আশাৰ জোনাকত নতুন শব্দ
- জ্যোতিকা বৰা

- Apr 25
- 1 min read
আশাৰ জোনাকত নতুন শব্দ
ভাঙি যোৱা বাক্যৰ মাজত
নতুন অৰ্থ জন্ম লয়
আলোকিত হয় নতুন প্ৰভাত।
প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি
প্ৰতিটো নিশা নতুন শিকনি
সময়ৰ সোঁতত আগবাঢ়ে
জীৱনৰ নতুন কাহিনী ।
ভঙ্গ হৃদয়ত
আশা-নিৰাশাৰ মাজত
উলমি আছে
জন্মৰ লগত মৃত্যুৰ নিবিড় সম্পৰ্ক ।
সময়ৰ ডায়েৰীত
সৰু সৰু শব্দবোৰে
পোৱা -নোপোৱাৰ বেদনা ঢাকি
নতুন সপোনে আঁকে ।
পৃথিৱীৰ পৰা আকাশলৈ
সৌৰজগতৰ গ্ৰহ উপগ্ৰহ লৈ
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ষণত
নবীনৰ জয়যাত্ৰা।
বৰদৈচিলা উভতি গ'ল
আকাশখন ফৰকাল হ'ল
হাঁহি-শান্তিৰ উপহাৰ লৈ,
মানুহে মানুহৰ বাবে
আশাৰ জোনাকত নতুন শব্দ ।
জ্যোতিকা বৰা
কামপুৰ, নগাঁও।
মো:নং ৭৬৩৮০১১৫৮৩


Comments