top of page

শ্ৰদ্ধাসিক্ত স্নেহ

Updated: Oct 5

আমি দুয়ো প্ৰকৃতি আৰু জীৱ-জন্তু, বিহঙ্গ আৰু ফুল বৰ ভাল পাঁও । পিছে পৰিবাৰৰ ফুলৰ প্ৰতি হেঁপাহ অধিক । য'তে যায় তাতেই ফুলত চকু ।চাকৰি জীৱনৰ কালচোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰকাৰি আৱাসত এদিন পৰিবাৰে মৰমলগা অকনমানি মেকুৰী পোৱালী এটা আনিলে তেঁওলোকৰ ৱাৰ্ডৰ পৰা । লগে লগে ৱাৰ্ডবয় তপনে মেকুৰী পোৱালীটোৰ বাবে প্ৰয়োজনীয় বয়-বস্তুৰ যা-যোগাৰ কৰিলে । মেকুৰী পোৱালীটোৰ নাম দিয়া হ'ল --- মিত্‌ছু । মিত্‌ছুৱে বৰ সোনকালে নিজৰ নামটো বুজিপোৱা হ'ল । মৰম বিলাব জনা হ'ল । আমাৰ লগতে অনবৰত থাকে বিছনাত আমাৰ লগতে শুৱে । লাহে লাহে মিত্‌ছু ডাঙৰ হ'ল আৰু এদিন হঠাতে মিত্‌ছু ক'ৰবালৈ গুছি গ'লগৈ মনে মনে । আমাৰ লগতে তপনেও বিচাৰিলে কিন্তু মিত্‌ছুক আৰু পোৱা নগল । আচলতে মতা মেকুৰীয়ে পোহ নলয় । এটা সময়ত ঘৰ এৰিবই । মাইকী মেকুৰীয়েহে পোহ লয় । মই নিজকে মেকুৰীৰ লগত ৰিজাওঁ আৰু অনেক সভাই সমিতিয়ে মই নিজকে মেকুৰীৰ দৰে বুলি কওঁ । আচল কথাটো হ'ল যে আমি আটায়ে চাৰ্কাচত প্ৰায় সকলো জন্তুৱে চাৰ্কাচ কৰা দেখিছো । একেবাৰে সিংহ, বাঘ, হাতী, বান্দৰ, ভালুক আদি প্ৰায় সংখ্যক জন্তুৱে চাৰ্কাচ কৰা দেখিছোঁ । কিন্তু কোনোবাই বাৰু মেকুৰীয়ে চাৰ্কাচ কৰা দেখিছেনে ? নাই দেখা । কাৰণ মেকুৰীয়ে কেতিয়াও বশ্যতা স্বীকাৰ নকৰে । মানুহৰ লগতে শুব, লগতে খাব, অনবৰত কাষতে থাকিব অথচ চাৰ্কাচ নকৰে । মেকুৰীৰ এক বিশেষ আত্মসন্মান মানে আত্মমৰ্য্যদা আছে । সকলো কৰিব কিন্তু নিজৰ মতেই চলিব । আনৰ আঙুলিৰ নিৰ্দেশত উঠা- বহা নকৰে । কিন্তু আমাৰ কিছুমান নিজস্বতাহীন, স্বাৰ্থপৰ মানুহে স্বাৰ্থ সিদ্ধিৰ বাবে সকলো কৰিব পাৰে । কিন্তু মই এনে ক্ষেত্ৰত মেকুৰীৰ আদৰ্শ মানি চলো । মই কোনো কাৰণত আত্মসন্মান, আত্মমৰ্য্যদা বিক্ৰী নকৰোঁ কেতিয়াও । মোৰ ব্যক্তিগত আদৰ্শ --" সিংহই নাখাই মৰিব কিন্তু সিংহই ঘাঁহ নাখায় কেতিয়াও ।" সৰুতে দেউতাই কৈছিল -- " সত্যত থকা ব্যক্তিৰ আনৰ চকুলৈ চাই কথা কব পৰাৰ সাহস থাকে সদায় । মনত ৰাখিবি হাতী মৰিলেও ঘোঁৰাতকৈ ওখ ।" এনেবোৰ কথা সদায় মনত ৰাখি নিজৰ পথত আগবাঢ়ি গৈ আছো এই আশীৰ নঙলা মুখত থিয় হোৱাৰ বয়সলৈকে ।

মিত্‌ছু যোৱাৰ পাছত আমাৰ ঘৰলৈ এদিন সৰু কুকুৰ পোৱালী এজনী আহিল আৰু আহিয়েই মৰমলগা পোৱালীজনীয়ে পৰিবাৰৰ ভৰিত পৰি সেৱা কৰাৰ দৰে কৰাত এওঁৰ মৰম লাগি অলপ খাবলৈ দিলে । এইযে এবাৰ মৰমৰে খাবলৈ দিয়া হ'ল সেইয়াই আৰম্ভ । তাই ঘৰ এৰিব নিবিচৰা হ'ল । তাই এটা নাম পালে । সেই সময়ত বঙ্গোপ সাগৰত " লাইলা নামৰ ছূনামি এটা আহিছিল । অন্ধ্ৰ প্ৰদেশত ক্ষতি কৰিছিল । আৰু সেই " লাইলা" নামটোকে দিয়া হ'ল তাইক । এখন ঘৰত এটি নবাগত শিশুৰ আগমন হলে যেনে ব্যস্ততা হয় ঠিক তেনে পৰিবেশ এটা হ'ল আমাৰ ঘৰখনত আৰু লাইলাৰ বাবে চেইন কিনা, খোৱাৰ থাল কিনা, গা ধোৱাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনা, নিশা থকা ঠাইৰ যোগাৰ কৰাত আমি আটায়ে ব্যস্ত হৈ পৰিলো । বিশেষকৈ লাইলাক এণ্টি ৰেবিজ ভেকছিন দিয়াৰ বাবে ভেটেনেৰি হস্পিতেললৈ নিয়াৰ কথা ওলোৱাত পৰিবাৰে কলে - "হস্পিতেলত বা হুলস্থূল কৰি কি খেল দেখুৱাই ঠিক নাই গতিকে ভেটেনেৰি ডাক্তৰ এজনক ঘৰলৈকে মাতি আনি ইন্‌জেক্‌ছন্‌টো দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে ভাল আছিল ।" মোৰ ডাক্তৰ গগৈলৈ মনত পৰিল । মোবাইলতে অনুৰোধ কৰিলোঁ । এঘণ্টাৰ ভিতৰতে গগৈ আহিল । লাইলাক মৰম কৰি কৰি হঠাতে ইন্‌জেক্‌ছন্‌টো দি দিলে । লাইলাই ততেই ধৰিব নোৱাৰিলে । লাইলাই কোৱাৰ্টাৰৰ সন্মুখতে থকা প্ৰসূতি বিভাগৰ ৱাৰ্ডটোলৈ গৈ নাৰ্ছ, ৱাৰ্ডবয়, ৰোগীৰ আত্মীয়ৰ লগত মিতিৰালি আৰম্ভ কৰিলে । সকলোৱে আমাৰ ঘৰৰ বুলি জানি খেদি নিদি মৰম কৰাত লাইলাও মৰম আকলোৱা হ'ল । প্ৰায়ে আমাৰ ঘৰত পাৰ্ট টাইম কৰা মনো নামৰ মহিলা গৰাকী আহিলে লাইলা তাইৰ পিছে দৌৰি আহে আৰু মনোৰ লগত ধেমালি কৰে আৰু মনোৱে ঘৰ সাৰি থাকোতে ঝাড়োডালত কামুৰি মনোক জোকাই থাকে । আমি লাইলাৰ কাণ্ডবোৰ উপভোগ কৰো । এটা সময়ত লাইলাই নিশা বাহিৰত নাথাকি আমাৰ শোৱনি কোঠাত থাকিবলৈ ধৰিলে। মাজে মাজে টি ভিৰ পৰ্দালৈ চাই থকা হ'ল আৰু চাই চাই টোপনি গলে মই দুষ্টামি কৰি কঁও -- " লাইলা চা টিভিত প্ৰিয়ঙ্কা চোপ্ৰা ওলাইছে " আৰু লগে লগে ফটকৰে উঠি টি ভিত চকু দিয়ে । আচৰিত কথা নিশা আমাৰ কোঠাত শুলেও বাহিৰত কিহবাই শব্দ কৰিলেই লাইলা সষ্টম হৈ পৰে । এটি শিশুৱে ঘৰ এখন সজীৱ কৰি ৰখাৰ দৰে লাইলাই আমাৰ ঘৰখন সজীৱ কৰি ৰাখিছিল । তপনক বৰ ভাল পায় লাইলাই । আমি ঘৰৰ পৰা বাহিৰলৈ গলে তপন আমাৰ ঘৰখনৰ দায়িত্বত থাকে আৰু লাইলা তপনৰ কোঠাতে থাকে ।

