top of page
ভিৰ
আছে বহুত গীতিকাৰ, কবি ইয়াত , আহিছে দেখি অভিভূত সকলোকে; আনিছে গীত-কবিতা পেৰা ভৰাই, পাব কিছু দামত..আন যে বিনামূল্যে... নালাগে মোক, নুশুনো এনেবোৰ, আধা..অংশ কিম্বা পুৰাকৈ ..নালাগে একোকে; নিজেই পুৰণিত হয় যে মচগুল, ভিৰত হৈছে সেয়ে এনে গণ্ডগোল। থাকিলেও খবৰ যোগাত্মক এনে বহুতো , নাপায় সময় মোবাইলৰ প্ৰজাই জানিবলৈ.. বন্ধ মগজুৰ তলা..খোলা নহয় যে সহজ বৰ; নিবিচাৰে নিজেও চাবি, নহয় যে ইচ্ছুক সপোন ভগাৰ। ভাল কথা আছে বহুতো বেয়াৰ মাজত, নাজানে নুবুজে কোনেও নিজা কাৰনত; ধূলিৰে ভৰপূৰ ছবি দ

শোণিত বৰঠাকুৰ
May 23
সজাগ
এটি এটি উশাহ সময়ৰ নিঃশব্দ সোঁত হৃদয় চুই যায় এটুপি চকুৰ পানীয়ে কৈ যায় গভীৰ কষ্টৰ ভাষা। এটি এটি দীৰ্ঘ উশাহে নোপোৱাৰ নীৰৱ ব্যৰ্থতা সোঁৱৰাই যায়। উশাহ বন্ধ কৰা যন্ত্ৰণাবোৰ পিতৃ-মাতৃৰ শূন্যতা অনুভৱ । প্ৰতি নিশাৰ দুখৰ সপোনে ভয়ৰ সৈতে পৰিচয় কৰাই দিয়ে। প্ৰিয়জন আতৰি যোৱাৰ বেদনাই মৃত্যুৰ কঠিন সত্য তাকেই সোঁৱৰাই দিয়ে। তথাপিও— এই উশাহেই মোক সজাগ কৰি ৰাখে, জীৱনৰ প্ৰতিটো মুহূৰ্তক নতুনকৈ বুজিবলৈ । ছবি ৰাণী চৰকাৰ মিলনপুৰ, নগাঁও। দূৰভাষ নং ৮৬৩৮৭ ৪৮৩৫২
ছবি ৰাণী চৰকাৰ
May 23
সম্পৰ্কৰ এনাজৰী
সম্পৰ্ক এক নীৰৱ সুৰ কেতিয়াবা হাঁহিৰে কেতিয়াবা চকুলোৰে হৃদয়ত এৰি যায় অনুৰাগ । 'মা'ৰ স্নেহৰ কোমল স্পৰ্শ, 'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ, ভাই-ভনীৰ হাঁহিৰ মাজত সম্পৰ্কই পায় নতুন স্বাদ। জীৱনৰ পৃষ্ঠাবোৰত স্মৃতিৰ ৰঙীন আঁচ সম্পৰ্কৰ এলবামত সংযোজন নিতৌ নতুন ফটো । মৰম -ভালপোৱাৰ সেউজীয়া ডালত পোখা মেলে নতুন পাত নিঃশব্দতাৰে আগবাঢ়ে সময় সম্পৰ্ক হয় নিৰৱ শূন্য । কেতিয়াবা নীৰৱতাইও বহু কথা কয়, এটা সঁচা সম্পৰ্কই চকুৰ ভাষা বুজি পায়। সুখৰ দিনত বহুত আহে, দুখত যি হাত ধৰে— সেইজনেই হয় সম্পৰ্কৰ

