top of page

ডঃ ভূপেন হাজৰিকাৰ দৃষ্টিত শ্রীমন্ত শংকৰদেৱ

Updated: Oct 26, 2025


শ্ৰীমন্ত শংকৰদেৱ সম্পর্কত অসমৰ ওপৰিও দেশ-বিদেশৰ গুণীজনে বিভিন্ন সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য কৰি আহিছে। তেনে গুণীজনৰ তালিকা অতি দীঘলীয়া। তাৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণু প্রসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডঃ ভূপেন হাজৰিকাৰ মন্তব্য বা তেখেতসকলৰ দৃষ্টিভংগী অতি গুৰুত্বপূৰ্ণ ,যুগান্তকাৰী। মহাপুৰুষ মাধৱদেৱৰ পিছত এই চাৰিগৰাকী মহান ব্যক্তিয়েই গুৰুজনা সম্পর্কত যিখিনি কথা কৈছে- গুৰুজনাক জানিবলৈ, তেৰাৰ মহত্ত্ব উপলব্ধি কৰিবলৈ সেইখিনিয়েই যথেষ্ট বুলি কব পাৰি।


সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনটো আৰম্ভ হৈছিল শংকৰদেৱক লৈয়েই। সংস্কৃতিবান পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ তত্বাৱধানত পৰিচালিত ঘৰ খনত আছিল এক আধ্যাত্মিক আৰু সাংস্কৃতিক চেতনাৰ পৰিবেশ। সেই পৰিবেশত লালিত পালিত ডঃ ভূপেন হাজৰিকাই দহ বছৰ বয়সতে গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ ছাত্ৰসভাত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা লাভ কৰিছিল এটি মৰমসনা চুমা আৰু অন্তৰৰ আশীৰ্বাদ। হাজৰিকাৰ ভাষাত, "সেয়াই আছিল মোৰ শিল্পী জীৱনৰ আৰম্ভণি।" সেয়া আছিল ইং ১৯৩০ চনৰ ৩০ জানুৱাৰী। শিশুটিক চুমা এটা দি বেজবৰুৱাই কৈছিল, 'বৰ ডাঙৰ শিল্পী হ'ব এওঁ।”


এইগৰাকী ডঃ ভূপেন হাজৰিকাই গুৱাহাটীৰ পৰা তেজপুৰলৈ আহিল। সান্নিধ্য লাভ কৰিলে বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ। এই সকল প্রাতঃ স্মৰণীয় ব্যক্তিৰ সান্নিধ্য সোঁৱৰণ কৰি ডঃ ভূপেন হাজৰিকাই কৈছে,-"তেওঁলোকৰ পৰা পোৱা এনে শিক্ষা আৰু প্ৰেৰণাতেই মাটিৰ কৃষ্টি-সংস্কৃতিক সম্মান কৰিবলৈ, স্বদেশৰ মাটিত ভৰি থৈও বিশ্বৰ বহল পথাৰখনলৈ চাবলৈ শিকিলো। সম্ভৱতঃ এইসকল শিল্পীৰ নিবিড় সান্নিধ্যতেই গঢ় লৈ উঠা দৃষ্টিভঙ্গীৰে মই কলম হাতত লৈ লিখিছিলো-'কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰ গুৰুৱে ধৰিছিল নামৰে তান।' মহাপুৰুষ গুৰুজনাক স্মৰণ কৰি কৈশোৰতে ৰচনা কৰা এই গীতটোৱেই আছিল মোৰ জীৱনৰ প্রথম গীত। আৰম্ভ হ'ল মোৰ গীতিকাৰ জীৱন।” সেয়া আছিল ইং ১৯৩৭ চনৰ কথা।



গতিকে সুধাকণ্ঠৰ গীতিকাৰ জীৱনৰ আৰম্ভ হৈছে গুৰু বন্দনাৰ মাজেৰেই। জীৱনৰ শেষ নিশ্বাসলৈকে সুধাকণ্ঠৰ অন্তৰত আছিল গুৰুজনাৰ প্ৰতি অপৰিসীম শ্রদ্ধা-ভক্তি ,কৃতজ্ঞতা। নানা সময়ত, নানা প্রসঙ্গত ডঃ ভূপেন হাজৰিকাই গুৰুজনা সম্পর্কত উচ্চ প্রশংসা কৰি থৈ গৈছে। তেনে প্রসঙ্গবোৰৰ দুটামান উল্লেখ কৰিলেই কথাখিনি স্পষ্ট হ'ব। "পাটবাউসীলৈ যাওঁ ব'লক” শীর্ষক লেখাটিত উল্লেখিত হাজৰিকাৰ দুটামান বাক্য এনে ধৰনৰ -

