top of page

অৰণ্যৰ কাহিনী :শৰবিদ্ধ হাতীটো আৰু অৰণ্যৰ টঙীঘৰত এনিশা


আজি ৰাতি ক'ত কটাম বুলি ভাবি থাকোতেই সহকৰ্মীবন্ধুসকলে  অৰণ্যৰ মাজত থকা টঙীঘৰটোতে ৰাতিটো থকাৰ  পৰামৰ্শ  দিলে ।আমি আটায়ে টঙী ঘৰটোলৈ খোজ ল'লো। বাটত বতাটেঙাৰ পাত চোবাই দেহক সক্ৰিয় কৰিলোঁ। বনৰীয়া হাতীৰ দল এটাৰ বাবে বাটত অলপ সময় ৰ'বলৈ বাধ্য হ'লো। সন্ধ্যা সাত বাজি উকলি গ'ল। খৰধৰকৈ গৈ টঙী ঘৰত উঠিলোঁ। সকলোৱে এচুঙাকৈ পানী গিলি বিচনাত বাগৰ দিছিলোহে, ৰাজা ভাইটিয়ে আক' কৌপাতৰ ভাতমুঠি খাবলৈ উঠাই  দিলে ।আলুপিটিকা শুকান মাছৰ চাটনিৰে ভাতমুঠি  পৰম তৃপ্তিৰে খাই বিচনাত বাগৰি পৰিলোঁ। ভাল টোপনি আহিল ।


শেষ নিশা ২'০০ বজাতে সাৰ পাই উঠিলোঁ। বিচনাতে বহি ৰাতিৰ জয়াল পৰিস্থিতিৰ উমান ল'লো।  নিৰৱ নিতাল এক শান্ত পৰিবেশ। সেয়ে পুনৰ গৰম কাপোৰৰ জাপত সোমোই পৰিলোঁ। পুৱতি নিশাৰ ৩'০০ বজাত পুনৰ সাৰ পাই উঠিলোঁ। জানুৱাৰী মাহৰ শীতে দেহত কঁপনি তুলিছে। বৰ ঠাণ্ডা লাগিছে। বান্দৰ টুপীটো পিন্ধি ল'লো। টঙীৰ তলৰে কোনোবা বন্যপ্ৰাণী আহি আছে যেন


অনুভৱ হ"ল । আন্ধাৰৰ মাজতে বন্য প্ৰাণীবিধ কোন হব পাৰে অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ। শুকান গছপাতৰ খৰখৰনি মৰমৰনিৰ শব্দও নাই। তথাপি কোনোবা বন্যপ্ৰাণীৰ এবিধ অহা যেন লাগিছে। পেঞ্চিল টৰ্চটোৰে ক্ষুদ্ৰ পোহৰ কৰি চাই দেখিলোঁ যে শক্তিশালী ঢেকিয়াপতীয়া বাঘটো আহি গছৰ তলত থিয় হৈ আছে। বাঘ টোৰ ভৰিৰ কোনো শব্দ নাই। বাঘটোৱে আমাৰ টঙীঘৰ সজা গছ জোপালৈ চাইছে। অলপ সময় থমকি ৰ'ল। ইফালে সিফালে চালে। সমগ্ৰ বন্যপ্ৰাণী সমুহৰ ভিতৰত আটাইতকৈ শক্তিশালী প্ৰাণীবিধ অহা দেখি বৰ আনন্দ লাগিছে। দিনৰ ভাগত টিলাপাহাৰত ভালুকৰে যুদ্ধ কৰা এইজনেই মহাৰথী। সম্ভৱ বাঘটোৰ পানী পিয়াহ লাগিছে। সূৰ্যোদয়ৰ আগতেই নদীৰ পানী খাই সুবিধা পালেই চিকাৰ ধৰিব। এইঘাটত পানী খাবলৈ আহিলে দুটালাভ হয়।এটা- দিনটোৰবাবে পানী খোৱা আৰু আনটো পানী খাবলৈ অহা অন্য বন্যপ্ৰাণী চিকাৰ কৰি পেটৰ ভোক নাইকিয়া কৰা। আমি এনে দৃশ্যৰ চাক্ষুষ দৰ্শন লাভ কৰিছো । অৰণ্যৰ মহাৰাজে টঙীঘৰৰ পৰা নিসৰন হৈ থকা এই ক্ষুদ্ৰ পোহৰ বাৰু লক্ষ্য কৰিছে নে? বাঘটোৱে টঙীঘৰৰ খীণ পোহৰ জুমি চাইছে নে নাই ঠাৱৰ কৰিব পৰা নাই। আগতেও এনে পোহৰৰ সৈতে  সি পৰিচিত । এনে মনমোহন দৃশ্য ভৱিষ্যতেলৈ দেখা যাব নে নাযায় সেয়া নাজানো। "ওমৰ খায়াম"ৰ দৰেই মোৰো অহাকালিৰ ওপৰত ভৰষা নাই। দেখা পাওতে নয়ন ভৰি চাই লওঁ বুলি ভাবিলোঁ।।


