top of page

সফলতা আৰু সুখ

Updated: Feb 3

 

       

 

     আমি জীৱনজুৰি সুখৰ সন্ধানত ঘূৰি ফুৰোঁ, সফলতাৰ পিছে পিছে দৌৰিবলৈ শিকো; কিন্তু মনত প্রশ্নৰ উদয় হয় সফল হোৱা প্রতিজন ব্যক্তি সুখী জানো? বা সুখী হোৱা প্রতিজন ব্যক্তি সফলনে? কি সম্পর্ক বাৰু সুখ আৰু সফলতাৰ মাজত। পাৰস্পৰিক নিৰ্ভৰশীলতা নে ইটো আনটোৰ পৰা পৃথক? সুখৰ সংজ্ঞানো কি? সুখ আৰু সফলতাই জীৱনৰ উদ্দেশ্যনে? দুয়োটা চিৰস্থায়ী জানো?


         বিজ্ঞানৰ মতে সুখ হৈছে একপ্ৰকাৰৰ হৰম'নৰ ক্ৰিয়া। সুখৰ অনুভূতিৰ ক্ষেত্রত জড়িত হৈ থাকে বিভিন্ন হৰম'ন। আমাৰ শৰীৰত হৰম'নে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। শৰীৰত হৰম'নৰ অবিৰত পৰিৱৰ্তন ঘটে। একে সময়তে পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ইয়াৰ পৰিৱৰ্তন বেছি সোনকালে হোৱা দেখা যায়। হৰম'নৰ পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্রভাৱ শৰীৰত দেখা যায়। শৰীৰত থকা চাৰিবিধ হৰম'নৰ বাবে আমাৰ দেহত সুখৰ অনুভূতি হয়। এই চাৰিবিধ হৰম'ন হৈছে-ড'পামিন, চেৰ'টনিন,

অক্সিট'চিন আৰু এণ্ড'ফিন। যদি ইয়াৰ মাত্রা কমি যায় তেন্তে মানসিক চাপৰ সন্মুখীন হোৱা দেখা যায় অথবা মনত ইতিবাচক অনুভূতিৰ মাত্রা কমি যায়।


        বিজ্ঞানৰ মতে যেতিয়া আমি কোনো এটা লক্ষ্য নির্ধাৰণ কৰোঁ আৰু সেই লক্ষ্যটো সম্পূর্ণ কৰোঁ, তেতিয়া আমাৰ দেহত ড'পামিন হৰম'নৰ নিঃসৰণ হয়। যাৰ ফলত আমাৰ মনত এক সুখ আৰু সন্তুষ্টিৰ অনুভূতি হয়। সেয়েহে আমি কোনো কামৰ লক্ষ্য নির্ধাৰণ কৰিলে সেই কামটো সম্পূর্ণ কৰাৰ বাবে চেষ্টা কৰা উচিত। তেতিয়া আমাৰ মনত এক আত্মসন্তুষ্টিৰ সৃষ্টি হয় আৰু ই আমাৰ মনত সুখৰ অনুভূতিৰ সৃষ্টি কৰে। বহুতো গবেষণাৰ পৰা গম পোৱা গৈছে যে যিবোৰ মানুহে পোহনীয়া জন্তু, প্রকৃতিৰ লগত সময় অতিবাহিত কৰে, তেওঁলোকৰ দেহত অক্সিট 'চিনৰ পৰিমাণ অইন মানুহতকৈ বেছি। কেঁচুৱা, শিশুৰ লগত খেলিলে অথবা সময় অতিবাহিত কৰিলেও আমাৰ দেহত অক্সিট'চিন নিঃসৰণৰ মাত্রা বৃদ্ধি পায়। ইয়াৰোপৰি হৃদয়ৰ কোনো আপোন ব্যক্তিক আলিংগন কৰিলে, হাতত ধৰিলে বা কোনোবাই আমাৰ প্রশংসা কৰিলেও আমাৰ দেহত অক্সিট'চিন নিঃসৰণ হয় আৰু ইয়ে আমাৰ দেহত সুখৰ অনুভূতিৰ সৃষ্টি কৰে। ব্যায়াম, শাৰীৰিক পৰিশ্ৰমৰ ফলত মানৱ দেহত এণ্ড'ফিন হ'ৰমনৰ নিঃসৰণ হয়। সেয়েহে আমি প্রতিদিনে অতি কমেও ৩০ মিনিট সময় ব্যায়াম কৰা উচিত। তদুপৰি মন খুলি হাঁহিলে, কোনো essential তেল যেনে levendar, lemon আদি ব্যৱহাৰ কৰিলেও শৰীৰত এণ্ড'ফিন হৰম'ন নিঃসৰণ হয় আৰু সুখ অনুভূতিত অৰিহণা যোগায়। যোগাসন, মুক্ত আকাশৰ তলত খোজ কঢ়া, গান শুনা, সাঁতোৰা, ১০-১৫ মিনিট সময় সূৰ্যৰ পোহৰ দেহত লগোৱা ইত্যাদি কাৰ্যই শৰীৰত চেৰ টনিন হৰম'ন নিঃসৰণত সহায় কৰে। সাঁতোৰৰ ফলত আমাৰ দেহত বর্ধিত চাপ (stress)ৰ পৰিমাণ হ্রাস পায় আৰু সুখৰ অনুভূতিৰ সৃষ্টি কৰে। এইবোৰ হৈছে সুখৰ বিজ্ঞানসম্মত দিশ।


