top of page

নাম আছিল আশা

আকাশখনৰ মনটো বুজিবলৈ বৰ কঠিন হৈ পৰিছে এই কেইদিন । কিবা সদ্য বিবাহিত লাজুকি কণ্যাৰ দৰে নিজৰ দুদিনমানৰ আগতে এৰি অহাগাওঁখনলৈ, ঘৰখনলৈ , মাক-দেউতাক, বাই-ভনীয়েকলৈ মনত পৰি অজানিতে চকুলো নিগৰি অহাৰ দৰে আকাশখনে কেতিয়া উচুপি উঠে একো অনুমান কৰিব নোৱাৰা পৰিস্থিতি । আজিৰ সময়ত আগৰদৰে ব্যস্ততা নাই । গুৱাহাটীতে থকা আত্মীয়ৰ ঘৰলৈ যোৱা, বিভিন্ন ঠাইত মুখ্য অতিথি, বিশিষ্ট অতিথি হিচাবে সভা সমিতিলৈ নিমন্ত্ৰণ পালে নিমন্ত্ৰণ ৰক্ষা কৰা, সৰু জীয়ৰীৰ ঘৰলৈ বুলি বাঙ্গালোৰলৈ যোৱা আৰু সময় সুবিধা অনুযায়ী বৰ জীয়ৰীৰ ঘৰলৈ বুলি সুদূৰ আমেৰিকাৰ আটলাণ্টালৈ যোৱা আদিতেই ব্যস্ত হৈ জীৱনৰ বাকী থকা সময়বোৰ পাৰ কৰি আছো ২০১১ চনতে চাকৰি জীৱন শেষ কৰাৰ পাছৰ পৰা । জীৱন অপৰাহ্নৰ দিশে গতি কৰি আছে ।অৱশ্যে পৃথিৱীখনৰ কিছু দেশ ভ্ৰমণ কৰা হ'ল । ব্ৰিটেইন, আমেৰিকা, ইউৰোপ, দক্ষিন পূৱ এছিয়া আদিৰ অনেক ঠাই ভ্ৰমণ কৰা হ'ল ইতিমধ্যে । পৰিবাৰে ভ্ৰমণ কৰি বৰ ভাল পায় । ময়ো ভাল পাওঁ । আমি দুয়োৱেই মেডিকেল কলেজৰে শিক্ষক- চিকিৎসক বাবে আমাৰ দুয়োৰ ব্যস্ততা অলপ বেছি যদিও তাৰ মাজতেই সময় সুবিধা আনুযায়ী ভ্ৰমণ কৰাৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰো । দুয়োৰে গ্ৰন্থ অধ্যয়ন আৰু মনৰ ভাৱ প্ৰকাশ কৰি কিবা লেখামেলা কৰাৰ প্ৰতি আগ্ৰহ অলপ নথকা নহয় । সেয়ে এতিয়াও কলমটো এৰিব পৰা নাই ।


এৰি অহা দিনবোৰৰ স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰি থাকে । নিৰ্জন মূহূৰ্তত সুবিধা পালেই হৃদয়ৰ চোতালত অলেখ স্মৃৃতিৰ হেচা ঠেলা । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সেই সোণোৱালী দিনবোৰৰ স্মৃতিবোৰেই এতিয়া জীৱন সঙ্গী । জীৱনৰ ৫১ টা শীত, বসন্ত, শৰত, গ্ৰীষ্ম, বৰ্ষা, হেমন্ত কেনেকৈ পাৰ হৈ গ'ল গমকেই নাপালোঁ। কিমান ব্যস্ততাৰে ভৰা জীৱন, দৃষ্টি মাথো কৰ্তব্যত, কতযে নিশা পাৰ হ'ল অস্ত্ৰোপচাৰ কক্ষত ! এইবোৰ এতিয়া এৰি অহা সপোন । অসম চিকিৎসা মহাবিদ্যালয়ৰ কোলাতেই এৰি আহিলো মোৰ স্বৰ্ণালী অতীত ।

চিকিৎসকৰ জীৱন অলেখ সংঘাত আৰু বাস্তৱ অভিজ্ঞতাৰে ভৰা। কিমান যে বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰোগী, ৰোগীৰ আত্মীয়ক লগ পালো তাৰ হিচাব মনত নাই ।পিছে কিছুমান কথা, ঘটনা, পৰিঘটনাই হৃদয়ত নিগাজী স্থান গঢ়ি স্মৃতিৰ মণিকোঠাত চিৰসজীৱ হৈ ৰৈ যায় । তেনে ধৰনৰ স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰে নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি আৰু মন কৰি তোলে আৱেগিক। কিছুমান ব্যক্তিৰ কথা মই এখন বহীত মাজে মাজে লিপিৱদ্ধ কৰি ৰাখিছিলোঁ । মনৰ ডায়েৰীত সাঁচ হৈ থকাৰ উপৰিও কাগজৰ ডায়েৰীতো আক্ষৰিক ৰূপত অনেক কাহিনী সন্নিৱিষ্ট কৰি ৰখাৰ চেষ্টা কৰিছিলো । এতিয়া মাজে মাজে সেই পুৰণি কথাবোৰ পঢ়ি চাওঁ আৰু স্মৃতিৰ গহ্বৰত অজানিতে প্ৰৱেশ কৰি আৱেগিক হৈ পৰো ।