হস্পিতেলৰ পৰা আমি আহিলে অলপ দূৰৰ পৰা হৰ্ণ বজাই দিলে লাইলা গেৰেজৰ সন্মুখত হাজিৰ । চাণক্যই কৈছিল কুকুৰৰ পৰা ছটা শিক্ষা লব লাগে । যেনে আহাৰ কম পৰিমানৰ হলেও সেই কম আহাৰতে সন্তষ্ট থাকিব লাগে । সময় পালে ভালদৰে টোপনি যাব লাগে । শুলে কিবা শব্দ শুনিলেই সাৰ পাব পৰাকৈ Allert হৈ থকাৰ অভ্যাস কৰিব লাগে যাক সাধাৰনতে জাগি শুৱা বুলি কোৱা হয় । বিশ্বাসী আৰু প্ৰভূভক্ত হ'ব লাগে ( Devotion and loyalty).। সাহসী আৰু সষ্টম হৈ থাকিব লাগে যি কোনো সময়ত যি কোনো পৰিস্থিতিৰ সন্মুখিন হ'ব পৰাকৈ ( Courage and Bravery )। অন্যহাতে কুকুৰৰ কথা ওলালেই মোৰ আমেৰিকাৰ বিখ্যাত লেখক মাৰ্ক টুৱেনৰ কথা এষাৰ মনলে আহে সদায় অৰ্থাৎ মাৰ্ক টুৱেইনে কৈছিল -- " তুমি যদি এটা ভোকাতুৰ কুকুৰক এদিন এসাজ আহাৰ দিয়া খাবলৈ, সি জীৱনত তোমাক কেতিয়াও নাকামোৰে । আৰু এইটোৱেই কুকুৰ আৰু মানুহৰ মাজত মূল পাৰ্থক্য ( Principal Difference )।


লাইলাক প্ৰসূতি বিভাগৰ ৰোগীৰ আত্মীয়ই তেওঁলোকৰ হস্পিতেলৰ পৰা ছুটি লোৱাৰ পিছত আমাৰ গেটৰ মুখৰ পৰা বাৰন্দাত ৰৈ থকা লাইলাক মাত লগাই যায় -- লাইলা যাওঁ দেই । চেক্‌-আপত আহিলে আকৌ লগ পাম । আমাৰ হাঁহি উঠে এনে কথাবোৰ শুনিলে । সৰু জীয়ৰীয়ে কয় -" বা: লাইলাৰ Friend Circle দেখিছো বেছ ডাঙৰ ।"


এনে এজনী অতিকৈ মৰম লগা লাইলাই এদিন হঠাতে আমাক এৰি একেবাৰে অজান দেশলৈ গুছি গ'লগৈ । আমি তলকিবই নোৱাৰিলোঁ ক'ৰ পৰা কি হ'ল । দুদিনমান আহাৰ খাবলৈ ইচ্ছা কৰা নাছিল । সেয়ে পৰিবাৰ আৰু তপনে গাখীৰ দিছিল । প্ৰথমতে খাইছিল পিছলৈ গাখীৰ খাবলৈকো ইচ্ছা নকৰা হ'ল । লাইলাৰ কষ্ট দেখি মোৰ মুখৰ পৰা অজানিতে ওলাল - " যাবৰ যদি সময় হৈছে প্ৰভু আৰু কষ্ট দি নাথাকিবা । তাইক শান্তিৰে তোমাৰ কাষলৈ লৈ যোৱা ।" হঠাতে লাইলাই চুচৰি চুচৰি আহি আমাৰ ভৰিৰ ওচৰলৈ আহি তাইৰ মূৰটো আমাৰ ভৰিত লগাই দিলে । আমি অতি আচৰিত হ'লো । তপন লাইলাৰ কাষতে আছিল । লাইলাই আকৌ চুচৰি চুচৰি ঘৰৰ পৰা ওলাই গেটৰ ফালে যাব বিচাৰিলে । সৰু জীয়ৰীয়ে কৈছিল কুকুৰ মেকুৰীয়ে হেনো মৃত্যুৰ সময়ত গৰাকীৰ ঘৰৰ পৰা ওলাই যায় । গৰাকীক আমনি নিদিয়ে ঘৰৰ ভিতৰত শেষ নিশ্বাষ এৰি । হয়তো লাইলাই তাকেই কৰিব ওলাইছে । আমি তাইক তেনে কৰিবলৈ নিদিলোঁ । যি হয় ঘৰতেই হওক ।

সন্ধিয়া সময়ত লাইলা আমাৰ মাজৰ পৰা একেবাৰে গলগৈ । পৰিবাৰ, সৰু জীয়ৰীৰ মুখলৈ চাবলৈ মোৰ সাহস নহল । অজানিতে মোৰো অশ্ৰু নিগৰি আহিল । তপনে গেটৰ ওচৰৰ আমলখি জোপাৰ তলৰ ফালে গৈ চকুলো টোকা দেখিলোঁ । পৰিবাৰে লাইলালৈ শেষ বাৰৰ বাবে চাই কলে - " এনেকৈয়ে মৰম বিলাই অন্তৰত কষ্ট দিবলৈকে আহিছিলি । যা গৈ যা । মুক্তি পালি আৰু । প্ৰভুৱে তোৰ সদ্‌ ব্যৱস্থাই কৰিব । আমি ভগৱানক কাতৰ প্ৰাৰ্থনা জনাইছোঁ ।"দুখন গামোছা আৰু অলপ ফুল লৈ লুইতৰ পাৰত মাইজানৰ ওচৰত গাত খান্দি এখন গামোছা তলত আৰু এখন গামোছা লাইলাৰ দেহৰ ওপৰত দি তাতেই ফুলখিনি দি লাইলাক সমাধিস্থ কৰি চিৰবিদায় দিয়া হ'ল ।

ঘৰখন নিৰৱতাৰে ভৰি উঠিল । গদ্‌ৰেজৰ কাষৰ লাইলা শুৱা ঠাইখনিলৈ চালেই চকুলো নিগৰা হ'ল । পল্টন বজাৰৰ মাংস বেপাৰী বছিৰে কলে - " ছাৰ লাইলাৰ খবৰটো পাই বৰ দুখ লাগিল । তপনৰ পৰা গম পালোঁ ।" মই কলো - " এৰা কি কৰিবা । দুদিনৰ বাবে আহিছিল । মৰম লগাই গুছি গলগৈ । "

