top of page

অমাতৰ মাত

গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে কথা!


শান্তনুৱে স্কুল বেগত দুখনমান কমিক বুক আৰু ছবি অঁকা বহীৰ লগতে খেলৰ দুই এপদ বস্তু ভৰোৱা দেখি বায়েক শ্যামলীয়ে হাঁহি ক'লে, অ'ই তই ককাৰ ঘৰত পঢ়িবলৈ যাবিনে ফুৰিবলৈ যাবি? তাই বেগৰ পৰা বস্তুখিনি উলিয়াই থ'বলৈ কোৱাত সি ক'লে নাই এইখিনি নিব লাগিব।


চোতালত গাড়ীখন ৰখোৱাৰ লগে লগেই শান্তনু গাড়ীৰ পৰা নামি ভিতৰ সোমাই গৈ গৰমত বিছনাত বহি ফেনৰ বতাহ লৈ আৰাম কৰি থকা ককাকক পিছফালৰ পৰা ডিঙিত সাবটি ধৰিলে, পিছে পিছে শ্যামলী। দুয়োৰে মৰমৰ আবদাৰত ককাকে হাঁহি -হাঁহি ক'লে, অ' সোণপোনা আৰু মাজনী দেখোন !


আহ দুয়োটা মোৰ কোলালৈ আহ। দুয়োকে বুকুৰ মাজত সাবটি ককাকে এক শান্তিৰ নিশ্বাস এৰিলে। আমি দুয়ো আগুৱাই গৈ দেউতাৰ ভৰি চুই প্ৰণাম কৰিলোঁ। সকলোৰে ভাল-বেয়া খবৰ লৈ দেউতাই সকলোকে হাত-ভৰি ধুই আহিবলৈ ক'লে।


ইতিমধ্যে মা আৰু বৌৱে পাকঘৰলৈ মতা শুনি আমি সকলো পাকঘৰলৈ সোমাই গ'লো। দেউতাই ক'লে আজি সকলোৱে একেলগে পাকঘৰৰ মজিয়াত পীৰাত বহি ভাত খাম। দেউতাৰ কথা অমান্য কৰাৰ সাহস কাৰো নাই। আমাৰ ইহঁত দুটাই চকী-টেবুলতহে সদায় ভাত খায়।দুয়োকে মই চকুৰে ইংগিত দিয়াত দুয়ো দুখন পীৰা বাচি ল'লে । বাকী সকলোৱে নিজৰ আসনত বহি খাবলৈ ধৰিলে। মা আৰু বৌ, ভতিজা জোন আৰু আমি সকলোৱে ৰৌ মাছৰ সৰিয়ঁহৰ জোল, পুৰা কৰ্দৈৰ চাটনি, দাইল, গৰৈ মাছৰ পিতিকা, লাউ ভাজিৰে আজি হাঁহি-ফুৰ্টিৰে ভালকৈ এসাজ খালোঁ।


-----ককা এইবাৰ মই বৰশী বাম। তুমি সদায়ে বাই থাকা, আজি মোক দিয়ানা। ককাকে আটাৰ লাৰু অকণমান বৰশীটোত লগাই সোণবোপাৰ হাতত বৰশীটো দি কেনেকৈ ধৰিব লাগে শিকাই দিলে। সি বৰশীটো পুখুৰীত ডুবাই দিলে আৰু ওপঙি থকা পোঙাটোলৈ চাই থাকিল। অলপ আঁতৰত ওফোন্দ পাতি থকা জোন আৰু মাজনীক ককাকে ইংগিতেৰে ওচৰলৈ মাতি ক'লে, ইয়াৰ পাছত তহঁত দুটাই বৰশী বাবি, হ'বনে? দুয়োটাই ফুৰ্টিতে ইফালে-সিফালে ল'ৰিবলৈ ধৰিলে। ককাকে চিঞৰিলে- পুখুৰীৰ কাষলৈ নাযাবিহঁত। পিছলি পৰিবি। অলপ পাছত খালৈটোত শ'ল আৰু গৰৈ মাছ কেইটামান লৈ আটাইকেইজন ঘৰলৈ উভতিল। আজি সিহঁতে বৰ আনন্দ পালে। বৰশী বোৱাৰো যে এক বিশেষ মজা আছে!


