top of page

অপ্ৰত্যাশিত

বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ বছৰতে মানসীয়ে পুলকেশক লগ পাইছিল । পুলকেশ তাইতকৈ এক শ্ৰেণীৰ আগৰ আছিল । মানসীৰ বান্ধবী অৰুণিমাই এদিন বিশ্ববিদ্যালয়ৰ চৌহদৰ ৰঙা কৃষ্ণচূড়া ফুল গছজোপাৰ তলত ৰৈ পুলকেশৰ লগত তাইক চিনাকি কৰি দিছিল ---" এওঁ পুলকেশদা । মোৰ মাহীৰ ল'ৰা । এওঁ ভাল গান গায় ।" মানসীয়ে তন্ময় হৈ চাই ৰ'ল পুলকেশলৈ । তাৰ চকুত চকু থ'লে আৰু ভাবিলে --হয় , সেইজনেই এই পুলকেশ । ভাৰ্ছিটি উইকত মঞ্চত যাৰ কণ্ঠৰ গীত শুনি তাই অভিভূত হৈ পৰিছিল । যাৰ গীতৰ , কণ্ঠৰ সুৰৰ প্ৰেমিক হৈ পৰিছিল ।--মানসীয়ে পুলকেশলৈ চাই এটা মিচিকিয়া হাঁহি মাৰি সম্ভাষণ জনালে । সিও তাইলৈ চাই হাঁহিলে । তাৰ হাঁহিৰ পৰশত মানসীৰ মনটো এক অজান দেশলৈ উৰা মাৰিলে । কোনোদিনে অনুভৱ নকৰা এক শীতল চেঁচা বতাহে তাইৰ অন্তৰ চুই গ'ল । উস্! কি যাদু আছে তাৰ হাঁহিৰ আঁৰত । প্ৰথম চাৱনিতে ইমান আকৰ্ষণ । হৃদয়ৰ গভীৰতাত উপলব্ধি হোৱা এই অনন্য অনুভৱেই হয়তো প্ৰেম । যাক মাথোঁ অনুভৱহে কৰিব পাৰি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ।


দিন আগবাঢ়িল । মাজে মাজে মানসীয়ে পুলকেশক লগ পাই কথা পতা হ'ল । ইমান স্পষ্ট তাৰ কথাবোৰ । গদগদ মাতেৰে কোৱা কথাবোৰে মানসীৰ হৃদয়ত জোৱাৰ তুলিলে । এদিন তাইক আচৰিত কৰি পুলকেশেও তাৰ সঁচা আবেগভৰা প্ৰেম তাইৰ ওচৰত নিবেদন কৰিলে । সি অকনো সঙ্কোচ নকৰাকৈ তাইক ক'লে ---"তোমাৰ কঁকালত পৰি থকা চিধা চুলি খিনি, লাৱণী দেহা , সুন্দৰ মুখখনি, উজ্বল চকুযুৰি, ওঁঠত অনবৰতে লাগি থকা মিচিকিয়া হাঁহিটোৰে তুমি সঁচাকৈয়ে মোৰ মনৰ  সপোন কুৱঁৰী ।"


    প্ৰেম নিবেদনৰ সময়ত পুলকেশে কোৱা কথাবোৰত , তাৰ ভাৱ-ভংগীবোৰত মানসীৰ মুখখনলৈ গৰম তেজ এসোঁতা বৈ গৈ ৰঙা পৰি যোৱা যেন তাই অনুভৱ কৰিলে । তাইৰ মুখমণ্ডলত জিলিকি উঠা আনন্দৰ ছাপে পুলকেশক মানসীৰ অন্তৰখনক বুজি পোৱাত সহায় কৰিলে । সেইদিনাৰ পৰা দুয়োৰে জীৱনক এটা সপোনে ৰোমাঞ্চকৰ কৰি তুলিলে । কেতিয়াবা নৈৰ পাৰত বহি, কেতিয়াবা ৰেষ্টুৰেন্টত বহি মনৰ কথাবোৰ সিহঁতে  ভাগ-বতৰা কৰিলে । পুলকেশে ভাল কবিতা লিখে । নিয়মৱদ্ধ জীৱনৰ ৰীতি-নীতি , বিশ্বাস-অবিশ্বাস , মূল্যবোধ, সংস্কাৰৰ ঊৰ্দ্ধলৈ জীৱন আৰু সত্যক বিশ্লেষণ কৰা কবিতাবোৰ সি মানসীক পঢ়ি শুনায় । তাই শুনে । তাৰ কবিতাই তাইক আপ্লুত  কৰে ঠিক সি গোৱা গীতবোৰৰ দৰেই ।