         

সাধাৰণতে সুখী জীৱন বা সুখী ব্যক্তিৰ কথা ক'লে আমাৰ মনলৈ আহে সফলতা অথবা বিলাসী জীৱনশৈলী। কিন্তু এয়া সঁচা জানো? সফলতা বা বিলাসিতাই যদি সুখৰ পৰিচয় হ'লহেঁতেন তেন্তে বজাৰত নিদ্রাহীনতা, এন্টিডিপ্ৰেচনৰ ঔষধৰ বিক্ৰীৰ তালিকাত সফল বা বিলাসী ব্যক্তিৰ নাম অন্তর্ভুক্ত নহ'লহেঁতেন। কোনো অট্টালিকাত বিলাসী অথবা সফল ব্যক্তিৰ আত্মহত্যাৰ বাতৰি নাপালোহেঁতেন। সুখী থাকিবলৈ টকা-পইচাৰ দৰকাৰ সঁচা। কিন্তু অৰ্থৰে সুখ কিনিব নোৱাৰে। অৰ্থৰে এখন কোমল বিছনা কিনিব পাৰি, এটি সুন্দৰ টোপনি নহয়। অৰ্থৰে অট্টালিকা সজাব পাৰি, কিন্তু শান্তি নহয়। অৰ্থৰে ভাল কাপোৰ কিনিব পাৰি, সৌন্দৰ্য চৰ্চা কৰিব পাৰি; কিন্তু সুন্দৰ ব্যক্তিত্ব নহয়। অৰ্থৰে উন্নত মানৰ চিকিৎসা কৰিব পাৰি সঁচা, কিন্তু কিনিব নোৱাৰি আয়ুস। অৰ্থৰে কিনিব নোৱাৰি নিঃস্বার্থ মৰম, ভালপোৱা, সন্মান, ত্যাগ আৰু বহুতো। মুঠতে অৰ্থৰে অধিকাংশ ক্রয় কৰিব পাৰি কিন্তু সর্বোচ্চনহয়। এটি সুন্দৰ জীবন-যাপনৰ বাবে টকা-পইচাৰ দৰকাৰ সঁচা। কিন্তু মৰম, আত্মীয়তা, আন্তৰিকতাৰ অবিহনে এই সুখ অসম্পূর্ণ।

     