২০১১ চনৰ জুন মাহৰ কথা । হঠাতে আমাৰ বিভাগৰ সহযোগী অধ্যাপক ডা° বসুমতাৰীয়ে ফ'ন কৰি কেজুৱেল্‌টীলৈ মাতি পঠালে । সেইদিনা তেওঁৰ ইমাৰজেন্সী আছিল । বিশেষ ধৰনৰ কেছ্‌ বা বম ব্লাষ্ট, সন্ত্ৰাসবাদী আক্ৰমণত আহত অথবা বিশেষ পৰিস্থিতি সপেক্ষে HOD অৰ্থাৎ বিভাগীয় মুৰব্বীক জনোৱাটো আৰু প্ৰয়োজনীয় পৰাৰ্মশ লোৱাটো নিয়মৰ ভিতৰত পৰে। মই ততাতৈয়াকৈ গৈ কেজুৱেল্‌টী পালোগৈ । ধেমাজীৰ পৰা ৰোগী এগৰাকী লৈ আহিছে । বৰ ছিৰিয়াছ অৱস্থা । এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী । একুইট এপেন্‌ডিচাইটিছ ( Acute Appendicitis )হৈছিল আৰু ততালিকে অপাৰেচন নকৰাৰ বাবে এপেন্‌ডিক্‌চটো ফুটি মানে .Burst হৈ পেৰিটনাইটিছ ( Peritonitis ) হৈছে আৰু সংক্ৰমণ (Infection ) বিয়পি পৰিছে । ফলত ৰোগী প্ৰায় অচেতন অৱস্থালৈ যাব পাৰে একমাত্ৰ চিকিৎসা তাৎক্ষণিকভাৱে অপাৰেচন অৰ্থাৎ Emergency Operation কৰা । কিন্তু এনাচথেচিষ্ট (Anaesthesist ) আহি পৰীক্ষা কৰি কলে যে " হাই ৰিক্স ( High risk ) কেছ " । ৰোগীৰ গাৰ্জেনক সবিশেষ বুজাই দিব লাগিব । তেওঁলোকে সন্মতি দিলেহে আগবাঢ়িব পৰা যাব । ছোৱালীজনীৰ লগত তাইৰ দেউতাক আৰু মাক আহিছে । ডা° বসুমতাৰীয়ে মাক - দেউতাকক মাতি পঠালে ।ভয় আৰু চিন্তাৰে জৰ্জৰিত মুখমণ্ডল দুয়োৰ আৰু ডা° বসুমতাৰীয়ে ছোৱালীজনীৰ দেউতাকক সুধিলে তেখেতে কি কাম কৰে আৰু প্ৰথমতে কি হৈছিল আদি সকলো ।ছোৱালীজনীৰ মাক- দেউতাক আমি বহি থকা কোঠালৈ সোমোৱাৰ লগে লগে মোৰ মনলৈ আহিছিল " এই দুগৰাকী ব্যক্তি দেখুন দৰিদ্ৰতাৰ জীৱন্ত ছৱি । " সাজ পোছাক, দেহাৰ অৱস্থা, অবিন্যস্ত কেশৰে দুয়ো যেন দৰিদ্ৰতাৰ মূৰ্ত প্ৰকাশ আৰু ৰোগীৰ দেউতাকৰ প্ৰথমটো কথাতেই মোৰ ধাৰণা প্ৰমান হ'ল । তেওঁ কৈছিল " ছাৰ, আমি বৰ দুখীয়া মানুহ । মই দিন হাজিৰা কৰো আৰু এওঁ মানে মোৰ পৰিবাৰে এল পি স্কুল এখনত চতুৰ্থ বৰ্গৰ অস্থায়ী চাকৰি এটা কৰে, মাজে মাজে হেড্‌ ছাৰে পঞ্চাশ টকা দৰমহা দিয়ে । স্থায়ী কৰি দিম বুলি কৈ থাকে যদিও হোৱাগৈ নাই । এনে অৱস্থাৰ বাবেই আইজনীৰ পেটৰ বিষ হোৱাৰ লগে লগে ডাক্তৰৰ ওচৰলৈ নিব পৰা নগ'ল । মৌজাদাৰৰ ওচৰত নিজৰ বুলি যি কন মাটি আছিল তাকেই বন্ধকত থৈ টকা কেইটামান গোটাই ডাক্তৰৰ ওচৰলৈ নিয়াৰ লগে লগে ক'লে যে এতিয়াই ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱা । অপাৰেচন কৰিব লাগিব, দেৰি কৰিলে জীয়ৰীক বচাব নোৱাৰিবা । এতিয়া আপোনালোকেই ৰক্ষা কৰক ছাৰ । আমাৰ এজনীয়েই ছোৱালী , আগলৈ পাছলৈ আৰু কোনো নাই । আপোনালোক আমাৰ বাবে ভগৱান । " এই বুলি কৈ দুয়ো হঠাতে আঠুকাঢ়ি আমাক সেৱা জনালেঁ । দুয়োৰ চকুত অশ্ৰু ।