জ্যোতিকা বৰা
May 23
অভিমানী তুমি
তুমি আহিলা নীৰৱে মোৰ হৃদয়ে সাৰ পালে কিন্তু তোমাৰ সেই নিঃশব্দ উপস্থিতিয়ে মোৰ অন্তৰত অলেখ প্ৰশ্নৰ জঁটাই দিলে। কেতিয়াবা ভাবো, এয়া কি সঁচাকৈ এক অনুভব? নে কোনো অন্য অনুভূতিৰ প্ৰতিফলন? ইয়াৰ কোনো ব্যাখ্যা নাই। ই ভালপোৱা নহয় আকৌ বন্ধুৰ বন্ধুত্বও নহয় ইয়াত শব্দবোৰে যেন নিজৰ অৰ্থ হেৰুৱাই পেলাইছে। গভীৰ ৰাতিৰ নিস্তব্ধ মুহূৰ্তত তুমি দিয়া সাঁথৰবোৰ এতিয়া বৰ অসহ্য। কৈ যোৱা অনুভৱবোৰ এতিয়া অব্যক্ত স্বৰ। মোৰ নাম তোমাৰ কবিতাৰ পাতত নাই তথাপি মোৰ কবিতাৰ প্ৰতিটো শব্দ তোমাৰ বাবেই। শব্দৰ ভাষাত কিছুমান
ৰিম্পী দেৱী
May 23
মানৱতাৰ প্ৰহৰী
কবি সংস্কৃতিৰ ধ্বজাবাহক মানৱতাৰ প্ৰহৰী বাস্তৱৰ কঠিনতাত বালিত সোণ বুটলি সপোনপুৰীৰ সন্ধান দিয়া এক ভৱিষ্যত দ্রষ্টা নিৰৱ স্ৰষ্টা । কবিৰ চাকত সৃষ্ট কাব্য জ্ঞানপিপাসুৰ কল্পবৃক্ষ হৃদয়ৰ পৰা হৃদয়লৈ অমৃত সঞ্চালিত কৰা এক অদৃশ্য সাঁকো । কবি - মনৰ এলান্ধু আঁতৰাই জ্ঞানানন্দৰ ৰস ছটিওৱা জ্ঞান অন্বেষী পূজাৰী বিন্দুতে সিন্ধু দেখা প্রেম -কৰুণা পূর্বচৰ্তৰে মণ্ডিত এক অনুভৱী সত্ত্বা । কবিতাই সন্ধান দিয়ে কলিয়াৰ সিপাৰৰ জ্যোতিষ্কৰ দর্শনৰ আশিসেৰে বৰষে অমোঘ মন্ত্রপুত বৰষুণ অশান্তিৰ অনল নির্বাপণৰ কঢ়িয়া

মনোজ কুমাৰ শৰ্মা
May 23
আশাৰ জোনাকত নতুন শব্দ
আশাৰ জোনাকত নতুন শব্দ ভাঙি যোৱা বাক্যৰ মাজত নতুন অৰ্থ জন্ম লয় আলোকিত হয় নতুন প্ৰভাত। প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি প্ৰতিটো নিশা নতুন শিকনি সময়ৰ সোঁতত আগবাঢ়ে জীৱনৰ নতুন কাহিনী । ভঙ্গ হৃদয়ত আশা-নিৰাশাৰ মাজত উলমি আছে জন্মৰ লগত মৃত্যুৰ নিবিড় সম্পৰ্ক । সময়ৰ ডায়েৰীত সৰু সৰু শব্দবোৰে পোৱা -নোপোৱাৰ বেদনা ঢাকি নতুন সপোনে আঁকে । পৃথিৱীৰ পৰা আকাশলৈ সৌৰজগতৰ গ্ৰহ উপগ্ৰহ লৈ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ষণত নবীনৰ জয়যাত্ৰা। বৰদৈচিলা উভতি গ'ল আকাশখন ফৰকাল হ'ল হাঁহি-শান্তিৰ উপহাৰ লৈ

জ্যোতিকা বৰা
Apr 25
মনে বাৰুকৈয়ে সুধিছে
বৈ আছে লুইত সময়ো বাগৰিছে দিন-ৰাতি একাকাৰ কৰি অসমে কান্দিছে। সেই কণ্ঠ আজি যে স্তব্ধ, সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত— মনে বাৰুকৈয়ে সুধিছে! ৰঙৰ ব’হাগত এইবাৰ ৰঙবোৰ সেমেকিল, গীতৰ মায়া চকুলোৰে বিয়পিল। নতুন বছৰটিত, ব’হাগৰ মঞ্চখনিত কিয় বাৰু শুনা নাই "আশা"! গাবলৈ নোহোৱা হ’ল "ৰুমাল", "অনামিকা"। সেই কণ্ঠ আজি যে স্তব্ধ, সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত— মনে বাৰুকৈয়ে সুধিছে! মনে বাৰুকৈয়ে সুধিছে!! হিমাংক শৰ্মা নগাঁও, অসম দূৰভাষ নং ৬০০১৩ ০২৫১২

