top of page


সকলো ঠিকেই আছিল
বেলিটো যেতিয়া পশ্চিমে উদয় হৈছিল সকলো ঠিকেই আছিল যেতিয়া পূবত উদয় হ’ল তেতিয়াহে… চৰাইজনী যেতিয়ালৈকে সাঁতুৰি আছিল সকলো ঠিকেই আছিল যেতিয়া উৰিব ল’লে তেতিয়াহে… পুতেকে যেতিয়ালৈকে বাপেকক জ্ঞান দিছিল সকলো ঠিকেই আছিল যেতিয়া বাপেকে জ্ঞান দিয়ে তেতিয়াহে… চোৰৰ ওচৰত যেতিয়ালৈকে আইনখন আছিল সকলো ঠিকেই আছিল যেতিয়া আদালতত তেতিয়াহে… ৰোগীয়ে যেতিয়ালৈকে ডাক্তৰক শুশ্ৰূষা কৰিছিল সকলো ঠিকেই আছিল যেতিয়া ডাক্তৰে শুশ্ৰূষা কৰে তেতিয়াহে… মই যেতিয়া শুই আছিলোঁ সকলো ঠিকেই আছিল কিন্তু মই যেতিয়া সাৰ পাওঁ তেতিয়া ব

ড০ মানস জ্যোতি নিৰ্মলীয়া
Dec 1, 2025


আত্মবিশ্বাস
শুন•••••!! বুকুত থকা তাকৰীয়া ৰ'দেৰে মই কেতিয়াবাই ওলাই আহিছোঁ এন্ধাৰৰ গুহা ভাগি তাকো অকলে। তহঁতে মোক এন্ধাৰৰ ভয় দেখুৱাব নোৱাৰ'। মই বুকুৰ মাজত সূৰুযক ঘৰ দিছোঁ মোৰ মাজত আছে তহঁতে কল্পনা কৰিব নোৱাৰাৰ সমান পোহৰ। সূৰুযক তহঁতে কিমানপৰ ঢাকি ৰাখিবি, ডাৱৰৰ বুকু চিৰাচিৰ কৰি ওলাই আহিব সূৰুয। সময় থাকিলে বাট চাবি মই কোৱাবোৰলৈ !!! তহঁতে মোক তেনেকৈ চাব বিচাৰিলেও মই নিপিন্ধিম কাহানিও দুখৰ অলংকাৰ, দুখে মোক নুশুৱায়। পাৰিলে চিগি আনি দিবিহি এপাহ প্ৰত্যাহ্বানৰ ফুল, মই গুজি ল

ড° কংকনা মেধি
Dec 1, 2025


জয়ৰ বীজ
শেষ বুলিলেই শেষ নহয়, প্ৰতিটো পৰাজয়ৰ পিছতেই আৰম্ভ হয় নতুন জয়ৰ কাহিনী॥ দুখৰ দিনবোৰে শিকায় সহনশীলতা, ভুলেৰে গঢ়ে দৃঢ়তা, অন্ধকাৰৰ মাজত জন্মে পোহৰ, দুখৰ মাজত উমলি উঠে আশা, ভগ্ন স্বপ্নবোৰেই গঢ়ে নতুন পথ, নতুন দিশ॥ জীৱনৰ প্ৰতিটো আঘাত এটা নতুন অধ্যায়ৰ আৰম্ভণি, যি অধ্যায়ত তুমি হ’বা শক্তিশালী, অভিজ্ঞ আৰু জোনাকৰ দৰে উজ্জ্বল॥ সেয়েহে পৰাজয়ক ভয় নকৰিবা, ইয়াৰ বুকুতেই লুকাই আছে তোমাৰ জয়ৰ বীজ॥ প্ৰাঞ্জল লস্কৰ কামপুৰ ,নগাঁও। মো:নং ৮৬৩৮৯২৬১৭২