ৰাতি মাক-দেউতাকক শান্তনুৱে সকলো বিৱৰি ক'লে। শ্যামলীয়ে আক্ষেপ কৰি ক'লে, ককাই মোক কিবা কৰিবলৈ দিলে ই মোক খেদি দিয়ে। মই কালিৰ পৰা ক'লৈকো নাযাঁও। মাকে ক'লে তুমি কাইলৈ আইতাৰ লগত ফুৰিবা দেই মাজনী।


----দিনটোৰ ভাগৰে সকলোৰে চকুলৈ নিদ্ৰা নমাই আনিলে।


পিছদিনা ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই চকু মোহাৰি মোহাৰি শ্যামলীয়ে আইতাকক ক'লে, আইতা আজি তুমি মোক ফুৰাবলৈ নিব লাগিব। হ'ব মাজনী এতিয়া দাঁত ঘঁহি-মুখ ধুই পুৱাৰ জলপান খাই লোৱা। মাজনীয়ে মোলৈ চালে। মই বুজিলোঁ তাই দাঁত ঘঁহা মানে বুজা নাই। সহজ কৰি ক'লো, তুমিযে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত দাঁত ব্ৰাছ কৰা, আমাৰ মাহঁতে ঘঁহা বুলি কয় আকৌ। জোনে হাঁহি ক'লে, তুমি ৰাতিও দাঁত ব্ৰাছ কৰা নেকি? ৰাতিপুৱা কৰিলেই হ'ল দেখোন। নহয় জোন, দিনত আমি যিবোৰ বস্তু খাওঁ আমাৰ দাঁতৰ ফাঁকত তাৰ কিছু অংশ লাগি থাকে। সেয়ে সকলোৱে শোৱাৰ আগত ৰাতি ব্ৰাছ কৰিব লাগে। জোনে মোৰ দুপিয়ালে। বৌৱে তলমুৰ কৰা দেখি পৰিৱেশটো সহজ কৰি ক'লো, সোনকাল কৰা, আজি আমি ফুৰিবলৈ যাম। জলপান মানে ব্ৰেকফাষ্ট নেকি মামী ? মাজনীক মামীয়েকে ক'লে, অ' আমি গাঁৱত ব্ৰেকফাষ্টক পুৱাৰ জলপান বুলি কঁও।


---গাঁৱৰ অকোঁৱা-পকোঁৱা বাটেৰে আমাৰ গাড়ী আগবাঢ়িল। কিমানযে ধুনীয়া গাঁৱৰ চৌপাশ! সকলোৰে পদূলিবোৰ পুৱাই সাৰি চাফা কৰি থৈছে। বাৰীত সৌৱা আম, কঁঠাল উলমি আছে। শাৰী শাৰী তামোল-পান-নাৰিকলৰ গছৰ লগতে ভিন্ন ধৰণৰ অন্যান্য গছ। মন্দিৰ- মছজিদবোৰ প্ৰায় ওচৰা-ওচৰিকৈ আছে। আজানৰ মাত আৰু ডবা-কাঁহৰ শব্দই মোৰ গাঁৱত একতাৰ বল বান্ধে। হিন্দু-মুছলমান সকলোৰে ইঘৰ-সিঘৰলৈ সঘন অহা-যোৱা। আমি গৈ ইটাকলি ঘাট পালোগৈ। সোনাই নৈখনৰ কথা আগতে সিহঁতক কৈ থাকো। আজি নিজ চকুৰে দেখি সিহঁত উৎফুল্লিত হৈ উঠিল।


-----মই ক'লো আগতে আমি প্ৰায়ে পথাৰলৈ আহিছিলোঁ। মাহ-সৰিয়ঁহ তুলিবলৈ, ধান কটাৰ সময়ত লেচেৰি বুটলিবলৈ আহিছিলোঁ। লেচেৰি মানে কি ককা? ধান কাটোতে বহু ধান তলত পৰি যায়। তাক বুটলাকে লেচেৰি বুটলা বোলে। আগতে মাৰে আৰু-মোমায়েৰে মিলি পৰি থকা ধানবোৰ বুটলে আৰু মই সেইবোৰ দুই-এটকা দি সিহঁতৰ পৰা কিনি লওঁ। আৰু তেনেকৈয়ে সিহঁতক কাম কৰিবলৈ শিকাইছিলোঁ। তোৰ মাৰে মোক সকলো কামতে সহায় কৰিছিল। কঁঠিয়া ৰোৱা, মৰণা মৰা, ওখন মৰা, ধান শুকুৱাই ভঁৰালত ভৰোৱা, খেৰৰ মেজি বনোৱা আদি সকলোতে তাই হাত আগবঢ়াইছিল। মোমায়েৰা তেতিয়া সৰু আছিল। দেখিলোঁ, দেউতাই সেমেকা চকুদুটা মচিছে। হয়তো পুৰণি কথাবোৰে মনটো ভৰাই তুলিছে। কোনেও নেদেখাকৈ মইও চকুদুটা মচি ক'লো, আগতে এই সোনাইত আহিলেই গা ধুইছিলোঁ, সাঁতুৰিবলৈ শিকিছিলোঁ। এতিয়া সেইবোৰ পাহৰিলোঁ।