-" হয় ছাৰ । আচলতে আমি সবেই দুদিনৰ আলহী এই দুনিয়াত ।" বছিৰে বাস্তৱ সত্যটোকেই কলে । অৱশ্যে বছিৰৰ আৰ্থিক ভাৱেও ক্ষতি হ'ল লাইলাৰ মৃত্যুত । তপনে লাইলাৰ বাবে মাংস বছিৰৰ পৰাই নিছিল ।


লাইলা গুছি যোৱাৰ বহুদিনৰ পিছত মুগা বৰনীয়া মৰমলগা এজনী কুকুৰ নিজে নিজে আহি ঘৰ ললেহি । নাম দিলো ৰঙিলী । পিছে বৰ ঠাণ্ডা প্ৰকৃতিৰ । মোৰ চৰকাৰি চাকৰি কাল ইতিমধ্যে শেষ হৈছিল । চৰকাৰে মেডিকেল কলেজৰ শিক্ষক- চিকিৎসকৰ কাৰ্য্যকাল ৬৫ বছৰলৈ বৃদ্ধি কৰাত পৰিবাৰৰ বাবেই কেইবছৰমান কলেজ চৌহদৰ চৰকাৰী বাসগৃহতে থাকিলোঁ। আৰু পৰিবাৰৰো চৰকাৰী চাকৰিৰ কাৰ্য্যকাল শেষ হ'বৰ হ'ল এটা সময়ত ।চিন্তা হ'ল ৰঙিলীৰ বাবে । ৰঙিলীক লগত লৈ যোৱাৰো সমস্যা আৰু এৰি যোৱাৰো সমস্যা । আমি দুয়ো এই বিষয়ে আলোচনা কৰি থকাৰ সময়ত ৰঙিলী আমাৰ কাষতে বহি আছিল আৰু এদিন ৰঙিলীৰ মূৰত হাত বুলাই বুলাই কলো -

" ৰঙিলী, আমি ইয়াৰ পৰা গুৱাহাটীলৈ একেবাৰে গুছি যামগৈ নহয় । তোক তপন দাদাহঁতৰ ঘৰতে থৈ যাম বুলি ভাবিছো । তপন দাদাই আমাৰ দৰেই মৰম কৰি ৰাখিব । তই তাতেই থাকিবি দেই । গুৱাহাটীত তই দিগ্‌দাৰহে পাবি ।" এনেকৈ কেইদিনমান কোৱা হ'ল । আমি কলেজ চৌহদ এৰিবৰ বাবে মানসিকভাৱে প্ৰস্তুত হ'বৰ চেষ্টা কৰিলো । এদিন সকলোৰে চাকৰিৰ কাৰ্য্যকাল শেষ হ'বই । জীৱনৰ আৰম্ভনিত সকলোৱে কৰ্মজীৱনৰ জখলাত লাহে লাহে আৰোহন কৰে । এটা সময়ত সেই আৰোহন শেষ হয় আৰু আৰম্ভ হয় অৱৰোহন । এইয়াই হ'ল সময়ৰ নিষ্ঠুৰ হিচাব নিকাছ ।


এদিন পূৱা দহমান বজাত বাৰন্দাত বহি বাতৰি কাকতখন পঢ়ি আছিলোঁ । ৰঙিলী পৰিবাৰৰ ওচৰত আছিল আৰু অলপ পাছত মোৰ ভৰিতে মূৰটো থৈ শুই আছিল । কিছু সময় তেনেকৈ থাকি আঁতৰি গ'ল । হঠাতে দেখিলোঁ ৰঙিলী ঘৰৰ মূল গেটৰে নগৈ কাষৰ লোহাৰ ৰদৰ ফাকৰে পাৰ হৈ ৰাস্তা পালেগৈ । সাধাৰনতে তাই বাহিৰলৈ গলে গেটৰ ওচৰত ৰৈ মোলৈ অপেক্ষাত থাকে আৰু মই গৈ খুলি দি সদায় কওঁ - " যা অলপ । বেছি দেৰি নকৰিবি ।" আজি কিয় তেনেকৈ গৈছে বুজি নাপালোঁ । মই ৰঙিলীক কলোঁ - " ৰঙিলী একো নোখোৱাকৈ কিয় গৈছ ? আহ ঘূৰি আহ । " ক্ষন্তেক থমকি ৰৈ তাই উভতি আহিল । তাইক খাবলৈ দিলোঁ । আগৰ দৰেই খালে, মই গেট্‌টো খুলি দিয়াৰ লগে লগে ৰঙিলীয়ে আমালৈ চাই ওলাই গ'ল আৰু মই মন কৰিলো ৰঙিলীয়ে কেইবা বাৰু ঘৰটোলৈ আৰু আমাৰ দুয়োলৈ উভতি চাই লাহে লাহে ৰাস্তুাৰে আগবাঢ়ি গলগৈ । মই কলো - " দেৰি নকৰিবি । সোনকালে আহিবি !"

আচৰিত কথা ৰঙিলী দুপৰীয়ালৈকে ঘৰলৈ ঘূৰি নাহিল । আমাৰ চিন্তা বাঢ়িল । কি হ'ল তাইৰ ? কিবা দূৰ্ঘটনা হোৱা নাইতো ? তপনক খবৰ দিলোঁ । তপন আহিল । লগতে তাৰ ককায়েক সুজিতো আহিল । আমাৰ পাৰ্ট টাইম কাম কৰা বঙাল গাৱৰ মনোলৈকো খবৰটো দিলোঁ । কিজানি মনোৰ ঘৰ ওলাইছেগৈ । মই তপনৰ মটৰ বাইকত বহিলোঁ আৰু চাহ বাগানৰ মাজে মাজে গৈ মাইজান পালোগৈ । শেষত তাতো নাপাই আৰু আগবাঢ়ি গৈ গৈ একেবাৰে মোহনবাৰী এয়াৰপৰ্ট পালোগৈ । নাই , ক'তো নাই । নাপালো বিচাৰি । মনত সান্ত্বনা ললো এইবুলি যে ৰঙিলী ঘূৰি আহিব এটা সময়ত । কিন্তু আমাৰ ধাৰণা ভুল প্ৰমানিত কৰিলে ৰঙিলী ঘূৰি নাহিল। আমি আজিলৈকে বুজি নাপালোঁ যে ৰঙিলী কিয় আমাৰ কাষৰ পৰা হঠাতে আঁতৰি গ'লগৈ । মোৰ বোধৰে ৰঙিলীয়ে আমি কোৱা সকলো কথা বুজি পাইছিল আৰু সেয়ে আমাক তাইক লৈ চিন্তিত নহবৰ বাবেই এনে সিদ্ধান্ত ললে ।


২০১৭ চনৰ দহ চেপ্তেম্বৰ তাৰিখে আমি আমাৰ জ্ঞানতীৰ্থ অসম চিকিৎসা মহাবিদ্যালয় আৰু মৰমৰ ডিব্ৰুগড় চহৰ এৰি আহিলোঁ । জীৱনৰ ৫১ টা বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শীত, শৰত, হেমন্ত কেনেকৈ পাৰ হৈ গ'ল তলকিবই নোৱাৰিলোঁ । ১৯৬৬ চনৰ আগষ্ট মাহত কৈশোৰৰ অন্তত যৌৱনৰ কাহিলীপূৱাত হৃদয়ত অলেখ সপোনলৈ উত্তৰ পূৱৰ প্ৰথমখন চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত শিক্ষা গ্ৰহনৰ মানসৰে যাত্ৰা কৰিছিলোঁ ডিব্ৰুগড়লৈ । জীৱনৰ গতি অপৰাহ্নৰ দিশে অগ্ৰসৰ হোৱাৰ বয়সত এৰি আহিলোঁ বুকুত অলেখ বেদনা লৈ সেউজী ডিব্ৰুগড় আৰু আমাৰ মাতৃ স্বৰূপ পূণ্যতীৰ্থ তথা জ্ঞানতীৰ্থ অসম চিকিৎসা মহাবিদ্যায়খনি ।