আমি তেওঁলোকক ৰোগটোৰ বিষয়ে পাৰ্য্যমানে বুজাই কলো । তেওঁলোকৰ দুৰৱস্থাৰ কথা আমি উপলব্ধি কৰিলোঁ । তেওঁলোকে আমাৰ ওপৰতেই সকলো এৰি দিলে । মই আমাৰ সকলো চিকিৎসককে কলো যে ছোৱালীজনীৰ মাক দেউতাকক দৰৱ আদিৰ একো খৰচ কৰাব নালাগে আৰু আমিয়েই সকলো কৰিব লাগিব । দৰিদ্ৰ পৰিয়াল । তেওঁলোকৰ হাতত একো নাই । মই জানো আমাৰ ডাক্তৰ খিনিয়ে সকলো যোগাৰ কৰিব । প্ৰয়োজনত সদায়েই এওঁলোকে সহায় কৰি আহিছে । বৰ দয়ালু তেওঁলোক । আমাৰ কলেজৰ সামাজিক সেৱা বিভাগটোৱে সদায়েই ৰোগীক আৰু ৰোগীৰ আত্মীয়ক প্ৰয়োজনত সহায় কৰি আহিছে । আনকি দুখীয়া পৰিয়ালৰ লোকে মৃতকৰ শ ঘৰলৈ সৎকাৰৰ বাবে নিবলৈ ধনৰ অভাৱত গাড়ী লব নোৱাৰিলে আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে টকাৰ যোগাৰ কৰি গাড়ীৰ ব্যৱস্থা কৰি দিয়াৰ কথাও জানো ।

ছোৱালীজনীৰ দেউতাকৰ পৰা হাইৰিক্স কন্‌চেণ্ট হিচাবে দুটা চহী লৈ অপাৰেচনৰ বাবে সাজু কৰিলে । দুই বটল তেজ যোগাৰ কৰিলে আমাৰ ডাক্তৰ কেইজনে । দুজন ছাত্ৰই দিলে । প্ৰয়োজনীয় দৰৱ পাতিৰো যোগাৰ কৰিলে ।অপাৰেচন টেবুলত ছোৱালীজনীক উঠোৱাৰ পিছত তাই সেহাই সেহাই সুধিলে " ছাৰ, মই বাৰু ভাল হ'মনে ? " ডা° বসুমতাৰীয়ে কলে " ভাল হবৰ বাবেইটো অপাৰেচন কৰিব ওলাইছো । "


মই ছোৱালীজনীৰ মূৰত হাত বুলাই কলো " মা জনী, তুমি চিন্তা নকৰিবা । সকলো ঠিক হৈ যাব । দয়াৰ সাগৰ ভগৱানক ধ্যান কৰা । তেৱেই সকলো সহায় কৰিব । " ছোৱালীজনীয়ে পুনৰ অতি ক্ষীন স্বৰৰে কলে " ছাৰ, এতিয়া মোৰ বাবে আপোনালোকেই ভগৱান ।মায়ে মেডিকেললৈ আহিবৰ সময়ত কৈছিল ডাক্তৰ সকলেই ঈশ্বৰ । যেনেতেনে ডিব্ৰুগড় মেডিকেল পালেগৈ হয় ।" মই ছোৱালীজনীক বিশেষ একো নকলো । মাত্ৰ কলো , "এইবোৰ মানুহৰ ভুল ধাৰণা । ঈশ্বৰ এজনেই । মানুহ ঈশ্বৰ হ'ব নোৱাৰে । আমি চেষ্টাহে কৰিব পাৰো। বাকী সকলো ঈশ্বৰৰ হাতত । তুমি চিন্তা নকৰিবা ।"


এনাচ্‌ৰ্থেচিষ্ট ড° আলতাফ আহমেদ থাকিলে ৰিক্স থকা কেছ কৰিবলৈ সাহস কৰিব পাৰি । বৰ ভালদৰে মেনেজ কৰে তেওঁ । মই সদায় অপাৰেচন আৰম্ভ কৰাৰ সময়ত নিৰৱে পৰমপিতা পৰমেশ্বৰক স্মৰণ কৰি অন্তৰৰে প্ৰাৰ্থনা জনাই মনতেই কওঁ " হে প্ৰভূ, আমি নিমিত্ত মাত্ৰ । তোমাতেই ভৰষা । তুমি সঠিক দিশে লৈ যোৱা আমাক ।"


আমি অপাৰেচন শেষ কৰোতে যথেষ্ট সময় লাগিল । তেজৰ যোগাৰ ইতিমধ্যে আমাৰ ডাক্তৰ কেইজনে কৰি থোৱাত যথেষ্ট সুবিধা হ'ল । পিছে ৰোগীৰ অৱস্থা বৰ সন্তোষজনক নহয় । ডা° আলতাফে মোক কলে " ছাৰ, ভাল এন্‌টিবায়টিক নাপালে ৰোগী চেপ্তিচিমীয়াত যাব পাৰে ।"

পিপাৰচেলিন, টেজ'বেক্‌টাম একেলগে দিব লাগিব । বেছ দামী । দিনে ৫০০-৬০০ টকাৰ প্ৰয়োজন । ছোৱালীজনীৰ মাক- দেউতাকক কৈ লাভ নাই । ডা° বসুমতাৰীয়ে কলে " ছাৰ, যোগাৰ হৈ যাব । চিন্তা নকৰিব । দৰকাৰ হলে মেডিকেল ৰিপ্ৰেজেন্‌টেটিভক সহায় কৰিবলৈ অনুৰোধ কৰিম আমি ।"

