“মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়েই কাঞ্চনজংঘা।”
- ড০ বলেন্দ্ৰ কুমাৰ দাস
- Sep 23, 2025
- 1 min read

অসমৰ সাংস্কৃতিক আকাশৰ এটি উজ্বল নক্ষত্ৰ অনাকাংক্ষিত ভাৱে অকালতে সৰি পৰিল, উকা হৈ গ’ল এটি জ্যোতিস্কৰ অসাধৰন অম্লান জ্যোতি।যি জ্যোতিৰ কন্ঠই জাতিটোক নাভাগৰাৰ প্ৰতিশ্ৰুতি দি ধুমুহাৰ স’তে মিতিৰালি পাতি একতাৰ ডোলেৰে আঁতি আঁতি বান্ধি লৈ গৈ থাকোতেই হঠাৎ মূৰৰ ওপৰত আকাশ ভাঙি পৰিল। একেধাৰে অমৃত কন্ঠৰ গায়ক, গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰী, চলচ্ছিত্ৰ অভিনেতা, পৰিছালক, প্ৰযোজক,চিত্ৰনাট্যকাৰ, কৱি, লেখক, দুৰ্বাৰ প্ৰকৃতিপ্ৰেমী আৰু ‘সৱাৰ ওপৰে মানুষ সত্য’ বুলি হাড়ে হিমজুৱে বুজি পোৱা, নিঃস্ব, নিঃকিন, দৰিদ্যজনৰ কলিজাৰ এফাল, সেই জুৱিন গাৰ্গ নামৰ অনুষ্ঠানটিক অসমীয়া মহাজাতিয়ে অকালতে হেৰুৱাই আজি ম্ৰিয়মান। জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোকস্তব্ধ অগণন গুনমুগ্ধই আজন্ম শিল্পী গৰাকীৰ এই চিৰবিদায়ক মানি লোৱাৰ বাবে মানসিক ভাৱে প্ৰস্তূত হ’ৱ পৰা নাই। প্ৰজন্মৰ পিছত প্ৰজন্ম অগণিত অনুৰাগীৰ হৃদয়ৰ মণিকোঠাত স্বতঃস্ফূৰ্তভাৱে ৰৈ ৰৈ বিনাব তেওঁৰ অন্তৰস্পৰ্শী গীতৰ সুমধুৰ ভাৱ-ভাষা-সুৰে। অনন্ত কাল অসমীয়াৰ তেজে তেজে বগাই ফুৰিব এই অমিতাভ কন্ঠৰ ধুমুহাৰ দৰে মায়াবিনী কল্লোলিত নাছোনৰ ৰ’দ ঘাই সোন চেকুৰা। ঈশ্বৰৰ চৰণত নতজানুহৈ প্ৰাৰ্থনা জনাইছো জুবিনৰ মহান আত্মাক চিৰশান্তি প্ৰদান কৰি যথাস্থান প্ৰাপ্ত কৰক আৰু তেওঁৰ শোকদগ্ধ পৰিয়ালৰ লগতে সমগ্ৰ অসমীয়া মহাজাতিক এই দুখ সহ্য কৰাৰ বাবে অফুৰন্ত শক্তি প্ৰদান কৰক, তাকেই সহৃদয়তাৰে কামনা কৰিছো।
ঔম্ শান্তি ।
ড০ বলেন্দ্ৰ কুমাৰ দাস





Comments