২০১৭ চনৰ চাৰি চেপ্তেম্বৰ তাৰিখে মোৰ চাৰিখন গ্ৰন্থৰ উন্মোচন কৰাৰ আয়োজন কৰা হৈছিল ডিব্ৰুগড়ৰ প্ৰখ্যাত কানৈ মহাবিদ্যালয়ত সেই মহাবিদদ্যালয়ৰ অধ্যক্ষ ড° শশী কান্ত শইকীয়াদেৱৰ উদ্যোগত । সেই সভাখন মোৰ বিদায় সভাৰ দৰে হৈছিল । কানৈ কলেজৰ সভা সমিতি, অনুষ্ঠান আদিলৈ সদায় নিমন্ত্ৰণ পাইছিলোঁ, সেইবোৰ এতিয়া মাথো মধুৰ স্মৃতি আৰু আমি দুয়ো কানৈ কলেজখনক বৰ ভাল পাওঁ । আমাৰ মেডিকেল কলেজত বিদায় সভা হোৱাৰ উপৰিও কানৈ কলেজতো হোৱাত আমাৰ কলেজৰ সকলো আচৰিত হৈছিল । আচৰিত হোৱাৰে কথা কিয়নো আগতে কেতিয়াও মেডিকেল কলেজৰ শিক্ষকক চাকৰিৰ পৰা অৱসৰ পাওতে আন কলেজত বিদায় সভা অনুষ্ঠিত কৰাৰ উদাহৰণ নাছিল । সেই সভাত গ্ৰন্থ কেইখন উন্মোচন কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ ড° নগেন শইকীয়াদেৱ, ডিব্ৰুগড় সাহিত্য সভাৰ পূাক্তন সভাপতি দুৰ্লভ চেতিয়াদেৱ, সাংবাদিক ইকবাল আহমেদ দেৱ আৰু অধ্যক্ষ ড° শশী কান্ত শইকীয়াদেৱে । সেই সভাতেই ড° নগেন শইকীয়াদেৱে কৈছিল -" ৫০ বছৰৰো অধিক কাল এই ডিব্ৰুগড়তে থাকি ডা° ভূঞাদেৱ আৰু ডা° ভানু দেৱীয়ে কি কাৰনত গুৱাহাটীলৈ যাবলৈ মনস্থ কৰিলে বুজি নাপালোঁ । আমি তেখেত সকলক আমাৰ ডিব্ৰুগড়ৰে বাসিন্দা বুলিয়েই ইমান দিনে ভাবি আছিলোঁ । এতিয়াহে গম পালোঁ আমাৰ ধাৰনা ভুল বুলি । মই উত্তৰত কৈছিলোঁ -" আচলতে তেনে বিশেষ কাৰণ নাই । মাত্ৰ জীৱনৰ শেষ বয়সত ঘৰৰ মানুহৰ ওচৰলৈ যাবলৈ মন । মোৰ ঘৰ নগাঁৱৰ কামপুৰত আৰু পৰিবাৰৰ ঘৰ নলবাৰীৰ টিহুত । গতিকে দুয়োখন ঠাইৰ মধ্যভূমি হ'ল গুৱাহাটী । ইমানেই কথা।" আৰু লগতে ধেমালীৰ সুৰতে কলোঁ - " অন্যহাতে মৃত্যুৰ পিছত চাঙিখন কান্ধত লবলৈ ঘৰৰ মানুহ চাৰিজন নালাগিব জানো ?" ড° নগেন শইকীয়াদেৱে তাৎক্ষনিকভাৱে কলে - " এহ্‌ ডা° ভূঞা একেবাৰে গভীৰলৈ গ'লগৈ ।"


গুৱাহাটী পালোঁহি । কেইবা বছৰৰ পৰা, ঘৰচিৰিকাই এডাল দুডালকৰি খেৰ-কূটা গোটাই বাহ এটা সজাৰ দৰে, ঘৰ এটা সজা হৈছিল যদিও একেবাৰে সম্পূৰ্ণ হোৱা নাছিল । যিয়েই নহওক এটা নিজৰ ঘৰত সোমালোহি ।


ঘোৰামাৰা । ইয়াতে বাসস্থান । ভেটাপাৰাৰ পৰা প্ৰায় এক কিলোমিটাৰ । ১৯৮৫ চনত আমি ইয়াত মাটি কিনোতে এই অঞ্চলটো খেতিৰ পথাৰ আছিল । মাত্ৰ দুঘৰ মানুহে ঘৰ সাজিছে । আমি তৃতীয়টো পৰিয়াল মাটি কিনাৰ ক্ষেত্ৰত । আৰু আজি ? অভূতপূৰ্ব পৰিৱৰ্তন ।দুই এজনৰ বাহিৰে প্ৰায় সকলকে চিনি নাপাওঁ। লাহে লাহে চিনা পৰিচয় হ'লোঁ । আচলতে আমাৰ ঘৰটো সজাত মোৰ শালপতিয়ে সকলোখিনি কৰিছিল । আমি মাত্ৰ টকা পইচা পঠিয়াই আছিলোঁ । মাজে মাজে ডিব্ৰুগড়ৰ পৰা আহি চাই যাওঁ । অতি একাগ্ৰতাৰে শালপতিয়ে ঘৰটোৰ কাম কৰিছিল । বৰ অমায়িক আছিল তেওঁ , পিছে তেওঁ কভিড্‌ কালত হঠাতে আমাক সকলোকে কন্দুৱাই এই ধৰিত্ৰী এৰিলে ।

ঘোৰামাৰা এতিয়া অতি ব্যস্ততাপূৰ্ণ ঠাই । চ'কটোতে প্ৰায় সকলো সামগ্ৰী পোৱা যায় । এদিন বৰ মৰমলগা ধুনীয়া মেকুৰী পোৱালী এজনী আহি ওলালহি আমাৰ ঘৰত । সন্ধ্যালৈ যাবগৈ বুলি ভাবিছিলোঁ কিন্তু নগ'ল । নিশা বাৰন্দাতে থাকিল । সেইয়াই আৰম্ভনি । তাইৰ নাম দিলোঁ পূছী । পূছীয়ে অকল মাছহে খায় । গতিকে বজাৰৰ পৰা মাছ অনাটো এটা সময়ত নিয়মত পৰিনত হ'ল । তেতিয়াই মোৰ পৰিচয় হ'ল মাছ বেপাৰী মহেশ্বৰ বৰ্মন আৰু তেওঁৰ পত্নী গঙ্গা বড়োৰ লগত । মাজে মাজে বৰ্মনে মাছ সন্ধিয়া ঘৰতে দি যায়হি । অৱশ্যে গ্ৰাহকৰ ভিৰ থাকিলে অসুবিধা হয় আৰু লাহে লাহে আমাৰ মাজত আপোন সম্বন্ধ এটা গা কৰি উঠিল । গঙ্গাৰ মোৰ পৰিবাৰক হেনো বৰ ভাল লাগে ।

