জীৱনৰ পাঠশালা
- দীপিকা লস্কৰ

- Sep 15, 2025
- 1 min read
জীৱন এক পাঠশালা
প্ৰতিদিনে নতুন পাঠ
ধৈৰ্য্য আৰু আশাৰ
হাঁহি আৰু কান্দোনৰ
এক নতুন অভিজ্ঞতা ।
জীৱন এক গীত
কেতিয়াবা সুৰেৰে
কেতিয়াবা বিৰহৰে
আগবাঢ়ে অবিৰত, অবিৰাম
এক দীঘলীয়া পথ ।
জীৱন এখন অমূল্য কিতাপ
ইয়াৰ প্ৰতিটো পৃষ্ঠা
জয়-পৰাজয়,ভয়-শক্তি
প্ৰজ্ঞা আৰু সাধনাৰ
মেতমৰা ভৰাঁল ।
কোনোবাই বেটুপাত চাই
কোনোবাই পাতনি পঢ়ে
কোনোবাই লেখকৰ পৰিচয় পঢ়ি
শান্তিৰ মাজুলীত
স্বস্তিৰ নিঃশ্বাস কাঢ়ে ।
জীৱন বাটৰ বহু চিনাকী মুখ
আজি অচিনাকী হ'ল
প্ৰতি খিলা সৰা পাতে
শিকাই গ'ল
এক নিষ্ঠুৰ সত্য।
জীৱন এক আকাংক্ষা মাথো
জন্ম আৰু মৃত্যুৰ মাজত
শান্তিৰ সন্ধানত
মৰীচিকাৰ পম খেদি
ব্যাপ্তি বিচাৰে প্ৰাপ্তিৰ বাবে ।
দীপিকা লস্কৰ
9435224363





Comments