দেৱী দূৰ্গাৰ আৰাধনা
- ড০ শৰৎ বৰকটকী

- Sep 9, 2025
- 8 min read
Updated: Sep 19, 2025

শক্তিকেন্দ্ৰিক দেশ ভাৰতবৰ্ষ। পৰমব্ৰহ্ম আৰু পৰমশক্তি অভিন্ন। কেৱল হিন্দু ধৰ্মতে নহয়, বৌদ্ধ আৰু জৈন ধৰ্মতো শক্তিক বিবিধ ৰূপত পূজা কৰা হয়। শিখগুৰু গোবিন্দসিংহও চণ্ডীৰ উপাসক আছিল। ভাৰতৰ পৰ্বতবাসী আৰু অৰণ্যবাসীসকলেও প্ৰকৃতিক উপলক্ষ্য কৰি মাতৃদেৱীৰ উপাসনা কৰিছিল। ভাৰতৰ বাহিৰেও মেক্সিকোত মাতৃদেৱীৰ উপাসনা হয়। প্ৰাচীন জাৰ্মানসকলেও ‘নাৰ্থাছ’ নামৰ মাতৃক পূজা কৰিছিল। নাৰ্থাছ (Nerthus) হৈছে উৰ্বৰতা, প্ৰকৃতি, শান্তি আৰু পৃথিবীৰ মাতৃ । এই গৰাকী দেৱীৰ পূজাৰ বিষয়ে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ৰোমান ঐতিহাসিক টাচিটাছৰ “Germania” গ্ৰন্থত উপলব্ধ। ৰোমান সভ্যতাত “সিবিলি দেৱী” (Cybele) বা “মেগ্না মাটাৰ” (Magna Mater – দেবী মাতৃ বা মহামাতা)ৰ পূজাৰ বিশেষ স্থান আছিল। এই পূজা আৰম্ভ হৈছিল তুৰ্কী দেশৰ পৰা। প্ৰকৃতি, উৰ্বৰতা, পৰ্বত আৰু পশু পক্ষীৰ দেৱী হিচাপে পূজা কৰা হৈছিল।
দেৱী দুৰ্গাৰ পূজা মানে শক্তিৰ পূজা। দেৱী দুৰ্গাৰ আন এটি নাম ভগৱতী । জ্ঞান,বৈৰাগ্য, যশ, শ্ৰী, ঐশৰ্য আৰু বীৰ্য এই ছটা ঐশৰ্য দেৱীৰ হাতত আছে। দেৱী দশ ভুজা। দহ খন হাত আছে। দহখন হাতত দহবিধ অস্ত্ৰ আছে, ইয়াৰে অসুৰ বধ কৰিছে। গীতাৰ মতে দম্ভ, সৰ্প, অভিমান, ক্ৰোধ, নিষ্ঠুৰতা আৰু অজ্ঞান সকল, যাৰ সত্যৰ প্ৰতি নিষ্ঠা নাই ,সদাচাৰ নাই তেওঁলোকেই অসুৰ। দেৱীয়ে মহিষাসুৰৰ দম্ভ, অহংকাৰ , অত্যাচাৰ অন্ত কৰিলে, সেয়েহে দেৱী মহিষাসুৰ মৰ্দিনী। দেৱী সিংহ বাহনা।দেৱী জগদ্ধাত্ৰী।দেৱী প্ৰতিমা মৃত্তিকাৰে নিৰ্মিত- মৃন্ময়ী। মৃন্ময়ী দেৱীক প্ৰাণ প্ৰতিষ্ঠা কৰা হয়।দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে নিজা শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে।

কালিকা পুৰাণত দুৰ্গা দেৱীকেই পাৰ্বতী বুলি কৈছে। দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন অৰ্থাৎ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত উদযাপন হয় এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।শৰৎকালত দুৰ্গা নামৰে আৰু চ’ত-বহাগত বাসন্তী নামেৰে দেৱীক পূজা কৰা হয়।
দেৱাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী । সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয় । মুনিৰ পৰামর্শ মতেই সুৰথৰজাই মধুময় বসন্তৰ পৰিৱেশত সর্বপ্রথম দুর্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লভি শত্রুক পৰাভূত কৰে আৰু হৃত ৰাজ্য উদ্ধাৰ কৰে ।
বসন্তকালত অনুষ্ঠিত হােৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামে অভিহিত হয় । কৃত্তিৱাসী ৰামায়ণৰ মতে ত্রেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শক্তি লাভৰ কাৰণে অকালতে শৰৎকালত দুর্গাদেৱীৰ পূজাৰ আয়ােজন কৰে । সেই সময়ৰ প্ৰচলিত বিধিৰ ব্যতিক্রম ঘটাই ৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনােৱাৰ বাবে ৰামচন্দ্ৰই অনুষ্ঠিত কৰা শাৰদীয় পূজাকে অকালবােধন বুলি কোৱা হয় ।