হঠাতে এদিন আন এজনী চাই বৰনীয়া মেকুৰী আহি ঘৰ এৰিব নিবিচৰা হ'ল । শেষত পৰিবাৰৰ মৰম উপজাত তাই পূছীৰ লগৰী হ'ল । তাই নাম দিয়া হ'ল মিনি । মুঠতে আমাৰ পৰিয়ালৰ সংখ্যা বাঢ়িল । আমি ঘৰত দুজন যদিও আমি আনৰ বাবেও যোগাৰ কৰিব লগা হয় । পূৱাতে উঠি পূছী মিনিক খাবলৈ দিয়াৰ সময়ত ওচৰৰ সকলো কাউৰী আহি সমবেত হয় আৰু চিঞৰা আৰম্ভ কৰে । লগে লগে সিহঁতৰ বাবে ৰখা আহাৰ দিওঁ । কাউৰীয়ে অকলে নাখায়, চিঞৰি চিঞৰি লগৰীয়াক মাতি থাকে । কাউৰীৰ পৰা এই গুণটো শিকিব লাগে বুলি চাণক্যই লিখি থৈ গৈছে । আচলতে আমাৰ ঘৰৰ সদস্য বহুত । জীয়ৰী হঁতে আহিলে দেখি ভাল পায় ।


আমেৰিকাত থকা নাতিনী কুঁহি আহিলে মোৰ লগত পূছী মিনি, কাউৰীক খানা দিয়াত সহযোগ কৰি বৰ আনন্দ পায় । এতিয়া পূছী- মিনি সকলোৰে চিনাকি নাম । আমাক বিপদে আপদে সহায় কৰা বৈশ্যক পূছী মিনিয়ে ভালদৰে জনা হ'ল । বৈশ্যই আমাৰ ঘৰটোৰ বহুখিনি কামৰ ঠিকা লৈছিল আৰু এটা সময়ত আমাৰ আপোন হৈ পৰিল, গতিকেই আমি ক'ৰবালৈ ঘৰ এৰি গলে ঘৰখনৰ দায়িত্ব বৈশ্যৰ হাততে দি যাওঁ । আমি নাথাকিলে যে পূছী- মিনিৰ সকলো যত্ন বৈশ্যই লয় । দুয়োজনী বেছ চিকাৰী । সিহঁতৰ বাবেই গাড়ী কেইখন বাছি আছে নিগনিৰ অত্যাচাৰৰ পৰা । দুয়োজনীয়ে চিকাৰ কৰি নিগনি আদি নিশা আনি বাৰন্দাত থয় আৰু আমাক মেওঁ মেওঁ কৰি মাতি জনাই দিয়ে । কেতিয়াবা খিৰিকী কাষত বাহিৰৰ পৰা চিঞৰি থাকিলে মই বঢ়িয়া, ভাল কৰিছ, থেঙ্ক ইউ, ৱেল ডান বুলি কলে আঁতৰি যায়গৈ । ঘৰলৈ আলহি আহিলে পূছীয়ে বৰ ভাল পায় । বিশেষকৈ জীয়ৰী, নাতিনী আহিলে আনন্দৰ সীমা নাই পূছীৰ । অনবৰত লগে লগে ঘূৰি ঘুৰে । সিহঁতবোৰ গলেগৈ কেইবাদিনলৈ মন মাৰি বহি থাকে।

পূছী- মিনিৰ বাবে মাছ জোখাৰ পিছত প্ৰায়ে গঙ্গাই পৰিবাৰৰ বাবে ভাজি খাবলৈ কেইটামান মাছ আচুতিয়াকৈ দি কয় --" বাইদেউৰ বাবে দিছো । আপুনি বাৰু ছাৰ বাইদেউক মই দিছো বুলি কয়নে নকয় ? " এইবুলি কৈ মিচিকিয়াই হাঁহি এটা মাৰে আৰু অন্য গ্ৰাহকে কয় " বা: বাইদেউলৈ বৰ চেনেহ দেই ।"


এনেকৈয়ে আমি এডাল অচিন স্নেহৰ সোণালী সূঁতাৰ বান্ধোনত সাঙোৰ খালোঁ । এবাৰ বৰ্মনে সুধিলে - " ছাৰ, আপোনাক দেখিলেই চৌধুৰী দাদাৰ দোকানৰ মুখত ৰৈ থকা কুকুৰ কেইটা দৌৰি আপোনাৰ ওচৰ পাই কিয় ?" আচলতে মই এদিন চৌধুৰীৰ দোকানত আলু পিয়াজ কিনি থাকোতে দেখিলোঁ ধুনীয়া বগী কুকুৰ এজনী আৰু ক'লা ৰঙৰ কুকুৰ এটা দোকানৰ ওচৰত মন মাৰি বহি আছে আৰু চৌধুৰীয়ে কলে ইহঁত হেঁনো সদায় থাকে কোনোবাই কিবা দিব বুলি আশা কৰি । আৰু তেওঁ নিজে সদায় অলপ বিস্কুট দিয়ে । মই সুধিলোঁ সিঁহতে কি বিস্কুট খায় আৰু তেওঁ কলে ঠিন্‌ এৰ' বিস্কুট খায় । মই দুই পেকেট বিস্কুট লৈ সিহঁতক ভগাই দিলোঁ । সেইদিনাৰ পৰা মোক দেখিলেই দূৰত থাকিলেও দৌৰি আহে আৰু মোৰ ভৰিত গা লগাই দিয়ে । সিহঁতৰ নাম দিলোঁ -- ৰঙিলী আৰু কালো । সিহঁতে নাম বুজি পোৱা হ'ল । ডিব্ৰুগড়ত থকা আমাৰ ৰঙিলী নামৰ কুকুৰজনীৰ নামকে দিলোঁ । এদিন বৰ্মনৰ দোকানৰ সন্মুখৰ মেধিৰ দোকানত মই বস্তু কিনি থাকোতে অলপ দূৰত ৰঙিলীক দেখি মেধিয়ে ক'লে এই ৰঙিলী এইয়া কোন আহিছে চাচোন । আচৰিত কথা ৰঙিলীয়ে মেধিৰ কথা বুজি পালে আৰু মোৰ ওচৰ পালেহি । আৰু মেধিক বিস্কুট দিবলৈ ক'লো । ওচৰৰ সকলো দোকানী, ৰৈ থকা মানুহ আচৰিত হ'ল ।কুকুৰৰ দৰে বিশ্বাসী আন কোনো নাই আৰু সেয়েহে কুকুৰক সেনা বাহিনীত প্ৰতিৰক্ষা আদিৰ কামত সন্মানৰে নিযুক্তি দিয়া হয় । এদিন ৰঙিলী মাক হ'ল । পোৱালীজনী লৈ মোৰ কাষ চাপিল । চৌধুৰীয়ে কলে কথাটো । ৰঙিলীৰ জীয়েকৰ নাম দিলোঁ পখিলী । দুখৰ কথা কভিড্‌ মহামাৰীৰ সময়ত ৰঙিলী, কালো ক'ৰবালৈ গুছি গ'লগৈ । পখিলী থাকিল । এদিন দেখিলোঁ পখিলীয়ে খোজ কাঢ়িব পৰা নাই । চৌধুৰীয়ে কলে এজন মানুহৰ কথা । তেওঁ হেনো পখিলীক তেওঁৰ গেটৰ মুখত দেখি মাৰ মাৰি ঠেং ভাঙি দিলে ।এতিয়া তাই ইয়াতে পৰি থাকে । দুদিনৰ পাছত চৌধুৰীয়ে কলে যে তেওঁৰ দোকানৰ কাষতে থকা ভেটেনেৰি ডাক্তৰ গৰাকীয়ে পখিলীক দেখি খানাপাৰাৰ ভেটেনেৰি হস্পিতেললৈ লৈ গ'ল । আগতে তেখেতে তাতে চাকৰি কৰিছিল । পখিলীক হেনো তেখেতে তেখেতৰ ঘৰতে ৰাখিব । মই শুনি বৰ সন্তোষ পালোঁ। বৰ পূণ্যৰ কাম কৰিছে ।