সফলতা আৰু সুখৰ মাজত সেতুবন্ধন কৰে আমাৰ মনটিয়ে। মনেই হ'ল মানুহৰ অভ্যন্তৰস্থ সৃষ্টি-ধ্বংসৰ মূল হোতা। আমাৰ আশা-নিৰাশা, দুখ-বেদনা, উদাৰতা-ঈর্ষাপৰায়ণতা, সুখ-দুখ সকলোবোৰ বিষয়ৰে কেন্দ্রবিন্দু হ'ল আমাৰ মন। মনেই জগত সৃষ্টি আৰু সংহাৰৰ মূল নিয়ন্ত্রক শক্তি। মানুহৰ মনক এক দাপোণ সদৃশ গণ্য কৰিব পাৰি। দাপোণত সূৰ্যৰ ৰশ্মি পৰিলে যেনেকৈ চৌদিশে পোহৰ প্রতিফলিত হয়, ঠিক সেইদৰে মনটো সুস্থ তথা আনন্দময় হৈ পৰিলে বাহিৰৰ চৌদিশলৈ এই আনন্দৰ জোৱাৰ বিয়পি পৰে। মুঠতে, সুখী হ'বলৈ দৰকাৰ আত্মসন্তুষ্টিৰ। কিয়নো বহুতো সফল ব্যক্তিয়ে সফলতা লাভ কৰিও আত্মসন্তুষ্টিৰ অভাৱত সুখী হ'ব পৰা নাই। আন বহুতে হয়তো এটাৰ পিছত আন এটা সফলতাৰ পিছত দৌৰি দৌৰি পাহৰিয়ে গৈছে সুখৰ সংজ্ঞানো কি  । বহুতে হয়তো অপ্রাপ্তিক সাবটি প্রাপ্তিক এলাগী কৰি সুখক কেবল সপোন অথবা হুমুনিয়াহত অন্তর্ভুক্ত কৰিছে। তাতোকৈ ডাঙৰ কথা, অধিকাংশ মানুহে ডাঙৰ সুখ প্ৰাপ্তিৰ সপোন দেখি সৰু সৰু সুখবোৰক অৱজ্ঞা কৰিছে। পাহৰি গৈছে এই সৰু সৰু সুখৰ অনুভূতিবোৰৰ সোৱাদ ল'বলৈ। কিছুমানে আকৌ যান্ত্রিকতাত আবদ্ধ হৈ ব্যস্ত জীৱনৰ মাজেৰে পাহৰি গৈছে সুখৰ অনুভৱ। নিসংগতাৰ উচুপনিত হয়তো আন কাৰোবাৰ সুখবোৰ ম্লান হৈ পৰিছে।


      গতিকে, সুখৰ সংজ্ঞা আৰু দৃষ্টিভংগী সকলোৰে বাবে ভিন্ন। কাৰোবাৰ যদি আছে অৰ্থৰ সুখ; অভাৱ হৃদয়ৰ শান্তিৰ। কাৰোবাৰ হয়তো অভাব স্বাস্থ্যজনিত সুখৰ, স্বাধীনতাৰ সুখৰ, সংগীজনিত সুখৰ, প্ৰেমৰ সুখৰ ইত্যাদি। বহুতো মাৰাত্মক ৰোগৰ অন্যতম প্রতিষেধক হৈছে আমাৰ মনটি। মনৰ বল বা প্রবল হেঁপাহে আমাক সাহস দিয়ে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ, নিজক জয় কৰিবলৈ। সময় সকলোৰে বাবে সদায় একে নাথাকে। সময় চক্রাকাৰে ঘূৰি থাকে সুখ-দুখৰ মাজত। বেয়া সময়ৰো এটি ভাল গুণ থাকে যে ইয়ো এঠাইত ৰৈ নাথাকে; অতিবাহিত হৈ হেৰাই যায় আকৌ ভাল সময়ৰ মাজত। সময়ে সময়ে সলনিও হৈ থাকে আমাৰ বাবে সুখৰ সংজ্ঞা। সেয়েহে কোৱা হয় "Happiness is not destination, it is the state of mind." যিহেতু মানৱ জীবন ঈশ্বৰে আমাক দিয়া এটি সুন্দৰ উপহাৰ, সেয়েহে আমি এই জীৱনটোক সুন্দৰভাৱে আঁকোৱালি লোৱা উচিত। বাস্তৱৰ মাজতে এবাৰ

সপোনবোৰক নিচুকাই চাওকচোন। জীৱনটোৰ দুখবোৰ কিছু সময়ৰ বাবে হ'লেও আঁতৰাই সৰু সৰু সুখবোৰকে আঁকোৱালি লৈ এবাৰ সুখী হ'বলৈ যত্ন কৰা উচিত। দুর্ভাবনা-দুঃশ্চিন্তাবোৰ আঁতৰাই অলপ নিজৰ বাবে সময় উলিয়াই এবাৰ মন খুলি হাঁহি চাওকচোন বাৰু। ঘৃণা, বিৰক্তি, ক্ষোভ আদি নেতিবাচক অসুস্থ চিন্তাবোৰ মনৰ পৰা বিদায় দি এবাৰ নিজে নিজক কৈ চাওকচোন বাৰু- "জীৱনটো বৰ ধুনীয়া।"

 

 

বেনজিন চুলতানা

অতিথি অধ্যাপিকা,

উদ্ভিদ‌ বিজ্ঞান বিভাগ ।

পূব কামৰূপ মহাবিদ্যালয়

মো:নং +91 69008 41534

Comments


bottom of page