top of page

বৰ লুইত আৰু ড° ভূপেন হাজৰিকা

Updated: Sep 18, 2025


অসমৰ জাতীয় জীৱনত শ শ বছৰীয়া ইতিহাস , সভ্যতা সংস্কৃতিৰ প্ৰভাৱ পেলোৱা ধ্বজাবাহক লুইতখন অসমৰ মেৰুদণ্ড স্বৰূপ ৷ লুইতৰ দুয়ো পাৰে নৈ উপ নৈ সমূহক কেন্দ্ৰ কৰি না না জাতি উপজাতিয়ে পাহাৰ ভৈয়াম সাৱটি সমন্বয়ৰ সেতু গঢ়ি তুলিছে ৷ বৰ লুইতখন যেন মানুহৰ সুখদুখ , হাঁহি কান্দোন বিজয়- পৰাজয় , গৌৰৱৰ জীৱন্ত দলিল ৷ লুইত হ’ল প্ৰাপ্তিৰ আনন্দ , হেৰোৱাৰ বেদনা , বানপানীয়ে কঢ়িয়াই অনা দুৰ্যোগ , পলসে পেলাই যোৱা সম্ভাৱনাৰ প্ৰতিশ্ৰুতি ৷


“জিলিকাব লুইতৰে পাৰ

আন্ধাৰৰ ভেটা ভাঙি

প্ৰাগজ্যোতিষত বয়

জেউতি নিজৰাৰে ধাৰ ৷

শত শত বন্তিৰ

জ্ঞানৰ দীপালীয়ে

জিলিকাব লুইতৰে পাৰ ৷”(১৯৫৪ চন)


বৰ লুইত অসমৰ আয়ুস ৰেখা , অসমীয়াৰ হিয়াৰ আমঠু , বুকুৰ আপোন ৷ এই বৰ লুইতকে সাক্ষী কৰি অসমীয়াই সুখ-দুখ বিপদ-বিঘিণি নেওচি লুইতৰ দুয়ো পাৰ জিলিকাই প্ৰগতিৰ বাটত আগুৱাই যোৱাৰ সপোন ৰচে ৷ বৰ লুইতৰ চিৰপ্ৰবহমান স্পন্দনশীল সোঁতে পৰ্বত পাহাৰ ভৈয়ামৰ মাজেৰে বিভিন্ন জাতি-জনজাতিৰ দুইপাৰৰ জনসাধাৰণ জীৱন যাত্ৰাত সমন্বয়ৰ বাৰ্তা লৈ সম্পৃক্ত হৈ আছে হৃদয়ে হৃদয়ে ৷ এই লুইত অসমবাসীৰ ৰক্ষা কবচ ৷ ঢাল হৈ আমাক ৰক্ষা কৰে ৷ লুইতৰ বুকুতেই আহোম সৈন্যই মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ চিৰপ্ৰবহমান লুইতৰ চিন্তা চেতনাই ভাৰত ৰত্ন , সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক যেন আবিষ্ট কৰি ৰাখিছিল ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ব্যক্তিত্ব আছিল বৰ লুইতৰ দৰেই বিশাল ৷ তেখেতৰ ভাৱনা , কণ্ঠ , গীত , সুৰ , শব্দ চয়ন আদি সকলোতে বৰলুইতে যেন অৱগাহনত কৰি আছে ৷


“মহাবাহু ব্ৰহ্মপুত্ৰ , মহামিলনৰ তীৰ্থ

কত যুগ ধৰি আহিছে প্ৰকাশি

সমন্বয়ৰ অৰ্থ ৷”

লুইত বা ব্ৰহ্মপুত্ৰক লৈ ৰচিত গীতৰ সৰ্বাত্মক আবেদন হ’ল সম্প্ৰীতি ৷ যুগ যুগ ধৰি সমন্বয়ৰ অৰ্থ প্ৰকাশি মহাবাহু ব্ৰহ্মপুত্ৰক তেওঁ মহামিলনৰ তীৰ্থ বুলি কৈছে ৷


“ মৰুৰ দেশৰে অজান ফকীৰে

মধুৰ জিকিৰ ৰচিলে,

দিল্লীৰ দিলোৱাৰে আহি হস্তী পুথি আঁকিলে ৷

পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেতু গঢ়িলে ,

সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত৷

দূৰৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে

জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে

কিৰাত পুত্ৰ বিষ্ণু ৰাভাই

মাটিৰ কৃষ্টি জীয়ালে

সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত৷”