মই কলো "ঠিক আছে , ময়ো দুজনমানক ৰিকুৱেষ্ট কৰিম বাৰু ।"


ডা° আলতাফে কলে "ছাৰ, আপুনি কলে তৎক্ষণাত দিব । HOD ৰ কথা কেতিয়াওঁ নেপেলায় ।" এৰা দৰৱৰ বাবে চিন্তা কৰিব লগা নহল । ছোৱালীজনীক আই, চি, ইউত ৰখা হ'ল । অপাৰেচন শেষ কৰি ওলায় আহিবৰ সময়ত ছোৱালীজনীৰ মাক- দেউতাকে আমাৰ মুখলৈ চালে। আমি বেছি কথা নকৈ মাত্ৰ এইবুলি কলো যে " অপাৰেচন হ'ল । বেমাৰটো হোৱাৰ লগে লগে অপাৰেচনটো কৰিব পাৰিলে ভাল আছিল। তথাপি যিমানখিনি কৰিব পৰা যায় কৰি দিয়া হ'ল । এতিয়া পিছৰখিনি ভগৱানৰ ওপৰত । চাওঁছোন কি হয় । দৰৱপাতিৰ কথা চিন্তা কৰিব নালাগে । আমাৰ ডাক্তৰ সকলে সহায় কৰিব ।" মই ঘৰত আহি পৰিবাৰক সকলো বিবৰি কলো । তেওঁ চিন্তিত হৈ কলে " এতিয়া চেপ্টিচিমিয়া নহলেই হয় । ঈশ্বৰে কৃপা কৰিলেই হয় ।"মই পৰিবাৰৰ অন্তৰখনৰ কথা জানো । মোৰ মনলৈ আহিল- গোঁসাই ঘৰত চাকি এগছ দিব লাগিব ছোৱালীজনীৰ আশু আৰোগ্য কামনা কৰি ।

কেইঘণ্টামানৰ পিছত ৱাৰ্ডলৈ গলো । ডা° বসুমতাৰী আৰু ডা° আলতাফে পালছ্‌, প্ৰেছাৰ আদি চাই আছিল । ৱাৰ্ডৰ আন ডাক্তৰখিনিও আছিল । কেছটোৰ গুৰুত্ত্ব বুজি সকলো ব্যস্ত হৈ আছে । নিশা ঘৰত আমি দুয়ো ছোৱালীজনীৰ কথাকেই পাতি থাকিলো ।ছোৱালীজনীৰ কথা ওলালেই তাইৰ মাক- দেউতাকৰ মুখকেইখন চকুৰ আগত ভাঁহি উঠে ।পিছৰ কেইদিন আই, চি, ইউলৈ গলে আমাক দেখাৰ লগে লগে তেওঁলোকে ঠিয় হৈ হাতযোৰ কৰি আমাক নমস্কাৰ জনাই এক অসহায় দৃষ্টিৰে আমাৰ মুখলৈ চাই ৰয় যেন আমি ছোৱালীজনীৰ অৱস্থাৰ ভাল খবৰ এটা দিম । অভিমান ওজৰ আপত্তি একো নাই । আমাৰ ওপৰতেই গভীৰ বিশ্বাস । যিটো আজিৰ সময়ত সাধাৰনতে বহুত ৰোগীৰ আত্মীয়ৰ ক্ষেত্ৰত পৰিলক্ষিত নহয় । নানান প্ৰশ্ন, ডাক্তৰ, নাৰ্ছৰ বিৰোদ্ধে ওজৰ আপত্তি ইত্যাদি ইত্যিদিৰ সন্মুখীন হ'ব লগা হওঁ অনেক ক্ষেত্ৰতে আমি । প্ৰায় ক্ষেত্ৰতে ডাক্তৰ, নাৰ্ছ, ৱাৰ্ড বয়, হস্পিতেলৰ বিষয়ে নানান কটূ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয় । ৰোগীৰ মৃত্যু হলেই চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যু হ'ল বুলি উৎপাত কৰি, আনকি ডাক্তৰক প্ৰহাৰ কৰা ঘটনা আজিৰ সময়ত সাধাৰন বাতৰিত পৰিণত হবলৈ ধৰিছে । আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা যি দেখিছো যিসকলে টি ভি ৰ সন্মুখত চিঞৰি চিঞৰি ভাষন দিয়ে, যিসকলে ৰোগীৰ তাৎক্ষনিক চিকিৎসাৰ দাবী কৰি কেজুৱেল্‌টি বা ৱাৰ্ডত হূলস্থূল কৰে তেনে সকলক ৰোগীৰ বাবে এতিয়াই তেজৰ প্ৰয়োজন আৰু আপোনালোকৰে কোনোবা এজনে তেজ দান কৰক বুলি কোৱাৰ লগে লগে পলাই পটং দিয়ে অথবা নিজৰ নানানটা অসুখ আছে বাবে তেজ দিব নোৱাৰাৰ যুক্তি প্ৰদৰ্শন কৰে । পিছে টি ভি ৰ সাংবাদিক দেখিলেই তেনে জনৰহে বক্তব্যৰ জোৱাৰ উঠা দেখা যায় । কোনো ডাক্তৰে ইচ্ছাকৃত ভাবে কোনো ৰোগীক কেতিয়াও মৃত্যূৰ মুখলৈ ঠেলি নিদিয়ে । এগৰাকী ৰোগীক সুস্থ কৰি তোলা অথবা মৃত্যুমুখী ৰোগী এগৰাকীয়ে নতুন জীৱন লাভ কৰিলে যি আনন্দ, তৃপ্তি বা সুখ অনুভৱ কৰা যায় সেইটো চিকিৎসকৰ বাহিৰে আন কোনোৱেই উপলব্ধি বা হৃদয়ঙ্গম কৰিব নোৱাৰে ।