প্ৰাঞ্জল লস্কৰ
Dec 1, 2025


তোমাৰ সুৰৰ বান্ধোনত সকলো...
(প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত) মায়াবিনী ৰাতিৰ নিশা ধুমুহা জাকৰ সৈতে তুমি আহিছিলা কল্পনা কৰিব পৰা নাছিলো তোমাৰ শব্দৰ সুৰ কিমান মিঠা ! হৃদয়ত সোমোৱাই তোমাক মৰম কৰিছিলোঁ শব্দৰ লগত কথা পাতিছিলো তোমাৰ সুৰৰ বান্ধোনত আবদ্ধ সকলো। গছ,গছনি,চৰাই চিৰিকটি জীৱ - জন্তু, নদ নদী সকলো তোমাৰ বন্ধু ভাবিব নোৱাৰোঁ সখি পাতিব নোৱাৰোঁ কেনেকৈ কওঁ তুমি সকলোৰে প্ৰিয় ! অসহায়ক সহায় কৰি তুমি ভালপোৱা তোমাৰ হৃদয়খন বিশাল অনুভৱ কৰিব নোৱাৰো বুজিও নুবুজো তোমাৰ কথা সাগৰৰ নীলা পানীত নি

জ্যোতিকা বৰা
Oct 24, 2025


শ্বহীদৰ মাতৃৰ প্ৰতি
" The secret of happiness is to learn to accept the Impossible, do without the Indispensable and bear the Intolerable.' Bishop Mandell Creiston সীমান্তৰ সিপাৰত দেখা পালো সভ্যতাৰ অপমৃত্যুৰে গঢ়া এক নগ্নতাৰ প্ৰতীক, যাৰ এক দৃষ্টিয়ে অশুচি কৰি তুলিছে ভাৰত মাতৃৰ তুলসী তল ৷ নগ্নতা, হত্যা পৈশাচিক প্ৰচেষ্টা যাৰ ধৰ্ম্ম আৰু ব্যৱসায়, নিৰীহ মানুহৰ তেজ আৰু মঙহৰে গঢ়িব বিচাৰে এক উলঙ্গ বৰ্ব্বৰ সভ্যতা ৷ হে শ্বহীদৰ মাতৃ, মোৰ ধমনীত প্ৰৱাহিত হয় তোমাৰ প্ৰচণ্ড শক্তি , সেই শক্তি যি শক্তিয়ে উৰুৱাই ন

ডা° টঙ্কেশ্বৰ ভূঞা
Oct 24, 2025


জুবিন
(জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ) মাৰ্ক টু ইন কেনেকৈ লিখিলা তুমি টম ছয়াৰ আৰু হাকল্-বাৰি ফিন জুব ইন কেনেকৈ গালা তুমি য়া আলি... ইমান হাচিন তোমাৰ স্বৰত আত্মা লীন লুইতপৰীয়া লুইতসুৰীয়া বৰ অসমৰ বীণ জুবিন তুমি আছা সুৰৰ ধৰাত আমি নহয় দীন আত্মাৰ পোহৰ নাযায় লীন তুমি বুঢ়া লুইতৰ বীণ বুকুত থাকিবা সদায়েই জুবিন মায়াৰ মাজুলীত থাকিব অনন্তকাল তোমাৰ সুৰীয়া হিয়াৰ ৰ'দৰ চিন গানে যি জানে তাক বাউল হিয়াৰ বীণে সূৰ্যমুখী কৰি তোলে আত্মাৰ বাঁহীত ৰাতিৰ তৰাই নাচে যন্ত্ৰ যুগৰ জড়তাৰ ক্লেশ জুবিন তোমাৰ গানে

প্ৰয়াগ শইকীয়া
Oct 24, 2025


এটা সূৰ্য হেৰাই গ'ল
এটা সূৰ্য হেৰাই গ'ল আলোক সন্ধানী আই অসমীক এন্ধাৰে আৱৰি ৰ'ল নাভাগৰা এটি গান যাৰ কণ্ঠত আছে জাতিৰ প্ৰাণ যাৰ সৃষ্টিৰে হয় জীৱন জীপাল হৃদয়...
প্ৰিয়ঙ্কু শৰ্মা
Sep 22, 2025