      সময় কাঁড় যোৱাদি আগবাঢ়ে । পুলকেশে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰি  কোম্পানীৰ ভাল চাকৰি এটা পাই দিল্লীলৈ যায় । এবছৰৰ পিছতে মানসীয়েও এম, এ পাছ কৰিলে । তায়ো চাকৰিৰ কাৰণে দুই এঠাইত ইন্টাৰভিউ দিবলৈ ধৰিলে । ইফালে  মাক-দেউতাকে একমাত্ৰ জীয়ৰী মানসীৰ বিয়াৰ কথা  ভাবি তাইৰ কাণ চুৱালে ।


মানসী চিন্তাত পৰিল । তাইৰ দেউতাক শাসনত কাঢ়া । দেউতাকৰ কথা ঘৰৰ সকলোৱে মানি চলে।  দেউতাকক তায়ো ভয় -ভক্তি সমানে কৰে ।  তেওঁ পুলকেশলৈ যে তাইক বিয়া দিব আশা কম । কাৰণ দেউতাকৰ উচ্চ জাতিৰ ভেম আৰু আভিজাত্যৰ অভিমান দুয়োটাই আছে ।


এদিন মাককে তাইৰ মনৰ কথাবোৰ খুলি ক'লে । মাকে  তাইৰ কথাটো দেউতাকৰ কাণ চোওৱাত বাপেক গৰজি উঠিল ---"চৰুক সুধি চাউল বঢ়োৱা নহয় ।" তাইৰ পিলাই চমকি গ'ল । তাই নীৰৱে থাকিল । পুলকেশ অলপতে অসমলৈ অহাৰ কথা । তাৰ লগতে আলোচনা কৰি কিবা এটা মীমাংসা কৰিব লাগিব বুলি মানসীয়ে মনতে ভাবি থ'লে ।


    পুলকেশ অসমলৈ আহিল । এদিন দুয়ো নৈৰ পাৰত বহিলেগৈ । তেতিয়া সময় আবেলি । অস্তমিত আকাশত বেলিৰ ৰাঙলী আভা । আবেলিৰ মৃদু বতাহত মানসীৰ মেঘালী চুলি উৰিছে । অস্তগামী সূৰুযৰ হেঙুলীয়া কিৰণে জিলিকাইছে নৈৰ শান্ত বুকু । নীৰৱে নৈখনি বৈ গৈছে দূৰ-দিগন্তলৈ ।


    মানসীয়ে মন কৰিলে পুলকেশৰ চকু নৈৰ  জলগৰ্ভত নিৱদ্ধ হৈ আছে । ইমান দিনৰ পিছত লগ পাই যেনেধৰণেৰে তাইৰ লগত সি কথা পাতিব লাগিছিল তেনেদৰে পতা নাই । মানসীয়ে কোৱা কথাবোৰক ওঁ-আঁ কৈ শলাগি গৈছে মাথোঁ । তাক চিন্তিত যেন দেখিলে মানসীয়ে । তথাপি মানসীয়ে এই সুযোগ হেৰুৱাব নুখুজিলে । দুই এটা বেলেগ কথা পতাৰ পিছত  তাই লাহেকৈ পুলকেশক ক'লে--"আজি দুবছৰে মনৰ মাজত কঢ়িয়াই ফুৰা আমাৰ সপোনটোক  বাস্তৱত ৰূপ দিবলৈ নিবিচাৰা জানো ? মা-দেউতাই মোৰ বিয়াৰ কাৰণে উথপথপ লগাইছে । দেউতা কেনে ধৰণৰ মানুহ আগতে তোমাক কোৱা আছে । গতিকে আমি তাৰ আগতে কিবা এটা চিন্তা কৰিব লাগিব ।"


