ভিৰৰ মাজত স্তব্ধ জীৱন
- হিমাংক শৰ্মা

- 1 day ago
- 1 min read
ভিৰৰ মাজত স্তব্ধ জীৱন
শব্দৰ মাজত কেৱল কোলাহল
হাজাৰ মুখৰ হাঁহিৰ মাজতো
বুকুৰ ভিতৰখন নিমাত, অচল।
দিনৰ ব্যস্ততাতেই
ৰাতিবোৰ হয় দীঘলীয়া
নিদ্ৰাৰ মাজতো সাৰে থাকে
এটি মন—ভীষণ অকলশৰীয়া।
চন্দ্ৰটোৱে নীৰৱে চাই
তৰাবোৰে দিয়ে সঁহাৰি
ৰাতিৰ বুকুত সৰি পৰে
এটি এটিকৈ স্মৃতিৰ গধূলি।
জীৱনো যেন অদ্ভুত
পোৱাৰ মাজতো হেৰোৱা
হাঁহিৰ আঁৰত কান্দি থকা
আৰু কান্দিও হাঁহি থকা।
কিমান যে কথা ক’ব খুজিও
নীৰৱতাতে থমকি ৰওঁ
নিজৰ মনটোক নিজেই সামৰি
নিজৰ কাষতে নিজেই ৰওঁ।
ভিৰৰ মাজত স্তব্ধ জীৱন,
শব্দৰ মাজত কোলাহল,
তথাপি হৃদয় জীয়াই থাকক—
সপোনবোৰ হওক অমলিন, উজ্জ্বল।
হিমাংক শৰ্মা
নগাঁও বিশ্ববিদ্যালয় ,অসম
দূৰভাষ নং ৬০০১৩০২৫১২


Comments