" ওম সর্বমঙ্গলা মঙ্গল্য
শিৱে সর্বার্থসাধিকে
শৰণ্যে ত্র্যম্বকে গৌৰী
নাৰায়ণী নমোহস্তুতে।"
দেৱী শিৱৰ পত্নী, সকলো আশীৰ্বাদ মংগল স্বৰূপ, কল্যাণদাত্ৰী, সৰ্বসিদ্ধি কাৰক, আশ্ৰয়দাত্ৰী, তৃণায়ণ, গৌৱৰ্ণ, নাৰায়ণী। দেৱী দুৰ্গাৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়ে; শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়।ইয়াৰ উপৰিও উপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে; ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে -যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী। ইয়াৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ'ল কালিকা, নন্দা, ভ্ৰামৰী, সাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি। তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা আমাৰ দেশৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।
তত্ৰৈৱ চ বধিষ্যামি দুৰ্গমাখ্য মহাসুৰম্।
দুৰ্গা দেৱীতি বিখ্যাতংতন্মে নাম ভৱিষ্যতি।

পুৰণিকালত হিৰণ্যক্ষৰ বংশত ‘ৰুৰু’ নামৰ এক অতি শক্তিশালী অসুৰে জন্ম গ্ৰহণ কৰিছিল, সেই ৰুৰু মহাপ্ৰতাপী আৰু বুদ্ধিমান আছিল। ৰুৰুৱে মনে মনে চিন্তা কৰি এই সিদ্ধান্তত উপনীত হ’ল যে ঋষি আৰু ব্ৰাহ্মণসকলে বেদমন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ কৰে, যজ্ঞৰ আহুতিস্বৰূপ ঘৃত ভক্ষণ কৰি শক্তিশালী হৈ বাৰে বাৰে অসুৰসকলক পৰাস্ত কৰে। সেয়েহে বেদসমূহ নিজৰ হাতলৈ আনিবৰ বাবে হিমালয় পৰ্বতলৈ গৈ ব্ৰহ্মাক তপস্যা কৰিবলৈ আৰম্ভ কৰিলে।
ব্ৰহ্মাই শেষত অসুৰক দেখা দি কি বৰ লাগে প্ৰশ্ন কৰিলে। অসুৰে ব্ৰহ্মাৰ পৰা বৰ বিচাৰিলে যে তেওঁক বেদ কেইখন লাগে আৰু সমস্ত দেৱতা, ব্ৰাহ্মণ, ঋষি সকলে যেন বেদমন্ত্ৰ পাহৰি যাওঁক আৰু ব্ৰহ্মাইও যেন আৰু বেদ ৰচনা নকৰে। ব্ৰহ্মাই ‘তথাস্তু’ বুলি কৈ বেদ কেইখন অসুৰক দি দিলে। ব্ৰহ্মাৰ বৰ অনুসৰি ঋষি, ব্ৰাহ্মণসকলে বেদৰ মন্ত্ৰ পাহৰিলে ,যাগ-যজ্ঞ নোহোৱা হ’ল, দেৱতাসকলৰ খাদ্যাভাৱ হ’লত তেওঁলোক দুৰ্বল হ’ল, যজ্ঞ বন্ধ হোৱাত যজ্ঞ ধূম্ৰই মেঘৰ সৃষ্টিত বাধা দিয়াত বৰষুণ নোহোৱা হ’ল— ফলত দেশত শষ্য নগজা হ’ল। অনাবৃষ্টিৰ ফলত সমুদ্ৰ, নদ-নদী শুকাই গ’ল, পানীৰ অভাৱত পশু-পক্ষীসহ মানুহ মৃত্যু মুখত পৰিল। যিকেইজন জীয়াই আছিল তেওঁলোকে হিমালয়ৰ পাদ দেশলৈ গৈ মহামায়াৰ স্তৱ পাঠ কৰিবলৈ ধৰিলে। আনহাতে দেৱতাসকলে অসুৰৰ ওচৰত পৰাজিত হৈ স্বৰ্গৰাজ্য হেৰুৱালে। দেৱতাসকলে সামান্য মনুষ্যৰূপে হিমালয়ৰ সুমেৰু পৰ্বতৰ গুহাত আত্মগোপন কৰি আদ্যাশক্তি মহামায়াক আকুল কণ্ঠেৰে মাতিবলৈ ধৰিলে। তেতিয়া দেৱী ভুৱনেশ্বৰীয়ে অনন্ত নেত্ৰযুক্ত, অদ্ভুত ৰূপেৰে দেৱতা সকলক দৰ্শন দিলে— দেৱী নীলবৰ্ণা, চতুৰ্ভূজা, কৌটি সূৰ্যসমপ্ৰভা, দক্ষিণ অধোভূজত শৰমুষ্টি, দক্ষিণ ঊৰ্ধ্বভূজত পদুম ফুল বাওঁ ঊৰ্ধ্বভূজত ক্ষুধা, তৃষ্ণা, ক্লেশ আৰু শান্তিপ্ৰদ অনন্ত ৰসময় পুষ্প, পল্লৱ, ফল-মূল আৰু শাকাদি ধাৰণ কৰিছে।

