top of page

কবিতা হৃদয়ৰ

Updated: Apr 6

ছবিখনে প্ৰায়ে আমনি কৰে

ছবিখনৰ ঘন ঘন উশাহ বোৰে

বাঁহীৰ এটি কৰুণ সুৰ তোলে

কোন শিল্পীৰ তুলিকাত

মোৰ প্ৰাণৰ এই নিসংগ সৃষ্টি।

মোৰ হৃদয়ৰ গোপনখিনি

মোৰ মইটোৰ লগতে

মনৰ আৱেগবোৰ ঢালি দিওঁ

মই টোপনি যাও মোৰ লগতেই

কিমান যন্ত্ৰণা কাতৰ

তুমি কি বুজিবা,শিল্পী

মোৰ হৃদয়ৰ আহ্বান।

মই আশা কৰিছিলোঁ উতলা ফাগুনৰ

নিৰিবিলি আবেলি আকুল কণ্ঠে ক'ব

তুমি বনৰলতা আৰু মোতেই বগোৱা

মই বিচাৰিছিলোঁ মোৰ যৌৱনৰ

প্ৰথমটো বসন্ততেই বৰষুণৰ আলিংগন

জঁই পৰি যোৱা লাজূকীলতাৰ দৰে সংবেদন

সংগোপনে সাঁচি থৈছোঁ আজিও,

আগবঢ়াই দিওঁ দুহাত দিনৰ পিছত দিন

মোৰ প্ৰেমৰ অপেক্ষাত।


শৰৎ চন্দ্ৰ গোস্বামী

কামপুৰ, নগাঁও।

দূৰভাষ নং ৯৯৫৪৮ ০৫৩৯০

Recent Posts

See All
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page