top of page

কবিতা হৃদয়ৰ

Updated: Apr 6

ছবিখনে প্ৰায়ে আমনি কৰে

ছবিখনৰ ঘন ঘন উশাহ বোৰে

বাঁহীৰ এটি কৰুণ সুৰ তোলে

কোন শিল্পীৰ তুলিকাত

মোৰ প্ৰাণৰ এই নিসংগ সৃষ্টি।

মোৰ হৃদয়ৰ গোপনখিনি

মোৰ মইটোৰ লগতে

মনৰ আৱেগবোৰ ঢালি দিওঁ

মই টোপনি যাও মোৰ লগতেই

কিমান যন্ত্ৰণা কাতৰ

তুমি কি বুজিবা,শিল্পী

মোৰ হৃদয়ৰ আহ্বান।

মই আশা কৰিছিলোঁ উতলা ফাগুনৰ

নিৰিবিলি আবেলি আকুল কণ্ঠে ক'ব

তুমি বনৰলতা আৰু মোতেই বগোৱা

মই বিচাৰিছিলোঁ মোৰ যৌৱনৰ

প্ৰথমটো বসন্ততেই বৰষুণৰ আলিংগন

জঁই পৰি যোৱা লাজূকীলতাৰ দৰে সংবেদন

সংগোপনে সাঁচি থৈছোঁ আজিও,

আগবঢ়াই দিওঁ দুহাত দিনৰ পিছত দিন

মোৰ প্ৰেমৰ অপেক্ষাত।


শৰৎ চন্দ্ৰ গোস্বামী

কামপুৰ, নগাঁও।

দূৰভাষ নং ৯৯৫৪৮ ০৫৩৯০

Recent Posts

See All
জীৱন জীৱন নহয় কিয়?

এতিয়া জীৱন বুলিনো কি আছে কেৱল খাই বৈ জীয়াই থাকিলে কি জীৱন? এতিয়া ইয়াত প্ৰতিটো পুৱাতেই আৰাম্ভ হয় বিষয় সুখৰ দৌৰ , তথাপিচোন শূন্যতাই লগ এৰা নাই মানুহক! মন্দিৰ মছজিদ সকলোতে মানুহৰ ভিৰ , অথচ ৰসাল নহয

 
 
 
ভীষ্ম: যুগৰ শিলত খোদিত এটা শপত

তেওঁ দ্যু এটা প্ৰাচীন শাপৰ গধুৰ বোজা কান্ধত লৈ গংগাৰ নীৰৱ চকুলোৰে তিতি মৰ্ত্য চুবলৈ আহিছিল যি। সাতজন ককাই মুক্তিৰ পাখি মেলি উৰি গ’ল জন্মৰ দুৱাৰেদি আৰু তেওঁ ৰৈ গ’ল পূৰ্বকৰ্মৰ এক অসমাপ্ত হিচাপ মিলাবলৈ।

 
 
 
শব্দ কিমান সীমাবদ্ধ

কুঁৱলীৰে ঢাক খোৱা পথাৰখনত এজাক ধুমুহাই মোক খুন্দিয়াই যায় কঁপি উঠে মোৰ হৃদয় এটা শব্দৰ সন্ধানত । তৰা-ভৰা আকাশৰ তলত জোনাকী পৰুৱাই আলোকিত কৰা পথাৰখনত নীৰৱে খোজ কাঢ়ি আহে কিছুমান শব্দ । শব্দ মোৰ অনুগত ত

 
 
 

Comments


bottom of page