top of page


পিতাইলৈ মনত পৰে সঘনে
তুমি মোক কন্দুৱালা চকুলো নিগৰিয়েই আছে কবিতা নহয় ই যে এক বাস্তৱ দাপোণ ৷ দেখা পালো মোৰ পিতাইক পুনৰ এবাৰ লগ পালো পিতাইক আকৌ এবাৰ হেৰাই গলো অতীত স্মৃতিৰ অটল গহব্বত ৷ পিতাইৰ স্মৃতিবোৰ সযতনে আলফুলে স্মৃতিৰ মণিকোঠাত সাৱটি যাত্ৰা কৰি আছো জীৱনৰ অপৰাহ্ণৰ পথৰে ৷ সেই পথৰে আতৰি যাবলৈ যি পথৰে এদিন আতৰি গ'ল মোৰ স্নেহৰ পিতাই যি পথ মাথো যোৱাৰহে, নহয় উভতি অহাৰ ৷ পিতাই ময়ো অগ্ৰসৰ হৈ আছো তই গুচি যোৱৰ পথৰেই যাবলৈ ৷ তই বাৰু মোক চিনি পাবিনে আকাশত ইমান তৰাৰ মাজত ? আয়ে কৈছিল তই হেনো আকাশত তৰাহৈ তাৰ প

ডা° টঙ্কেশ্বৰ ভূঞা
Mar 3


ৰূপহী ফাগুনী
কাৰ পৰশত লঠঙা ডালত আকাশ ৰঙোৱা ফুল জুই ফুলে ? কাৰ পৰশত বিৰিখে সেউজী সাজৰ সপোন দেখে ? সেয়া ফাগুন, ফাগুনী বা । কিয় চৌদিশে বিহগীৰ সুৰত ধ্বনিত হয় মন উতলোৱা মিঠা অর্চনা? যাৰ লহৰত , প্রস্ফুটিত পুষ্পৰ ৰূপ -ৰস -গন্ধেৰে মণ্ডিত মনত জাগি উঠে মিলনৰ বাসনা ; নৱ সৃষ্টিৰ তাড়না । যেতিয়া ধুলিয়ৰী ওৰণি , সৰাপাতৰ খৰমৰণি ৰূপান্তৰ হয় , একো একোটা হীৰা মুকুতাত সময় বালিৰ স্বপ্নত । এয়াই ফাগুন , খৰ খোজৰ মহীয়সী ৰূপহী ফাগুনী । মনোজ কুমাৰ শৰ্মা অভিযন্তা নগাঁও, অসম দূৰভাষ নম্বৰ - ৯৪৩

মনোজ কুমাৰ শৰ্মা
Mar 3


যদি খেলিব খোজা ফাকু
যদি খেলিব খোজা ফাকু , দুহাত ডাঙি আঁজলি ভৰাই আনা আকাশৰ নীলা , আৰু গালে-মুখে সানি লোৱা। পলাশ কৃষ্ণচূড়াৰ ৰঙাৰে মনটো ৰঙাই লোৱা , সোনাৰুৰ হালধীয়া খিনি গাত মেৰিয়াই লোৱা , গুলপীয়া গোলাপৰ মালা পিন্ধি লোৱা । নীলা ,ৰঙা ,হালধীয়া , চাৰিওফালে উপচি আছে ৰং নানা বৰণীয়া ; তোমাৰ বুকুতো আছে ৰঙৰ খনি ! ফাকুগুৰিৰ দৰে চটিয়াই দিয়া চৌদিশে তোম


বেদখলকাৰী
সজীৱ অৰণ্যখন চকুৰ আগতেই নোহোৱা হৈ পৰিল! এদিন তাত আছিল এখন সেউজ অৰণ্য চিনাকি অচিনাকি বহু গছ-লতিকাৰে এক আৰণ্যক প্ৰাচীন ভূমি, বনফুলৰ সুগন্ধত নানা ৰঙী পখিলাৰ ব্যাকুলতা আৰু পক্ষী কুলৰ কল-কাকলিৰে এখন সজীৱ ধৰণী । আৰু লাহে লাহে সেই অৰণ্যতেই আগ্ৰাসন চলিল বেদখলকাৰীৰ, গছবোৰ এডাল দুডালকৈ বাগৰি পৰিল,,, হেৰাই গ'ল চিৰদিনৰ বাবে সেই অনাঘ্ৰাত বনৰীয়া ফুল আৰু পখিলাবোৰ... সৰি পৰিছিল অনেক পক্ষীৰ বাহবোৰ ... অৰণ্য আৰু গছ-লতিকাৰ ঠাইত গজালি মেলিল এচাম অনাকাঙ্খিত প্ৰকৃতি নিধনকাৰীয়ে। অৰণ্য আমাৰ প্ৰ

