top of page

প্ৰেম আৰু দুখ -- হৃদয়ৰ অলিন্দ আৰু নিলয়   


আমি ক‌ওঁ , প্ৰেম মানৱ-মনৰ সবাতোকৈ সুন্দৰ অনুভূতি ; সকলো শক্তিৰ ভিতৰত শ্ৰেষ্ঠ শক্তি । আমি ক‌ওঁ-- প্ৰেমতেই ঘূৰে ভূমণ্ডল , প্ৰেমতেই ফুলে শতদল । তেনেহ'লে পৃথিৱীত ইমান অপ্ৰেম কিয় ? ইমান ঘৃণাৰ বিষবাষ্প কিয় ? বহুযুগ ধৰি পৃথিৱীৰ সৰ্বদিশত প্ৰেমৰ বাণী প্ৰচাৰিত হৈ থকা স্বত্বেও মানুহক সুখ-শান্তি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰেম ব্যৰ্থ হৈ আহিছে কিয় ?


কাৰণ ,পৃথিৱীত যিধৰণৰ প্ৰেম প্ৰচলিত হৈ আহিছে , সেই প্ৰেমত ক্ষুদ্ৰ স্বাৰ্থ অধিক পৰিমাণে জড়িত হৈ থাকে । তেনে প্ৰেমে কেতিয়াবা বন্ধনৰ সৃষ্টি কৰে , কেতিয়াবা এজনক স্বামী বা মালিক কৰি আনজনক পৰাধীনতাৰ শিকলি পিন্ধায় । সেই প্ৰেমে কেতিয়াবা মানুহক অন্ধ কৰে । কেতিয়াবা এজনৰ প্ৰেম আনজনৰ বাবে চৰম দুখৰ কাৰণ হৈ পৰে ।


কিন্তু প্ৰেমৰ এই নেতিবাচক দিশবোৰ আমাৰ চকুত সহজে ধৰা নপৰে । আমি নিজেই যে প্ৰেমাস্পদৰ দুখৰ এটা কাৰণ হ'ব পাৰোঁ , সেইকথা ভাবিবলৈ আমি টান পাওঁ আৰু কেতিয়াবা সেই নিৰ্মম সত্যটো জানিলেও তাক আমি ইচ্ছাকৃতভাৱে অৱহেলা কৰি থাকিবলৈ বিচাৰোঁ । কাৰণ সেই সত্যক স্বীকৰ কৰি প্ৰেমাস্পদৰ কাষৰ পৰা স্বেচ্ছাই আঁতৰি অহা ধৰণৰ চৰম ত্যাগ কৰিবলৈ আমি প্ৰস্তুত নহ‌ওঁ ।


মই মোৰ ঘৰৰ সন্মুখৰ নাহৰ জোপাত পৰি সদায় কলকলাই থকা অকনমানি চৰাইটোৰ প্ৰেমত পৰিলোঁ । সি গছৰ খোৰোঙত ধুমুহা-বৰষুণৰ মাজত কষ্ট পা‌ই থকাটো মই সহ্য কৰিব নোৱাৰা হ'লোঁ , আৰু এদিন তাক মই ধৰি আনি নিজৰ ঘৰৰ ভিতৰত এটা ধুনীয়া সজাত ভৰাই থ'লো । লগে লগে তাৰ সুমধুৰ কলকলনি বন্ধ হৈ গ'ল ।  সি একো নোখোৱা হ'ল আৰু এদিন মৰি থাকিল ।