দেৱীক তেনে ৰূপত দেখি দেৱতা-মানুহ সকলোৱে দেৱীস্তৱ পাঠ কৰাত অনন্ত নেত্ৰৰ পৰা ন-দিন ব্যাপী প্ৰচণ্ড আৰু অনৰ্গল জল বৰ্ষণ কৰি সমস্ত নদ-নদী, সাগৰ-পুখুৰী জলমগ্ন কৰিলে। বাওঁফালৰ ঊৰ্ধ্ব হাতত থকা ফল-মূল, শাকাদি দান কৰি শাকাদিৰ সৃষ্টি কৰিলে আৰু তাৰ দ্বাৰা জীৱকুল ৰক্ষা পৰিল। তেতিয়াই সমস্ত দেৱগণে দেৱী ‘শতাক্ষি’ আৰু ‘শাকম্ভৰী’ৰূপে স্তুতি কৰি দুটি নাম দিলে।
শাকম্ভৰী শতাক্ষি সা সৈৱ দুৰ্গা প্ৰকীৰ্ত্তিতা।
উমা গৌৰী সতী চণ্ডী কালিকা সাপি পাৰ্ব্বতী।।
দুষ্ট অসুৰে এই সংবাদ পাই অত্যন্ত খঙত এক সহস্ৰ অক্ষৌহিণী সৈন্য পঠাই হিমালয় অৱৰোধ কৰি যুদ্ধাস্ত্ৰ বৰ্ষণ কৰিবলৈ ধৰিলে। মহামায়াই নিজ শক্তিৰ প্ৰভাৱত এক জ্যোতিবলয়ৰ দ্বাৰা দেৱ, ঋষি আৰু মানৱগণক ৰক্ষা কৰিলে আৰু নিজে সেই বলয়ৰ পৰা বাহিৰ হৈ দুষ্ট অসুৰৰ লগত যুদ্ধত প্ৰবৃত্ত হ’ল। এই ভয়ঙ্কৰ যুদ্ধৰ দশম দিনা অসুৰৰ সকলো সেনা শেষ হ’ল। একাদশ দিনা অসুৰৰ লগত মহামায়াৰ যুদ্ধ দ্বিপ্ৰহৰ পৰ্যন্ত চলিল। তেতিয়া দেৱীয়ে একেলগে পঞ্চাশপাত বাণ নিক্ষেপ কৰি অসুৰক বধ কৰি বেদ কেইখন উদ্ধাৰ কৰিলে। দেৱীৰ কৃপাত সকলোৰে পুনৰ বেদমন্ত্ৰ মনত পৰিল। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ দেৱতাসকলে দেৱীৰ স্তৱ আৰু স্তোত্ৰ পাঠ কৰি দেৱীক ‘দুৰ্গা’ নামেৰে অভিহিত কৰিলে। এয়ে দুৰ্গা নামৰ উৎপত্তিৰ আখ্যান।
শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁহাতত শূল আৰু বাঁওহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। ব্ৰহ্মচাৰিণীমাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী।
“বেদস্তত্ত্ব তপো ব্ৰহ্ম। ” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। সোঁহাতত জপ-মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশমতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি কঠোৰ তপস্যা কৰিছিল। তেনে তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল।
চন্দ্ৰঘণ্টামা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।

চন্দ্ৰঘণ্টা দেৱী’ হৈছে আন এটা ৰূপ। এই জনা দেৱীৰ শৰীৰৰ বৰণ সুৱৰ্ণৰ দৰে উজ্জ্বল। এখেত দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত। এখেতৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা। ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অধিক।কুষ্মাণ্ডামা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু-হাঁহিৰে ব্ৰহ্মাণ্ড উৎপন্ন কৰা কাৰণে এওঁক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল।সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলি সমূহৰ ভিতৰত কোমোৰা-বলি দেৱীৰ আটাইতকৈ প্ৰিয়।
দেৱী সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি।স্কন্দমাতামাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱাসুৰ সংগ্ৰামত এখেত দেৱ-সেনাপতি হৈছিল।ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। এখেতৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো দেৱীৰ বিগ্ৰহত দৰ্শিত হয়।
দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল “কাত্যায়নী”। তেওঁৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল, ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন সৃষ্টি হৈছিল। ভগৱতৰ উপাসনাত বহুবছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰীৰূপে জন্ম লওক”— তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছুকালৰ পাছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ— এই তিনিওগৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰবাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে।
দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ৰূপে জনাজাত। দেৱীৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। ডিঙিত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। দেৱী ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া।
দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এই গৰাকী দেৱী সম্পূৰ্ণৰূপে গৌৰবৰ্ণা। দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু বশিত্ব-সিদ্ধি এই আঠ বিধ।দেৱী পুৰাণৰ মতে এখেতৰে কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। এখেতৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধশৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধনাৰীশ্বৰ নামেৰে বিশ্বপ্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা। দেৱী পাৰ্বতীয়ে নিজৰ ভক্তক মাতৃৰ মমতাৰে ভাল পায়। তেওঁৰ আশীৰ্বাদত ভক্তসকল লোভ মোহৰ পৰা মুক্ত হৈ থাকে।
এবাৰ নৰেন্দ্ৰনাথ নামৰ ব্ৰাহ্মণ ল'ৰা এজনে নদীত গা ধুই আছিল। হঠাৎ এটা কুম্ভীৰ আহি তাৰ ভৰিত কামোৰ মাৰি ধৰিলেহি। তাৰ পিছত ল’ৰাটোৱে দেৱী পাৰ্বতীক মাতিবলৈ ধৰিলে। সি ইমান কৰুণ ভাৱে কান্দি আছিল যে কৈলাশ পৰ্বতৰ পাৰ্বতী বিচলিত হৈ পৰিছিল। ল’ৰাটোৰ ওচৰলৈ নামি আহিল। ভক্ত ল'ৰাটোক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ সকলো শক্তি, প্ৰজ্ঞা আৰু শক্তি ল'ৰাটোৰ ওপৰত বৰ্ষণ কৰিলে। দেৱীৰ সেই শক্তিৰে ল’ৰাটো বলবান হৈ উঠিছিল। কুম্ভীৰটোৱে পৰাজিত হৈ ল’ৰাটোক এৰি সি পানীত ডুব মাৰিলে।
কাহিনীৰ পৰা শিকিব লগা কথা আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰো। মায়া ৰূপৰ কুম্ভীৰ টোৰৰ আক্ৰমণত সংসাৰ সাগৰত সাঁতুৰি থাকোঁতে আমি সকলোৱে সেই নৰেন্দ্ৰনাথৰ দৰেই দিশ হেৰুৱাই পেলাওঁ।যদি আমিও দেৱী পাৰ্বতীক প্ৰাৰ্থনা কৰোঁ তেন্তে দয়ালু আৰু আনন্দময়ী দেৱীয়ে আমাক সেই শক্তি প্ৰদান কৰিব যাৰ দ্বাৰা মায়াৰ পৰা মুক্ত হৈ মুক্তি পাম।
'মঙ্গলং শোবনাং শুদ্ধাং নিষকলাং পৰমাং স্তম্ভ।
বিশ্বশ্বৰিং বিশ্বমতাং চণ্ডিকাং প্ৰাণমময়হম ॥
সৰ্বদেৱময়িং দেৱিং সৰ্বাৱলোকভায়াপাহম।
ব্ৰহ্মেশ বিষ্ণুমিতাং প্ৰাণামমি সদা উমাম.............