পুলকেশে তাৰ চকু নৈৰ গৰ্ভৰ পৰা ভূমিপৃষ্ঠলৈ আনিলে । তাইলৈ চালে  আৰু তাৰ দুহাতেৰে নিৰ্ভেজাল আকুলতাৰে মানসীক মেৰিয়াই ধৰিলে  । এজাক বতাহে কঁপাই তোলা বাঁহৰ কুমলীয়া আগটোৰ দৰে কঁপি উঠিল মানসী । এসোঁতা গৰম তেজ একেলগে থুপ খাইছিলহি তাইৰ দুগালত । আচৰিত ! ভাল পোৱাৰ ইমান উত্তাপ ।


ই কি? হঠাতে পুলকেশে চাটকৰে তাৰ দুহাত মানসীৰ গাৰ পৰা এনেকৈ আঁতৰাই আনিলে যেন সি কিবা  ডাঙৰ অপৰাধ এটাহে কৰিলে । মানসীলৈ চাই সি এটা বেঙা হাঁহি মাৰিলে । মানসীয়েও তাৰ চকুলৈ চালে । তাৰ হাঁহিটোৰ আঁৰত এক ভয়াৰ্ত ভাৱ এটা লুকাই  থকাৰ অনুভৱ কৰিলে তাই ।


   কিছু সময় দুয়ো নীৰৱ । নীৰৱতা ভঙ্গ কৰি পুলকেশে আৰম্ভ কৰিলে দিল্লীত চাকৰি কৰাৰ তাৰ অভিজ্ঞতা, তাত লগ পোৱা বিভিন্ন জনৰ কথা, দিল্লী চহৰত তাৰ জীৱনশৈলীৰ বৰ্ণনা আৰু তাৰ অফিচতে কাম কৰা গুৱাহাটীৰে ছোৱালী স্বপ্নাৰ কথা । স্বপ্নাৰ কথা কৈ থাকোঁতে সি বিভোৰ হৈ পৰাটো মানসীয়ে লক্ষ্য কৰিলে  ।বতাহৰ সোঁতত মাজে মাজে শিলবোৰক স্পৰ্শ কৰা নৈৰ  পানীখিনিয়ে খুব জোৰত খুন্দিয়াই দিয়াত শিলবোৰো চঞ্চল হৈ পৰাৰ দৰে পুলকেশৰ মুখত স্বপ্নাৰ কথা শুনি মানসীও  চঞ্চলা হৈ পৰিল । এজন প্ৰেমিকে এনে এটা ৰোমাঞ্চকৰ মুহূৰ্ত্তত আন এজনী ছোৱালীৰ প্ৰশংসা কৰি থাকিলে কোন প্ৰেমিকাই বাৰু সহ্য কৰিব পাৰে । মানসীৰ মনত সন্দেহৰ ভাৱ এটাই উকমুকাই উঠিল যদিও তাই নিজকে সংযত কৰি পুনৰ পুলকেশক ক'লে ---


"মোৰ কথাৰ একো উত্তৰ নিদি ফালৰি কাটিবহে বিচাৰিছা ।"


পুলকেশ মৌন হৈ ৰ'ল । সি কি  কৈছে , কি ক'ব একো উৱাদিহ পোৱা নাই । তেনেতে পুনৰ এটি বুকু কঁপোৱা বাক্য মানসীৰ কণ্ঠৰ পৰা নি:সৃত হ'ল ---"পুলকেশ,  আজি তোমাক বৰ অন্যমনস্ক যেন লাগিছে । তোমাৰ নিশ্চয় কিবা এটা হৈছে । মোক খুলি কোৱাচোন ।"


পুলকেশে অলপ অস্বস্তিত ভূগিলে । তাৰ মুখ ৰঙা পৰিল । কিবা এটা ক'বলৈ খোজোতে ডিঙিত কিহবাই সোপা মাৰি ধৰিলে ।


" মই  মানে ......"


