ জোৰেৰে কথা কোৱা নহয়। ইয়াৰ অৰ্থ হ’ল নিজৰ ভিতৰৰ মনটোক বিশ্বাস কৰা আৰু যেতিয়া প্ৰয়োজন হয় ক’বলৈ সাহস কৰা। পৰবৰ্তীকালত সি বিদ্যালয়ৰ নহয় ,গাওঁ খনৰ ভিতৰতে এজন সুবক্তা হিচাপে জনাজাত হ'ল । এনে ধৰনৰ বহু কাহিনী আইতাৰ মুখত শুনিছিলো ।শহা আৰু কাছৰ কাহিনীত কেনেকৈ গভীৰ আত্মবিশ্বাসৰ বাবে শহাতকৈ লাহে লাহে খোজ কাঢ়িব পৰা স্বতেও কাছই শহাপহুক দৌৰ প্ৰতিযোগিতাত পৰাজয় কৰিছিল সেই কাহিনীও সৰুকালত আইতাৰ মুখত বহুত বাৰ শুনিছিলো। এই কাহিনীবোৰে সেই সময়ত আমাৰ মনত আত্মবিশ্বাস জন্ম দিব পাৰিছিল নে নাই কব নোৱাৰো যদিও কাহিনীবোৰ বৰ শুনি খুব ভাল লাগিছিল আৰু ভাল কাম কৰাৰ প্ৰেৰণা পাইছিলো ।


ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ Wings of Fire নামৰ আত্মজীৱনীমূলক গ্ৰন্থ খন পঢ়োতে আইতাই কোৱা কাহিনীবোৰলৈ মনত পৰিল। নৱপ্ৰজন্মক নিজৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ অনুপ্ৰাণিত কৰি গ্ৰন্থখনত তেওঁ কৈছিল -"সপোন, সপোন, সপোন। সপোন চিন্তালৈ ৰূপান্তৰিত হয় আৰু চিন্তাৰ ফলত কাৰ্য্য হয়। নিজৰ ওপৰত আস্থা থকা মানুহেহে সপোনবোৰক বাস্তৱত পৰিণত কৰিব পাৰে।" গোটেই জীৱন আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰা ড° এ পি জে আব্দুল কালামে আত্মবিশ্বাস এজন ব্যক্তিৰ অন্যতম শক্তিশালী গুণ বুলি অভিহিত কৰিছিল। তেওঁ আত্মবিশ্বাস সফলতা, উদ্ভাৱন আৰু নেতৃত্বৰ ভেটি বুলি উল্লেখ কৰিছিল। তেওঁৰ মতে -কৃতকাৰ্য্যতাৰ বাবে আভ্যন্তৰীণ শক্তি, সাহস আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা থাকিব লাগিব। আত্মবিশ্বাস অবিহনে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নোৱাৰি বা কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি।

জ্ঞান, দক্ষতা আৰু ধাৰাবাহিক প্ৰচেষ্টাই প্ৰকৃত আত্মবিশ্বাস গঢ়ি তোলে।তেওঁ সদায় শিক্ষা, নিৰন্তৰ শিক্ষণ আৰু অধ্যৱসায়ক আভ্যন্তৰীণ আত্মবিশ্বাস লাভৰ আহিলা হিচাপে পোষকতা কৰিছিল।কালামে বিফলতাক ভয় নকৰিবলৈ উৎসাহিত কৰি কৈছিল যে সফল হোৱাৰ সংকল্প শক্তিশালী হ'লে বিফলতাই কেতিয়াও গ্ৰাস কৰিব নোৱাৰে।তেওঁ বিফলতাক নিজৰ আত্মবিশ্বাসক দুৰ্বল কৰাৰ বাবে নহয়,বৰঞ্চ শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল। আত্মবিশ্বাসেই হৈছে সম্ভাৱনাক সফল কৰা আৰু বিফলতা অতিক্ৰম কৰাৰ চাবিকাঠি।


