top of page

বসন্তৰ ক্রন্দন

'তোমাৰ বাবেই যত অশান্তি'।


'মই আকৌ কি কৰিলো? '


'এইযে বায়েৰাহঁতক দেখি ল'ৰা-ছোৱালীহালক 'ইংলিছ মেডিয়ামত' পঢ়ুৱাবলৈ তৎ হেৰুৱালা, এতিয়া পাইছা মজা? বিহুৰ পিছদিনাই সিহঁতৰ '


'ইউনিট টেস্ট' নিদিলেনে পাতি? অসমীয়া স্কুলত পঢ়ুৱা হ'লে অন্তত: বিহু 'ফাংশন' কেইখন শান্তিৰে চাব পাৰিলো হয়-----'


   'এতিয়া যাবানে নোযোৱা সেইটো কোৱা? '


   '  ওলোৱা, ওলোৱা, নগ'লে গোটেই বছৰটো মোক শান্তিৰে থাকিবলৈ দিবানে'?


        সেইযে দহ বজাতে ভাত-পানী খাই বিহুতলীলৈ ওলালো, এতিয়া লৈকে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ নাম-গোন্ধেই নাই। দৰ্শকেৰে ৰভাথলী ঠাহ খাই পৰিছে। 'গ্ৰীণৰুম'ৰ পৰা 'খন্তেক পিছতে আমাৰ বিহু কুঁৱৰী প্ৰতিযোগিতা আৰম্ভ হ'ব ' বুলি কিছু  সময়ৰ মূৰে মূৰে ঘোষণা কৰি আছে যদিও প্ৰতি খন্তেকৰ বাবে আধা ঘণ্টা মানতকৈ বেছি লৈছে।


      'হেৰা, যাওঁগৈ ব'লা। কিমান খাপ-পিতি বহি থাকিবা আৰু? '


       'যাম ৰ'বা। তাৰ আগেয়ে এটা কাম কৰাচোন। তুমিতো সম্পাদকক চিনি পোৱাই, গতিকে সাউতকৈ সুধি আহাচোন-আচলতে প্ৰতিযোগিতা কেইটা বজাত আৰম্ভ হ'ব? '


    ' মা, চানা'।


    ইহঁতহালৰ চকু কেৱল চানাৱালা আৰু বৰফৱালাৰ ওপৰত নিৱদ্ধ। আচলতে সিহঁতৰ আমনি লাগিছে ছাগৈ। মাইকত আকৌ ঘোষণা কৰিছে- 'শ্ৰদ্ধেয় বিহুবলীয়া ৰাইজ! খন্তেক পিছতে--------'


     'মা, যাওঁগৈ ব'লা। বিহু-চিহু নাচাওঁ'  , ল'ৰাটো উঠিলেই।


     'তহঁতৰ আহিবলৈ ও তৎ নাই, যাবলৈ ও তৎ নাই। '


       'শুনা নাই, আমাক  কেনেকৈ বলীয়া বলীয়া কৈ আছে? '


       মোৰ হাঁহি উঠিল যদিও মনৰ  ভিতৰখন হাহাকাৰ  কৰি উঠিল। এইয়া ল'ৰাক 'ইংলিশ স্কুলত' পঢ়োৱাৰ ফল হাতে হাতে পাইছো।


    'নহয় অ', বলীয়া মানে ইয়াত 'লাভ' বুজাই ছে। 'লাভ' মানে অসমীয়া ভাষাত প্ৰেম বুজাই, অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে বিহুক ভালপোৱা ৰাইজ বুলি। নাজানো সি কি বুজিলে? ইফালে মোৰ চকুহালে এওঁক বিচাৰি পিত-পিতাই ফুৰিছে। অথনিয়েই সম্পাদকক লগ কৰিবলৈ যোৱা মানুহটো এতপৰলৈকে..........। নিৰ্দ্দিষ্ট এঠাইত  মোৰ চকুদুটা স্হিৰ হৈ ৰ'ল। এগৰাকী ভদ্র মহিলাৰ লগত এওঁ কথাত নিমগ্ন। পৃথিবীত যেন ভদ্র মহিলা  আৰু তেওঁৰ বাহিৰে অন্য দ্বিতীয় প্ৰাণী নাই........ তেওঁলোকৰ কথা-বতৰাৰ ধৰণ-কৰণ দেখিলে তেনে অনুভৱেই হয়। ঘৰত এশ এবুৰি খুহুতীয়া কথা কৈও হহুৱাব নোৱাৰা মানুহটোৰ মুখত যে কি মোলায়েম হাঁহি! আজি ঘৰত গৈ এজোলোকা খুৱাম  বাপ্পেকে।