"উস্ আধাতে ৰৈ গ'লা যে কোৱা ।"---এইবাৰ মানসীৰ কথাৰ সুৰ কঠোৰ হৈ ওলাল ।


" মই সদায় তোমাৰ সুখ বিচাৰোঁ । মই তোমাক ভালপাওঁ । এদিন মাক তোমাৰ লগত থকা মোৰ সম্পৰ্কৰ কথা ক'লোঁ আৰু তোমাৰ ঘৰৰ পৰিচয় দিলোঁ । তোমাৰ পৰিচয় পাই মায়ে আমাৰ সম্পৰ্কক মানি ল'ব নিবিচাৰিলে । কাৰণ ধনী মানুহৰ ঘৰৰ ছোৱালীয়ে দুখীয়া ঘৰৰ বোৱাৰী হৈ সুখী হ'ব নোৱাৰিব। বিধৱা মায়েও বোৱাৰীৰ পৰা আদৰ নাপাব বুলি ভাবিলে । একমাত্ৰ ল'ৰা  হৈ মই  মাৰ মনৰ আশাৰ হেঙাৰ হ'ব নোৱাৰোঁ ।  গতিকে তুমিও তোমাৰ মা-দেউতাৰ ইচ্ছাক সন্মান জনাই তেওঁলোকে পছন্দ কৰা ল'ৰাৰ লগতে বিয়া হৈ যোৱা ।"


" আচৰিত তোমাৰ সিদ্ধান্ত! দুবছৰৰ প্ৰকৃত প্ৰেমক মাৰ কথাতেই তুমি কেনেকৈ মেজিকৰ দৰে নাইকিয়া কৰিব পাৰিলা ?" 


মুঠতে তোমাৰ ধান্দা বেলেগ । আচল কথা ক'ব নোৱাৰি যা -তা বকি আছা । তুমি ভণ্ড, তুমি এটা বিশ্বাসঘাটক ।" --- বুলি ভোৰভোৰাই ক্ষোভ আৰু খঙত  মানসীয়ে ঘৰলৈ উভতিলে ।


পুলকেশে মানসীক কিবা এটা  ক'বলৈ আৰু সাহস গোটাব নোৱাৰিলে ।


সেইদিনা ৰাতি মানসীৰ বহু দেৰিলৈকে টোপনি নাহিল । নানা চিন্তাই মনত দোলা দি থাকিল । পুলকেশৰ ব্যৱহাৰত তাই ক্ষুন্ন হ'ল । অন্তৰত খোপনি লোৱা ভালপোৱাবোৰক সি বাৰু কেনেকৈ উভালি পেলাব পাৰিলে । তাইক সি কিয় বাৰু বিশ্বাসঘাটকতা কৰিলে !


  পুৱা মানসীয়ে আনদিনাতকৈ অলপ দেৰিকৈ টোপনিৰ পৰা সাৰ পালে । তাই দাঁত-মুখ ধুই বাহিৰৰ বাৰাণ্ডাত বহিলেগৈ । বাহিৰত উজ্জ্বলতা, পোহৰৰ সতেজ বিচ্ছুৰণ, দহনৰ প্ৰস্তুতিৰে সূৰ্যৰ উদ্ভাস । এটা দীৰ্ঘশ্বাস তাইৰ বুকুৰ পৰা নিৰ্গত হ'ল । তাই হেৰাই যাব ধৰিলে বাহিৰৰ নাতি-প্ৰশস্ত দুৰ্লভ শূন্যতাৰ বুকুত । আকাশত শুকুলা মেঘবোৰ যেনি-তেনি উৰি ফুৰাৰ দৰে তাইৰ মনৰ ভাববোৰো ভিন্ন গতিৰে উৰিবলৈ ধৰিলে ।