দুৰ্গে দুৰ্গে মহাভাগ ত্ৰাহিমাং শংকৰপ্ৰিয়।
মহিষশ্ৰিং মদোন্মত্তে প্ৰাণতোহস্মি প্ৰসীদ মে ॥
হৰ পাপং হৰ ক্লেশং হৰ শোকংহাৰাসুখং।
হৰ ৰোগং হৰ ক্ষোভাং হৰ মাৰিং হৰপ্ৰিয়ে..'
দুৰ্গোৎসৱৰ পূজাত দেৱী দুৰ্গাৰ লগতে গনেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী দেৱীক পূজা কৰা হয়।।গণেশ সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকৈ অন্য কোনো পূজা কৰাৰ বিধান নাই।লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।সৰস্বতী জ্ঞানৰ প্ৰতীক।কাৰ্তিক সৌন্দৰ্য্যৰ প্ৰতীক।

দুৰ্গা পূজা উৎসৱৰ মহাপূজা মহাসপ্তমীৰ দিনাৰ পৰা আৰম্ভ হয় কাৰণ আজিৰ দিনটোতে দেৱী দুৰ্গা আৰু অসুৰ ৰজা মহিষাসুৰৰ মাজত পৌৰাণিক যুদ্ধ আৰম্ভ হয়। সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ-সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত নবিধ শস্য, যেনে— কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই নবিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।
শাস্ত্ৰ মতে নৱপত্ৰিকাৰ ৯ টা উদ্ভিদ দেৱী দুৰ্গাৰ ৯ টা বিশেষ ৰূপৰ প্ৰতিনিধি হিচাপে পূজা কৰা হয়। এই ৯ গৰাকী দেৱী হ'ল ৰামভধিষ্ঠাত্ৰী ব্ৰাহ্মণী, কাচবধিষ্ঠাত্ৰী কালিকা, হৰিদ্ৰাধৃষ্ঠাত্ৰী উমা, জয়ন্ত্যাধিষ্ঠিত্ৰী কাৰ্তিকী, বিলবধিষ্ঠাত্ৰী শিৱ, দৰিম্বাধিষ্ঠাত্ৰী ৰক্তদন্তিকা, অশোকাধিষ্ঠাত্ৰী শোকৰাহিতা, মানাধিষ্ঠিত্ৰী চামুণ্ডা আৰু ধন্যধৃষ্ঠাত্ৰী লক্ষ্মী। এই ন গৰাকী দেৱীক একেলগে "নৱপত্ৰিকাৱসিনী নৱদুৰ্গয়ী নৱদুৰ্গা" বুলি পূজা কৰা হয়।
গণেশৰ মূৰ্ত্তিৰ কাষতে ৰঙা সীমাৰেখাযুক্ত বগা শাৰী এখনত ওৰণিৰে ঢাকি থোৱা কলৰ গছ এজোপা ৰাখা হয়। প্ৰতীক হিচাবে এওঁ দুৰ্গা অৰ্থাৎ গণেশৰ মাতৃ। নৱপত্ৰিকাৰ অৰ্থ নবিধ উদ্ভিদে নৱপত্ৰিকা গঠন কৰে। এই নটা উদ্ভিদ মাতৃ দুৰ্গাৰ নটা শক্তিৰ প্ৰতীক।
দুৰ্গা পূজাৰ নৱপত্ৰিকা পূজাৰো এক অনন্য তাৎপৰ্য আছে। দৰাচলতে এই সকলোবোৰ পৌৰাণিক দুৰ্গাৰ লগত শস্যদেৱীক সংযুক্ত কৰাৰ এক সচেতন প্ৰয়াস।মন কৰিবলগীয়া কথা যে , নবিধ গছেই ঔষধি গছ হিচাবে পৰিচিত। অন্যহাতে দেৱীৰ প্ৰতিটো ৰূপ উদ্ভিদৰ লগত জড়িত।
আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গোৎসৱৰ এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমীৰ এই পক্ষ টোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সুচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় আৰু পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় । মহালয়া অমৱস্যা হৈছে সূৰ্য্য আৰু চন্দ্ৰৰ সংযোগৰ দিন। প্ৰতিমাহে এবাৰ হোৱা দেখা যায়। পৰম্পৰাগতভাৱে এই দিনটোৱেই পূৰ্বপুৰুষক পিণ্ড আগবঢ়াবলৈ নিদিষ্ট কৰা হয়। পিত্ৰী/পূৰ্বপুৰুষ বা বিদায়ী আত্মাৰ ধৰ্মীয় অনুষ্ঠান পালনৰ দিন। মহালয়া হৈছে কন্যা ৰাশিৰ অমাৱস্যা দিৱস, যেতিয়া সূৰ্য্য কন্যা ৰাশিত প্ৰৱেশ কৰে। বিশ্বাস মতে যেতিয়া সূৰ্য্য কন্যা ৰাশিত প্ৰৱেশ কৰে তেতিয়া মৃত লোকৰ আত্মাই নিজৰ স্বৰ্গবাসনলৈ গুচি যায়। অমৱস্যা মহালয়ালৈ আগৰ পষেকটো কৃষ্ণ পক্ষৰ। কৃষ্ণ পক্ষত চন্দ্ৰৰ গুণ; শীতলতা, তৰলতা, এলাহ আৰু আন্ধাৰ; শৰীৰ আৰু মনক আধিপত্য বিস্তাৰ কৰে। শুক্ল পক্ষত পূজা আৰু শৰীৰক বিষমুক্ত কৰাত আৰু মনক শান্ত কৰাত সহায় কৰে।
আদিশক্তি মহামায়াক প্ৰথমে ভগৱান শ্ৰীকৃষ্ণই পূজা কৰিছিল। সেইদিনা আছিল বসন্তী শুক্লা অষ্টমী। ত্ৰেতা যুগত বসন্তী শুক্লা অষ্টমী আৰু নৱমীৰ সংযোগস্থলত ৰামচন্দ্ৰ হিচাপে ভগৱান বিষ্ণুৰ জন্ম হয়। পুনৰ ভাদ মাহৰ অষ্টম দিনা কৃষ্ণ হিচাপে জন্ম হৈছিল। অষ্টমী তিথিত দেৱী মহালক্ষ্মীৰূপ বৈষ্ণৱী শক্তি। সেইদিনা দেৱী ৰাজৰাজেশ্বৰী মূৰ্তি। দুহাতেৰে ভক্তক আশীৰ্বাদ দিলে। সেইদিনা শ্ৰেষ্ঠ উপচাৰ আগবঢ়োৱা হয়। পদুম, জবা, অপৰাজিতা, বেলপাত - আদি বিভন্ন ধৰণৰ ফুলৰ মালাৰে দেৱীক সজোৱা হয়।অষ্টমী পূজা হৈছে দুৰ্গোৎসৱৰ পাঁচদিনীয়া মধ্যমণি। আকৌ পাঁচদিনীয়া পূজাৰ সাৰমৰ্ম সেই এদিনতে একত্ৰিত হৈ আছে। অষ্টমীৰ দিনা পূজা হয়। যোগিনী, কোটি যোগিনী, নৱদুৰ্গা আদি এই দিনটোত পূজা কৰা হয়। এই দিনটোত ভক্তসকলে দেৱীক প্ৰাৰ্থনা কৰি কয় - "নমস্যামি জগদ্ধাত্ৰী ত্বমহাং বিশ্বভাবিনী"।
দেৱীৰ শক্তি , দেৱীৰ মহিমা লিখি শেষ কৰিব নোৱাৰি।
"যা দেবী সর্বভূতেষু শক্তিৰূপেন সংস্থিতা
নমস্তৈস্যই নমস্তৈস্যই নমস্তৈস্যই নমো নমঃ।”
সকলো শক্তিৰ আধিকাৰী দেৱী |
ড০ শৰৎ বৰকটকী
9435063014





Comments