      'ব'ল, ব'ল, নাচনীলৈ ৰৈ ৰৈ টোপনি ক্ষতি কৰি চকুৰ গুৰি ক'লা কৰিব নালাগে। মোৰ আগৰ চকীবোৰত বহি থকা প্ৰায় সাঁত-আঠজনীমান উঠন ছোৱালী  গিৰিসাই উঠিল। পিন্ধনত কোনোবাজনীৰ 'জিন্ছ পেণ্ট', কোনোবাজনীৰ চুৰিদাৰ, কোনোবাজনীৰ আকৌ 'মিনি-স্কাট', 'কেপ্ৰি', 'কাৰগ', ফেন্সিফ্ৰক'------মুঠতে সিহঁতৰ মাজৰ এজনীয়েও চাদৰ-মেখেলা বা শাৰী পিন্ধা নাই। মোৰ খং উঠিল সিহঁতৰ ওপৰত। যেন ক'ম--'আনে নচা চাবলৈ আহি এনেদৰে যে ভোৰভোৰাই আছহঁক, নিজে নাচিব নোৱাৰ? '


      'গ্ৰীণৰুম'ত এটা হুলস্থুল পৰিৱেশ। উদোক্তা আৰু দশৰ্ক কেইজনমানৰ বাক্-বিতণ্ডা।


       'চাওক, দহগৰাকী প্ৰতিযোগীয়ে নাম ভৰ্তি কৰি গৈছে। তেওঁলোকৰ এগৰাকী ও এতিয়ালৈকে আহি পোৱাহি নাই। গতিকে আমি কেনেকৈ আৰম্ভ কৰো কওঁক? '


    '-নাহে যদি  সিহঁতে চাল্লা নাম'? এজনে দোৰোল খোৱা জিভাৰে একেটা কথাকে কৈ থাকিল।


     দুজন পুৰুষৰ মাজত এগৰাকী মহিলা ও বিচাৰকৰ আসনত বহি আছে। মহিলা গৰাকী য়ে বৰ উৎকণ্ঠিত হৈ ইফালে-সিফালে চাই আছে। হয়তো ঘৰুৱা কিবা চিন্তাত অথবা স্বামীৰ আগমনৰ অপেক্ষাত নতুবা পৰিস্থিতি অনুকূল নোহোৱাৰ উদ্বিগ্নতাত। ইফালে বতৰটোও ওন্দোলাই আনিছে।


      'আহিল, আহিল। বিহু কুঁৱৰী আহিল'। ---ইতিমধ্যে উদোক্তা সকলৰ ব্যস্ততা বাঢ়িল। বিহু- কুঁৱৰী আহি পোৱাৰ খবৰটো ৰভাথলীত দৰ্শকৰ মুখে মুখে বিয়পি পৰিল।


     শ্ৰদ্ধেয় বিহুপ্ৰেমী ৰাইজ। ইতিমধ্যে প্ৰতিযোগী সকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আজি প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী গুৱাহাটীৰ মিছ শিৱানী তালুকদাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াৰ পিছৰ প্ৰতিযোগী........ '


       মই  ঘড়ীলৈ চালো-এক বাজিবলৈ বিশ্ মিনিট বাকী। এওঁ নো কেতিয়া আহি মোৰ কাষত বহিলহি গমেই নাপালো। পিছলৈ চাই দেখিলো চকীবোৰৰ অধিকাংশই খালী। অ'ত ত'ত সিঁচৰতি হৈ থকা আৰু ঘৰলৈ বুলি ৰাওনা হোৱা কিছু দৰ্শক পুনৰ ৰভাথলীলৈ উভতি আহিছে। মোৰ কোলাত টোপনিত লালকাল দিয়া ছোৱালী জনীক এওঁৰ হাতত চম্জাই মই ক্ষীপ্ৰ  খোজেৰে মঞ্চলৈ উঠি গ'লো আৰু ঘোষকজনৰ পৰা চিলাই থাপ মৰাদি 'মাইক্রো' - ফ'নটো লৈ ক'বলৈ ধৰিলো----'পৰম শ্ৰদ্ধা ভাজন ৰাইজ। মই দুটামান কথা কওঁ অনুগ্রহ কৰি শুনিবনে? '


