top of page

আত্ম অহংকাৰ: শক্তিৰ বিভ্ৰম নে চেতনাৰ পতন

Updated: Feb 3

আত্ম-অহংকাৰ মানুহৰ জীৱনৰ এটা সূক্ষ্ম কিন্তু গভীৰ প্ৰভাৱ পেলোৱা মানসিক অৱস্থা। নিজৰ ক্ষমতা, জ্ঞান বা অৱস্থানক অতিৰিক্তভাৱে উচ্চ বুলি ভাবি আনক তুচ্ছজ্ঞান কৰা মনোভাৱেই আত্ম-অহংকাৰ। এই অহংকাৰ প্ৰথমতে আত্মবিশ্বাসৰ দৰে দেখা গ'লেও, দীৰ্ঘকালত ই ব্যক্তি, সমাজ আৰু মানৱীয় সম্পৰ্কৰ বাবে ক্ষতিকাৰক হৈ পৰে।মহাত্মা গান্ধীয়ে অহংকাৰক মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰিছিল।

   

মানুহে যেতিয়া নিজৰ সফলতাক কেৱল নিজৰ কৃতিত্ব বুলি ভাবি সমাজ, পৰিস্থিতি বা অন্যৰ অৱদান অগ্ৰাহ্য কৰে, তেতিয়াই অহংকাৰে জন্ম লয়। এনে মনোভাৱে মানুহক শিকিবলৈ বাধা দিয়ে। কিয়নো অহংকাৰী মানুহে নিজকে সদায় সঠিক বুলি ভাবে আৰু ভুল স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰে। ফলস্বৰূপে জ্ঞানৰ বিকাশ থমকি যায় আৰু আত্মোন্নতি অসম্ভৱ হৈ পৰে।

   

সমাজৰ ক্ষেত্ৰতো আত্ম-অহংকাৰ অশান্তিৰ মূল কাৰণ। অহংকাৰী ব্যক্তিয়ে সমালোচনা সহ্য কৰিব নোৱাৰে, সহমত গঢ়ি তুলিব নাজানে। ইয়াৰ ফলত সংঘাত, বিচ্ছিন্নতা আৰু অবিশ্বাসৰ জন্ম হয়। নেতৃত্বস্থানত থকা কোনো ব্যক্তি যদি অহংকাৰত অন্ধ হয়, তেন্তে সেই সমাজ বা প্ৰতিষ্ঠানৰ পতন অনিবাৰ্য হৈ পৰে।ইয়াৰ বিপৰীতে বিনয় আত্ম-অহংকাৰৰ সৰ্বোত্তম প্ৰতিষেধক। বিনয়ে মানুহক শিকিবলৈ শিকায়, আনৰ মতামতক সন্মান কৰিবলৈ উৎসাহিত কৰে আৰু ভুল স্বীকাৰ কৰাৰ সাহস দিয়ে।

   

  গীতাত অহংকাৰক অজ্ঞতাৰ মূল বুলি কোৱা হৈছে - “অহংকাৰং বলং দৰ্পং কামং ক্ৰোধং চ সংশ্ৰিতাঃ…”

অহংকাৰে মানুহক মোহ, ক্ৰোধ আৰু দুখৰ পথলৈ লৈ যায়।আত্ম অহংকাৰ (অহংবোধ) মানুহৰ জীৱনত অতি বিপজ্জনক স্বভাৱ। শক্তি, ক্ষমতা, বুদ্ধি বা সাফল্য অধিক হ’লে কিছুমান ব্যক্তিয়ে নিজকে অজেয় বুলি ভাবিবলৈ আৰম্ভ কৰে। এই অতিৰিক্ত অহংকাৰেই শেষত তেওঁলোকৰ পতনৰ মূল কাৰণ হৈ উঠে। ইতিহাস আৰু সাহিত্যত এনে বহু শক্তিশালী ব্যক্তিৰ জীৱন উদাহৰণ হিচাপে পোৱা যায়।

    