বিভিন্ন জাতি উপজাতিৰ সমন্বয়তহে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰত বৃহৎ অসমীয়া সংস্কৃতিৰ সৃষ্টি হৈছে ৷ এই লুইতৰ পাৰতে সুদূৰ কাণ্যকুব্জৰ পৰা অহা বাৰভূঞা বংশত শ্ৰীমন্তশঙ্কৰদেৱ , মৰুৰ দেশৰ অজান ফকিৰ , দিল্লীৰ শিল্পী দিলৱাৰ , পঞ্চনদীৰ টেগ বাহাদুৰ , দূৰৈৰ (টাই - মংগোলীয়) লাচিত , কিৰাত পুত্ৰ বিষ্ণু ৰাভা আৰু পদ্মানদীৰ দূৰ্যোগে খেদি পঠোৱা লোক সকলৰ জ্যোতি প্ৰবাহ হৈ অজীণ পাতকী চক্ৰান্তক ওফৰাই ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ সেতু গঢ়ে ৷

(১৯৮০ চন গুৱাহাটী )


“বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

হাঁহাকাৰ শুনিও

নিঃশব্দে নীৰৱে বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱা কিয় ?


জ্ঞানবিহীন নিৰক্ষৰৰ

খাদ্যবিহীন নাগৰিকৰ

নেতৃবিহীনতাত নীৰৱ কিয় ?


সহস্ৰ বাৰিষাৰ উন্মাদনাৰ

অভিজ্ঞতাৰে পংগু মানৱক

সৱল সংগ্ৰামী আৰু অগ্ৰগামী

কৰি নোতোলা কিয় ?”



এই গীতটিত মানুহৰ দুখ-বেদনা , অত্যাচাৰ , ব্যভিচাৰ , অশান্তি , উত্তেজনা মানুহৰ ব্যক্তিত্বৰ অৱক্ষয়, জ্ঞানবিহীন নিৰক্ষৰ ,খাদ্যবিহীন নাগৰিক , নৈতিকতাৰ স্খলন দেখিও নীৰৱে থকা বৰ লুইতক দোষাৰোপ কৰিছে ৷ সকলো দেখিও নেদেখাৰ ভাও জোৰা ব্ৰহ্মপুত্ৰক অভিমানত গালি পাৰি অসমীয়াৰ জাতীয় জীৱনৰ দুৰ্যোগ আঁতৰাৱলৈ আহ্বান জনাইছে ড° হাজৰিকাই ৷


“লুইততে মোৰ ঘৰ

লুইতেই মোৰ পৰ

লুইতেই ভাঙে গঢ়ে

সপোন মৰমৰ৷


আশাৰ বালিচৰত এদিন

তুমি হ’লা মোৰ

এখনি নাৱত দুয়ো হৈছিলো বিভোৰ ৷

আজি কিয় গুচি গ’লা কিয় নিৰুত্তৰ?”


ইকুল সিকুল কোনো কুল নাপালোঁ

(মই) মাজ নদীতেই ৰ’লোঁ

চকোৱাবিহীন চাকৈৰ দৰে

মাজনিশা বিনালোঁ

যোৱাটো বানপানীতে মই

তোমাক হেৰুৱালোঁ

ইকুল সিকুল কোনো কূল নাপালোঁ

(মই) মাজ নদীতে ৰ’লোঁ !

( মুম্বাই ১৯৬৯)


হাজৰিকাদেৱৰ বাবে লুইতখনেই যেন ঘৰৰ দৰে আপোন , লুইতখনেই পৰ ৷ লুইতে আশাৰ সপোন ৰচে , নিৰাশাই সপোন ভাঙে ৷ বহুত আশাৰে লুইতৰ মাজত এখন নাৱতে দুয়ো বিভোৰ হৈ ইজনে সিজনৰ আপোন হোৱাৰ ক্ষণতে প্ৰেয়সীক বানপানীয়ে উটুৱাই নিলে ৷ ইকূল সিকূল কোনো কূল নাপাই চকোৱাবিহীন চাকৈৰ দৰে মাজনিশা বিননি জুৰি মাজ নদীতে ৰৈ গ’ল ৷ লুইতে যেনেকৈ সপোন গঢ়ে তেনেকৈ সপোন ভাঙে ৷


লুইতৰ বলিয়া বান

তই ক’লৈনো ঢাপলি মেলিছ?

হিৰ্‌ হিৰ্‌ শবদে

কাল ৰূপ ধৰি লৈ

কাকনো বাৰে বাৰে খেদিছ ?