----দেউতাই কণমানি তিনিওটাকে এজন এজনকৈ সোনাইত নমাই নৈৰ পানী স্পৰ্শ কৰালে। সিহঁতৰ উঠি আহিবৰ মন নাছিল, পানীত বেছি সময় থাকিলে বিপদৰ সম্ভাৱনা থাকে। সেয়ে সিহঁতক পাৰলৈ উঠাই অনা হ'ল। বেলি দূপৰ হোৱাত ৰ'দ বাঢ়িছিল। ল'ৰালিৰ স্মৃতি বুকুত সামৰি আমি ঘৰমুৱা হ'লো। উভতি আহোতে কলবাৰীৰ কাষেৰে যোৱা পথেৰে গৈ দলংঘাট বজাৰখন চাই আহিলোঁ। বজাৰ আগৰ দৰে হৈ থকা নাই, দোকান ঘৰবোৰ আগতকৈ ভাল হ'ল। সকলোৱে হোটেল এখনত সোমাই গজা, চিংৰাৰে চাহ খালোঁ।


----আইতা চোৱাচোন মাকে কেনেকৈ ল'ৰাটোক মাৰিছে! ল'ৰাটোৱেও মাকক গালি দিছে চোৱা। পাই জানো এনে কৰিবলৈ! ব'লাচোন আইতা তুমি কিবা ক'বা।


----শ্যামলীক হাতত ধৰি মা মানুহ ঘৰৰ চোতাললৈ সোমাই গ'ল। কি হৈছে তঁহতৰ? কিয় সৰু ল'ৰাটোক এনেকৈ মাৰিছ? মাক দেখি কনমায়ে ক'লে, ই একেবাৰে কথা নুশুনা হৈছে। সেয়ে দুচাটমান দিছোঁ।


----সন্তানক ভাল কৰিবলৈ এচাৰিৰে নহয়, মৰমেৰে বুজাব লাগিব। দায়িত্ব আৰু কৰ্তব্যবোধ শিকাব লাগিব। যা, দুয়োটা ভিতৰলৈ যা।


----মাৰ কথা শুনি দুয়ো ভিতৰলৈ সোমাই গ'ল। মোৰ দেউতা শিক্ষক আছিল, অৱসৰ ল'লে। শিক্ষকৰ পত্নী হিচাপে মাক এই ঠাইৰ সকলোৱে মাষ্টৰণী বুলি মাতে, মানেও।


শাওণ মাহ, হঠাতে বৰষুণ আহিল। আমি কোবাকোবিকৈ গৈ অলপ দূৰত থকা মাহীৰ ঘৰত সোমালো। হঠাতে আমাক দেখি মাহীৰ তৎ নাই, কি খুৱাব এতিয়া! অলপ পাছত ডাঙৰ কাঁহী এখনত ঘৰতে বনোৱা ভজা পিঠা(তেল পিঠা), জেং পিঠা আৰু মিঠৈ লাৰুৰে ধুনীয়াকৈ চাহ দিলে। আমি বৰ তৃপ্তিৰে খালোঁ। মাহীয়ে আধা ভজা পিঠাগুৰিৰ টোপোলা এটা মোৰ হাতত দি ক'লে, হো এইখিনি তই লৈ যাবি। প্ৰয়োজনীয় বস্তুপদ পাই মনটো আনন্দেৰে ভৰি গ'ল।


----এদিন চহৰৰ মোৰ ঘৰলৈ যাবা মাহী। অ' সময় পালে যাম দে, মাহীয়ে শ্যামলীৰ মূৰত হাতখন থ'লে। তাইও মাহী আইতাকক সেৱা কৰিলে। বৰষুণ বেছি হৈ পথটো বোকাময় হোৱা বাবে আমি উভতি আহিলোঁ।