আমাৰ ডাক্তৰ খিনিয়ে ছোৱালীজনীৰ বাবে বহুত কষ্ট কৰিলে । ৰাতি দিন অনবৰত এজন ডাক্তৰ লগত থাকেই । লাহে লাহে ছোৱালীজনী সুস্থ হবলৈ ধৰিলে । তাই ভালদৰে কথাবাৰ্তা কোৱাত তাইৰ মাক-দেউতাকৰ সীমাহীন আনন্দ দেখি আমাৰ সকোলোৱে অতি সন্তুষ্টি লাভ কৰিলোঁ ।

আই, চি, ইউৰ পৰা ৱাৰ্ডলৈ অনা হ'ল তাইক । কেইদিনমান হস্পিতেলত থকাটো সমীচিন হ'ব বুলি ভাবিলো । তাইৰ লগত ডা° বসুমতাৰীয়ে ঘৰুৱাহী কথা পাতে প্ৰায়ে । মই এবাৰ সুধিলো " তুমি দশম শ্ৰেণীৰ পৰীক্ষা পাছ কৰাৰ পাছত হাইয়াৰ ছেকেণ্ডাৰী ক'ত পঢ়িবা ? আৰু তাৰ পাছত কি পঢ়িবা ?"

তাই কলে " এ ৰাম, ছাৰেও ভাল সুধিছে । দশম শ্ৰেণীৰ পিছত পঢ়া শেষ । কেনেকৈ পঢ়িম, কোনে পঢ়াব ? ছাৰ, আমাৰ ঘৰৰ অৱস্থাৰ কথা আপোনালোকক কি কম । আমি বৰ দুখীয়া মানুহ ছাৰ । দেউতাই দিন হাজিৰা নাপালে প্ৰায়ে আমি লঘোনে থাকিব লগা হয় । মাই এখন স্কুলপ চাফাই কাম কৰে। হেড্‌ ছাৰে কেতিয়াবা ৫০ টকা দৰমহা দিয়ে । হেড্‌ ছাৰৰ অনুগ্ৰহতে কামটো কৰি আছে । ছাৰে কৈছে এদিন হয়তো স্থায়ী হবগৈ পাৰে । আমাৰ স্কুলৰ ছাৰ সকলে মোক বৰ মৰম কৰে ছাৰ । ভগৱানৰ কৃপাত এতিয়ালৈকে বছেৰেকীয়া পৰীক্ষাত প্ৰথম হৈ আছো বাবে ছাৰ সকলে মোৰ পৰা ভাল ৰিজাল্ট এটা আশা কৰি আছে । ৰিজাল্ট ভাল হলেনো কি হ'ব কিয়নো আৰু পঢ়িবলৈ মন থাকিলেইটো নহব, সামৰ্থ্যও থাকিব লাগিব । ছাৰ, কথা এটা সুধিব পাৰোনে বাৰু ? " সুধিবলৈ কোৱাত তাই কলে " ছাৰ, মেডিকেল কলেজত চিট্‌ পাবলৈ হলে কেনেকৈ কি ধৰনৰে পঢ়িব লাগে বাৰু ?" ডা° বসুমতাৰীয়ে পিছত ভালদৰে বুজাই দিম বুলি কলে । ....ছোৱালীজনীৰ কথাবোৰ, ব্যৱহাৰ পাতি বৰ অমায়িক । দেখাটো বেছ মৰমিয়াল । আমাৰ চিষ্টাৰ সকলে তাইক বৰ মৰম কৰে । ডা° বসুমতাৰীয়ে তাইৰ লগত বেছ ৰগৰ কৰি কথা পাতে আৰু ইতিমধ্যে তাইক হস্পিতেলৰ পৰা ঘৰলৈ পঠাব পৰা হৈছিল ।


তাইক কলো " তুমি ঘৰলৈ যাব পৰা হৈছা আৰু ঘৰত ১৫ দিনমান জিৰণি লৈ স্কুললৈ যাব পাৰিবা । চেক্‌ আপৰ বাবে পাৰিলে আহিবা । নোৱাৰিলে তাৰ চিভিল হস্পিতেলতে দেখুৱাই লব পাৰিবা । মোৰ কথা কবা । প্ৰায়কেইজন ডাক্তৰ আমাৰ কলেজৰ পৰাই পাছ কৰা । মোৰ ছাত্ৰই আছে কেইবাজনো ।" ডা° বসুমতাৰীয়ে লগতে কলে ,"ভালদৰে পঢ়িবা । মেট্ৰিক পৰীক্ষাত স্কুলৰ নাম উজ্জলাব লাগিব । আমাক জনাবা । আমাৰ মবাইল নম্বৰ লৈ যাবা । ছাৰ আৰু মই তোমালোকৰ ঘৰলৈ যাম চাহ খাবলৈ । ঠিকনা দি যাবা । ( ছাৰ মানে মোৰ কথা বুজাইছে তেওঁ )।"

