প্ৰহসন
- গীতা মহন্ত শইকীয়া

- 1 day ago
- 3 min read
চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে ,
কিন্তু ঘৈণীয়েকজনীয়ে দিনৰ দিনটো (কেতিয়াবা ৰাতিও) , কিমান যে 'ব'ৰ'' হৈ থাকে , সেয়া কিন্তু কোনেও নেদেখে ।
'ৰ'বা, ৰ'বা, তুমি নালাগে , মইয়ে ধৰো। মই কিন্তু তুমি ঘৰত নাই বুলি ক'ম দেই'।
' পেছেন্ট ছিৰিয়াছ হ'লে নগ'লে কেনেকৈ হ'ব বাৰু?
'যাব লাগিবই বুলি কোনো কথা নাই? '
'হেৰা, তোমাৰ মাৰাৰে যে কিবা অসুখ, কোনোবা ডাক্তৰ নগ'লে তোমাৰ ভাল লাগিবনে ? '
'সেইয়া, মোৰ 'উইক পইন্টোত তুমি খোঁচটো মাৰিলাই নহয়! '
'হ'ব হ'ব আহা এতিয়া। ৰিং শে ষ হ'লেই। '
স্বতিৰ নিশ্বাস এৰি বিচনাত উঠিছিলোগৈহে , আকউ বাজিল সেইডাল।
'গীতু, মই নীনাই কৈছো। '
'কি হ'ল তোৰ, মাতটো ইমান কঁপা কঁপা লাগিছে যে ? '
'তহঁত বেগেতে আহ না, মোৰ বৰ ভয় লাগিছে ---। '
ইতিমধ্যে আমাৰ কথা-বতৰা শুনি এৱোঁ ওচৰ চাপি আহিল।
নীনা আৰু মই সৰুৰে পৰা একেলগে পঢ়িছিলো ।
পঢ়া- শুনাত দুয়োজনীয়েই ভাল আছিলো। কিন্তু বি .এছ.চি .পাছ কৰাৰ পিছত তাই দিল্লীত পঢ়িলগৈ , কাৰণ তাইৰ অর্থৰ অভাৱ নাছিল। মই গুৱাহাটীতে থাকি গ'লো। আজি তিনি মাহ মানহে হৈছে সিহঁত এইখন চহৰলৈ বদলি হৈ অহাৰ। এতিয়া ফোন যোগে মোক জনাইছে , সিহঁতৰ 'গেট'ৰ বাহিৰৰ 'ড্ৰেইন'টোত মানুহ এটা বোকাৰে লতুুৰি -পুতুৰি হৈ পৰি থকাৰ কথা।
তাইৰ মানুহজনো বোলে এতিয়া জৰৰুী মিটিং এখনত ব্যস্ত হৈ আছে । সেয়েহে উপায়হীন হৈ আমালৈকে ফোন কৰিছে । আমি দুয়ো গাড়ীখন লৈ ওলাই আহিলো।
নীনালৈ মোৰ কেতিয়াবা ঈৰ্ষা হয়। পঢ়াত তাইতকৈ চোকাহৈও তাইৰ দৰে ডক্টৰেট হ'ব নোৱাৰিলো।
ডাক্তৰ দৰা পাই দেউতহঁতে লৰালৰিকৈ মোৰ বিয়াখন পাতি দিলে । ডাক্তৰ হিচাবে এওঁৰ কিছুমান স্বভাৱ মোৰ একেবাৰে অপছন্দ। ৰাতি এওঁ প্ৰায়েই মদ খাই ঘৰলৈ ওভতে । সেই বোৰৰ গোন্ধ পালেই মোৰ বমি বমি লাগে , আভোক হয়। বহু ৰাতিলৈকে এওঁৰ টি. ভি . চোৱাৰ অভ্যাস। পুৱা সেয়ে বহু দেৰিলৈকে শোৱে । কিন্তু মোৰ লগত শাহু থকাৰ বাবে দেৰিলৈকে শুই থাকিবলৈ মোৰ ভাল নালাগে । ৰাতি বিচনাত পৰি এওঁলৈ বাট চাই থাকোতে মোৰনো কেতিয়া টোপনি আহে বা তেওঁনো কেতিয়া আহি বিচনাত পৰেহি একো গমেই নাপাওঁ। কিন্তু নীনাৰ মানহজন হেনো বৰ ভাল, ৰাতি বিচনাত পৰি 'হেৰা, হ'লনে তোমাৰ' বুলি চিঞৰি থাকে । মদ, ভাং, চিগাৰেট একোৱেই মখুত নিদিয়ে । পুৱা সোনকালে তাই উঠিব খুজিলেও 'ইমান সোনকালে উঠি কি কৰিবাহে ' বুলি তাইক আকৌ বিচনালৈ টানি নিয়ে । নীনাৰ মখুত এইবোৰ কথা শুনিলে কিবা এক অবুজ বেদনাত মোৰ বকুু খন গধুৰ হৈ পৰে । সৰুতে আমি দুয়োজনীয়ে বিহু নাচিছিলো। দৰ্শকৰ চকুত মোৰ নাচেই ভাল হয় যদিও মুৰকত তাইহে প্ৰথম পুৰস্কাৰটো পায়। দাদাই কয়, 'তাইৰ দেউতাকে বিহু কমিটিলৈ ঢেৰ চান্দা দিয়েতো, গতিকে কমিটিয়ে তাইক প্ৰথম নকৰি তোক কৰিবনে ?'
