top of page

পোহৰ প্ৰদূষণঃ এক নভবা বিপদ

Updated: Sep 19, 2025


পৃথিৱীৰ জীৱজগতৰ বাবে এক অকল্পনীয় নতুন সমস্যা হিচাপে দেখা দিয়া প্ৰদূষণৰ আন এটা ৰূপ হৈছে পোহৰ প্ৰদূষণ । সচৰাচৰ আমাৰ চৌপাশৰ পৰিবেশ সংৰক্ষণৰ সম্পৰ্কে আলোচনা কৰোঁতে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে যেনে- বায়ু,পানী আৰু মাটি প্ৰদূষণৰ কাৰণ, ইয়াৰ কুফল বা নিৰাময়ৰ সম্পৰ্কে বিশদ চৰ্চা কৰা হয়। পৃথিৱীৰ যিকোনো স্হানৰ যিকোনো বয়সৰ ব্যক্তিৰ এই বিষয় সমূহৰ সম্পৰ্কে সম্যক জ্ঞান আছে বা যথাৰীতি সচেতন । গতিকে সকলোৱে প্ৰদূষণৰ এই সমূহ সমস্যাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হোৱাৰ বাবে বিভিন্ন পৰ্যায়ত চেষ্টা অব্যাহত ৰাখিছে ।মানৱ সভ্যতাৰ উত্থানৰ লগে-লগে নিত্য নতুন বৈজ্ঞানিক উদ্ভাৱনৰে মানৱ জীৱনশৈলী সহজ সাধ্য কৰাৰ স্বাৰ্থত সমগ্ৰ জীৱ জগতৰ অস্তিত্বকে বিপদাপন্ন কৰি তুলিছে ।মানৱ সভ্যতাৰ এক অন্যতম উদ্ভাৱন হৈছে বিদ্যু্ৎ শক্তি । বিদ্যুৎ আৱিস্কাৰৰ লগে-লগে কৃত্ৰিম পোহৰৰ আৱিস্কাৰো আৰম্ভ হল আৰু তেতিয়াৰে পৰাই অজ্ঞাতসাৰে আন এটা বিপদে মানৱ সমাজলৈ প্ৰত্যাহবান আনিলে, সেইয়া হৈছে পোহৰ

প্ৰদূষণ।


পোহৰ প্ৰদূষণ কি ?


পৃথিৱীৰ বাবে যিকোনো শক্তিৰ উৎস হল সূৰ্য । সূৰ্যৰ পোহৰক আমি পোহৰৰ প্ৰাকৃতিক উৎস হিচাপে গণ্য কৰোঁ আৰু এই পোহৰ সাধাৰণতে বিশ্বৰ যিকোনো স্থানত সুৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ অব্যাহত থাকে । এই পোহৰত জীৱ জগতৰ স্বাভাৱিক কামকাজ সম্পন্ন হয় । সূৰ্যাস্তৰ লগে-লগে ধৰালৈ আন্ধাৰ নামি আহে আৰু এই পৰিবেশতো জীৱজগতৰ কিছুমান স্বাভাৱিক কামকাজ চলে। নিশাচৰ প্ৰাণী সমূহৰ জীৱন বৃত্ত বা উদ্ভিদ জগতৰ কেতবোৰ শৰীৰবৃত্তীয় ক্ৰিয়া-কলাপ ৰাতিৰ আন্ধাৰত সংঘটিত হয় তাৰোপৰি নিশাৰ তৰাখচিত মায়াময় আকাশখনে সৌন্দৰ্য্যপিপাসু মানৱক যুগে-যুগে আকৰ্ষণ কৰি আহিছে। কিন্তু বৈদ্যুতিক চাকিৰ আৱিস্কাৰৰ পিছৰে পৰাই নগৰীকৰণৰ ব্যৱস্থাই মানৱ সমাজক আগ্ৰাহাম্বিত কৰি তুলিলে আৰু কৃত্ৰিম পোহৰৰ ব্যৱস্থাই পৰিস্থিতি তন্ত্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিলে। ৰঙচঙীয়া, তীব্ৰ উজ্জ্বলতাৰ বৈদ্যুতিত চাকিৰ পোহৰে বিশ্বৰ বিভিন্ন স্হানৰ নগৰ-মহানগৰীৰ ৰাতিৰ আকাশ জলমলাই তুলি আমাক চাক্ষুষ তৃপ্তি প্ৰদান কৰে কিন্তু ই অজ্ঞাতে আমাৰ পৰিস্থিতি তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাই আৰু ইয়াকে আমি পোহৰ প্ৰদূষণ বুলিব পাৰোঁ। বৈদ্যুতিক চাকিৰ পোহৰে এখন বিদ্যুৎচুম্বকত্বৰ ক্ষেত্ৰ সৃষ্টি কৰে যি পৰিবেশ তন্ত্ৰ প্ৰভাৱিত কৰে । বিদ্যুৎচম্বকত্ব আবেশৰ প্ৰভাৱত বায়ুমণ্ডল উত্তাপিত হয় আৰু ই জৈৱবৈচিত্ৰ্যৰ অনিষ্ট সাধন কৰে ।