হিমাংক শৰ্মা
Apr 25
সহজ কথা
বিষয় বস্তুত কিবা আবেগ থাকিব পাৰেনে পদাৰ্থৰ গতিৰ কোনোবা পৰ্যায়ত নিয়ত ভাবে গঢ়ি উঠে যি প্ৰাণ জটিলতৰ ভাবে অসাম্যতাত দুলি ৰোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ত্বৰণৰ মাজত থাকেনে অনুভূতি ? বিভেদহীন অৰ্নিদিষ্ট সংখ্যাৰ ধ্ৰুৱক ধৰি ঠাৱৰ কৰিব পাৰিনে জীৱনৰ প্ৰশ্নোত্তৰ পদাৰ্থৰ গতি অথবা জড়তা একাকাৰ হৈ ফেনাই উঠে নিশাহ উশাহ । যি প্ৰশ্নৰ উত্তৰ বিচৰা যায় সি কেৱল শূণ্যৰ দৰে উপঙি থাকে বাহ্যিক আৰু অন্তৰ্লীন শক্তিৰ ছন্দত পদাৰ্থই প্ৰাণ পায় বিকাশৰ বাবে । কথাবোৰ সহজ কৰি একো লাভ নাই জটিল কৰিলেও কোনো কথা অবোধ্য ন
ড° প্ৰতাপজ্যোতি সন্দিকৈ
Apr 25
সাঁৰথি
জীৱনৰ বৃদ্ধাৱস্থা অলস -সংগীবিহীন এক নিসংগ অৱস্থা যেতিয়া খোজ দিয়াৰ সাহসকনো হেৰাই যায় আপোনজনেই যেতিয়া কাষৰ পৰা নোহোৱা হয় তেতিয়া সেই ব্যক্তিজনৰ বাবে একমাত্ৰ ভৰষা হাতৰ লাখুটি ডাল যাৰ ভৰত জীৱনৰ শেষ অৱস্থা কটাই এই লাখুটি দালেই জীৱনৰ শেষ অৱস্থাৰ একমাত্ৰ বিশ্বাসযোগ্য সাঁৰথি ।। শ্ৰী অৰূপ কুমাৰ গোস্বামী আমোলাপট্টি, নগাঁও।

অৰূপ কুমাৰ গোস্বামী
Apr 25
অপৰিমেয় সময়
অবিন্যস্ত বন্ধ কোঠাত, শব্দবোৰে পোখা মেলাৰ তাড়নাত নুবুজা ভাৱনাবোৰে সংগোপনে ঠিকনা বিচাৰে। ৰূপকথাৰ সুঁতিয়েদি উজাই আহে কবিতাৰ অলেখ আবেদন। প্ৰত্যয়েৰে সাজিম কবিতাৰ একোটা নিগাজী ঘৰ। জীৱনটো পিছে ইমান সহজো নহয় ! মন মগজু হৃদয়ৰ আবেগ সাৱটি মোৰ বিবৰ্ণ আঙুলিত আমন -জিমনকৈ বহি আছে এটি অভিসাৰী আলাপ। এটি মিছা অজুহাত, এটি মৌন যন্ত্ৰণা ! শব্দহীন সময়.. নবীন কলিতা নগাঁও, অসম।
নবীন কলিতা
Apr 25
আখৰ
(১) কটা - কটি আখৰৰ অতিশয় দৰকাৰী কৰি আগ-পিছ সলনি কৰিবৰ হল শিকনি সময়ৰ ভূমি উদ্দীপ্ত নাঙলৰ ফালত আখৰৰ আগ-পিছ কৰিবৰ হল । (২) নিলিখিলে লিখিব কোনে কথা কোৱাৰ সময়ো যে হল ঘহিবা কলম - দোৱাত লগতে দংশে দাগে হাতক তেনেকৈ হয়টো হব পাৰে তেতিয়া কিবা কটা-কটি আখৰৰ কৰিবৰ হল । (৩) নহবও পাৰে ঠিক বে-সঠিক লেখনৰ কালত বাক্যৰ অনুশীলন দৰকাৰী হল নিজৰ বাবে আনৰ হকেও কবলৈ হল ভঙা-পতা আখৰৰ কৰিবৰ হল। (৪) পঢ়াও দৰকাৰী নহয়, ই নহয় কথা পিছে চৰকাৰী মগজুক শাণত দিবৰে হল নামবোৰ আখৰৰ জানিবৰ হল আখৰৰ আগ- পিছ কৰিবৰ

