অপৰিমেয় সময়
- নবীন কলিতা
- Apr 25
- 1 min read
অবিন্যস্ত বন্ধ কোঠাত,
শব্দবোৰে পোখা মেলাৰ তাড়নাত
নুবুজা ভাৱনাবোৰে
সংগোপনে ঠিকনা বিচাৰে।
ৰূপকথাৰ সুঁতিয়েদি উজাই আহে
কবিতাৰ অলেখ আবেদন।
প্ৰত্যয়েৰে সাজিম কবিতাৰ
একোটা নিগাজী ঘৰ।
জীৱনটো পিছে ইমান সহজো নহয় !
মন মগজু হৃদয়ৰ আবেগ
সাৱটি মোৰ বিবৰ্ণ আঙুলিত
আমন -জিমনকৈ বহি আছে
এটি অভিসাৰী আলাপ।
এটি মিছা অজুহাত,
এটি মৌন যন্ত্ৰণা !
শব্দহীন সময়..
নবীন কলিতা
নগাঁও, অসম।



Comments