"গগণ মণ্ডল চোৱে কীৰ্তনৰ ধ্বনি।

আনন্দ সাগৰে লোকে মাজে তাকে শুনি।”


এই গগণ মণ্ডল পৰশা মহাপুৰুষৰ কীৰ্তনৰ প্ৰতিধ্বনি আজিও আছে- জীৱন্তভাবে- প্রত্যেক অসমীয়াৰ কলিজাত, কোনোবা পাটবাউসীত। তেতিয়াই (সংসাৰত ব্যভিচাৰ হ'লে) শ্রী শংকৰদেৱৰ দৰে পুৰুষ আহে- আহি আচল পথভ্ৰষ্ট মানুহৰ মাজত সোমাই পৰে। মানুহৰ সুখ-দুখৰ মাজত থাকি, উপলব্ধি কৰি তাৰ উপায় উলিয়ায়। মানুহৰ বাবে আচল পথ উলিয়ায়। এনেহেন শংকৰ কিন্ত্ত মানুহৰ মাজলৈ আহে সাধাৰণ মানুহ ৰূপেহে। সুধাকণ্ঠই পাটবাউসীৰ কাৰুকাৰ্যত মুগ্ধহৈ কৈছে- "পাটবাউসী সত্রখনত নাছিল কি? সৌৱা Art Gallary, চিত্ৰালয়।” গুৰুজনাৰ অপূৰ্ব চিন্তা শক্তিৰ উচ্চ প্রশংসা কৰিছে শিল্পী জনাই। গুৰুজনাই কৰা কুটীৰ শিল্প, পুথিভড়াল, জনহিতকাৰী ঔষধ প্রস্তুতকৰণ, নাটৰ কৰ্মশালা কৰা আদি নানা দিশত গুৰুজনাৰ পটুতা দেখি সুধাকন্ঠ মোহিত হৈছে।


"মহাপুৰুষ শ্রীশ্রী শংকৰদেৱ: বহুমুখী প্রতিভা সম্পন্ন এক মহান ব্যক্তিত্ব”- শীর্ষক লেখা এটিত ডঃ ভূপেন হাজৰিকাই মহাপুৰুষ গুৰুজনাৰ অসামান্য প্রতিভাৰ উচ্চ প্রশংসা কৰিছে, প্রশংসা কৰিছে সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুজনাই লোৱা বৈপ্লৱিক পদক্ষেপ, জাত প্রথা, উচ্চ-নীচ-ভেদ নাশ কৰিবলৈ গুৰুজনাই আৰু তেওঁৰ শিষ্যজনে যি অসাধ্য সাধন কৰিলে তাকে দেখি ডঃ ভুপেন হাজৰিকাই লিখিছে, "আমাৰ মতে, ভাৰতবৰ্ষৰ ক'তো কাহানিও শ্রীমন্ত শংকৰ গুৰুৰ দৰে বহুমুখী প্রতিভাসম্পন ব্যক্তিত্বৰ পুৰুষ জন্মা নাই। মহাত্মা গান্ধীয়ে অস্পৃশ্যক "হৰিজন” বুলিছিল। অথচ পাঁচশ বছৰ আগতে কৈৱর্ত জীয়ৰী ৰাধিকাৰ 'জ্ঞানক' মৰ্য্যদা দি গৈছিল শ্রী শংকৰে। 'হৰিৰ জন' নুবুলি শ্রীশংকৰৰ পাছৰ নাজিৰা শিষ্য শ্রীৰাম আতাই টিৰাপৰ জনজাতি নৃপক নৰৰ ভিতৰত উত্তম- 'নৰোত্তম' আখ্যা দিছিল। আমাৰ মতে, 'নৰোত্তম' কথাষাৰ 'হৰিজন' শব্দতকৈ অর্থপূর্ণ। কিয়নো ব্রাহ্মণ, শূদ্ৰ সকলো যিহেতু হৰিৰেই জন। এইজনা মহাপুৰুষ- যি জনাই ৰবি ঠাকুৰৰ বহু আগতেই বহু বিষয়ৰ কার্যসূচী থকা” ৰেছিডেন্সিয়েল" সত্ৰৰূপী বিশ্ববিদ্যালয় পাতি গৈছে- যি গৰাকী শিক্ষাবিদে দর্শন, সাহিত্য, সংস্কৃতি, সমাজ-সংস্কাৰৰ সর্বদিশে শিক্ষা দি গৈছে, শিক্ষাৰ অভিনৱ পদ্ধতি সিঁচি গৈছে- যিগৰাকী গুৰুৱে তাহানিৰ সংযোগবিহীন ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ আৰু দক্ষিণলৈ কষ্টৰে ভ্ৰমণ কৰি জ্ঞান আহৰণ আৰু বিনিময় কৰিছিল- যিজনা গুৰুৰ সমাজ শিক্ষাৰ বাবে আজিও আমাৰ অসমত হিন্দু-মুছলমানৰ মাজত মৰা-মৰি, কটা-কটি হোৱা নাই, যিজনা গুৰু আজিৰ অসমীয়া জাতীয় নদীৰ গৰাখহনীয়াত একমাত্ৰ "নৈতিক মথাউৰি” সদৃশ, তেনে এজন গুৰুৰ চিন্তা আজিৰ "মডাৰ্ণ জেনেৰেশ্বন”ৰ বৈল্পৱিক চিন্তা ধাৰাতকৈ কোনো পধ্যে কম আধুনিক নহয়। শ্রী শংকৰৰ সামন্ত তন্ত্ৰৰ বিৰোধিতা, সমদৃষ্টি (কুকুৰ-শৃগাল গৰ্দ্দভৰো আত্মাৰাম),আর্থিক সংস্কাৰ, দৰ্শনৰ বৈজ্ঞানিক বিশ্লেষণ, সংসাৰত থাকিও সবাৰো বাবে আধ্যাত্মিক, শাৰীৰিক আৰু সামাজিক সমতা আৰু উন্নতি কামনা আৰু চিৰসুন্দৰৰ উপাসনা- এনে নানা গুণৰ বাবেই আজিৰ আধুনিক সমাজে শ্রী শঙ্কৰৰ আৰু তেৰাৰ চিন্তাধাৰাক আৱহেলা নকৰে, কৰিলেও তেনে শংকৰী মন্দাকিনীৰ ক্ষতি নহয়।” (আমাৰ প্রতিনিধি, ১৫ বর্ষ) সুধাকণ্ঠই সামৰণিত কৈছে, "বটদ্রবা দর্শন কৰাৰ পাছত আনন্দাশ্ৰু ওলাব খুজিছিল। কিয় বাৰু।”