---ৰাতি খাই-বৈ সকলো চোতালত বহিলোঁ, গৰম বহুত। বাহিৰত কোমল বতাহ এছাটি মাৰিছিল। দেউতাক মাজত লৈ আমিবোৰ বহি ল'লো। সোণপোনা, শ্যামলী আৰু জোনে লুকাভাকু খেলিছে। কাইলৈ আমি চহৰলৈ উভতিম। আকৌ সেই ব্যস্ত জীৱন! আমাৰ এওঁ দেউতাৰ পৰা খেতি-পথাৰৰ খবৰ ল'লে। এইবাৰ ধান ভাল হ'বনে নহয়, বছৰটোলৈ জুৰিবনে ইত্যাদি।


----হঠাতে সোণপোনাই সুধিলে, ককা তোমালোকৰ গাঁৱৰ নাম জাজৰি কিয় ৰাখিলা ? দেউতাই ক'লে, যেতিয়া মান সেনাই অসম আক্ৰমণ কৰিছিল, তেতিয়া নিজৰ জীৱন বচাবলৈ বহু গৰীয়া মানুহ শিৱসাগৰৰ ফালৰ পৰা পলাই আহি এই ঠাইখনত উপস্থিত হৈছিল। আৰু তেতিয়া সেই মানুহবোৰে ইয়াৰ হাবি-জংঘল কাটি ইয়াতে বসতি কৰিবলৈ লৈছিল। আৰু জাজ কাটি থকাৰ উপযোগী কৰি লোৱাৰ বাবে এই গাঁৱৰ নাম জাজৰি ৰাখিলে বুজিলি। অ' বুজিলোঁ ককা। বৰ ধুনীয়া তোমালোকৰ গাঁৱৰ নামটো।


-----মা কাইলৈ আমি যামগৈ নেকি? থোকাথুকিকৈ শ্যামলীয়ে সুধিলে। আমি যাওঁতে চেলফি ৰোডত ফটো উঠিম দেই মা। বৰ ধুনীয়া বোলে পথটো। আইতাকে তাইক বুকুৰ মাজলৈ চপাই আনি ক'লে, বন্ধ পালে আকৌ আহিবা মাজনী।


----আকৌ আহিম আইতা। গাঁৱৰ আকাশ-বতাহ, মাত-কথাবোৰ মোৰ বৰ


ভাল লাগিছে জানা। চহৰতযে কেৱল স্কুল, টিউচন যোৱাৰ বাহিৰে ঘৰতেই সোমাই থাকিব লাগে জানা। মোৰ অলপো ভাল নালাগে।


---হঠাতে এক হুমুনিয়াহে মনটো কঁপাই গ'ল! আইৰ ঘৰ বৰ মৰমৰ। মোৰ গাঁৱৰ সেউজী বুকুত অমাতৰ মাত বিচাৰি আকৌ আহিম আই !!



ড° নাজমা বেগম

মৰিগাঁও ,অসম ।

দূৰভাষ নং ৯৪৩৫৮৪১৭২৭


Recent Posts

See All
প্ৰহসন

চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনী

 
 
 
প্ৰত্যাৱৰ্তন

বয়সৰ এটা পৰ্যায়ত মানুহে কেতিয়াবা অনুভৱ কৰে -জীৱনত বহু দিঘলীয়া পথ অতিক্ৰম কৰা হ’ল অথচ অতি নিকট, নিজা , এনেকুৱা এটা চমুপথ থাকি গ’ল য’ত খোজ দিয়ায়েই নহ’ল৷ হেমন্ত গোস্বামীয়ে এই অনুভৱটোকে বহুদিন ধৰি উপেক্ষা

 
 
 
দিখৌ পাৰৰ দুখ

"অথিৰ ধন-জন, জীৱন-যৌৱন , অথিৰ এহু সংসাৰ" মাজে-মাজে জীৱনলৈ বিৰাগ ভাৱ আহে । সকলো অৰ্থহীন যেন লাগে । ধন-সম্পত্তি, ভোগ-বিলাস সকলো তেনেই ক্ষন্তেকীয়া যেন লাগে । নিয়তিয়ে মানুহৰ ভাগ্যক ভেঙুচালি কৰা যেন লাগ

 
 
 

Comments


bottom of page