ইংলেণ্ডৰ প্ৰখ্যাত নাট্যকাৰ ক্ৰিষ্টোফাৰ মাৰ্ল’ ক (Christopher Marlowe) অতিমাত্ৰা আত্মবিশ্বাস আৰু উচ্ছৃঙ্খল জীৱনশৈলীয়ে  সামাজিক আৰু নৈতিক সংকটত পেলাইছিল। ফলস্বৰূপে তেওঁৰ অকালমৃত্যু  হয় আৰু  সাহিত্যিক জীৱন অসম্পূৰ্ণ হয় । লৰ্ড বাইৰণ (Lord Byron)অসাধাৰণ প্ৰতিভাৰ অধিকাৰী হোৱা সত্ত্বেও অহংকাৰী আচৰণ, সমাজৰ প্ৰতি অবহেলা আৰু ব্যক্তিগত কেলেঙ্কাৰীৰ বাবে নিজৰ সন্মান হেৰুৱায়। জীৱনৰ শেষভাগত নিঃসংগতা আৰু বিতৰ্কই তেওঁক ঘেৰি ধৰিছিল।অস্কাৰ ৱাইল্ড (Oscar Wilde)ৰ নিজ প্ৰতিভাৰ প্ৰতি অতিগৰ্ব আৰু সমাজক উপহাস কৰাৰ মনোভাৱে তেওঁক আইনগত বিপদলৈ ঠেলি দিয়ে। ফলত কাৰাবাস খাটিব লগা হয় আৰু সাহিত্যিক জীৱনৰ পতন হয় ।

    

অহংকাৰৰ ফলত  নেপোলিয়ন বোনাপাৰ্ট (Napoleon Bonaparte)ৰ দৰে ইউৰোপৰ মহান সেনানায়কৰ পতন হৈছিল। অতিমাত্ৰা আত্মবিশ্বাস আৰু ক্ষমতাৰ দাম্ভিকতাৰ বাবে  ৰাছিয়া অভিযান বিফল হয় আৰু  পিছত  তেওঁৰ পতন হয় ।এডলফ হিটলাৰে (Adolf Hitler)নিজক অপৰাজেয় বুলি ভবা অহংকাৰী মানসিকতাৰ ফলতেই জাৰ্মানী সম্পূৰ্ণ ধ্বংস হয় আৰু নিজেই আত্মবিনাশৰ পথ বাছি  লব লগা হয় ।

  

ছাদ্দাম হুছেইনৰ কুৱেইট আক্ৰমণ আৰু বিশ্বৰ প্ৰতি অৱজ্ঞাপূৰ্ণ মনোভাৱৰ বাবে ইৰাক যুদ্ধ, নিষেধাজ্ঞা আৰু শেষত চৰকাৰ পতনৰ মুখামুখি হয়।লিবিয়াৰ মুয়াম্মাৰ গাদ্দাফিৰ দীঘলীয়া একনায়কত্ব, অহংকাৰী শাসন আৰু জনতাৰ কথা নশুনাৰ ফলত দেশত গৃহযুদ্ধ হয় ।শ্ৰীলংকাত শাসকৰ ভুল সিদ্ধান্ত আৰু অহংকাৰী নীতিৰ ফলত অৰ্থনৈতিক সংকট গভীৰ হয় আৰু জনতাই শাসকক ক্ষমতাচ্যুত কৰে । কিছুমান ইতিহাসবিদৰ মতে ইন্দিৰা গান্ধীয়ে ক্ষমতাৰ  অহংকাৰত মত্ত হৈ ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু তেওঁ এই অহংকাৰৰ বাবে ক্ষমতাচ্যুত হয় ।

সাহিত্যিক বা ৰাজনীতিবিদ যিয়েই নহওঁক —নম্ৰতা, আত্মসমীক্ষা আৰু নৈতিক সংযম নাথাকিলে প্ৰতিভা আৰু ক্ষমতা দুয়োটাই পতনৰ পথলৈ যায়।

 