পলী মজুমদাৰ
Mar 3


শোকৰ প্ৰাৰ্থনা
মোৰ বাবে শোক নকৰিবা কাৰণ এতিয়া মই মুক্ত ঈশ্বৰে মোৰ বাবে নিৰ্ধাৰণ কৰা পথেৰে মই আগুৱাই গৈছোঁ। তেওঁৰ আহ্বান শুনি মই তেওঁৰ হাতত ধৰিলোঁ, মই সকলো পিছফালে এৰি থৈ গুচি আহিলোঁ। মই আৰু এটা দিনো থাকিব নোৱাৰিলোঁ, হাঁহিবলৈ, ভাল পাবলৈ, কাম কৰিবলৈ বা খেলিবলৈ। আধৰুৱা কামবোৰ তেনেকৈয়ে থাকিব দিয়া, দিনটোৰ শেষত মই সেই চিৰশান্তি বিচাৰি পালোঁ। যদি মোৰ বিদায়ে এটা শূন্যতাৰ সৃষ্টি কৰিছে, তেন্তে তাক মধুৰ স্মৃতিৰে পূৰণ কৰা। ভাগ বতৰা কৰা বন্ধুত্ব, হাঁহি, চুমা অ’ হয়, এইবোৰ মইও মিছ কৰিম। দুখৰ বোজা কঢ়িয়

কুমাৰ বিভূতি
Mar 3


ৰাতিৰ বুকুত অনুভৱ কৰোঁ তোমাৰ খোজ
নিস্তব্ধতাৰ চাদৰখনে যেতিয়া আৱৰি ধৰে সপোনৰ দলিচা, মই শুনো প্ৰতিধ্বনি— অন্ধকাৰৰ সিপাৰে তোমাৰ নিঃশব্দ খোজৰ। সেই খোজত নাই কোনো নূপুৰৰ জুনুকা, মাথো আছে এটি মায়াময় স্পন্দন; যিয়ে কঁপাই থৈ যায় মোৰ মৌনতাৰ নীলা আকাশ। তুমি যেন এক অঘৰী জোনাক, স্মৃতিৰ অৰণ্যত বিচাৰি ফুৰা নিজৰেই ছাঁ; তোমাৰ প্ৰতিটো খোজত উন্মোচিত হয় একোখনি বিষণ্ণ কেনভাছ, য’ত আল্পনা আকিছে অনিৰ্দিষ্ট সময়ৰ বিষাদ-অশ্ৰুৱে। চিনাকি পৃথিৱীৰ অচিনাকি বাটেৰে তুমি আহিবা বুলি মই ৰৈ থাকোঁ, ৰাতিৰ বুকুত এটি জিলীৰ মাত হৈ কৈ যোৱা অজানিতে— প্

নিপু কুমাৰ দাস
Mar 3


ফাগুনৰ ৰাতি কিয় নাহে টোপনি
পোৱা নাই এতিয়াও সেইখনি ঠাই স্বপ্নবোৰে জগোৱা ৰাতি দেখিছিলোঁ যি ঠাই... সেই ঠাইখনতে আছে তোমাৰ অৱস্থিতি... যেতিয়াই টোপনি ধৰে গোটেই ৰাতিটোতে দেখি থাকোঁ তুমি থকা ঠাইখিনি, ঠাইখিনি মোৰ পৰিচিত নহয় বিচাৰি পাবলৈ বৰ টান হ’ব, দূৰত্ব কিমান আছে তাৰ ধাৰণা অলপো নাই মাত্ৰ সপোনতে হে দেখোঁ_ সেউজীয়াৰে আৱৰা প্ৰকৃতিৰ মাজত তুমি গোলপীয়া ৰূপহীজনী হৈ গাভৰু সাজত থাকি উমাল হৈ আছা... সেইখিনিয়ে মোৰ মনত ৰৈ গৈছে মোৰ ঠাইখন উজনিৰ কুণ্ডিলৰ পাৰত তুমি যদি বুকুত কেতিয়াবা পোৱা মোৰ অনুভৱবোৰ আহি যাবা উজনিৰ ফাল