নিজৰ সামৰ্থ্য, গুণ, বিচাৰ-বিবেচনাৰ ওপৰত বিশ্বাস কৰাটোৱেই আত্মবিশ্বাস। ই আত্মসচেতনতা, ইতিবাচক আত্মকথা, আৰু নিজৰ শক্তি আৰু কৃতিত্বক চিনি পোৱাৰ দ্বাৰা গঢ় লৈ উঠে।মানুহৰ জীৱনত আত্ম-বিশ্বাস এক অতি গুৰুত্বপূর্ণ গুণ ।যি ব্যক্তিৰ আত্ম-বিশ্বাস থাকে, তেওঁ যিকোনো কঠিন পৰিস্থিতিতো স্থিৰভাৱে আগবাঢ়ি যাব পাৰে। আত্ম-বিশ্বাস থাকিলে মানুহে নিজক চিনি পাব পাৰে, নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত অটুট বিশ্বাস ৰাখি জীৱনৰ লক্ষ্যত আগুৱাই যাব পাৰে। আত্ম-বিশ্বাসী মানুহ কেতিয়াও সহজে হতাশ নহয় আৰু সফলতাৰ বাবে পৰিশ্ৰম কৰিব পাৰে।




পঢ়াশালীৰ শিক্ষাৰ পৰা আৰম্ভ কৰি কৰ্মজীৱন, সমাজিক জীৱন সকলোতে আত্ম-বিশ্বাসৰ দৰকাৰ। আত্ম-বিশ্বাস নাথাকিলে মানুহ মানসিক ভাবে দূৰ্বল হয়, সিদ্ধান্ত ল'বলৈ ভয় কৰে আৰু তেওঁ নিজৰ ভিতৰৰ গুণবোৰো বিকাশ কৰিব নোৱাৰে।আত্ম-বিশ্বাসে মানুহৰ মনোবল দৃঢ় কৰে,

জীৱনত যিকোনো লক্ষ্য সাধন কৰিবলৈ বা প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি আগবাঢ়ি যাবলৈ সাহস দিয়ে । নিজৰ প্ৰতিভা আৰু ক্ষমতা বিকাশ ঘটাৰ লগতে সমাজত সন্মান লাভ কৰে।

আত্ম-বিশ্বাস মানুহৰ জীৱনৰ এক দিক দৰ্শক ।

মনোবিজ্ঞানৰ জনক হিচাপে পৰিচিত উইলিয়াম জেম্‌ছে কৈছিল যে আত্ম-বিশ্বাস মানুহৰ আচৰণ আৰু মনোবৃত্তিৰ পৰিবৰ্তনৰ মূল। আত্ম-উৎসাহ আৰু বিশ্বাসে মানসিক শক্তি বঢ়ায় আৰু মানুহক লক্ষ্যৰ পিনে আগবাঢ়িবলৈ উৎসাহিত কৰে।জেমছে বিশ্বাস কৰিছিল যে আত্মবিশ্বাস গঢ় দিয়াৰ ক্ষেত্ৰত অভ্যাসেই মূল। বাৰে বাৰে কৰা কাৰ্য্যই সৰু সৰু সফলতালৈ লৈ যায়, অভ্যাস গঢ়ি তোলে, যিয়ে তাৰ পিছত আত্মবিশ্বাস বৃদ্ধি কৰে। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মতে আত্ম-বিশ্বাস মানৱ জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তেওঁ বিশ্বাস কৰিছিল যে, জীৱনত আগবাঢ়িবলৈ, সংকটৰ মুহূর্তত সাহসিকতা দেখুৱাবলৈ আৰু নিজৰ লক্ষ্যত স্থিৰ থাকিবলৈ আত্ম-বিশ্বাসৰ কোনো বিকল্প নাই। আত্ম-বিশ্বাস থকা ব্যক্তিয়ে নিজৰ শক্তি, সক্ষমতা আৰু যোগ্যতাৰ ওপৰত আস্থা ৰাখে। তেওঁ বাহ্যিক পৰিস্থিতি বা লোকৰ মতামতৰ পৰা সহজে বিচলিত নহয়। তেওঁৰ মতে আত্ম-বিশ্বাসে মানুহক আধ্যাত্মিকভাৱে শক্তিশালী আৰু আত্মনির্ভৰশীল কৰে। আত্ম-বিশ্বাসে সাহস, ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে ।