মোৰ প্ৰেমেই তাৰ মৃত্যু ঘটালে ; অথচ সেইকথা যথাসময়ত মই অনুভৱ কৰিব নোৱৰিলোঁ ।


বাগিচা খনত এপাহ ফুল ফুলিছিল । ধুনীয়া ফুল । ফুলপাহৰ সৌৰভে মোৰ মন বলিয়া কৰিছিল । মই ফুলপাহৰ প্ৰেমত পৰিলোঁ । ফুলপাহৰ গাত সূৰ্যৰ প্ৰখৰ তাপ লগাটো , বতাহে ফুলপাহক কোবাই যোৱাটো মই সহ্য কৰিব নোৱৰা হ'লো ; আৰু মৰমতে ফুলপাহ চিঙি আনি মোৰ শোৱনি-কোঠাৰ ফুলদানিত সজাই থ'লো । পাছদিনাই ফুলপাহ মৰহি গ'ল । ফুলপাহ চিঙি আনিলে যে মৰহি যাব , সেইটো মই বুজিও নুবুজা হ'লো ; কাৰণ সেই মূহুৰ্তত প্ৰেমে মোৰ বোধশক্তি লোপ পোৱাই দিছিল ।


প্ৰচলিত প্ৰেমৰ সেইটোৱেই দুৰ্বলতা । সি মানুহৰ বোধশক্তি লুপ্ত কৰে । সি আনক সুখ দিবলৈ বিচাৰে ; কিন্তু আনৰ দুখৰ মূল কাৰণটো যথাসময়ত উপলব্ধি কৰিব নোৱাৰে । প্ৰেম হ'ব লাগে উদাৰ , তাৰ ব্যাপ্তি হ'ব লাগে আকাশৰ দৰে বিশাল ; কিন্তু আমি প্ৰেমক পৰ্যবসিত কৰোঁ কেৱল আত্মসুখ লাভৰ আহিলালৈ , তাৰ ব্যাপ্তি সীমাবদ্ধ কৰি ৰাখোঁ ক্ষুদ্ৰ স্বাৰ্থৰ মাজত । প্ৰেম হ'ব লাগে মুক্তিদায়ী ; কিন্তু আমি প্ৰেমক ৰূপান্তৰ কৰোঁ এডাল শিকলিলৈ। 


সেইবাবেই প্ৰচলিত প্ৰেমে কাৰো মনৰ ভিতৰৰ দুখ , অপ্ৰাপ্তিৰ বেদনা দূৰ কৰিব নোৱাৰে । কাকো প্ৰদান কৰিব নোৱাৰে প্ৰকৃত শান্তি । এখন প্ৰেমময় পৃথিৱীৰ কল্পনা সেইবাবেই আজিকোপতি বাস্তৱত ৰূপায়িত হোৱা নাই । সম্ভৱতঃ নহবও । কাৰণ মানুহ স্বভাৱৰ দাস , ছয় ৰিপুৱে পৰিচালনা কৰে মানুহৰ মন-মগজু । গতিকে সম্পূৰ্ণ ৰিপু-ৰহিত হোৱাটো যিহেতু অসম্ভৱ ,-- সেয়েহে কাম ,ক্ৰোধ ,লোভ, মোহ আদি ৰিপু সমূহক অন্ততঃ যিমান পাৰি দমাই ৰাখিবলৈকে আমি সাধনা কৰা উচিত  ।


প্ৰেমৰ আনন্দ , প্ৰেমৰ সুখ অনুভৱ কৰিবৰ বাবে যে ৰিপু সমুহক নিয়ন্ত্ৰণত ৰখাটো অবিকল্প স্বৰ্ত্ত , সেই কথাটো বুজাৰ ওপৰতে নিৰ্ভৰ কৰিব প্ৰেমৰ স্থা‌য়িত্ব । অন্যথা প্ৰেম আৰু দুখ একেটা ঘৰৰে দুটা কোঠাৰ দৰে, হৃদয়ৰ অলিন্দ আৰু নিলয়ৰ দৰে , কায়া আৰু ছায়াৰ দৰে , উশাহ আৰু নিশাহৰ দৰে , একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে অবিচ্ছিন্ন হৈ  থাকিব চিৰদিন-চিৰকাল ।


ডাঃ হেমন্ত কুমাৰ গোস্বামী 

6001707351


Comments


bottom of page