অতিকৈ আচৰিত কথাটো হ'ল যিগৰাকী ব্যক্তিয়ে পখিলীৰ ঠেং ভাঙিছিল তেওঁৰ হেনো ঘৰৰ বাথ্‌ ৰূমত পিছলি পৰি ককালৰ হাড় ভাঙিল আৰু ইয়াত ভাল নোপোৱাত পাটনালৈ লৈ গ'ল । ডাক্তৰে হেনো কৈছে বৰ বেয়াকৈ ফ্ৰেক্‌চাৰ হৈছে । কিয় জানো মোৰ তেওঁ অলপতে পখিলীক কৰা অত্যাচাৰৰ কথা মনলৈ আহিল।


বৰ্মনহঁতৰ সন্তান কোশল বৰ মৰমলগা । দোকানলৈ বৰ্মন প্ৰথম আহে দক্ষিন গাৱঁৰ পৰা ডাকত দিয়া মাছ লৈ আৰু অলপ পাছত গঙ্গা আহে ল'ৰাটোৰ লগত আৰু ল'ৰাটোক টিউচনত থৈ দোকানলৈ আহে স্বামীক সহায় কৰিবলৈ । বৰ্মনে মাছ ওজন কৰে আৰু গঙ্গাই মাছৰ বাকলি চাফা কৰি গ্ৰাহকে বিচৰাৰ দৰে কাটি দিয়ে । নিশা দহ বজালৈকে দোকান খোলা থাকে । ল'ৰাটোক মাজতে ঘৰত থৈ আহগৈ গঙ্গাই ।


বৰ্মনহঁতৰ অসুখ বিসুখ হলে আমাকেই দেখুৱাই পৰামৰ্শ লয় । আমি ঘোৰামাৰাৰ দোকানী, মাছ বেপাৰী, মূছী, দৰ্জী আদিৰ পৰা ৰোগী পৰীক্ষা কৰাৰ বাবত একো ফিজ্‌ মানে মাননী নলওঁ । দোকানী খিনিৰ সৰহ সংখ্যকৰে বৰ বেছি বিক্ৰী নহয়েই ,সকলোবোৰে অভাৱৰ লগত যুঁজি জীয়াই আছে ।বৰ্মনে অন্য সৰুসুৰা কামটো কেতিয়াবা কলে সহায় কৰি দিয়ে । বৰ কষ্টৰ জীৱন বৰ্মন-গঙ্গাৰ ।


এদিন পূৱাতে বৰ্মন আহিল একেবাৰে হাবাথুৰি খায় । বৰ নাৰ্ভাছ কৰিছে । গঙ্গাৰ অসুখ । অলপ চিন্তনীয় অসুখ যেন লাগিল মোৰ লক্ষনখিনি শুনি । মই লগে লগে গুৱাহাটী মেডিকেল কলেজলৈ পঠালোঁ । আমাৰ ডিব্ৰুগড় মেডিকেলৰ পৰা পাছ কৰা বহুকেইজন চিকিৎসক আছে । সহকাৰী অধ্যাপক দেব দত্ত গৌতমক সহায় কৰিবলৈ কলোঁ । পৰীক্ষা নিৰিক্ষা কৰা হ'ল । কিন্তু পৰীক্ষাত যিটো ওলাল সেইটো চাই বৰ দুখ লাগিল । এতিয়া কি বুলি বুজাই কওঁ । যকৃৎ আৰু বৃক্ক ( Liver, Kidney ) দুয়োটাই বিকল হৈছে । হয়তো আগৰ পৰৰাই অসুখটো হৈ আছিল কিন্তু মন কৰা নাই । নহলে আৰ্থিক অসুবিধাৰ বাবেও ডাক্তৰৰ ওচৰলৈ যাব পৰা নাছিল চাগৈ । মেডিকেল কলেজত ভৰ্তি হ'ল । অলপদিন ৰাখি লৈ আহিলে । বৰ্মনে কলে গঙ্গা মেডিকেলত থাকিলে ল'ৰাটোৰ অসুবিধা হয় হেনো । তাতে বৰ্মনে দোকানো বন্ধ ৰাখিব লগা হয় । মাছ বিক্ৰী নকৰিলে ঘৰ চলাই কেনেকৈ । দুখীয়া মানুহৰ অলেখ সমস্যা । বৰ্মনে কলে - " ছাৰে ঘৰতে দৰৱ খাই থাকিবলৈ কৈছে । আৰু মাজে মাজে চেক্‌ আপত নিবলৈ কৈছে । মেডিকেলৰ দৰৱত অলপ ভাল পাইছে । ছাৰ, দৰৱতে ঠিক হৈ যাব চাগৈ নহয় ?" এই প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই । সেয়ে সান্ত্বনাৰ বাবে কলোঁ " হ'ব দিয়া । পিছে খোৱা বোৱাৰ যত্ন লবা । ডাক্তৰৰ বিধানমতে চলিবা ।"

এদিন দেখিলোঁ গঙ্গা দোকানলৈ আহিছে । মোক দেখিিয়েই মাত লগালেঁ -- " ছাৰ, অলপ ভাল পাইছো বাবে আহিছো আৰু । অকলে মানুহজনৰ বৰ কষ্ট হৈছে । কপালত যি লিখা আছে সেইটোহে হ'ব, নহয় জানো ছাৰ ? আপুনি প্ৰফেছৰ ছাৰক ফ'ন কৰি দিয়াৰ বাবে বৰ সুবিধা হ'ল । প্ৰফেছৰ ছাৰে সকলোকে কৈছে আমাক পঢ়োৱা ছাৰে পঠিয়াইছে এখেতক । ছাৰে আমাক সকলোকে বৰ মৰম কৰিছিল । সেয়ে সকলোৱে মোৰ যত্ন লৈছিল । আপোনাৰ সহায়ৰ কথা মৰালৈকে পাহৰিব নোৱাৰিম ছাৰ । মই নাথাকোতে এখেতে বাৰু বাইদেউলৈ বেলেগকৈ মাছ দিছিলনে ছাৰ ?" মই দিয়া বুলি কৈ থলোঁ । সেই চিনাকি চকুৰ চাৱনিটো আৰু বিশেস ভঙ্গীৰ মিচিকিয়া হাহিঁটোৰে পুনৰ সুধিলে --- " সচাকৈ কৈছেটো ছাৰ ?" এনে এখন হৃদয়ৰ গৰাকী গঙ্গা নামৰ মানুহজনী ।

নিজৰ দেহাৰ কথা নাভাবি গঙ্গাই দোকানত কাম কৰি গৈছিল । মাজে মাজে এদিন দুদিন হঠাতে দোকানত নেদেখিলো । বৰ্মনে কলে " আজি কেইদিনমানৰ পৰা গা টো অলপ বেয়া হৈ থকা হৈছে ছাৰ । মেডিকেললৈ লৈ যাম বুলি ভাবি আঁছো কিন্তু মিলাব পৰা নাই । মেডিকেলৰ ছাৰজনক এবাৰ কৈ দিবছোন ছাৰ ।" মই কলোঁ - " কম বাৰু পিছে সেই প্ৰথমতে চোৱা ডাক্তৰজন এতিয়া ইয়াত নাই । কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰমোচন দি বদলি কৰিলে তেওঁক । চিন্তা কৰিব নালাগে । আন এগৰাকী প্ৰফেছৰক কৈ দিম । মাত্ৰ যোৱাৰ সময়ত মোক ফো'ন এটা কৰিবা ।"


সন্ধিয়া আগৰ দৰেই ঘোৰামাৰা চ'কলৈ গ'লো । গঙ্গা আগৰদৰে নিজৰ সৰু পিৰাখনত বহি মাছৰ বাকলি এৰোৱাই আছে । মোক দেখিয়েই কলে -" এইয়া ছাৰৰ কথা ভাবোতেই ছাৰ আহি ওলালহি । ছাৰ, আপুনি বহুদিন জীয়াই থাকিব । এইমাত্ৰ আপোনাৰ কথাকে পাতিছিলোঁ । " হ'ব বাৰু মই বেছিদিন জীয়াই থকাটো । এতিয়া কোৱা কিয় ভাবিছিলা মোৰ কথা, তোমালোকে হস্পিতেললৈ যোৱাৰ বাবে ভাবিছা নেকি ? "


---" হয় ছাৰ । মোৰ গা টো আকৌ বেয়া হৈছে ।" গঙ্গাই কলে । মই মন কৰিলোঁ গঙ্গাৰ ভৰি দুটা বেছিকৈ ফুলিছে । মুখখনো ফুলিছে । মাছ বাছি থাকোতে উশাঁহটো লোৱাত অলপ কষ্ট পোৱা যেন লাগিল । মই কলোঁ -- " গা টো বেয়া যদি কামলৈ আহিলাঁ কিয় ?"