       ৰাইজৰ মাজত মৃদু গুণ-গুণনি দুজনমানে মইনো কি ক'ম শুনিবলৈ উৎসুক হোৱাযেন লাগিল। পিছফালৰ পৰা তিত্কাৰী '-আপোনাৰ কথা পিছতো শুনিম, আগতে নাচ চাবলৈ দিয়ক............. '


     'হেৰা পিছৰ পৰা তিত্কাৰি দিয়া ডেকাকেইজন, হয়, তোমালোককে  কৈছো শুনা। তোমালোকে যে বিহু নাচ চাবলৈ সেই সাঁতটা বজাৰ পৰা এতিয়ালৈকে খাপ- পিতি বহি আছা, তোমালোকে নিজেও এটা বিহুৱা দল কিয় গঠন কৰিব নোৱাৰিলা? মৰমৰ গাভৰু হঁত,, তোমালোকেও যদি তোমালোকৰ মাজৰ পৰাই কেইগৰাকীমান বিহু কুঁৱৰীৰ সৃষ্টি কৰিলাহেঁতেন, তেন্তে আমি সকলোৱেই এনেদৰে বিহু নাচ চাবলৈ খাপ-পিতি বহি থাকিব লাগিলহেঁতেননে? হে মোৰ শ্ৰদ্ধাৰ পিতৃ-মাতৃ সকল, আপোনাসৱক কৰযোৰে অনুৰোধ কৰিছো, আপোনালোকে নিজৰ সন্তানক নাচিবলৈ প্ৰেৰণা দিয়ক সিহঁতক শিকাওক যে আনৰ নাচ উপভোগ কৰাৰ আনন্দতকৈ নিজে বিহু নাচি পোৱা আনন্দ বহুত বেছি। আমি আমাৰ পুত্র-কন্যা, নাতি-নাতিনীক স্হানীয় মঞ্চত নচুৱাব পাৰিলে, আমদানি কৰি অনা নাচনী কেইজনীক  প্ৰতিযোগিতাৰ মাধ্যমেৰে মঞ্চত চাবলৈ হাজাৰ হাজাৰ টকাৰ যি লোভনীয় পুৰষ্কাৰ দিব লগা হৈছে, সেইখিনি টকাৰ বাবে আমি আনৰ ওচৰত হাত পাতিবও নালাগিব বা বাটে-ঘাটে চান্দা তুলি ফুৰা অপসংস্কৃতিৰো মৃত্যু ঘটিব। অন্যথা এনেদৰে আমদানি কৰি অনা মুষ্টিমেয় নাচনী কেইগৰাকীৰ নাচ চাবলৈ খাপ-পিতি বহি থকা এক পৰম্পৰাত পৰিণত হ'ব। গতিকে আহক, আজি আমি এই মঞ্চতেই  প্ৰতিজ্ঞাৱদ্ধ হওঁ যে আমি ঘৰে ঘৰে কমেও এগৰাকী বিহুৱতী বা এটা  বিহুৱা গঢ়ি তুলিম। '


     জাউৰি জাউৰি হাত-চাপৰিৰ মাজেৰে মই মঞ্চৰ পৰা নামি আহিলো।  মোৰ কথাৰ আঁত ধৰি বিচাৰক এজনেও তেখেতৰ কিছু নিজা অভিমত প্ৰকাশ কৰি গ'ল। পিছফালৰ পৰা কোনোবা উদণ্ড ল'ৰা এটাৰ চিঞৰ ভাঁহি আহিল--'আপোনালোকে আজি ভাষণকে দি থাকিব নে আমাক বিহু- নাচো দেখুৱাব? '


      এওঁ টোপনিত লালকাল দিয়া ছোৱালী জনীক মোৰ কোঁচলৈ দি ক'লে--'তুমি যিয়েই নোকোৱা লাগিলে, মই কিন্তু এইক নাচনী সজাব নোৱাৰোঁ। '


     'কিয়? ' মই উৎসুকতাৰে সুধিলো।'


     'যদি ঢুলীয়াৰ লগত পলাই যায়? '


       ' তুমি ঢুলীয়া আৰু মই বিহৱতী আছিলো জানো? '


     '-------------------'


     'ঢুলীয়া-বিহুৱতী একো নোহোৱাকৈয়ে আমি জানো ঘৰৰ পৰা পলাই-------'


         'মনে মনে কোৱাহে, ইহঁতহালে শুনিব।'


      এওঁ মোচৰ তলতে মিছিক্ কৈ হাঁহি দিলে।


    

গীতা মহন্ত শইকীয়া

মৰিকলং,নগাঁও

দূৰভাষ নং ৭৫৭৬ ৯০২৪০২

Comments


bottom of page