top of page

মানৱতাৰ প্ৰহৰী

কবি

সংস্কৃতিৰ ধ্বজাবাহক

মানৱতাৰ প্ৰহৰী

বাস্তৱৰ কঠিনতাত

বালিত সোণ বুটলি

সপোনপুৰীৰ সন্ধান দিয়া

এক ভৱিষ্যত দ্রষ্টা

নিৰৱ স্ৰষ্টা ।


কবিৰ চাকত

সৃষ্ট কাব্য

জ্ঞানপিপাসুৰ

কল্পবৃক্ষ

হৃদয়ৰ পৰা হৃদয়লৈ

অমৃত সঞ্চালিত কৰা

এক অদৃশ্য সাঁকো ।


কবি -

মনৰ এলান্ধু আঁতৰাই

জ্ঞানানন্দৰ ৰস ছটিওৱা

জ্ঞান অন্বেষী পূজাৰী

বিন্দুতে সিন্ধু দেখা

প্রেম -কৰুণা পূর্বচৰ্তৰে মণ্ডিত

এক অনুভৱী সত্ত্বা ।


কবিতাই সন্ধান দিয়ে

কলিয়াৰ সিপাৰৰ জ্যোতিষ্কৰ

দর্শনৰ আশিসেৰে বৰষে

অমোঘ মন্ত্রপুত বৰষুণ

অশান্তিৰ অনল নির্বাপণৰ

কঢ়িয়াই চিৰ বাঞ্চিত

আৱেগ মধুৰ মানৱতা ।


মনোজ কুমাৰ শৰ্মা

অভিযন্তা

নগাঁও, অসম

দূৰভাষ নম্বৰ - ৯৪৩৫১৬০৫৩২

Recent Posts

See All
অপ্ৰত্যাশিত

বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ বছৰতে মানসীয়ে পুলকেশক লগ পাইছিল । পুলকেশ তাইতকৈ এক শ্ৰেণীৰ আগৰ আছিল । মানসীৰ বান্ধবী অৰুণিমাই এদিন বিশ্ববিদ্যালয়ৰ চৌহদৰ ৰঙা কৃষ্ণচূড়া ফুল গছজোপাৰ তলত ৰৈ পুলকেশৰ লগত তা

 
 
 
আশাৰ জোনাকত নতুন শব্দ

আশাৰ জোনাকত নতুন শব্দ ভাঙি যোৱা বাক্যৰ মাজত নতুন অৰ্থ জন্ম লয় আলোকিত হয় নতুন প্ৰভাত। প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি প্ৰতিটো নিশা নতুন শিকনি সময়ৰ সোঁতত আগবাঢ়ে জীৱনৰ নতুন কাহিনী । ভঙ্গ হৃদয়ত আশা-

 
 
 

Comments


bottom of page