--- " কি কব ছাৰ, মনটোৱে নামানে নহয় । মানুহজনে অকলে অকলে কিমান কষ্ট কৰিব । গতিকে আহিলোঁ আৰু । আমি পৰহিলৈ মানে যাম বুলি ভাবিছোঁ । কোনজন প্ৰফেছৰক ক'ত লগ ধৰিব লাগিব ছাৰ ? " গঙ্গাই সুধিলে ।


-- " ঠিক আছে মই বাৰু খবৰ কৰি চাই পৰহি পূৱাতে ফোন কৰি জনাম । কোনজন প্ৰফেছৰৰ বা ডিউটি আছে পৰহিলৈ আৰু ক'ত লগ কৰিব পাৰিবা সকলোখিনি জনাই দিম । " গঙ্গাই ক'লে পুনৰ " ছাৰ, পৰহিলৈ এখেতক ফোনটো ঘৰতে থৈ যাবলৈ কম । এখেত মানুহ এজনক লগ ধৰিবলৈ যাব লাগিব একেবাৰে কাহিলীপূৱাতে । ছাৰ, আপোনাকনো কি মিছা মাতিম আচলতে মানুহ এজনৰ পৰা টকা অলপ পাব লগা আছে । দিম দিম বুলি দিয়াই নাই । হস্পিতেললৈ যোৱা মানেই খৰচ নহয় জানো ছাৰ !"


--- " তাৰমানে টকাটো তেওঁ নিদিলে হস্পিতেললৈ নাযাবা নেকি ? বৰ্মন এটা কাম কৰিবা শুনা । মানুহজনৰ লগত আজিয়েই যোগাযোগ কৰা আৰু তেওঁৰ পৰা নাপালে মোক কবলৈ সঙ্কোচ নকৰিবা। " মই এনেদৰে কোৱাত বৰ্মনে কলে --" নাই ছাৰ, আপুনি ইমানখিনি সহায় কৰি দিছেই আৰু চিকিৎসাৰ খৰচটো নিদিলেও হ'ব । মই কিবা কৰি যোগাৰ কৰিম ।" 


-- " সেইবোৰ কথা এৰা । মুঠতে পৰহিলৈ গৈ দেখুৱাই আহাগৈ । হয়তো এওঁক আকৌ ৱাৰ্ডত ভৰ্তি কৰিব লগা হব । তেনে কৰিলে ভৰ্তি নহও বুলি নকবা । চিকিৎসাটো প্ৰথম অন্যবোৰ কথা পিছত ঠিক কৰিব পৰা যাব । " মই অলপ টান্‌কৈ কলোঁ কথাখিনি । বৰ্মন আৰু গঙ্গাই কথাখিনি বুজি সন্মতি দিলে যে হস্পিতেললৈ যাব আৰু ভৰ্তি হ'ব ।

পূছী- মিনিৰ বাবে মাছ ললোঁ । গঙ্গাই কলে --" ছাৰ, হস্পিতেলত ভৰ্তি হলে কেতিয়া হস্পিতেলৰ পৰা ঘৰলৈ আহিব পাৰো ঠিক নাই । আপোনাক বা আকৌ কেতিয়া লগ পাব পাৰো ঠিকনা নাই । তাতে আজি বৰ বঢ়িয়া চেনিপুঠি মাছ আহিছে । দুটামান বাইদেউলে দি দিছো । লৈ যাওক ছাৰ । বৰ সোৱাদ এনেকুৱা চেনিপুঠি মাছৰ । বাইদেৱে বৰ ভাল পাব । বাইদেউক কব মই কোৱা কথাকেইটা ।" হ'ব বাৰু মই বাইদেউৰাক সকলোঁ কথা কম বুলি বৰ্মন-গঙ্গাৰ পৰা বিদায় লঁলো । লগতে কলোঁ --" হস্পিতেললৈ পৰহিলৈ যাবই লাগিব । টকা পইচাৰ কথা বেছি চিন্তা নকৰিবা । ইতিমধ্যে হস্পিতেললৈ যোৱাত দেৰিয়েই হৈছে ।"

ঘৰত আহি পৰিবাৰক সকলো কলোঁ । পৰিবাৰে কলে " গঙ্গাৰ কিয় এনে বেমাৰ হ'ল বুজিবই পৰা নাই । ঈশ্বৰে চকু মেলি চালেই হয় আৰু ।" নিশা গুৱাহাটী মেডিকেল কলেজত আমাৰ ডিব্ৰুগড়ৰ পৰা পাছ কৰি অহা মানে আমাৰ পুৰনা ছাত্ৰ- ছাত্ৰী বৰ্তমান অধ্যাপক/ সহকাৰী বা সহযোগী অধ্যাাপক কেইজনমানৰ লগত যোগাযোগ কৰি গঙ্গাৰ হস্পিতেলত ভৰ্তিৰ কথা পাতিলোঁ ।আটাইকেইজনেই সকলো প্ৰকাৰৰ সহায়ৰ বাবে সন্মতি জনালেঁ ।