আধুনিক যুগৰ বহু শাসক বা ক্ষমতাশালী নেতাই জনতাৰ মতামত, ন্যায় আৰু মানৱিক মূল্যবোধক অৱজ্ঞা কৰি কেৱল নিজৰ অহংকাৰৰ বাবে আৰম্ভণিতে শক্তিশালী দেখা গ’লেও শেষত তেওঁলোকে জনসমৰ্থন হেৰুৱাই ক্ষমতাচ্যুত হৈছে।এনে উদাহৰণে এটা কথাই শিকায় যে  -শক্তি, ক্ষমতা বা সাফল্য যিমানেই ডাঙৰ নহওঁক কিয়, বিনয় আৰু আত্মসংযম নাথাকিলে সেয়া ধ্বংসৰ পথলৈ লৈ যায়। সেয়ে জীৱনত সাফল্যৰ লগে লগে বিনয়, সহানুভূতি আৰু নৈতিকতাৰ ওপৰত গুৰুত্ব দিলেহে স্থায়ী উন্নতি সম্ভৱ হয় ।

   

আজিৰ প্ৰতিযোগিতামূলক যুগত আত্ম অহংকাৰ অধিক বাঢ়ি অহা দেখা যায়। সামাজিক মাধ্যমত নিজৰ সফলতা প্ৰদৰ্শন কৰাৰ প্ৰৱণতা, আত্মপ্ৰচাৰৰ প্ৰতি আসক্তি—এইবোৰে অহংকাৰক ইন্ধন যোগায়। কিন্তু আমি পাহৰি যাওঁ যে, সঁচা সফলতা নম্ৰতা আৰু আত্মসংযমৰ সৈতে জড়িত। যি মানুহে নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰিব জানে, তেওঁয়েই শিকিবলৈ আৰু উন্নতি কৰিবলৈ সক্ষম হয়।

  

   শেহতীয়াকৈ বিশ্বৰ নেতৃত্বস্থানীয় শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ অহংকাৰ, আত্মকেন্দ্ৰিকতা আৰু একপক্ষীয় সিদ্ধান্তই  বিশ্বশান্তিৰ বাবে এক গুৰুতৰ ভাবুকি হৈ পৰিছে ।অহংকাৰী নেতৃত্বৰ বাবে আমেৰিকাই  নিজৰ শক্তিকেই সৰ্বশ্ৰেষ্ঠ বুলি ধৰি লৈছে আৰু আন দেশৰ মতামত, কূটনৈতিক সংবেদনশীলতা বা আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ মূল্য হ্ৰাস কৰিছে।  ফলস্বৰূপে, বহুপক্ষীয় সহযোগিতাৰ সলনি একপক্ষীয় সিদ্ধান্ত, নিষেধাজ্ঞা আৰু শক্তি প্ৰদৰ্শনে বেছি প্ৰাধান্য লাভ কৰিব  বিচাৰিছে । আনহাতে বিশ্বৰ ইতিহাসে দেখুৱাইছে যে ক্ষমতাৰ অহংকাৰ সমাজত যুদ্ধ, সংঘাত আৰু অস্থিৰতাৰ মূল কাৰণ হৈ পৰে । মধ্য প্ৰাচ্য, ইউৰোপ বা এছিয়া—যিকোনো অঞ্চলতে আমেৰিকাৰ নীতি-নির্ধাৰণৰ সৰু এটা ভুল সিদ্ধান্তেও বৃহৎ মানৱীয় সংকটৰ জন্ম দিব পাৰে। বিশেষকৈ পৰমাণু অস্ত্ৰ, জলবায়ু পৰিৱর্তন, বাণিজ্য যুদ্ধ আৰু আঞ্চলিক সংঘাতৰ দৰে সংবেদনশীল বিষয়ত অহংকাৰী মনোভাৱ অতি বিপজ্জনক হৈ পৰিব । আমেৰিকাৰ টেৰিফ নীতিয়ে  বিশ্ব অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলাইছে। আমেৰিকাৰ অহংকাৰী নীতিৰ ফলত বিশ্বত বাণিজ্য যুদ্ধ সৃষ্টি হোৱাৰ লগতে উন্নয়নশীল দেশসমূহৰ অৰ্থনীতি দুৰ্বল কৰাৰ  উপক্ৰম হৈছে । তাৰোপৰি আমেৰিকাৰ আগ্ৰাসী মনোভাৱে বিশ্বত গনতান্ত্ৰিক মূল্যবোধৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে সমগ্ৰ বিশ্বৰ শান্তি, স্থিতিশীলতা আৰু উন্নয়নক বিপদত পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

