top of page

তোমাৰ অনুভৱত মই

দিক-বিদিক হেৰুওৱাৰ যন্ত্ৰণাত

এবুকু বেদনাই জহিছে,

নিৰাপত্তাহীনতাত ভুগিছোঁ


আউল লগা সময়বোৰে

আঁত বিচাৰি বাটকুৰি বাইছে

পথ-উপপথৰ প্ৰতি কোণত


দূৰণিত থাকিলেও

প্ৰতি ক্ষণত তুমি অনুভৱৰ দলিচাত

মোৰ অনুভৱত মাথোঁ তুমি


আবেলিৰ পৰত বতাহৰ গতিত 

নিভাঁজ প্ৰেমৰ মতলীয়া সুৰ এটি 

কাণত বাজি উঠে


ফাগুনৰ পছোৱাজাকে 

মৰমবোৰ উৰুৱাই আনিব

শিমলু-পলাশে প্ৰাণ উজাৰি যাচিব


'তোমাৰ অনুভৱত মাথোঁ মই'

তুমি কোৱা বাক্যশাৰীয়ে 

অনুভৱ কৰাই তোমাৰ মৰমৰ সত্তাক।


ৰশ্মি ৰেখা দুৱৰা

ডিব্ৰুগড়, অসম ।

দূৰভাষ নং :৬০০০৬৮২১৮৩

Recent Posts

See All
জীৱন জীৱন নহয় কিয়?

এতিয়া জীৱন বুলিনো কি আছে কেৱল খাই বৈ জীয়াই থাকিলে কি জীৱন? এতিয়া ইয়াত প্ৰতিটো পুৱাতেই আৰাম্ভ হয় বিষয় সুখৰ দৌৰ , তথাপিচোন শূন্যতাই লগ এৰা নাই মানুহক! মন্দিৰ মছজিদ সকলোতে মানুহৰ ভিৰ , অথচ ৰসাল নহয

 
 
 
ভীষ্ম: যুগৰ শিলত খোদিত এটা শপত

তেওঁ দ্যু এটা প্ৰাচীন শাপৰ গধুৰ বোজা কান্ধত লৈ গংগাৰ নীৰৱ চকুলোৰে তিতি মৰ্ত্য চুবলৈ আহিছিল যি। সাতজন ককাই মুক্তিৰ পাখি মেলি উৰি গ’ল জন্মৰ দুৱাৰেদি আৰু তেওঁ ৰৈ গ’ল পূৰ্বকৰ্মৰ এক অসমাপ্ত হিচাপ মিলাবলৈ।

 
 
 
শব্দ কিমান সীমাবদ্ধ

কুঁৱলীৰে ঢাক খোৱা পথাৰখনত এজাক ধুমুহাই মোক খুন্দিয়াই যায় কঁপি উঠে মোৰ হৃদয় এটা শব্দৰ সন্ধানত । তৰা-ভৰা আকাশৰ তলত জোনাকী পৰুৱাই আলোকিত কৰা পথাৰখনত নীৰৱে খোজ কাঢ়ি আহে কিছুমান শব্দ । শব্দ মোৰ অনুগত ত

 
 
 

Comments


bottom of page