শোণিত বৰঠাকুৰ
Apr 25


সৰ্বাংগিনী
( বিশ্ব নাৰী দিবস উপলক্ষে সকলো প্ৰিয় নাৰীলৈ শুভকামনাৰে ) (১) তোমাৰ কথা যেতিয়াই ভাবোঁ , স্মৃতিয়ে উৰুৱাই লৈ যায় অতীতলৈ । মনত পৰে কেৱল পানী খাই কামলৈ ওলাই যোৱা সেই অঘৰী দিনবোৰ , মনত পৰে নিমখ-তেলৰে ভাত খাই শুই পৰা সেই দীঘল নিশাবোৰ , মনত পৰে সেই উশৃংখল দিনচৰ্যা , যিয়ে কৰি তুলিছিল খঙাল আৰু ৰুগীয়া । মনত পৰে বিয়াৰ পিছত আৰম্ভ হোৱা তোমাৰ সহ্য আৰু ধৈৰ্যৰ পৰীক্ষাবোৰ , মনত পৰে এসাজ একেলগে খাবলৈ কৰা তোমাৰ অপেক্ষাৰ মূহুৰ্তবোৰ , মনত পৰে সংসাৰখন গঢ়িবলৈ তুমি কৰা সাধনাৰ সময়বোৰ ।


ৰৈ ৰৈ চাই যোৱা শিল্প
ইয়াত এজন মুকুট বিহীন ৰজা আছিল। মই তেওঁৰ দেশৰে মানুহ। কি নাছিল তেওঁৰ দেশত— সুৰ শুনি শুনি ৰাতিটোক কাটি কৰা অপাৰ জোনাকৰ চোতাল , সেউজীয়া অৰণ্যৰ ৰ’দ ঘাই কাব্য, শাওনৰ ধল নমা পথাৰৰ সংগীত আৰু চেনেহৰ কাৰেং সাজি নতুন আশাহৈ ওলাই অহা উৎফুল্লিত অলেখ ডেকা শক্তি। কি নাছিলনো তেওঁৰ দেশ গঢ়া ৰাজ আদেশত — বন-নদী-পাহাৰ ,ৰ’দ-বতাহ-বৰষুণলৈ সীমাহীন আলিংগনৰ অধিকাৰ। আশ্ৰয়ৰ আচলপাৰি জনতাৰ দৰবাৰ সজাই তোলাৰ। আপোন পথাৰখন নিগাজি কৰাৰ। আৰু বট-বৃক্ষৰ ৰক্ষক হোৱাৰ যি শীতল বতাহৰ ছাঁ দিয়ে য’ত চৰাই-চিৰিকটিয়ে ঘৰ সাজে

দীননাথ লিয়ং
Apr 1


তোমাৰ অনুভৱত মই
দিক-বিদিক হেৰুওৱাৰ যন্ত্ৰণাত এবুকু বেদনাই জহিছে, নিৰাপত্তাহীনতাত ভুগিছোঁ আউল লগা সময়বোৰে আঁত বিচাৰি বাটকুৰি বাইছে পথ-উপপথৰ প্ৰতি কোণত দূৰণিত থাকিলেও প্ৰতি ক্ষণত তুমি অনুভৱৰ দলিচাত মোৰ অনুভৱত মাথোঁ তুমি আবেলিৰ পৰত বতাহৰ গতিত নিভাঁজ প্ৰেমৰ মতলীয়া সুৰ এটি কাণত বাজি উঠে ফাগুনৰ পছোৱাজাকে মৰমবোৰ উৰুৱাই আনিব শিমলু-পলাশে প্ৰাণ উজাৰি যাচিব 'তোমাৰ অনুভৱত মাথোঁ মই' তুমি কোৱা বাক্যশাৰীয়ে অনুভৱ কৰাই তোমাৰ মৰমৰ সত্তাক। ৰশ্মি ৰেখা দুৱৰা ডিব্ৰুগড়, অসম । দূৰভাষ নং :৬০০০৬৮২১৮৩