ঢেকিয়াপতীয়া বাঘটোৱে নদীঘাটলৈ যাবলৈ সাজু হৈছে যেন লাগিল।কিন্তু চকুযুৰিৰ তীক্ষ্ণ চাৱনিৰ লগতে কাণ দুখনো থিয় কৰিলে। অলপ সময়ৰ পাছতেই বন্যহস্তীৰ দল এটা সেই ঠাইলৈ আহিল। হাতীৰ দলটোৱে বনৰজাক দেখি পিছুৱাই গ'ল। ইমানখিনি হাতীয়ে একেলগে ঢেকিয়াপতীয়া বাঘটোক যদি ওভতি ধৰে, তেনেহলে বাঘৰ পৰাজয় নিশ্চিত আছিল। কিন্তু নখ দাঁতৰ বাবে সাহসেই নকৰিলে। তেনে সময়তে দঁতাল হাতী দুটাই একেলগে বাঘটোক হুংকাৰ দি খেদিবলৈ চেষ্টা কৰিলে। বাঘটোৱে প্ৰথমে গুজৰণি মাৰি সাৱধান হোৱাৰ সংকেত দিলে। দঁতাল দুটাই উক্ত হুংকাৰলৈও কেৰেপ নকৰি সমুখত উপস্থিত হ'ল। বাঘটোৱে একে জাপতে প্ৰথমটো দঁতালৰ মূৰত উঠিল। দঁতাল টোৱে চিঞৰ বাখৰ কৰি দলৰ ভিতৰলৈ সোমাই গ'ল। দলৰ বাকী হাতী বোৰে ফৰিংচিটিকা দিলে। মাইকী হাতী বোৰে নিজ সৰু পোৱালী বোৰক পেটৰ তললৈ নি দৌৰ মাৰিলে। তৎক্ষণাতে সংঘটিত হোৱা ঘটনাত দলৰ চৰ্দাৰ। হাতী বিবুধিত পৰিল। বাঘটোৱে দঁতালৰ সোঁ কাণৰ ওপৰত কামুৰি ধৰিলে। দঁতালটোৰ গগণফলা চিঞৰত সমগ্ৰ অৰণ্য ৰজনজনাই উঠিল। লগৰীয়া দঁতালটোৱে ওচৰ চাপি গৈছিল যদিও ভয়তে ওভতি আহিল। খন্তেক সময়তে সংঘটিত হোৱা ঘটনাত আমিও হতবাক হৈ পৰিলো।