  

বিশ্ব এক জটিল  সময়ত উপনীত হৈছে ।প্ৰতিখন স্বাধীন ৰাষ্ট্ৰই নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে ।ভাৰতৰ দৰে গনতান্ত্ৰিক মূল্যবোধত বিশ্বাসী ৰাষ্ট্ৰ সমূহে আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ অহংকাৰী নীতিৰ পৰিবৰ্তে বিনম্ৰতা, কূটনৈতিক বুদ্ধিমত্তা আৰু দায়িত্বশীল নেতৃত্বৰ বাবে একত্ৰিত হোৱা পৰিলক্ষিত হৈছে । ভাৰতৰ বৈদেশিক নীতি "বসুধৈৱ কুটুম্বকম" অৰ্থাৎ সমগ্ৰ বিশ্ব একেই পৰিয়াল  -এই দৰ্শনত আধাৰিত । ভাৰতৰ নীতি মানৱতা,সহাৱস্থান আৰু দীঘলীয়া স্থিতিশীলতাৰ ওপৰত নিৰ্ভৰশীল। যাৰ বাবে উন্নয়নশীল দেশসমূহৰ মাজত ভাৰতক বিশ্বাসযোগ্য  আৰু দায়িত্বশীল শক্তি হিচাপে দেখা যায়।  ভাৰতৰ  সংযমী, মূল্যবোধ ভিত্তিক নীতিয়ে বিশ্বশান্তি আৰু সহাবস্থানৰ পথ দেখুৱাব  পাৰে । এই অৰ্থত আমেৰিকাৰ অহংকাৰী নীতিৰ বিপৰীতে ভাৰতৰ চিন্তা আৰু নীতি ইতিবাচক বিকল্প হিচাপে উদ্ভাসিত হৈছে ।

     

যিসকলে অহংকাৰক জয় কৰিছে, তেওঁলোকেই দীৰ্ঘদিন সন্মান আৰু সফলতা লাভ কৰিছে ।সকলোৱে সমাজত আত্মবিশ্বাস আৰু অহংকাৰৰ মাজৰ সূক্ষ্ম সীমাৰেখা বুজাটো অতি প্ৰয়োজন। আত্মবিশ্বাসে আগবঢ়াত অৰিহণা যোগায় আৰু অহংকাৰে থমকি ৰবলৈ বাধ্য কৰে। ব্যক্তি আৰু সমাজৰ সুস্থ বিকাশৰ বাবে আত্ম-অহংকাৰ ত্যাগ কৰি বিনয়,  সহনশীলতা আৰু সহমর্মিতা জীৱনৰ অন্যতম মূল্যবোধ হিচাপে গ্ৰহণ কৰাটোৱেই সময়ৰ আহ্বান। আত্ম অহংকাৰ নিয়ন্ত্ৰণত ৰাখি, সহিষ্ণুতা আৰু মানৱীয় মূল্যবোধেৰে আগবাঢ়িলেহে ব্যক্তি আৰু সমাজ দুয়ো উপকৃত হব ।আত্ম-অহংকাৰ যদি নিয়ন্ত্ৰণত থাকে,তেন্তে ই শক্তিৰ সহায়ক হয় ; অন্যথা  ই চেতনাৰ পতনৰ পথ প্ৰশস্ত কৰে ।

    

দীপিকা লস্কৰ

মো:নং-   ৯৪৩৫২২৪৩৬৩

Comments


bottom of page