ৰশ্মি ৰেখা দুৱৰা
Apr 1


বহাগ
বহাগ মোৰ আজন্ম প্ৰেমিক কোমল মনত শিহৰণ তোলা ফুল ফুলাৰ অন্তহীন প্ৰতীক্ষা প্ৰকৃতিৰ ৰঙেৰে ৰঙীন কৰা মধুময় পল মধুময় ক্ষণ বহাগ মানেই এক উদ্দাম গতি কোৱাল নদীৰ স্ৰোতৰ দৰেই বসন্তৰ ৰঙীন ছন্দেৰে এয়া মনৰ বহাগ গছ ফুলত ওলমে আশাৰ সপোন হিয়াত জলে পূৰ্ণিমাৰ জোন কোমল বতাহে কঢ়িয়াই মনৰ খবৰ গুণ গুণ প্ৰেমৰ বাবেই প্ৰেমৰ আৰু এটি নতুন দিন। ৰিণি নেওগ বৰা । নগাঁও, অসম । দূৰভাষ নং- ৯৭০৬৬ ০৭৮১৩

ৰিণি নেওগ বৰা
Apr 1


কবিতা হৃদয়ৰ
ছবিখনে প্ৰায়ে আমনি কৰে ছবিখনৰ ঘন ঘন উশাহ বোৰে বাঁহীৰ এটি কৰুণ সুৰ তোলে কোন শিল্পীৰ তুলিকাত মোৰ প্ৰাণৰ এই নিসংগ সৃষ্টি। মোৰ হৃদয়ৰ গোপনখিনি মোৰ মইটোৰ লগতে মনৰ আৱেগবোৰ ঢালি দিওঁ মই টোপনি যাও মোৰ লগতেই কিমান যন্ত্ৰণা কাতৰ তুমি কি বুজিবা,শিল্পী মোৰ হৃদয়ৰ আহ্বান। মই আশা কৰিছিলোঁ উতলা ফাগুনৰ নিৰিবিলি আবেলি আকুল কণ্ঠে ক'ব তুমি বনৰলতা আৰু মোতেই বগোৱা মই বিচাৰিছিলোঁ মোৰ যৌৱনৰ প্ৰথমটো বসন্ততেই বৰষুণৰ আলিংগন জঁই পৰি যোৱা লাজূকীলতাৰ দৰে সংবেদন সংগোপনে সাঁচি থৈছোঁ আজিও, আগবঢ়াই দিওঁ দুহাত

শৰৎ চন্দ্ৰ গোস্বামী
Apr 1


কেনে আছে মোৰ জ্ঞানতীৰ্থখনি
বহুদিন হ'ল এৰি অহা, দিনৰ লেখত নহয়, বছৰৰ লেখত ৷ পূৰ্ব ভাৰতীৰ তীৰ্থ প্ৰাঙ্গণত গীতৰ ধ্বনি বাজি থাকে কাণত ৰিণি ৰিণি, শুনোৱেইনে কেৱল, দেখাও পাওঁ, চকু মুদিলেই ভাঁহি উঠে মোৰ জ্ঞানতীৰ্থখনি ৷ সকলো চিনাকি আছিল, নিচেই চিনাকি, প্ৰতিটো পথ, ঘৰ, শ্ৰেণীকোঠা, চৌদিশৰ সেউজী বাগিছা, চিনাকি আজিও মোৰ নাহৰৰ কুঁহিপাত আৰু নিৰিবিলি ছাঁ ৷ চিৰসেউজ দুচকুত সেইটো মোৰ বাসগৃহ কাষতে কৰ্মস্থলী, ৰোগীসকলেই যে আমাৰ জ্ঞানৰ পাঠ্যপুথি ৷ মানুহৰ সেৱাতেই জ্ঞানৰ সন্ধান লভো সেই শিক্ষাৰেই আমি ভৱিষ্যতৰ স্বপ্ন ৰচো ৷ ব্যস্তত