হঠাতেই পৰিবেশটো উতপ্ত হৈ পৰিল। ঢেকিয়াপতীয়া বাঘটোৱে এতিয়াও হাতীটোৰ ডিঙিৰ পৰা নামিবলৈ চেষ্টা কৰা নাই। বৰং বেচি জোৰকৈ কাণখনত কামুৰি ধৰিছে। ধৰ্মেশ্বৰে ডাঙৰ টৰ্চটোৰে ওচৰে পাজৰে চাই দেখিলে। নদীত পানী খাবলৈ অহা কেইবাটাও হৰিণা পহুৱে ওভটি দৌৰ মাৰিলে। গাহৰিৰ দল এটাও দৌৰ মৰা দেখা গ'ল। এনে ঘাতক ভয়ংকৰ পৰিবেশত যিমানবিলাক বন্যপ্ৰাণী আছে সকলোৱেই পলাবলৈ বাধ্য হোৱাতো স্বাভাৱিক। নিৰাপদজনক ঠাইত থাকোতেও আমাৰ বুকুৱে লামডিং ফৰকাটিং কৰি আছে। । দঁতালটোৱে মূৰটো অফলিয়াই আছে। যিমানে দঁতালটোৱে মূৰ আছাৰি আছে, সিমানে বাঘটোটোৱে খোপনি ধৰিবলৈ বাবে নখ কেইটা জোৰকৈয়ে বহুৱাই দিছে। ফলত দঁতালৰ চিঞৰ বাঢ়িছে। দঁতালটোৰ চিঞৰ শুনি ধৰ্মেশ্বৰে চকুপানী টুকিছে। তাৰ অৱস্থাটো দেখি মোৰো বহুত বেয়া লাগি আহিছে। কি কৰিম! আমাৰ হাতত একো উপায়েই নাছিল। হাতী আৰু বাঘৰ যুঁজ খন কিছু সময় চলি থাকিল


এটা সময়ত হাতীটোৱে আমাৰ টঙী ঘৰ থকা গছজোপাত খুন্দা মাৰিলে।গছজোপা কপি উঠিল।আমিও উফৰি পৰিব ধৰিছিলোঁ যদিও ভগৱানে যেন হাত পাতি ৰক্ষা কৰিলে। হাতীটোৱে চিঞৰি তাল ফাল লগাই ওচৰৰ অন্য এজোপা গছত খুন্দা মাৰিলে। বাঘ টো উফৰি আন এটা হাতীৰ পিঠিত পৰিল গৈ।সেই মখনা হাতীটোৱে পিঠিখন বেঁকা কৰি দিয়াত বাঘ টো মাটিত বাগৰি পৰিল।হাতীৰ দল টোৱে বাঘটো বেৰি ধৰিলে। পৰিস্থিতি সলনি হল।প্ৰাণ বচাবলৈ বাঘটো নদীৰ ফালে দৌৰ মাৰিলে। পোহৰ হবলৈ ধৰাত হাতীৰ জাকটো নদীৰ ফালে লাহে লাহে নামি গল। আমি টঙী ঘৰৰ পৰা এই যুঁজখনৰ দৰ্শক হৈ চাই থাকিলোঁ।



মহেশ নাথ।

নগাঁও, অসম।

দূৰভাষ নং ৮৬৩৮৬৪২৮৮১


Recent Posts

See All
বিনিময়

মৰম পালে হৃদয় বীণাত ঝংকাৰিত হয় প্রাপ্তিৰ মহানন্দ বিনিময়ত যাচোঁ এমোকোৰা নিভাঁজ হাঁহি আৰু আলফুলীয়া চেনেহ-সনা পৰশ। মই বোলে দুষ্ট, পিছে দুষ্টৰ লগতহে ! মনত দুখ দিলে প্রতিশোধ লওঁ - হয় কন্দা -কটা কৰি , নহয় উ

 
 
 
উশাহ

হেল্ল’, কোন তুমি? মই? মই--মই । নাম? উপাধি? কোনো নহয়। কীট-পতংগ যিদৰে নিজৰ পথত, নিজৰ গতিত, মই সময় ধূলিৰ খোজত । পৃথিৱীখন নৰয় সুখতো দুখতো কাৰো বাবে কোনোৱেই নৰয় একোৱেই নৰয় । মোৰ নাম, মোৰ ঘৰ, সম্পৰ্ক, পৰিচয়

 
 
 
ভিৰৰ মাজত স্তব্ধ জীৱন

ভিৰৰ মাজত স্তব্ধ জীৱন শব্দৰ মাজত কেৱল কোলাহল হাজাৰ মুখৰ হাঁহিৰ মাজতো বুকুৰ ভিতৰখন নিমাত, অচল। দিনৰ ব্যস্ততাতেই ৰাতিবোৰ হয় দীঘলীয়া নিদ্ৰাৰ মাজতো সাৰে থাকে এটি মন—ভীষণ অকলশৰীয়া। চন্দ্ৰটোৱে নীৰৱে চাই

 
 
 

Comments


bottom of page