    মানসীৰ মাক-দেউতাক দুয়ো আছিল দৃঢ়চেতা, কঠোৰ পৰিশ্ৰমী, যি কোনো পৰিস্থিতিতে হাৰ নমনা, অসীম ধৈৰ্য আৰু সাহসেৰে সকলো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ মাসিকতাসম্পন্ন লোক । শৃঙ্খলাৱদ্ধ জীৱন মানি চলা লোক । এনে পৰিবেশত ডাঙৰ-দীঘল হোৱা মানসীৰ মনলৈ স্থিৰতা ঘূৰি আহিল । বৰ্তমান পৰিস্থিতিত তাই ধৈৰ্য ধৰিবলৈ নিজকে মানসিকভাবে প্ৰস্তুত কৰিলে আৰু শান্তিৰ সম্ভাৱ্য পথ এটাও নিৰ্মাণ কৰি পেলালে ।


  "মাজনী,চাহ দিছোঁ আহ ।"---মাকৰ আহ্বানত মানসীৰ ভাৱৰ যতি পৰিল আৰু পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ ডাইনিং টেবুলৰ চকীত বহিলেগৈ ।


  মাকে লুচিৰ প্লেটখন মানসীলৈ আগবঢ়াই বাতিৰ পৰা ডাঙৰ চামুচখনেৰে এচামুচ ভাজি লুচিৰ কাষতে বালি দি বৰ মৰমৰ মাতেৰে ক'লে, ---"দেউতাৰে তোৰ কাৰণে ভাল ল'ৰা এটা ঠিক কৰিছে । দুই এদিনতে তেওঁলোক আমাৰ ঘৰলৈ অহাৰ কথা তোৰ লগত কথা পাতিবলৈ ।  তই না নকৰিবি দেই।"


  মাকৰ কথা শুনি মানসীৰ মনটো দুৰু দুৰুকৈ কঁপি উঠিল । চকু দুটা বাষ্পাভিভূত হৈ পৰিল । ক্ষন্তেক সময় তাই নীৰৱ হৈ ৰ'ল । তাৰ পিছত সৌম্য ঘূৰাই আনি মাকক ক'লে--"তোমালোকে যি ভাল দেখা তাকেই কৰা । মই সন্মত আছোঁ ।"


  তাই ভাবিলে জীৱনটো এক ৰহস্য । সকলো দুখ আৰু সমস্যাক এবুকু আশা আৰু এটা হাঁহিৰে ঢাকি ৰাখি  আগবাঢ়ি যোৱাটোৱেই জীৱন । অবাধ্য দুধাৰী চকুলো মাকে নেদেখাকৈ সামৰি ল'লে ।


   মানসীৰ বিয়া হৈ গ'ল মাক-দেউতাকে ঠিক কৰা ল'ৰা পৰাগ বৰুৱাৰ লগত । সুন্দৰ-সুঠাম, ব্যক্তিক্ত্বশীল চৰকাৰী বিষয়া পৰাগ বৰুৱাৰ অন্তৰত তাই বিচাৰি পালে মৰম-ভালপোৱা, আন্তৰিকতা আৰু বিশ্বাস । তথাপি কেতিয়াবা নোপোৱাৰ বেদনাই তাইক দংশন কৰে । কিন্তু মনৰ দুখৰ ছাপ  মুখমণ্ডলত বা তাইৰ ব্যৱহাৰত প্ৰকাশ নকৰাকৈ ঘৰখনত চলি যাবলৈ ধৰিলে । ঘৰখনত  মানুহ বুলিবলৈ চাৰিজন । শাহুৱেক, তাইৰ স্বামী পৰাগ, তাই আৰু বনকৰা ছোৱালী মালতী । গতিকে তাইৰ অসুবিধা একো হোৱা নাই ।