ছোৱালীজনীয়ে উত্তৰত যিখিনি কথা কলে সেই কথাখিনি মোৰ আজিলৈকে মনত আছে ।পাহৰিব নোৱাৰা কথা ।" ছাৰ, আপোনালোক আমাৰ ঘৰলৈ যাব ? আমি কল্পনাই কৰিব নোৱাৰা কথা । মেডিকেল কলেজৰ প্ৰফেছৰ আমাৰ ঘৰলৈ যাব, আচৰিত হবৰে কথা । পিছে ছাৰ, আপোনালোকে নাজানে, আচলতে আমি বহুত দুখীয়া মানুহ । আমাৰ ঘৰৰ অৱস্থা চকুৰে নেদেখিলে বুজিব নোৱাৰিব । আপোনালোকক বহিবলৈ দিবলৈ আমাৰ ঘৰত চকী এখনো নাই । পুৰণা বেটৰ দুটা মূঢ়া আছে আৰু এখন দীঘল বেঞ্চ আছে তাৰো এটা খূটা বাঁহৰ । আচলতে বেঞ্চখন মায়ে কাম কৰা স্কুলখনৰ । হেড্‌ ছাৰে বাহিৰত পেলাই দি জ্বলাই দিবলৈ কৈছিল । মায়ে আক' তাকে নকৰি ঘৰলৈ লৈ আহিল । দেউতাই বাঁহৰ খূটা এটা বনাই কাঠৰ ভঙা খূটাটোৰ লগতে বাঁহৰটো ভালদৰে লগাই দিলে । এতিয়া ঠিকহৈ গ'ল । মানুহ বহিলে নলৰে আগৰদৰে । সেইখনেই আমাৰ ঘৰত একমাত্ৰ বহাৰ বেঞ্চ আৰু তেনে দুৰৱস্থাৰ ঘৰ এখনলৈ আপোনালোকৰ দৰে মেডিকেল কলেজৰ ইমান ডাঙৰ ডাঙৰ প্ৰফেছৰ সকলক নিমন্ত্ৰণ কৰি অপমান কৰাৰ সাহস কৰো কেনেকৈ বাৰু ? ইচ্ছা থাকিলেও আচলতে সাহস নাই ছাৰ । সঁচা কথা কৈছো ছাৰ আমাৰ গোটেই অঞ্চলটোৰ ভিতৰতে আমিয়েই বেছি দুখীয়া । মই সময় উলিয়াই আনৰ ঘৰত কাম বন কৰি পঢ়াৰ খৰচটো যোগাৰ কৰিবলৈ চেষ্টা কৰো । মা-দেউতাৰ কষ্ট দেখি মোৰ সদায় নিশা চকুলো নিগৰে । কি কৰিম উপায় নাই । স্কুল এৰি আনৰ ঘৰত কাম কৰো বুলি ভাবো যদিও স্কুলৰ ছাৰসকলে স্কুল এৰিবলৈ নিদিয়ে । তেওঁলোকৰ হেনো মোৰ ওপৰত বহুত ভৰষা । মোৰো জীৱনত বহুত কৰিবলৈ মন আছে, মনত বহুত আকাঙ্খা পুহি ৰাখিছো। নাজানো ভবামতে কিবা কৰিবগৈ পাৰিম নে নাই । স্কুলৰ ছাৰ সকলে সাহস আৰু চেষ্টা কৰি থাকিলে সকলো সম্ভৱ বুলি কৈ মোক প্ৰেৰণা দি থাকে ।"


খন্তেক ৰৈ তাই অকনমান হঁহাৰ দৰে কৰি ক'লে " অৱশ্যে গাঁৱৰ উৰুখা পঁজা চাবলৈ মন গলে আমাৰ ঘৰলৈ যাব পাৰে কিন্তু ।"


ছোৱালীজনীয়ে নিশ্চয় আমাক আপোন যেন অনুভৱ কৰিছে, নহলে একো সংকোচ নকৰাকৈ নিজৰ দাৰিদ্ৰতাৰ কথা আমাৰ আগত এনেদৰে প্ৰকাশ কৰিব নোৱাৰে ।