এইখিনিৰ মাজতে ওলাই পৰিছে শ্রীমন্ত শংকৰদেৱ সম্পর্কত ডঃ ভূপেন হাজৰিকাৰ দৃষ্টিভঙ্গী। তেখেতৰ এই সোণসেৰীয়া কথাখিনিৰ মাজতে নিহিত হৈ আছে আমাৰ সৰ্বকালৰ একমাত্ৰ গুৰু, চিন্তা নায়ক, যুগনায়ক শ্রীমন্ত শংকৰদেৱৰ প্রতিভা আৰু মহত্ব।


ডঃ ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰথম গীত অ’মোৰ গুৰু ঐ” । এই গীতটোৰ মাজতো গুৰুজনাৰ জয়গান গাইছে শিল্পী গৰাকীয়ে এইদৰে-


"কুসুম্বৰ পুত্ৰ শ্রীশঙ্কৰ গুৰুৱে

ধৰিছিল নামৰে তান

নামৰে সুৰতে আনন্দত নাচিছিল

পবিত্ৰ বৰদোৱা থান ।

মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান।।


অশেষ যাতনা ভুঞ্জিলাঁ শ্রীশঙ্কৰ

ধৰমৰ নামতে তুমি

সকলো দুখলৈ পিঠি দিলাঁ গুৰু

নধন্য অসম ভূমি

মোৰ গুৰু ঐ, ধন্য অসম ভূমি।।


নামঘৰ সাজিলাঁ, ৰাইজ থাপিলাঁ

একতাৰ আসনত আনি

ভাওনা সোণতে বৰগীত সুৱগা

প্রচাৰিলাঁ দেৱবাণী

মোৰ গুৰু ঐ, প্রচাৰিলাঁ দেৱবাণী।।


এটুপি দুটুপি চকুলো সৰে মোৰ

দুখনি চৰণক পাই

অসমৰ আকাশত দুখৰ ৰোল উঠিছে

আজি শ্রীশঙ্কৰ নাই

মোৰ গুৰু ঐ, আজি শ্রীশঙ্কৰ নাই।।


(তেজপুৰঃ ১৯৩৭ চন।)


