শোকৰ প্ৰাৰ্থনা
- কুমাৰ বিভূতি

- Mar 3
- 1 min read
Updated: Mar 4
মোৰ বাবে শোক নকৰিবা কাৰণ এতিয়া মই মুক্ত
ঈশ্বৰে মোৰ বাবে নিৰ্ধাৰণ কৰা পথেৰে মই আগুৱাই গৈছোঁ।
তেওঁৰ আহ্বান শুনি মই তেওঁৰ হাতত ধৰিলোঁ,
মই সকলো পিছফালে এৰি থৈ গুচি আহিলোঁ।
মই আৰু এটা দিনো থাকিব নোৱাৰিলোঁ,
হাঁহিবলৈ, ভাল পাবলৈ, কাম কৰিবলৈ বা খেলিবলৈ।
আধৰুৱা কামবোৰ তেনেকৈয়ে থাকিব দিয়া,
দিনটোৰ শেষত মই সেই চিৰশান্তি বিচাৰি পালোঁ।
যদি মোৰ বিদায়ে এটা শূন্যতাৰ সৃষ্টি কৰিছে,
তেন্তে তাক মধুৰ স্মৃতিৰে পূৰণ কৰা।
ভাগ বতৰা কৰা বন্ধুত্ব, হাঁহি, চুমা
অ’ হয়, এইবোৰ মইও মিছ কৰিম।
দুখৰ বোজা কঢ়িয়াই নুফুৰিবা,
মই তোমালোকৰ বাবে কাইলৈৰ উজ্জ্বল সূৰ্য্যৰ পোহৰ কামনা কৰিছোঁ।
মোৰ জীৱনটো পৰিপূৰ্ণ আছিল, মই বহুত সোৱাদ লৈছোঁ,
ভাল বন্ধু, ভাল সময় আৰু আপোনজনৰ মৰমৰ পৰশ।
হয়তো মোৰ সময়খিনি বৰ চুটি আছিল,
অহেতুক শোক কৰি তাক আৰু দীঘলীয়া নকৰিবা।
তোমালোকৰ হৃদয়খন আনন্দৰে ভৰাই তোলা আৰু মোৰ সৈতে ভাগ কৰা,
ঈশ্বৰে মোক এতিয়াই বিচাৰিছিল, তেওঁ মোক মুক্ত কৰি দিলে।
কুমাৰ বিভূতি
নগাঁও, অসম ।
দূৰভাষ নং ৮০১১৮ ৯৮৮২৩





Comments