"জয় জুবিন দা"
তুমি সুৰ হৈ ৰৈ যোৱা তুমি শব্দৰ ধ্বনিত কাঞ্চনজঙ্ঘা হোৱা তুমি পাখি মেলি উৰি যোৱা । তুমি নিৰাশাৰ মাজত গোৱা 'আশা' তুমি ধুলিয়ৰি বাটেৰে এবাৰ...

হিমাংক শৰ্মা
Sep 22, 2025


ব্ৰেণ্ডেড হেঁপাহ
শ্ব'ৰুমৰ আয়নাৰ মাজত ব্ৰেণ্ডেড সপোন লানি লানি, বৰ হেঁপাহ হয় ব্ৰেণ্ডেড সপোনেৰে মেৰিয়াব মোৰ সস্তীয়া দুভৰি | অপদাৰ্থ মানিবেগটো খুচৰো,...

নীলম শৰ্মা
Sep 16, 2025


সপোন নে দিঠক
জোনটো নামি আহিছিল নৈখনৰ বুকুত গা ধুবলৈ , চুচুক চামাককৈ মইও আগবাঢ়ি গৈছিলোঁ-- জোনটোৰ সৈতে কথা পাতো বুলি -- । ক'ৰ পৰানো আহিল এচমকা কলা...

পলী মজুমদাৰ
Sep 15, 2025


প্ৰতিধ্বনি
বৰফ গলাৰ প্ৰতিধ্বনি, নিশব্দে প্ৰতিধ্বনিত হয় টোপ টোপকৈ বৰফ গলাৰ শব্দ ! মই শুনিছোঁ ! তুমি ও শুনিছা ! কিন্তু তুমি আৰু মই, হাত ভৰি শৃংখলিত...

পলী মজুমদাৰ
Sep 15, 2025


পহৰাদাৰ
ৰ'দৰ পহিলা খবৰতে পুৱাৰ হেঙুল পাত্ৰত উপচি পৰিল মানুহৰ খোজৰ নীলকণ্ঠী ৰাগ। মেঘৰ খোপাৰ কেতেকী ফুল নীলাম্বৰ আঁচলত হেৰাল - মই দুৱাৰৰ দাং আঁতৰাই...

কমলেশ্বৰ কলিতা
Sep 15, 2025


ঈশ্বৰ
নিমখৰ দোকানত বহিও দৰ-ভাও একো নুবুজা ল'ৰাটো নিমখ কিনিব যাওতেই হেৰাল। এতিয়া নিৰুদ্দেশৰ খবৰৰ মাজত ঘামৰ টোপাল হৈ টোপেটোপে সৰি আছে ল'ৰাটো,...

কমলেশ্বৰ কলিতা
Sep 15, 2025


এনেকৈ সময় আহে বুলি জনা নাছিলোঁ
পুৱা শুই উঠি আৰু ৰাতি বিছনাত পৰিয়ে দেখো তৰ্জনী আঙুলিৰ পৰা কেঞা আঙুলিলৈ তেজৰ চেঁকুৰা। এটি এটিকৈ দিনবোৰ যেন অৱসৰী সোঁতত। নিয়মহীনতাত...

কমলেশ্বৰ কলিতা
Sep 15, 2025


জীৱনৰ পাঠশালা
জীৱন এক পাঠশালা প্ৰতিদিনে নতুন পাঠ ধৈৰ্য্য আৰু আশাৰ হাঁহি আৰু কান্দোনৰ এক নতুন অভিজ্ঞতা । জীৱন এক গীত কেতিয়াবা সুৰেৰে কেতিয়াবা বিৰহৰে...

দীপিকা লস্কৰ
Sep 15, 2025
bottom of page