লুইতৰ বুকু হেনো বাম হৈ গ’ল

গভীৰতা হেনো কিছু নোহোৱা হ’ল

বান তই সেয়ে হেনো

অলিয়া বলিয়া হৈ

দুয়োপাৰে উপচি পৰিছ ৷

লুইতৰ বলিয়া বানে হিৰ্‌ হিৰ্‌ শবদে কাল ৰূপ ধৰি অলিয়া বলিয়া হৈ দুয়োপাৰ ওপচাই ৰাইজক না না দুখ দুৰ্দশা দি ঘৰৰ চালত শগুনক বহুৱাই বৰ সবাহ পতাৰ দৰে অৱস্থা হয় ৷ পানীৰ পাৰত জন্ম হোৱাৰ বাবেই পানীয়েই পিতৃৰ শক্তি দিয়াৰ বাবে বানক ৰুধিবলৈ পণ লৈছে বানক ভৃত্য কৰিবলৈ ৷(বলিয়া বানৰ বিৰুদ্ধে ৰচিত ১৯৬৮ )


“লুইতপৰীয়া ডেকা বন্ধু

জীয়াই থকাৰ যুঁজত নামিছা

মৃত্যুৰ শপত খায় ”

এই গীতটিত অসমৰ ডেকা শক্তিৰ তুলনা কৰাৰ লগতে অদম্য শক্তিৰ সমাবেশ যে লুইতে প্ৰদান কৰিছে , অসমীয়া জাতি জীয়াই থকাৰ বৰ্ণনা , সাহসৰ বৰ্ণনা দিছে ৷ মাটি জাতি আৰু সংস্কৃতিৰ অস্তিত্বৰ প্ৰেমত লুইত পাৰৰ ডেকা শক্তিয়ে যেন মৃত্যুৰ শপত খাইছে ৷ এই ডেকা শক্তিয়ে লুইতৰ পানীক অধিক বলীয়ান কৰি শ্বহীদ হোৱাৰ পণ লৈছে ৷



“লুইতৰ পাৰ দুটি

জিলিকি উঠিব ৰাতি

জ্বলি শত দেৱালীৰ বন্তি

আহিব কাতিৰে মাহটি

দূৰতে দেৱালীৰ বন্তি

অ’ ভৰা বৰ লুইতত লুইতপৰীয়া ”

কাতি মাহত দেৱালীৰ শত শত বন্তিয়ে লুইতৰ দুয়ো পাৰ জিলিকাই যদিও ভদীয়া বানে এনে এটা ৰাতি যোৱা বছৰ ভদীয়াৰ সৰু পঁজাটি মষিমূৰ কৰিলে , ধাননি তল গ’ল . চেনেহীও উটি গ’ল ৷ গতিকে গীতিকাৰে ভাৱিছে---

ৰাইজে লগ লাগি ভৰা লুইত বান্ধিব ,

সাহসী বুকুখনে নাচে

কলীয়া পিশাচক ভদীয়াই বধিব ৷

আছে দুই বাহুত শকতি ৷

আহিব কাতিৰে মাহটি

দূৰতে দেৱালীৰ বন্তি ৷

( গুৱাহাটী ১৯৪৭)


“আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান !

মনৰ দিগন্তত ধোঁৱা উৰে ,

আকাশত পপীয়া তৰা ঘূৰে

পদে পদে কৰে কাক অপমান ?

আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান ৷”


“সমদলৰ পদধ্বনি আবাল-বৃদ্ধ বনিতাৰ

স্ব-নিৰাপত্তা লক্ষ্য আৰু

আনকো জীয়াই ৰখাৰ ৷

সহস্ৰজনৰ সাহস দেখি

পৃথিৱী কম্পমান ৷”

আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান ৷”

এই গীতটি ১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ সময়ত ব্ৰহ্মপুত্ৰ বুকুত পানী বহ্নিমান হোৱাৰ দৰে মানুহৰ হৃদয়তো তেজ বহ্নিমান হোৱাৰ কথা প্ৰকাশ কৰিছে ৷


বৰ লুইতৰ দুয়োপাৰে থকা সমূহ জনগনক আকোঁৱালি লৈ ড° ভূপেন হাজৰিকাই সুদূৰপ্ৰসাৰী চিন্তা চৰ্চা কৰিছিল ৷ আমাৰ বৰ লুইতৰ পৰা মিচিচিপিলৈকে তেওঁৰ দৃষ্টি প্ৰসাৰিত আছিল ৷ লুইতৰ ঐতিহ্যই কেনেকৈ জাতি জনগোষ্ঠীক একাকাৰ কৰি “ মহামিলৰ তীৰ্থ” ত পৰিণত কৰোৱাইছে সেই কথা তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰে ৷ জাতি উপজাতিৰ স্বকীয় নৃ- তাত্ত্বিক উপাদান থকা স্বত্বেও ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ়ি উঠা বিৰল উমৈহতীয়া জনজীৱনক ড° ভূপেন হাজৰিকাই গীতৰ মাধ্যমৰে মান্যতা প্ৰদান কৰিছিল ৷


শেৱালি শৰ্মা বৰকটকী

মৰিগাঁও

9101533121

Comments


bottom of page