পোহৰ প্ৰদূষণৰ মানুহৰ ওপৰত প্ৰভাৱঃ


কৃত্ৰিম পোহৰৰ উদ্ভাৱনে মানৱ সমাজক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ।এই জলমলীয়া পোহৰে ৰাতিৰ আকাশৰ নান্দনিক সৌন্দৰ্য্যক নস্যাৎ কৰি তুলিলে । অন্ধকাৰ আকাশৰ চিকমিকাই থকা আকাশীগংগাৰ সৰ্পিল ধাৰা বা গ্ৰহ-নক্ষত্ৰৰে জিকমিকাই থকা আকাশখনৰ সৌন্দৰ্য্যক বিশ্বৰ বিভিন্ন মহানগৰীৰ ৰং-বিৰঙৰ বিদ্যুৎ চাকিৰে জলমলাই থকা গগনচুম্বী স্তম্ভ বা আট্ৰালিকাবোৰে অনুজ্বল বা দৃষ্টিৰ আতৰ কৰি পেলাইছে, যি যিকোনো মানুহৰ মানসিক স্বাস্হ্যৰ ওপৰত প্ৰভাৱ পেলাইছে । আনহাতে বিশ্বৰ বিভিন্ন স্হানৰ পেশাদাৰী বা গৱেষক জ্যোতিবিজ্ঞানী সকলৰ অধ্যয়নতো কৃত্ৰিম পোহৰে আহুকাল কৰিছে ।অত্যাধিক তীব্ৰতাৰ পোহৰৰ চাকিবোৰে মানুহৰ দৃষ্টি শক্তিটো বিৰূপ প্ৰভাৱ পেলাইছে ।বৈদ্যুতিক চাকিৰ সৃষ্ট বিদ্যুৎ চুম্বক ক্ষেত্ৰবোৰে মানৱ শৰীৰত জৈৱিক ক্ৰিয়াকলাপ বা শৰীৰবৃত্তীয় ক্ৰিয়া কলাপক বিপদগ্ৰস্ত্ৰ কৰি তুলিছে। ইত্যাদি