ৱাহিদ আহমেদ
Mar 3


ফাগুনৰ বেলা
দোকমোকালিতে ওলাই গ'লো পলাশ বন চলাথ কৰি বুটলি আনিলোঁ এমুঠি শব্দ আচলত বান্ধি লৈ সাৱধানে ঘৰমুৱা হ'লো , গা ঘেলাই ফুৰা পচোৱাজাকে চোঁ-মাৰি আহি আগভেটি ধৰিলেহি খুলি দিলে শব্দৰ আঁচলখন যা: হ'ল নহয় খেলিমেলি গোটেইখন আউল লাগিল শব্দৰ শৃংখল ফাগুন, তই কিয়ে ইমান চঞ্চল সিঁচি দিয় হিয়াত স্মৃতি ৰঞ্জিত সন্মোহন, কি কি আনিলোঁ তাই পাত -পাতকৈ চালে চালি জাৰি বাচি হাতত গুজি দিলে সযতনে এমুঠি পুৰঠ শব্দ থাউকতে উৰুৱাই লৈ গ'ল ধূলি ধূসৰিত আঁচলখন কোনোবা দিকচৌ বনলৈ । দীপ্তি দেবী নগাঁও, অসম দূৰ

দীপ্তি দেৱী শৰ্মা
Mar 3


মই অসম
মই কেৱল এখন মানচিত্ৰ নহয় মই এটা স্বাস চাহপাতৰ সুবাসেৰে ভৰা। মই কেতিয়াবা বৃষ্টিৰ শব্দ টিনৰ চালত টুপ টাপ কথা কোৱা গল্প মই পথাৰৰ মাজত দৌৰি ফুৰা ল'ৰা ছোৱালীৰ হাঁহি আৰু চহৰৰ যান জঁটত হেৰোৱা সপোন। মোৰ বুকুত ঢোলৰ তালে তালে পেঁপাৰ সুৰেৰে জাগে ৰাতি কেতিয়াবা মই নীৰৱ ম'বাইলৰ স্ক্ৰলত হেৰাই থকা সময়ৰ দৰে। মই বানৰ পানীতো খহিব নোৱাৰা আশা মই জোনাকীৰ দৰে ক্ষুদ্ৰ পোহৰ তুমি যদি সোধা --"তই কোন?" মই কওঁ মই মানুহৰ মৰমেৰে গঢ়া অসম। অনু কোঁৱৰ সিংহ নগাঁও, অসম দূৰভাষ নং : ৮৮২২১ ৮৩২৮৩

অনু কোঁৱৰ সিংহ
Mar 3


মুখাধাৰী
আৱৰণ- মুখাধাৰীৰ একমাত্ৰ মুখা আৱৰণ শুনিছানে বাৰু কোনোবাই সহজে আঁতৰি- সুলকি যোৱা একেটাই ৰঙ আকাৰো একে প্ৰভেদৰ নাই অকণো অভাৱ শুনিছা জানো মুখাধাৰী! শুনা, এই কথাবোৰো শুনা জীয়াবা বাৰু কিমানদিন আছে প্ৰলেপৰ আৱৰণ কিমান দেখা জানো আইনাত চুচি- মাজি নিজৰ মুখ মুকলি কোৱা বাৰু সঁচাকে কোৱা! শুনি-গণি মানুহে কাচিৎ ভালপোৱা গণি লোৱা সময়ৰ এনেকুৱা আহ্বান নহওঁক যাতে অপলাপ অলপো সততাৰ শুনিছানে বাৰু, মুখাধাৰী হেৰা অভিনয় আৰু কৰিবা কিমান! অৱশেষ তোমাৰ অভিনয়ৰ কিমান পিছে নিটিকে তেনেকুৱা প্ৰলে