সুধাকণ্ঠৰ আন এটি কালজয়ী গীত "পাৰ ভাঙি দিলে শ্রীমন্ত শঙ্কৰে”। তাতো তেখেতৰ দুটা মান গীতৰ শাৰীত আছে গুৰু বন্দনা। যেনে-

" পাৰ ভাঙি দিলে শ্রীমন্ত শংকৰে

বহে ব্রহ্মাণ্ডক ভেদি

তৃষ্ণাতুৰ মানৱে ফুৰিছে বিচাৰি

শান্তি-অমৃতৰ নদী।


অসমী আই মোৰ

অতি ভয়ঙ্কৰ ৰাক্ষসৰ কাৰণে

ভয়ে নকৰিবা ভয়ে নকৰিবা

আমাৰো শ্রী শঙ্কৰ আছে।

অতি নিষ্ঠুৰ কালসর্পৰ কাৰণে

ভয়ে নকৰিবা ভয়ে নকৰিবা

ভকতিৰো শকতি আছে।”


(ৰচনাকাল: ১ নৱেম্বৰ, ১৯৯৮)


"শংকৰ-মাধৱৰ মহা মহা সৃষ্টিত” - শীর্ষক গীত এটিতো সুধাকণ্ঠই গাইছে-


"শংকৰ মাধৱৰ মহা মহা সৃষ্টিৰে

উজ্বল লুইতৰে পাৰ।

কত জনে শলাগিলে অসমীয়া লিখনি

পদ্ম গোহাঞি বৰুৱাৰ।” (১৯৭২ চনৰ ৮ নৱেম্বৰ)


"মহাবাহু ব্ৰহ্মপুত্ৰৰ মহামিলনৰ তীৰ্থ”- শীৰ্ষক গীততো গুৰুজনাক স্মৰণ কৰিছে শিল্পী গৰাকীয়ে -


"সুদূৰ কান্যকুব্জৰ পৰা বাৰভূঞা আহিছিলে

সেই বংশতে শঙ্কৰদেউ ইয়াতে জনমিলে।"


শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানত (৯ নৱেম্বৰ, ১৯৯৮ চন) ভাৰতৰত্ন, অসমীয়া জাতিৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকাই দিয়া ভাষণ জাতিয়ে স্মৰণ কৰিলগীয়া এটি ভাষণ। সিদিনা মহামহিম ৰাষ্ট্ৰপতিৰ উপস্থিতিত বহু কথাৰ মাজতে সুধাকণ্ঠই কৈছিল-"আজিৰ এই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সেইজনা অবিনাশী প্রতিভাৰে উজ্বল মহাপুৰুষৰ চিন্তা চেতনাৰে জাতিস্কাৰ কৰি তুলিব লাগিব। আজিৰ এই শুভ আৰম্ভণি দেখাৰ মোৰ যি সৌভাগ্য ঘটিল- ই মহাপুৰুষে গঢ় দি যোৱা এটা জীৱন্ত জাতিৰ বহু আয়াসলব্ধ প্রচেষ্টা আৰু নিৰৱচ্ছিন্ন গতিৰ ফল। এই কলাক্ষেত্ৰত হৈ উঠক এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয়, "ৰেচিডেন্সিয়েল' সত্ৰৰূপী বিশ্ববিদ্যালয়ৰে আধুনিকতম সংস্কৰণ, শিক্ষা সাহিত্য কলা সঙ্গীত-নাটক-দর্শন-জ্ঞান বিজ্ঞানৰ চর্চাকেন্দ্র। এই কলাক্ষেত্রতে একত্ৰ হওকহি পুনৰ গোবিন্দ, পৰমান্দ, ৰমাই, নৰোত্তম, চান্দসাঁই, হৰিদাস, দামোদৰ, ৰাধিকা শান্তি- সকলোৰে মন আৰু পণ।” সামৰণিত তেখেতে কৈছে, - "শেষত, সেয়েহে অসুন্দৰৰ আন্ধাৰক মহাপুৰুষৰ ভাষাৰেই সোঁৱৰাই দিবৰ মন গৈছে-

"শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা

নিশাচৰ নাশ নিদান ।"