  বিয়া  হৈ যোৱা দুমাহৰ  পিছৰ কথা । সেইদিনা ৰাতিপুৱাৰ পৰা বৰষুণ এজাক দি আছিল কিনকিনকৈ। মাঘ মাহ । ঠাণ্ডাত ঠেটুৱৈ লাগিছিল । নগলে নহয় কাৰণেই পৰাগ অফিচলৈ যাবলগা হ'ল । পৰাগক অফিচলৈ পঠিয়াই মানসীয়ে শাহুৱেক আৰু মালতীকো ভাত-পানী দি নিজেও এমুঠি খাই মালতীক পাকঘৰটো চাফা কৰি থ'বলৈ কৈ নিজৰ কোঠালৈ গৈ বিছনাখনত দীঘল দি পৰিলেগৈ । তাই নিজৰ কোঠালৈ অহাৰ আগতে শাহুৱেকেও নিজৰ কোঠালৈ গৈ বিছনাত পৰিছিল । মানসীয়ে লেপখন গাত ভালকৈ ল'লে । তাই খোলা খিৰিকীখনেৰে বাহিৰলৈ চালে । ৰাতিপুৱাৰ কিনকিনিয়া বৰষুণজাক তেতিয়াও এৰা নাছিল । এনেকুৱা বতৰত তাই বিছনাত শুই শুই গল্প বা উপন্যাস কিতাপ পঢ়ি ভাল পায় । 'জীৱনৰ ৰং' 'নামৰ উপন্যাস কিতাপখন  পঢ়িবলৈ উলিয়াই ল'লে । তাইৰ কাৰণে কিতাপ এখনো সঙ্গীতৰ নিচিনাই । উপন্যাস এখন পঢ়ি গ'লে তাইৰ এনেকুৱা লাগে যে জীৱনত অহা-যোৱা কৰি থকা কথাবোৰ বা ঘটনাবোৰ সঙ্গীতৰ ছন্দৰ দৰেই । সেইদিনা পঢ়া উপন্যাস খনত তাইৰ জীৱনৰ লগত মিলি যোৱা ঘটনাবোৰে আৰু বাহিৰৰ বৰষুণজাকৰ ছন্দই তাইৰ মনত , তাইৰ কাণত এটা গীতৰ সুৰ হৈ বাজি উঠিল । সেই গীত, সেই সুৰ । উস্ অসহ্য ! তাই কাণখনত জোৰেৰে হেঁচা মাৰি ধৰিলে । তেনেতে বাহিৰত 'ক্ৰিং ক্ৰিং'কৈ কলিং বেলটো বাজি উঠিল । মানসীয়ে ঘড়ীটোলৈ চালে আবেলি ৩'০০ বাজিছে ।


  বিছনাৰ পৰা উঠি আহি মানসীয়ে দুৱাৰখন খুলি দিলে । দুৱাৰ মুখত ৰৈ থকা ধুনীয়া আৰু স্মাৰ্ট যেন লগা ছোৱালীজনীয়ে মানসীক সুধিলে --"এইটো পৰাগ বৰুৱাৰ ঘৰ হয়নে ?"


"হয়"---মানসীয়ে উত্তৰ দিলে ।


"আপুনি তেখেতৰ পত্নী মানসী বৰুৱা ?"


  "হয় ।"


  ছোৱালীজনীয়ে মানসীলৈ চাই নমস্কাৰ এটা জনাই ক'লে ---"মই স্বপ্না চৌধুৰী । পুলকেশদাৰ ক'লিগ । বিশেষ কাৰণত আপোনাক এবাৰ লগ পাবলৈ আহিছোঁ  ।"


  পুলকেশৰ নাম শুনি মানসীয়ে অস্বস্তিবোধ কৰিলে । শিষ্টাচাৰ ৰক্ষা কৰি তাই স্বপ্নাক ভিতৰলৈ মাতি বহিবলৈ দিলে ।