পোহৰ প্ৰদূষণৰ প্ৰাণীৰ ওপৰত প্ৰভাৱঃ


বিভিন্ন কীট-পতংগ, চৰাই, পশু আদিৰ বৈচিত্ৰ্যময় জীৱন প্ৰণালীত কৃত্ৰিম পোহৰৰ উপস্থিতিয়ে বাৰুকৈয়ে বিশৃংখলতাৰ সৃষ্টি কৰিছে। বিশেষকৈ নগৰীয়া পৰিবেশ তন্ত্ৰত বসতি কৰা পশু-পক্ষী তথা কীট-পতংগৰ জীৱন প্ৰণালী বেছিকৈ প্ৰভাৱিত হৈছে। প্ৰবজনকাৰী চৰাইবোৰে সাধাৰণতে ৰাতি-ৰাতি চন্দ্ৰৰ পোহৰ বা আন গ্ৰহ- নক্ষত্ৰৰ পোহৰক ধিয়াই দিক নিৰ্ণয় কৰে আৰু দুৰ দুৰণিলৈ উৰি যায়, পিছে এই প্ৰবজনকাৰী পক্ষীৰ যাত্ৰাপথত দেখাদিয়া নগৰ-মহানগৰীৰ সুউচ্চ আট্ৰালিকাবোৰৰ ৰংচঙীয়া পোহৰে দিকনিৰ্ণয়ৰ ক্ষেত্ৰত বেমেজালি কৰে আৰু এনেবহুতো পক্ষী দুৰ্ঘটনা ঘটি অকাল মৃত্যু ঘটে । আমেৰিকান পক্ষী সংৰক্ষণ সংস্হাৰ এক গৱেষণালব্ধ তথ্যত প্ৰকাশ পাইছে যে- বছৰি প্ৰায় চাৰি নিযুত প্ৰৱজনকাৰী পক্ষীৰ কৃত্ৰিম পোহৰে আলোকিত হৈ থকা সুউচ্চ আট্ৰালিকাত খুন্দা খাই অকাল মৃত্যু ঘটে । আনহাতে এই চৰাই বা আন-আন প্ৰাণীবোৰে নিশা জিৰণি লব নোৱাৰা পৰিবেশৰ বাবেও অকাল মৃত্যু ঘটে ।


বিশ্বৰ বিভিন্ন জনপ্ৰিয় সাগৰ উপকূলত এনে জকমকীয়া কৃত্ৰিম পৰিবেশৰ বাবে ঘাইকৈ সামূদ্ৰিক কাছবোৰে কনী পাৰিবলৈ অসুবিধা পোৱা হল ফলত এনে কাছৰ সংখ্যা দ্ৰুতগতিত অৱনমিত হৈছে। নগৰ অঞ্চলৰ পদপথ চাকিৰ উপস্থিতি বা এল ই ডি বৈদ্যুতিক চাকি আৰু চডিয়াম গেছ চাকিৰ হালধীয়া ফ্লাড লাইটৰ পাদুৰ্ভাবে কীট- পতংগৰ বিশেষকৈ জোনাকী পৰুৱাৰ (Firefly) প্ৰজননত বাধাৰ সৃষ্টি কৰে আৰু এইবোৰক বিপদাপন্ন কৰি তুলিছে ,ইত্যাদি


প্ৰতিকাৰৰ চিন্তাঃ


মানুহৰ নুন্যতম ত্যাগ আৰু সহানুভুতিয়ে পোহৰৰ প্ৰদূষণ ৰোধ কৰিব পৰা যায় । ইয়াৰ বাবে আমি বৈদ্যুতিক চাকিৰ ব্যৱহাৰ কিছু নিয়ন্ত্ৰন কৰি কম ৱাটৰ পোহৰ, অযথা অত্যধিক বৈদ্যুতিক চাকিৰ ব্যৱহাৰ নকৰা আদি সৰু-সুৰা কিছুমান পদক্ষেপে কেৱল পৰিবেশ অনুকুল চিন্তাৰে নহয় বৰং বিদ্যুৎ শক্তিৰ অপচয়কো হ্ৰাস কৰিব পৰা যাব । আনহাতে বিভিন্ন দেশৰ বা প্ৰদেশবোৰৰ চৰকাৰ সমূহেও সময় থাকোতেই পোহৰ প্ৰদূষণ ৰোধৰ কাৰ্যকৰী ব্যৱস্থা লোৱাটো বাঞ্চণীয় । চেক গনৰাজ্যই ২০০২ চনতে উচ্চ ক্ষমতাৰ পোহৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা প্ৰয়োগ কৰি পৰিস্থিতি তন্ত্ৰলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে । আমাৰ দেশতো বিশেষকৈ নগৰৰ উপকন্ঠ অঞ্চলৰ পৰিস্থিতি তন্ত্ৰ ৰক্ষা কৰিবৰ বাবে পোহৰৰ অনাবশ্যক ব্যৱহাৰ বন্ধ কৰাটো জৰুৰী ।


হিৰণ্য শৰ্মা

9435984361


Comments


bottom of page