ডঃ ভূপেন হাজৰিকাই গুৰুজনাক হৃদয়ত লৈ ফুৰিছিল। শিক্ষা, সংস্কাৰ, বিজ্ঞান মনঙ্কতা, সমভাব এই সকলো গুণ তেখেতে বিচাৰি পাইছিল গুৰুজনাৰ ব্যক্তিত্বত। ভাৰতত এনে গুৰুৰ জন্ম হোৱা নাই বুলি ভবা সুধাকণ্ঠই গুৰুজনাৰ জ্ঞান গৰিমা সৰ্বভাৰতীয় স্তৰত আজিকোপতি কিয় প্রতিষ্ঠা কৰিব পৰা নাই বুলি সোধা এটা প্রশ্নৰ উত্তৰত কৈছিল,-


“তেৰাৰ বিষয়ে আমি প্রচাৰ কৰা নাই বা আমাক অৱহেলা কৰিছে। বৰগীতখিনিৰ স্বীকৃতি আমি আনিব পৰা নাই সঙ্গীত নাটক একাডেমীৰ পৰা আজি যোৱা চল্লিশ বছৰে। মাজে মাজ মান্তি হয়, তাৰ পাছত অৱহেলা কৰে। আজি চাৰিওফালে প্রচেষ্টা স্বত্বেও আমি বলি হৈছো বাহিৰৰ অৱহেলা, বাহিৰৰ মানসিক জগতৰ অৱহেলা, আৰু 'ছ' ভিনিজম'ৰ। বাহিৰৰ ছ' ভিনিজিম'ৰ আমি বলি হৈছো।”

অসমীয়া জাতিয়ে কৃতজ্ঞচিতে স্বীকাৰ কৰিবই লাগিব যে ৰাষ্ট্ৰীয় সঙ্গীত নাটক একাডেমীৰ অধ্যক্ষৰ আসনত থকা অৱস্থাতে ডঃ ভূপেন হাজৰিকাই 'সত্ৰীয়া নৃত্যক' ৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰি অসম আৰু অসমীয়াৰ মান উচ্চ আসনত প্রতিষ্ঠা কৰি থৈ গৈছে। আমাৰ বাবে গৌৰৱ যে সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ আসন শুৱনি কৰা আৰু সন্মানীয় "দাদা চাহেব ফাল্কে বঁটা বিজয়ী” একমাত্ৰ অসমীয়া জনেই হ'ল ডঃ ভুপেন হাজৰিকা। লগতে তেখেত আছিল দ্বিতীয় গৰাকী অসমীয়া "ভাৰতৰত্ন”। জনগণৰ মহানায়ক, প্রাণৰো প্ৰাণৰ শিল্পীজনে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ কীৰ্তি আৰু যশস্যা প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেখেতৰ গীত, লেখনি, বক্তৃতা, কবিতা সকলোতে মূৰ্ত্ত হৈ উঠিছিল শ্রীমন্ত শংকৰদেৱৰ বিশাল ব্যক্তিত্ব। তেখেতেমপাটবাউসী দৰ্শনৰ টোকাত গুৰুজনাক বিশ্ববিদ্যালয়ৰ 'ভাইচ চেঞ্চেলা'ৰ উপমাৰে আখ্যায়িত কৰিছিল। জ্যোতি প্রসাদেও কৈছিল, "বৰদোৱা সত্ৰ দৰ্শন কৰাৰ পাছত মোৰ মনৰ চাহাব' টো দৌৰি পলাল”, বৰদোৱা সত্ৰত অঙ্কিত স্থাপত্য আৰু ভাস্কৰ্য দেখি জ্যোতিপ্রসাদে আক্ষেপ কৰিছল কিয় তেখেতে বিদেশত পঢ়িবলৈ গৈছিল বুলি। বেজবৰুৱাই লিখিছে-


"মোক গুৰু লাগে মই শিক্ষিত শিষ্য

জগতক জাননী দিলো।

জগতৰে গুৰুনশ্রীশংকৰ ঘৰতে

অন্ধলাই নেদেখিলো- হে গুৰু শংকৰ।।"


ৰসৰাজ বেজবৰুৱা, জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাকে ধৰি মহান ব্যক্তিসকলে আমাক বাৰে বাৰে সোঁৱৰাই গৈছে- শ্রীমন্ত শংকৰদেৱেই আমাৰ পৰম গুৰু। গুৰুজনাই দেখুৱাই যোৱা পথেৰে গ'লেহে দেশ আৰু জাতিৰ মঙ্গল হ'ব। মাধৱ মহাপুৰুষৰ ভাষাত- " তাহান্ত বিনাই নাই নাই নাই

আমাৰ পৰম গুৰু।”


থানেশ্বৰ মালাকাৰ

৯৪৩৫০৫৪৩৮৪

প্রাক্তন আয়ুক্ত সচিব, অসম চৰকাৰ




Comments


bottom of page