  স্বপ্না বহিল । মানসীয়ে স্বপ্নালৈ কৌতুহলেৰে চালে । কিয় বা আহিছে এওঁ । অতীত অস্তিত্বক বিস্মৃত কৰি বৰ্তমানৰ আনন্দখিনিক দীৰ্ঘশ্বাসেৰে বুকুৰ ভিতৰলৈ টানি লৈ নতুন পৰিবেশৰ লগত খাপখুৱাবলৈ চেষ্টা কৰাৰ সময়তে স্বপ্নাৰ আগমনত মানসীৰ মনটো উগুলথুগুল লাগিল ।


  "মই অহাৰ কাৰণে আপুনি আচৰিত হৈছে চাগে । সময়টোও অলপ বেয়া হ'ল ।  আচলতে মই এই সময়ত আহিলোঁ এটা খবৰ দিবলৈ  । পুলকেশদা মোৰ ক'লিগ আৰু বন্ধুও । তেওঁ সকলো কথাই মোৰ লগত ছেয়াৰ কৰে । আপোনাৰ কথা সকলো মই জানো । কিন্তু দুখৰ বিষয় দহদিনৰ আগতে পুলকেশদাৰ মৃত্যু হ'ল । কালিলৈ তেওঁৰ আদ্যশ্ৰাদ্ধ । পাৰিলে এবাৰ যাব । তেওঁৰ আত্মাই শান্তি পাব । শেষবাৰ আপোনাক লগ পাওঁতে তেওঁৰ বেমাৰৰ লাষ্ট ষ্টেজ আছিল । ডাক্তৰে তিনিমাহ জীয়াই থকাৰ ইঙ্গিত দিছিল ।"


    মানসী স্তব্ধ হৈ পৰিল । পুলকেশক শেষবাৰ লগ পাওঁতে তাৰ চেহেৰা , কথা কোৱাৰ অঙ্গি-ভঙ্গি, অন্যমনস্কতা  , চকুৰ চাৱনি আদি সকলো তাইৰ মানসপটত জিলিকি উঠিল ।


"মই তোমাৰ সুখৰ কামনা কৰোঁ..."   কথাবোৰ তাইৰ কাণত বাজি উঠিল ।


তাৰমানে সি........" মানসীয়ে আৰু ভাবিব নোৱাৰিলে । শোকে অন্তৰত খুন্দা মাৰি ধৰিলে । চকুলোৰে গাল তিতি গ'ল । ক্ষন্তেক সময়ৰ কাৰণে তাই চেতনা  হেৰুৱালে । কেতিয়ানো স্বপ্নাই মাত লগাই ওলাই গ'ল গমকে নাপালে । গে'ট খুলাৰ শব্দতহে মানসীৰ চেতনা ঘূৰি আহিল । ছে: প্ৰথমবাৰ সিহঁতৰ ঘৰলৈ অহা ছোৱালীজনীক চাহ একাপো যচা নহ'ল ---তাই মনতে ভাবিলে ।  



উপমা মজুমদাৰ

আমোলাপট্টি : নগাঁও

দূৰভাষ নং ৯৬৭৮৬৮৩৭১৯ 

Recent Posts

See All
আশাৰ জোনাকত নতুন শব্দ

আশাৰ জোনাকত নতুন শব্দ ভাঙি যোৱা বাক্যৰ মাজত নতুন অৰ্থ জন্ম লয় আলোকিত হয় নতুন প্ৰভাত। প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি প্ৰতিটো নিশা নতুন শিকনি সময়ৰ সোঁতত আগবাঢ়ে জীৱনৰ নতুন কাহিনী । ভঙ্গ হৃদয়ত আশা-

 
 
 
মনে বাৰুকৈয়ে সুধিছে

বৈ আছে লুইত সময়ো বাগৰিছে দিন-ৰাতি একাকাৰ কৰি অসমে কান্দিছে। সেই কণ্ঠ আজি যে স্তব্ধ, সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত— মনে বাৰুকৈয়ে সুধিছে! ৰঙৰ ব’হাগত এইবাৰ ৰঙবোৰ সেমেকিল, গীতৰ মায়া চকুলোৰে বিয়পিল। নতুন বছৰটি

 
 
 

Comments


bottom of page