top of page

মোৰপৰা মোৰ সত্তালৈ

মই মোৰ পৰা মোৰ সত্তালৈ

খোজ দিছোঁ

দীৰ্ঘায়িত পথেৰে

বিৰামহীনভাবে

মই বিচাৰি ফুৰোঁ নিজকে ।

কেতিয়াবা প্ৰখৰ ৰ’দত

কেতিয়াবা হিম চেঁচা বৰষুণৰ সিক্ততাত

চিনাকি অচিনাকি বাটৰ নিৰৱতাত ।


মোৰ ছাঁটো

কেতিয়াবা আগবাঢ়ে

কেতিয়াবা পিছপৰে

তথাপি মই নৰওঁ থমকি,

কাৰণ সময়ৰ চকাত

জীৱন এক যাত্ৰা , নিৰৱধি ।

মই যিমানেই ওচৰ চাপোঁ

সিমানেই প্ৰতিদিনে অলপ অলপকৈ

হেৰুৱাই পেলাওঁ মই, মোৰ ‘মইটো’।

মোৰ প্ৰতিটো পতনৰ পিছত

নতুন সূৰুজৰ পোহৰত

আশাৰ বতাহৰ কোঁহে কোঁহে

মই বিচাৰি ফুৰোঁ মোৰ সত্তাক।


এনেদৰেই মই গৈ থাকিম

নদীৰ দৰে

বতাহৰ দৰে

সময়ৰ সোঁতে সোঁতে ,

বিৰামহীন অবিৰত

মই মোৰ পৰা মোৰ সত্তালৈ।



শৰৎচন্দ্ৰ গোস্বামী

কামপুৰ  নগাঁও।

দূৰভাষ নং ৯৯৫৪৮ ০৫৩৯০

Recent Posts

See All
শ্ৰদ্ধাসিক্ত স্নেহ

আমি দুয়ো প্ৰকৃতি আৰু জীৱ-জন্তু, বিহঙ্গ আৰু ফুল বৰ ভাল পাঁও । পিছে পৰিবাৰৰ ফুলৰ প্ৰতি হেঁপাহ অধিক । য'তে যায় তাতেই ফুলত চকু ।চাকৰি জীৱনৰ কালচোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰকাৰি আৱাসত এদিন প

 
 
 

Comments


bottom of page