এতিয়াও সংসাৰ কৰাৰ পিছতো তায়েই জিকিল।তাইৰ গৃহস্থই ইমান নামীদামী 'কোম্পেনী'ত চাকৰি কৰিও 'ড্ৰিংকছ্' নকৰে আৰু আমাৰজনে ------?
ক'লে কয়, 'মই মাতলামি কৰিছো নেকি ? দিনটো ডিউটি কৰি ৰাতি অকণমান'ৰিলেকছেচন' বিচাৰো,
সেইবাবেহে -।
'মোৰ আৰু তেতিয়া ক'বলগা একো নাথাকে । সপ্তাহটোৰ যি দুদিন 'ডিউটি' নাথাকে ,সেই কেইদিন নিৰ্দষ্ট বন্ধু কেইজনমানৰ লগত ঘৰতে তাচৰ আড্ডা বহুৱায়। সেই দুদিনত মই যদি ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ কথা কওঁ, তেওঁ কয়-' তুমি ক'ত যোৱা, যোৱা ভাই। মোক কিয় টানি -আঁজুৰি ফুৰা?' কথা শুনি মই মনে মনে থাকো। বিয়াৰ পিছত মাহী, পেহী, জেঠাইহঁতৰ ঘৰলৈ জানো অকলে যাব পাৰি ? নীনাৰ গৃহস্থই বোলে তাইক টানি -আঁজুৰি লৈ ফুৰায়। 'আজি অমকু লৈ যাওঁ, আজি নহ'লে বাহিৰতে কিবা খাওঁগৈ ব'লা -'।
তাইৰ কথবোৰ শুনি মই জ্বলি -পুৰি মৰো। এওঁক ক'লে কয়---'কোন গিৰিয়েকে ঘৈণীয়েকক মৰম নকৰে হে ? মই কি তোমাক মৰম নকৰো ? আচলতে যাক মৰম নকৰে , তাইহে মনৰ দুখতে বেছি মৰম কৰা বুলি মানুহৰ আগত জহাই ফুৰে । '
কিছুসময় আমাৰ মাজত একো কথা-বতৰা নাছিল।
' হেৰা, এন্ধাৰত ঘৰটো ধৰিবই পৰা নাইহে । '
' ৰখোৱা, ৰখোৱা, এইটোৱেই দেখোন সিহঁতৰ ঘৰ। ' মই চিঞৰি উঠিলো । '
আমি দুয়ো খৰধৰকৈ নামি গ'লৌ। নীনাই ভয়তে দুৱাৰ বন্ধ কৰি সোমাই আছে । বাহিৰত ঘোপমৰা এন্ধাৰ। ভিতৰত ' ইনভাৰ্টাৰ' চলি আছে । তাই দেখুৱাই দিয়া ঠাইত আমি মানুহটো চালোগৈ । হয়, বোকাৰে লতুুৰি - পুতুৰি হৈ সাৰ-সুৰ নোহোৱাকৈ মানুহ এটা পৰি আছে । এওঁ ক'লে ' আমাৰ এছ. পি . মহন্তলৈ ফোন এটা কৰো ৰ'বা। ঠিক নাই নহয়,কোনোবাই মাৰ্ডাৰ কৰি পেলাই থৈ যাবও পাৰে । '
ফোন কৰাৰ কিছুসময়ৰ পিছতে পুলিছৰ ভান এখন আহি ৰ'লহি । কেইজনমানে মানুহটোক ওপৰলৈ তুলি আনিলে ।
-------কিন্তু এয়া মই কি দেখিছো ! নিজৰ চকুকে যেন বিশ্বাস নকৰিম!! মানুহজনে দোৰোল খোৱা জিভাৰে কৈ গ'ল---'নীনা, মাই ডাৰ্লিং---প্লিজ মোক বেয়া নাপাবা, আজি স্ফূর্তিতে অলপ বেছি কৈ খাই দিলো----।
গেইট খন বিচাৰি নাপাই ইয়াতে -------। '
মোৰ মুখ মেল খাই গ'ল। এওঁ মোলৈ চাই মিচিক্ কৈ হাঁহি দিলে । হাঁহিৰ অৰ্থ -- দেখিলা, তোমাৰ বান্ধবীয়ে কোৱা কথাবোৰৰ সত্যতা? মোক এনেকৈ মাতাল হোৱা দেখিছা?
নীনা দৌৰি ভিতৰ সোমাল।
হঠাতে এক অনামি আনন্দত মোৰ বকুুখন ফুলি উঠিল------। কি ন্তু সেয়া ক্ষন্তেকৰ বাবেহে । মোৰ বান্ধবী এগৰাকীৰ দাম্পত্য জীবন এনেদৰে বিষময় হোৱাটো মই কেতিয়াও কামনা নকৰো। নীনাক সান্ত্বনা দিবলৈ বুলি মই তাইৰ পিছে পিছে ভিতৰলৈ সোমাই গ'লো।
গীতা মহন্ত শইকীয়া
মৰিকলং,নগাঁও।
দূৰভাষ নং ৭৫৭৬৯০২৪০২


Comments