top of page

ঘৰৰ কথা

আছিল যাৰ সন্ধানত যি ,

দেখা নগল পিছে দিঠকত,,

কিনো লিখিম দিব যে কি উত্তৰ,

প্ৰশ্ন আছিল বেছি দীঘলীয়া,

নেদেখিলোঁ তাৰ মাজতে চিহ্ন উত্তৰৰ!


আছিল প্ৰশ্ন ঘৰৰ,

নুবুজিলে কোনেও,

নাজানে কোনেও আজিকালি ঘৰৰ কথা,

ঘৰ এৰি মানু্হ কিন্তু আলহীহে হল


ভাবিলো সেয়ে ময়েই দিও উত্তৰ,

কৈ কথাবোৰ নজনা কিছু,

জানিব লগীয়া কথা ঘৰৰ পিছে,

এৰিলেও ঘৰক আমি,ঘৰে আমাক নেৰে!


কিনো কৰিম নিৰ্মাণ আইনাৰ ঘৰৰ,

নেদেখিম পিছে তাত ভালকৈ মুখখন নিজৰ,

নেবেচিম তাত মুখা যেতিয়ালৈকে,


হয়তো ভাঙিব পাৰে সেই ঘৰখন

দলিয়ালে শিলৰ টুকুৰাৰ আঘাতত,

নিৰ্মাণ হব পাৰে পুনৰাই সহজে,,

তথাপিও নেদেখোঁ নিজৰ মুখ তাত ভালকৈ।


আজিকালি নহয় প্ৰিয় তেনে ঘৰ মোৰ,

এৰি অহা পিছে বহু দিন হল,

তথাপিও তেনে ঘৰ বহুতো সততে নিৰ্মাণ হল,

পুৰণি ঘৰৰ নাইকীয়া হৈছে সঁচ,

ঘৰ এৰি মানু্হ প্ৰবাসীহে হল।।



শোণিত বৰঠাকুৰ,

বৈদ্যটুপ, নগাওঁ ।

দূৰভাষ -৭০০২২৪০৬০০


Recent Posts

See All
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page