মই তাইক বিনম্ৰতাৰে ক'লো " আইজনী, দৰিদ্ৰতাৰ অভিজ্ঞতা আমাৰো আছে । মইও খেতিয়কৰ সন্তুান । পথাৰত খেতিৰ কাম কৰি ডাঙৰ হৈছো । শুনিলে বিশ্বাস নকৰিবা যে মই জীৱনত প্ৰথম জোতা পিন্ধিছিলো যেতিয়া মই মেডিকেল কলেজত পঢ়িবলৈ আহিছিলো । তাৰ আগলৈকে জোতা পিন্ধাৰ আনন্দ লাভ কৰাৰ সৌভাগ্য হোৱা নাছিল । মেডিকেল কলেজলৈ পঠাবৰ বাবে গৰু গাই বেছিছিল দেউতাহঁতে । ভাল ছুৱেটাৰ এটা কিনি দিব নোৱাৰি বৌৱে ( মাক আমি বৌ বুলিছিলো ) নিজ হাতৰে বোৱা ডাঠ এৰীয়া চাদৰ এখন দি পঠাইছিল, যিখন এৰীয়া চাদৰ মই এতিয়াও সযতনে ৰাখি থৈছো য'ত বৌৰ স্নেহ আজিও চিৰসেউজ হৈ আছে । মাজে মাজে এৰীয়া চাদৰখন উলিয়াই সাৱতি ধৰি বৌৰ বুকুৰ চেনেহবোৰ বিচাৰি একাত্ম হৈ পৰো । অজানিতে চকুলো নিগৰি আহে মোৰ । এৰীয়া চাদৰখন বহুত বছৰ মানে ক্ৰমেও ৫০ বছৰ হোৱাৰ বাবে অলপ অলপ ফিচিকিছে, পিছে মৰমবোৰ ফিচিকা নাই । ফিচিকিব নোৱাৰে কিয়নো এৰীয়া চাদৰ খনত নিহিত হৈ থকা এই স্নেহ, মৰমবোৰ শাশ্বত ।"

মই তলকিবই নোৱাৰিলো ইমান সময় মই কিয় মোৰ ব্যক্তিগত কথাবোৰ বলকি আছিলোঁ আৰু কিয়েইবা প্ৰয়োজন আছিল কোৱাৰ । হঠাতে মোৰ কি হৈ গ'ল ধৰিবই নোৱাৰিলো । ছোৱালীজনীৰ বেদনাসিক্ত কথাখিনি শুনি অজানিতে মোৰ মুখৰ পৰা মোৰ অতীত জীৱনৰ কথাবোৰ নিগৰি আহিল । আচৰিত কথাটো হ'ল মোৰ জীৱনৰ কথাখিনি কৈ থাকোতে ছোৱালীজনীয়ে মোৰ ফালে একেথৰে চাই একান্তমনে শুনি আছিল আৰু মই মন কৰিলো শেষৰ ফালে তাইৰ অশ্ৰু নিগৰি আহিল দুচকুৰে । তাই লাহেকৈ কলে " ডাক্তৰৰো জীৱনত দুখ থাকে বুলি ভবা নাছিলোঁ ।" মই কলো সকলো ডাক্তৰৰে জীৱন একে নহয় ।" সেই সময়ত তাত থকা ডাক্তৰ নাৰ্ছ আতায়েই কিছু আৱেগিক হোৱা যেন লাগিল । আমি ওলাই আহিবৰ সময়ত ছোৱালীজনীৰ ডিছাৰ্জ চাৰ্টিফিকেট খন লিখিবলৈ ক'লো ।

পিছদিনা দহ বজাত ছোৱালীজনী যাবলৈ সাজু হ'ল । যাবৰ সময়ত সকলোকে মাত লগাই আমাৰ ওচৰত মোক আৰু ডা° বসুমতাৰীক তাই সেৱা কৰি কলে " ছাৰ, আপোনালোকে মোক নতুন জীৱন দিলে । ইয়াৰ বিনিময়ত আমাৰ দৰে দৰিদ্ৰ- ভিখহুৰ আপোনালোকক দিবলৈ একো নাই । গোটেই জীৱন আপোনালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰিম । কেতিয়াবা আমাৰ ফালে গলে আমাৰ গাঁৱলৈকো যাব ।" তাইৰ মাক দেউতাকে হাতযোৰ কৰি সকলোৰে পৰা বিদায় ললে ।

তেওঁলোক ৱাৰ্ডৰ পৰা ওলায় যোৱাৰ পিছত ডা° বসুমতাৰীয়ে কলে " ছাৰ, ছোৱালীজনী কিন্তু ভাল বাচিল । এপেন্‌দিকোলাৰ পাৰফ'ৰেচন হৈ পেৰিটনাইটিছ্‌ ( Appendicular Perforation with Peritonitis ) হোৱা পেচেণ্ট বচাবলৈ বৰ কঠিন তাতে ইমান দেৰিকৈ আহিছে ।" মই ক'লো " আপোনালোক আটায়ে তাইৰ বাবে কম কষ্ট কৰা নাই । টকাৰ অভাৱতেই ইয়ালৈ অহাত দেৰি হ'ল সিহঁতৰ । ছোৱালীজনীৰ কথাবোৰ শুনিলে বৰ দুখ লাগে । তাইক ঈশ্বৰে সহায় কৰিলেই হয় । পঢ়াশুনাত বেছ ভাল । তাই ভবামতেই জীৱনটো গঢ় দিব পৰাহেঁতেন ভাল লাগিল হেঁতেন ।"