শোণিত বৰঠাকুৰ
Mar 3


এই সময়
সময় নদীৰ দৰে বৈ যায়, নীৰৱ অথচ অবিৰাম॥ একে সোঁত দুবাৰ কেতিয়াও নাহে, ঠিক একেদৰে একে দিন, একে অনুভৱ, একেই মনো কেতিয়াও নাহে উভতি॥ আমি ভাবোঁ আকৌ পাম, আকৌ ক’ম, সময় থাকিবই॥ কিন্তু সময়ে অপেক্ষা নকৰে, সি মাথোঁ আগলৈ বৈ যায়, পিছলৈ ঘূৰি নাচায়॥ সেয়ে অলপ থামি ৰওক, এই ব্যস্ততাৰ মাজতেই॥ শ্বাস এটা গভীৰকৈ লওক, আকাশখন চাওক, বতাহৰ সৰু স্পৰ্শটো অনুভৱ কৰক, আগত যি আছে তাক সন্মান কৰক । এই সৰু সুখবোৰ, এই নীৰৱ সন্ধিয়াবোৰ, এই অলপ হাঁহিবোৰ॥ এইবোৰেই এদিন স্মৃতি হৈ ৰ’ব॥ জীৱনটো সদায় ডাঙৰ কাহিন

প্ৰাঞ্জল লস্কৰ
Feb 2


লুইতৰ সুৰীয়া সুবাস
(শিল্পী দিৱস উপলক্ষে) সেয়া এক কালজয়ী যাত্ৰা, যি যাত্ৰাত তুমি দিলা পোহৰৰ বৰ্ণমালা। লুইতৰ পাৰত বহি তুমি আঁকিছিলা এটি জাতিৰ সপোনৰ ৰামধেনু, য'ত সাতুৰি-নাদুৰি জিলিকি উঠিছিল আই অসমীৰ তেজস্বী মুখখনি। তুমি দিলা সুৰৰ মূৰ্চ্ছনা, ভাষাৰ অলংকাৰ আৰু কৃষ্টিৰ দাপোণ। অন্ধকাৰৰ বুকুত তুমি সিঁচিলা জ্যোতিৰ জ্যোতিষ্মান অক্ষয় বীজ, যাৰ সুবাসত আজিও জিপাল হয়— আমাৰ সমাজ, আমাৰ কৃষ্টি, আমাৰ মন। অ' তিনিও কালৰ,কালজয়ী শিল্পী, তোমাৰ লেখনীৰ প্ৰতিটো শব্দত আজ

নিপু কুমাৰ দাস
Feb 2


জুই
তুমি সিহঁতক বীৰ্য দিছা কেতিয়াবা ৰুটি তাতেই তোমাৰ অতপালি। আৰু বীৰ্যও দিয়া বুলি ক'ব নোৱাৰি ই টো তোমাৰ কেৱল পাশবিকতাৰ অৱশ্যাম্ভবী পৰিণাম। ৰুটীটো তোমাৰো পেটৰ দাবী তুমি কি ভাবা বীৰ্য আৰু ৰুটীৰেই মানুহ জীয়াই থাকিব পাৰি? পাৰিনে জীৱন জীয়াব? প্ৰশ্নবোৰ মোৰ আছিল কাহানিবা মোৰ অজানিতে সি শুলে সেই তেতিয়াৰ পৰাই সভ্যতা এটিও গজিছিল কাঠফুলাৰ দৰে আকাশমুখী ঘৰ অথবা বন্দুক বাৰুদ মিছাইল পাৰমাণবিক বোমাৰ সভ্যতা। প্ৰশ্নবোৰ এতিয়া সাৰ পাইছে প্ৰতিগৰাকী সদ্য পুস্পিতা কুমাৰী আৰু গোফ থুকিওৱা কিশ
প্ৰীতিমণি দাস
Feb 2