পিছদিনা ঘৰোৱাহি কামত বৰ ব্যস্ত হব লগা হ'ল । হঠাতে বৈশ্যৰ পৰা ফোন পালোঁ । বৈশ্যই যিটো খবৰ দিলে সেইটো শুনি আমি দুয়ো মৰ্মাহত হ'লো । আমাৰ মুখৰ মাত হৰিল । কেনেকৈ কি হৈ গ'ল বুজিবই নোৱাৰা হ'লোঁ । বৈশ্যয়ো সম্পূৰ্নকৈ কথাটো গম নাপায় । বৰ্মনৰ পত্নী গঙ্গাই পূৱা ছাৰে ছয় বজাত হঠাতে শেষ নিশ্বাস এৰিলে । খবৰটো এতিয়াহে পালোঁ । ইতিমধ্যে শ্মশানত দাহ কৰা হৈ গ'ল । ৰাতিপৃৱাৰে কথা । বহুত সময় হ'ল । আৰু মই তাৎক্ষণিকভাৱে বৰ্মনলৈ ফোন কৰিলোঁ । বৰ্মন একেবাৰে শোকত ভাগি পৰিছে । বৰ্মনে কান্দি কান্দি ক'লে -- " ছাৰ, আপোনালৈ ফোন কৰিছিলোঁ । দৃয়োবাৰে বিজি পালোঁ । এজনক বৈশ্যদালৈ ফোন কৰিবলৈ কলোঁ । সকলো ঠিকেই আছিল । ৰাতিপূৱা ৪-৩০ মান বজাত গা টো বেয়া লাগিছে বুলি কলে । অলপ গৰম পানী খাবলৈ বিচাৰিলে । দিলোঁ । ১০৮ এম্বুলেঞ্চৰ বাবে যোগাযোগ কৰি থাকোতেই দেখিলোঁ তেওঁ উশাহ লব পৰা নাই । কি কৰো এতিয়া । গালে মুখ পানীৰে মচি দিলোঁ। লৰাটোৱে মাকৰ হাত ভৰি পিটিকি দি মা' মা' বুলি মাতি থাকোতেই হঠাতে উশাহটো ঘনঘনকৈ দুবাৰমান লৈ একেবাৰে চকু মুদিলে । আমি একোকে উৱাদিহ নাপালোঁ ছাৰ । মই চাৰিওফালে এন্ধাৰহে দেখিছো । এই সৰু ল'ৰাটোকলৈ মহা চিন্তাত পৰিছো । অকলে অকলে ইয়াক ডাঙৰ কৰো কেনেকৈ ? ঘৰৰ সকলোঁ কাম কৰি তাক স্কুললৈ অনা নিয়া কৰা আৰু পূৱা গধূলী দক্ষিন গাৱৰ পৰা মাছ আনি নিশালৈকে দোকানত থাকি বেপাৰ কৰা বৰ কঠিণ হ'ব আৰু মই নাথাকিলে তাক ঘৰত অকলে এৰিম কেনেকৈ । গঙ্গাই সকলোঁ চম্ভালি আছিল । এতিয়া মই একেবাৰে অকলশৰীয়া হৈ গলো ।" মই কি বুলি বৰ্মনক সান্ত্বনা দিও ? মই শব্দ বিচাৰি পোৱা নাই । লাহে লাহে বুজাই কলো --" বৰ্মন, তুমি এনেকৈ অধৈৰ্য্য হলে কেনেকৈ হ'ব ! সকলো সমস্যা লাহে লাহে সমাধান হব।কোশলে তোমাৰ অৱস্থা এনে হোৱা দেখিলে সি মানসিকভাৱে ভাগি পৰিব । ঈশৰৰ ওপৰত ভৰষা ৰাখা । পৃথীৱীত এনে কোনো সমস্যা নাই যাৰ সমাধান নাই। তলা এটা বনালে তাৰ লগত তলাটো খুলিবলৈ চাবি এটা বনাবই লাগিব । ভগৱানে সমস্যা দিছে কিন্তু তাৰ সমাধানৰ পথো ৰাখিছে। মাত্ৰ ধৈৰ্য্যৰে সেই পথ বিচাৰি ওলিয়াবলৈ চেষ্টা কৰিব লাগিব । এতিয়া তুমি বৰ্তমানৰ পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা কৰা । আমাৰ দুয়োৰ গঙ্গাৰ খবৰটো শুনি কেনেকুৱা লাগিছে তোমাক বুজাব নোৱাৰো । আমাৰ সম্বন্ধৰ, আত্মীয় এগৰাকী ঢুকুৱাৰ দৰে লাগিছে । তোমালোক দুয়োৰ আমাৰ প্ৰতি থকা শ্ৰদ্ধা বা আমাৰ ওপৰত থকা বিশ্বাসৰ কথা আমি বুজি নাপাও বুলি ভুলটো নাভাবিবা ।" এনেদৰে বহুত সময় বৰ্মনক বুজনি আৰু সন্ত্বনা দিলোঁ ।

সচাকৈয়ে গঙ্গাৰ মৃত্যুৰ খবৰটোৱে আমাৰ দুয়োৰ হৃদয়ত বৰ দুখ দিছে । আজিৰ পৰা পূছী- মিনিৰ বাবে পৰা মাছ আনিবলৈ গলে বৰ্মনৰ কাষতে পিৰাখনত বহি মাছৰ বাকলি গুছাই গুছাই মোৰ লগত নানান কথা পাতি শেষত পৰিবাৰৰ বাবে বিশেষ মাছ কেইটামান দি "বাইদেউক কব কিন্তু মই দিছো বুলি " কথাষাৰ কবলৈ গঙ্গা আৰু নাই । কথাষাৰ মনলৈ আহিলেই বুকুখনৰ গভীৰ কোণত অজানিতে বিষ এটা অনুভৱ কৰোঁ । গঙ্গাই শেষবাৰৰ বাবে পৰিবাৰলৈ দি পঠিওৱা চেনিপুঠি মাছকেইটা চালোঁ । এই মাছকেইটাত গঙ্গাৰ শেষ শ্ৰদ্ধাসিক্ত স্নেহ নিহিত হৈ আছে । গঙ্গাইটো নাজানিছিল এইয়াই মৰমৰ বাইদেৱেকলৈ পঠোৱা গঙ্গাৰ জীৱনৰ শেষ উপহাৰ । পূছী- মিনিৰ বাবে মাছ আনিবলৈ গলে বৰ্মনেও " বাইদেউলৈ এই কেইটা দিছো " বুলি নিশ্বয় কব কিন্তু গঙ্গাৰ চকুৰ সেই বিশেষ চাৱনিটো আৰু বেকা মিচিকিয়া হাঁহিটো কেতিয়াও কোনোদিন দেখিবলৈ নাপাম । কথাটো মনলে আহিলেই অন্তৰখনে হাহাকাৰ কৰি উঠা যেন লাগে দেখুন ।

মই বুজি নাপাও যে জীৱনৰ এই সৰু ঠেক পথটোত হাজাৰজনক লগ পাও কিন্তু ইয়াৰ মাজতেই কিছু ব্যক্তিয়ে অন্তৰত বিশেষ চেনেহৰ চাপ পেলায় আৰু অজানিতে আমি এক বুজাব নোৱাৰা মৰমৰ, স্নেহৰ জিঞ্জিৰিত বান্ধ খাই পৰো । পৰিবাৰে কলে -- " গঙ্গাই মোক বৰ ভাল পাইছিল । গঙ্গা বৰ সৰল সহজ আছিল । বৰ্মনহঁত দিনে উপাৰ্জন কৰি অতি কষ্টৰে ঘৰ সংসাৰ চলাই থকা মানুহ । মই ভাবিছো এই বিপদৰ সময়ত বৰ্মনক অলপ আৰ্থিকভাবে সহায় কৰাটো সমিচীন হ'ব । মই এইটো আমাৰ দায়িত্ব বুলিয়েই ভাবো । কি কোৱা ?" মই কলোঁ " এৰা সেই কথাটো ময়ো ভাবি আছিলোঁ ।" 

লগে লগে বৰ্মনক ফোন কৰি কলোঁ ----

" বৰ্মন , তুমি তোমাৰ কিউ আৰ্‌ ক'ড ( Q R Code ) টো মোলৈ হোৱাট্‌চ্‌ এপ ( What's App) ত এতিয়াই পঠিয়াই দিয়াছোন । বাইদেউৰাই এতিয়াই দিবলৈ কৈছে । দেৰি নকৰিবা কিন্তু ।"

(সত্য ঘটনাৰ ওপৰত আধাৰিত)


ডা° টঙ্কেশ্বৰ ভূঞা ,

প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় মুৰব্বী ,

শল্য চিকিৎসা বিভাগ,

অসম চিকিৎসা মহাবিদ্যালয়,ডিব্ৰুগড় ।

দূৰভাষ নম্বৰ ৯৪৩৫০৩০৪৬৪.

Recent Posts

See All
নাম আছিল আশা

আকাশখনৰ মনটো বুজিবলৈ বৰ কঠিন হৈ পৰিছে এই কেইদিন । কিবা সদ্য বিবাহিত লাজুকি কণ্যাৰ দৰে নিজৰ দুদিনমানৰ আগতে এৰি অহাগাওঁখনলৈ, ঘৰখনলৈ , মাক-দেউতাক, বাই-ভনীয়েকলৈ মনত পৰি অজানিতে চকুলো নিগৰি অহাৰ দৰে আকাশখন

 
 
 

Comments


bottom of page