ৰাজনীতিজ্ঞ, দাৰ্শনিক আৰু কূটনৈতিকবিদ চাণক্যৰ মতে -ধন-সম্পত্তি, বিদ্যা, আৰু ক্ষমতাৰ উপৰি আত্ম-বিশ্বাস হৈছে সেই গুণ যাৰ দ্বাৰা মানুহ নিজৰ ভাগ্য নিজে গঢ়ি ল’ব পাৰে।চাণক্যৰ মতে আত্ম-বিশ্বাসে মানুহৰ ভিতৰৰ সকলো শক্তিক জাগ্ৰত কৰে। আত্ম-বিশ্বাস থাকিলে ভয়, সন্দেহ আৰু সংশয় দূৰ হয়।আত্ম-বিশ্বাসী ব্যক্তি নিজৰ সিদ্ধান্তত দৃঢ় থাকে আৰু লক্ষ্যত অৱিচল থাকে।আত্ম-বিশ্বাসেই মানুহক কঠোৰ পৰিস্থিতিতো আগবাঢ়িবলৈ সাহস দিয়ে।

আত্মবিশ্বাসে ইতিবাচক মানসিকতা গঢ়ি তোলে । ই সামৰ্থ্যক বিশ্বাস কৰাত সহায় কৰে, যাৰ ফলত মানুহে ভয়তকৈ সাহসেৰে প্ৰত্যাহ্বানৰ কাষ চাপিব পাৰে । ইয়াৰ ফলত প্ৰায়ে ব্যক্তিগত দক্ষতা, শৈক্ষিক কৃতিত্ব আৰু কেৰিয়াৰত সফলতা লাভ কৰে।যেতিয়া মানুহে নিজকে বিশ্বাস কৰে তেতিয়া অধিক স্পষ্ট আৰু আত্মবিশ্বাসেৰে সিদ্ধান্ত লব পাৰে । ফলত আনৰ মতামতৰ দ্বাৰা বিভ্ৰান্ত বা অত্যধিক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা কম হয় ।তাৰোপৰি নিজৰ চিন্তা আৰু অনুভৱ মুকলিকৈ প্ৰকাশ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত শক্তিশালী সম্পৰ্ক, উন্নত দলীয় কাম, আৰু ফলপ্ৰসূ নেতৃত্বৰ সৃষ্টি হয়।


আত্মবিশ্বাসে ভয় আৰু বিফলতাক জয় কৰাত সহায় কৰে যাৰ বাবে আত্মবিশ্বাসী লোকে বিফলতাক হাৰি যোৱাৰ কাৰণ হিচাপে নহয়, শিকাৰ সুযোগ হিচাপেহে লয়। আত্মবিশ্বাস মানে আনতকৈ ভাল বুলি ভবা নহয়; ই নিজৰ মূল্য আৰু ক্ষমতাত বিশ্বাস কৰা। সুখী, সফল আৰু পৰিপূৰ্ণ জীৱন গঢ় দিয়াত ই মূল ভূমিকা পালন কৰে। আত্মবিশ্বাসৰ অনুশীলন কৰাটো আজীৱন যাত্ৰা, কিন্তু ফল সঁচাকৈয়ে অমূল্য। আত্মবিশ্বাস সম্পৰ্কে শ্ৰীমদ্ভগৱদ্ গীতাত এনেদৰে উল্লেখ আছে :


"उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥"

(অধ্যায় ৬ শ্লোক ৫)


জীৱনত আগবাঢ়িবলৈ হ'লে আত্মবিশ্বাস আৰু আত্ম-নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । নিজকে নিজে ধ্বংস নকৰি, নিজৰ বন্ধু হ'ব পৰাটোৱেই হ'ল সঁচা আত্মবিশ্বাস। নিজকে নিয়ন্ত্ৰণ কৰি সঠিক পথলৈ আগবঢ়োৱাটোৱেই হ'ল নিজৰ ওপৰত থকা বিশ্বাস আৰু নিজৰ লগত বন্ধুত্ব স্থাপন কৰা।



দীপিকা লস্কৰ

9435224363

Comments


bottom of page