তোমাৰ বাবেই
মা— মোৰ জন্মতেই তোমাৰ নামৰ আগত এটা নতুন মৰ্যাদা জ্বলিল— মা। মই তোমাৰ আঁচলৰ ধন, তুমি মোৰ সকলো জগত। মোৰ এটি অবুজ হাঁহিত তোমাৰ ক্লান্ত মুখখনি চন্দ্ৰোজ্জ্বল হৈ উঠে— সেই হাঁহিতেই তুমি জীয়াই থাকাঁ। দেউতা— নিৰ্বাক ত্যাগৰ নাম, ঘৰখনৰ আশাৰ বন্তিত জ্বলি থকা দীপশিখা। মই কেৱল সন্তান নহয়— তোমালোকৰ সপোনৰ সৰ্বোচ্চ প্ৰতিধ্বনি। মই ধন্য, মানুহ হ’বলৈ তোমালোকৰ হাত ধৰি শিকিছোঁ। মনোজ কুমাৰ শৰ্মা নগাঁও, অসম। মো: নং. ৯৪৩৫১৬০৫৩২

মনোজ কুমাৰ শৰ্মা
Feb 2


অৰণ্যৰ বিচিত্ৰ জীৱন
অৰণ্যৰ দাঁতি কাষৰ এখন মায়াৱী উপবন, ৰৈ ৰৈ চাইছোঁ ---- আবেলিৰ হেঙুল চন্দ্ত অন্য এক কবিতাৰ মঞ্জৰী সৃষ্টি হয় নেকি !! গ্ৰীষ্মৰ আবেলিটো এক আৰণ্যক নিৰ্জনতাত নিৰলে বিদায় লব..... এজাকমান ঘৰমূৱা পক্ষীৰ কল কাকলিত মুখৰিত হৈ পৰিব অৰণ্যৰ গধূলি! ক্ষন্তেক পিছতে এটা নতুন নিশা... পদূলিত দেও দি ফুৰিব কিছুমান ৰক্তাক্ত আৰ্তনাদ... কোনে জানে আজি নিশাই যদি নমাই আনে হথভগা কাৰোবাৰ জীৱনৰ অমানিশা ! উন্মুক্ত জীৱন উন্মুক্ত যৌৱনে যেনেকৈ ফুলি উঠে তেনেকৈয়ে হয়তো হিংস্ৰ হাতোৰাৰ তীক্ষ্ণ আঁচোৰত ৰক্তাক্ত হয়

পলী মজুমদাৰ
Jan 5
মধুচন্দ্ৰিকা
এখন ওখ দেৱাল প্ৰেমৰ বল্লৰীৰ পৰিছে তাক বগোৱাৰ পাল পাখি জপাই দুটি পখী দেৱালৰ চূড়াত আছে উঠি প্ৰেমে দেখা নাপায় কালনিষাদ চন্দ্ৰিকা মধুচন্দ্ৰিকা জোনৰ আধা প্ৰেমে থাকে ঢাকি অ' প্ৰেম শব্দ নোহোৱা লৈকে নুৰিবি অ' কবি নিৰ্বাক কবিতাক চকুলোৰ গাথা নকৰিবি শুভ নৱবৰ্ষ (শিল্পী হেমন্ত মিশ্ৰৰ ছবিৰ অনুপ্ৰেৰণাৰে) ডাঃ প্ৰয়াগ শইকীয়া মো: নং - ৮৬৩৮৭৭৯০৫৫ নগাঁও

প্ৰয়াগ শইকীয়া
Jan 5


মই ময়েই
মই বিকল্প নহওঁ, মই প্ৰাথমিকো নহওঁ মই মাথোঁ মই॥ শব্দবোৰে যেতিয়া শ্ৰেণী সাজে, প্ৰথম, দ্বিতীয়, বিকল্প বুলি, তেতিয়া মনটোৱে সুধে মানুহকো তালিকাত ভৰাই থোৱা যায় নেকি? ভগৱানে মোক কোনো তুলনাৰ বাবে সৃষ্টি কৰা নাছিল, মোক সৃষ্টি কৰিছিল নিজৰেই ৰূপত, নিজৰেই গন্ধত, নিজৰেই সত্যত॥ মই কাৰোবাৰ অভাৱ পূৰণ কৰিবলৈ নহওঁ, মই কাৰোবাৰ ঠাই ল’বলৈও নহওঁ। মই আহিছোঁ নিজৰ জীৱনটো জীয়াবলৈ, নিজৰ সত্যটো উপলব্ধি কৰিবলৈ॥ “প্ৰাথমিকতা”ৰ নামত যি অহংকাৰ লুকাই থাকে, আৰু “বিকল্প”ৰ ছাঁত যি অৱহেলা জমা হয় দুয়োটাৰ প

