সাঁৰথি
- অৰূপ কুমাৰ গোস্বামী

- Apr 25
- 1 min read
জীৱনৰ বৃদ্ধাৱস্থা
অলস -সংগীবিহীন
এক নিসংগ অৱস্থা
যেতিয়া খোজ দিয়াৰ সাহসকনো
হেৰাই যায়
আপোনজনেই যেতিয়া কাষৰ পৰা
নোহোৱা হয়
তেতিয়া সেই ব্যক্তিজনৰ বাবে
একমাত্ৰ ভৰষা
হাতৰ লাখুটি ডাল
যাৰ ভৰত জীৱনৰ শেষ অৱস্থা কটাই
এই লাখুটি দালেই
জীৱনৰ শেষ অৱস্থাৰ
একমাত্ৰ বিশ্বাসযোগ্য সাঁৰথি ।।
শ্ৰী অৰূপ কুমাৰ গোস্বামী
আমোলাপট্টি, নগাঁও।


Comments