ডা° টঙ্কেশ্বৰ ভূঞা
Apr 1


তাইক মই তই বুলি নামাতো
তাইক মই তই বুলি নামাতো এৰা , তাইক মই তই বুলি নামাতো কাৰণ তাইক মই সদায় তুমি বুলিহে মাতো আচলতে -- “তেওঁ” হে মৰমতহে কৈছো আজি মই -- “তাই” বুলি আচলতে সচাঁই তাই মোৰ বৰ মৰমৰ । তাইক মই তই বুলি কেতিয়াও নামাতো নব্বৈৰ ডেৱনা পাৰ হৈয়ো ককাই আইতাক তুমি বুলিয়েই মতা আমি নিজেই শুনিছোঁ মৰমেৰে মতা মাতষাৰ আজিও কাণত ভাঁহি আহে — হে--ৰা, শুনিচা – ককাৰ মাতত আইতাৰ শলাগনি “নিজে কিবা কৈ’ছি নাকি, গৈচং ৰ” বাঃ কি সুন্দৰ মৰম আৰু আদৰ শব্দৰ আৱ-ভাৱ প্ৰকাশ ভংগী কোনো দিনে ককাৰ মুখত গালি নাই মাথোঁ মাতত ভকতিৰ

ড০ কমল চন্দ্ৰ নাথ
Apr 1


ঘৰৰ কথা
আছিল যাৰ সন্ধানত যি , দেখা নগল পিছে দিঠকত,, কিনো লিখিম দিব যে কি উত্তৰ, প্ৰশ্ন আছিল বেছি দীঘলীয়া, নেদেখিলোঁ তাৰ মাজতে চিহ্ন উত্তৰৰ! আছিল প্ৰশ্ন ঘৰৰ, নুবুজিলে কোনেও, নাজানে কোনেও আজিকালি ঘৰৰ কথা, ঘৰ এৰি মানু্হ কিন্তু আলহীহে হল ভাবিলো সেয়ে ময়েই দিও উত্তৰ, কৈ কথাবোৰ নজনা কিছু, জানিব লগীয়া কথা ঘৰৰ পিছে, এৰিলেও ঘৰক আমি,ঘৰে আমাক নেৰে! কিনো কৰিম নিৰ্মাণ আইনাৰ ঘৰৰ, নেদেখিম পিছে তাত ভালকৈ মুখখন নিজৰ, নেবেচিম তাত মুখা যেতিয়ালৈকে, হয়তো ভাঙিব পাৰে সেই ঘৰখন দলিয়ালে শিলৰ টুকুৰাৰ আঘা

শোণিত বৰঠাকুৰ
Apr 1


সম্পৰ্কবোৰ বৰ চনকা
কিয় নাজানো আজি কালিৰ সম্পৰ্কবোৰ বৰ চনকা সঘনাই ৰঙ সলনি হয় হইতো আস্থা আৰু বিশ্বাসৰ খুবেই অভাৱ লগতে স্বাৰ্থ আৰু অৰ্থৰ প্ৰভাৱ । সময় বাগৰি যোৱাৰ লগতে সম্পৰ্কবোৰো বাগৰি গৈছে । বিভিন্ন ৰঙৰ সমহাৰত ক'লা আৰু বগাৰ সংমিশ্ৰণ যেন হেৰাই গৈছে। কৃত্ৰিমতাৰ চাকনৈয়াত সোমাই সকলোৱে হাবো দুবো খাইছে । ক্ষন্তেকীয়া ৰঙীন পৃথিৱীত আজি যেন সকলো হেৰাই গৈছে।। অৰূপ কুমাৰ গোস্বামী আমোলাপট্টি,নগাঁও দূৰভাষ নম্বৰ:৯৮৬ ৪০ ৭৭ ৩১৮

অৰূপ কুমাৰ গোস্বামী
Mar 4
bottom of page