প্ৰাঞ্জল লস্কৰ
Jan 5


আশাৰ জোনাকত নতুন শব্দ
আশাৰ জোনাকত নতুন শব্দ ভাঙি যোৱা বাক্যৰ মাজত নতুন অৰ্থ জন্ম লয় আলোকিত হয় নতুন প্ৰভাত। প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি প্ৰতিটো নিশা নতুন শিকনি সময়ৰ সোঁতত আগবাঢ়ে জীৱনৰ নতুন কাহিনী । ভঙ্গ হৃদয়ত আশা-নিৰাশাৰ মাজত উলমি আছে জন্মৰ লগত মৃত্যুৰ নিবিড় সম্পৰ্ক । সময়ৰ ডায়েৰীত সৰু সৰু শব্দবোৰে পোৱা -নোপোৱাৰ বেদনা ঢাকি নতুন সপোনে আঁকে । পৃথিৱীৰ পৰা আকাশলৈ সৌৰজগতৰ গ্ৰহ উপগ্ৰহ লৈ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ষণত নবীনৰ জয়যাত্ৰা। নতুন পচন্দ, নতুন আৰম্ভণি আহা হে নতুন বৰ্ষ, হাঁহি-শান্তিৰ

জ্যোতিকা বৰা
Jan 5


বুদ্ধিজীৱিৰ উভয় সংকট
যোৱাকালি স্বৰ্গদেৱে মোক ৰাজ-দৰবাৰলৈ মাতি পঠাইছিল। ৰজাঘৰীয়া বেংকত মোৰ মগজু বন্ধকত থলে বহুত টকা দিব । প্ৰকৃততে মোৰ টকাৰ খুবেই প্ৰয়োজন। মোৰ সংসাৰত আছে ৰুগ্না পত্নী, আৰু আছে চাৰিটাকৈ হাড়-ছাল ওলোৱা এমাডিমা ল'ৰা-ছোৱালী। মই মোৰ বিবেকক সুধিলো কি কৰিলে ভাল হ'ব ? বিবেকে কাণত ফুচফুচাই ক'লে- মগজু বিক্ৰী কৰি চলিব খুজিলে, শোঠ বেমাৰে লগ ল'ব, পেট ভৰি ফুলি ঢোল যেন হ'ব , মন মগজু শুকাই শিয়ালমুৱা হ'ব । মোৰ বিবেকে দেখোন মোকেই ভয় খুৱাই গ'ল ! হাতত কলম লৈ ৰঙা চিয়াঁহীৰে লিখিলো - মানুহৰ ইতিহাস

ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া
Dec 3, 2025


অভ্ৰভেদী সুৰ হৈ আহা !!
খাৰঘূলিৰ বাঘটো জোনালীৰ জোনটো কাহিলীপাৰাৰ দেউতাকৰ গল্ডিটো গৰিমাৰ হিয়াৰ আমঠু বঙহৰদেউ লুইতৰ পাৰৰ নিভাঁজ তেজাল ডেকাটো সাগৰৰ বুকুত এৰি অহাৰে পৰা বাকৰুদ্ধ হৈ পৰিল তাৰ চিৰপ্ৰবাহিত , মৌ -বৰষা দুটি ওঁঠে নিগৰা লুইত-কন্ঠ ..!! এতিয়া কাৰ গান শুনি শুনি ৰ'দত হাঁহিম জোনাকত কবিতা লিখিম বৰষুণৰ দিনবোৰত স্মৃতি সজীৱ কৰিম আঁউসীৰ জোনটো চাই চাই চকুলো নিগৰাম নিৰৱে তোমাকে সূৱৰি ! উশাহবোৰ চোন ইমান গধূৰ .... কিয় আজি ...??... এইবাৰ ব'হাগত অসমত বিহু নহয় স্বৰ্গদেউবিহীন অসম আজি ৰাঙলী নহয় ফুল বসন্তৰ আগম

বৰ্ষা বৰা
Dec 1, 2025
bottom of page