ঘৰ পালোহি । বাৰন্দাত দেখুন ছোৱালীজনী আৰু মাক-দেউতাক বহি আছে । কি বা হ'ল ? সোধাত কলে , "বিশেষ একো ডাঙৰ কথা নাই । আপোনাক আক'এবাৰ লগ পাই যাওঁ বুলি সোমালোঁ । ছাৰ, আপুনি বহুত সহায় কৰিলে । পা পইছাও খৰচ কৰিবলৈ নিদিলে । আমিটো খৰচৰ কথা ভাবিয়েই চিন্তাত আছিলো। আইজনীক আশীৰ্বাদ কৰিব । চেক্‌ আপ্‌টো আমাৰ তাতেই কৰিম বুলি ভাবিছো । আইজনীৰ ৰিজাল্ট ভাল হ'লে আপোনাৰ ওচৰলৈ আহিম । কেতিয়াবা কিবা কামত ডিব্ৰুগড়লৈ আহিলে আপোনাক সেৱা এটা নকৰাকৈ উভতি নাযাওঁ ছাৰ ।"


মই কলো " হ'ব বাৰু সময়ত । পিছে এটা কাম কৰিব মানে খা-খৰচ বেছি নহ'ল যেতিয়া সেই টকা কেইটাৰে বন্ধকত থৈ অহা মাটিকন পুনৰ নিজৰ কৰি লবলৈ চেষ্টা কৰিবগৈ ।"


ছোৱালীজনী আৰু তাইৰ মাক-দেউতাকে মোক সেৱা জনাই বিদায় ল'লে । যাবৰ সময়ত ছোৱালীজনীয়ে সিহঁতৰ ঘৰলৈ কেতিয়াবা যাবলৈ নিমন্ত্ৰণ কৰাৰ লগতে ক'লে " ছাৰ, আপোনাক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো । আপোনাক লগ পাবলৈ আকৌ আহিম ।"


মই ছোৱালীজনীক কেনেকৈ কওঁ যে তাই আহি মোক ইয়াত মানে মেডিকেল কলেজত আৰু লগ নাপাব কিয়নো মাত্ৰ কেইদিন মানৰ পাছতেই মই চাকৰিৰ পৰা অবসৰ লম । ইয়াৰ পাছত ডিব্ৰুগড় এৰি গুৱাহাটীলৈ যামগৈ একেবাৰে । হয়টো আজিৰ দেখাই আমাৰ শেষ দেখা । কিন্তু মোৰ চাকৰি জীৱনৰ শেষ ইমাৰজেন্‌ছি কেছ্‌টোৰ কথা এই সুন্দৰ ধৰিত্ৰী এৰি যোৱাৰ শেষ মূহূৰ্তলৈকে মনত থাকিব আৰু মনত থাকিব অতিকৈ মৰমলগা অমায়িক ছোৱালীজনীৰ আকাশীলতাৰ দৰে দৰিদ্ৰতা আৰু বিষাদে আৱৰি ধৰা সংগ্ৰামী জীৱনটোৰ কথা ।


এদিন মোৰ জ্ঞানতীৰ্থ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিৰসেউজ ডিব্ৰুগড় এৰি আহিলোঁ একেবাৰে, বুকুত অলেখ স্মৃতি সাৱতি লৈ ।এতিয়া জীৱনৰ অপৰাহ্নৰ দিশে অগ্ৰসৰ হৈ আছো । নাজানো কেতিয়া নিয়তিয়ে হাতবাউল দি মাতে সেই চিৰসত্য উভতনি যাত্ৰাৰ বাবে ,শেষ যাত্ৰা কৰিবলৈ সেই অজান পথটিৰে যি পথ মাথো যোৱাৰ, নহয় উভতি অহাৰ ।হয়তো সেই ছোৱালীজনী মোক লগ পাবলৈ ডিব্ৰুগড়লৈ আহিছিল , হয়তো তাইৰ জীৱনৰ সমস্যাৰ বাবে আহিব পৰা নাই । একোকে নাজানো মই । কিন্তু মোৰ স্মৃতিৰ মণিকোঠাত তাইৰো স্মৃতি সেউজীয়া হৈ আছে । ছোৱালীজনীৰ জীৱনৰ সপোনে বাস্তৱৰ ৰূপ পালেনে নাই নাজানো ।


কাকনো সুধিম, কোনেনো ক'ব । ক'তনো এতিয়া আছে তাকো নাজানো । জীৱনৰ দীঘলীয়া পথটিত লগপোৱা অলেখজন ৰোগীৰ মাজৰে এগৰাকী ৰোগী । তথাপি চাকৰি জীৱনৰ শেষ পৰ্য্যায়ৰ এটি মনত সাঁচ বহোৱা অপাৰেচন হিচাবে কথাবোৰ সৌ সিদিনাৰ যেন অনভৱ হয় । ছোৱালীজনীৰ বহুত আকাঙ্খা আছিল যেন লাগিছিল । সেইবোৰ পূৰণ হ'ল নে চাগৈ ?


পিছে তাইৰ নামটো কিন্তু আছিল " আশা " ।


(স্মৃতিৰ মণিকোঠাত সাঁচি ৰখা সচাঁ ঘটনাৰ আধাৰত লিখা)


ডা° টঙ্কেশ্বৰ ভূঞা,

প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় মুৰব্বী,

চাৰ্জাৰী বিভাগ,অসম চিকিৎসা মহাবিদ্যালয়

ডিব্ৰুগড়

দূৰভাষ নং ৯৪৩৫০৩০৪৬৪

Recent Posts

See All
প্ৰহসন

চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনী

 
 
 
অমাতৰ মাত

গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে

 
 
 

Comments


bottom of page