top of page

ভিৰৰ মাজত স্তব্ধ জীৱন

ভিৰৰ মাজত স্তব্ধ জীৱন

শব্দৰ মাজত কেৱল কোলাহল

হাজাৰ মুখৰ হাঁহিৰ মাজতো

বুকুৰ ভিতৰখন নিমাত, অচল।


দিনৰ ব্যস্ততাতেই

ৰাতিবোৰ হয় দীঘলীয়া

নিদ্ৰাৰ মাজতো সাৰে থাকে

এটি মন—ভীষণ অকলশৰীয়া।


চন্দ্ৰটোৱে নীৰৱে চাই

তৰাবোৰে দিয়ে সঁহাৰি

ৰাতিৰ বুকুত সৰি পৰে

এটি এটিকৈ স্মৃতিৰ গধূলি।


জীৱনো যেন অদ্ভুত

পোৱাৰ মাজতো হেৰোৱা

হাঁহিৰ আঁৰত কান্দি থকা

আৰু কান্দিও হাঁহি থকা।


কিমান যে কথা ক’ব খুজিও

নীৰৱতাতে থমকি ৰওঁ

নিজৰ মনটোক নিজেই সামৰি

নিজৰ কাষতে নিজেই ৰওঁ।


ভিৰৰ মাজত স্তব্ধ জীৱন,

শব্দৰ মাজত কোলাহল,

তথাপি হৃদয় জীয়াই থাকক—

সপোনবোৰ হওক অমলিন, উজ্জ্বল।



হিমাংক শৰ্মা

নগাঁও বিশ্ববিদ্যালয় ,অসম

দূৰভাষ নং ৬০০১৩০২৫১২

Recent Posts

See All
অশান্ত জনতা

শাওনৰ সেমেকা নিশা বাৰিষাৰ মেঘৰ আঁৰত লুকাভাকু খেলা দশমীৰ জোনটোৱে পৃথিৱীৰ বুকুলৈ সিঁচি দিছে ৰূপালী বিষাদৰ কিৰণ। আকাশৰ বুকুত বৰষুণৰ অন্তহীন ধাৰা ভাব হয় আকাশে যেন নীৰৱে কান্দিছে। কিমান কান্দিব আৰু! এদিন

 
 
 
অবুজ সাঁথৰ

আজি অতীতে বৰকৈ আমনি কৰিছে, স্মৃতিৰ বাটেৰে অহা সেই চিনাকি ক্ষণবোৰে মোক হাত বাউলি মাতিছে। হৃদয়ৰ কোনোবা নিৰ্জন কোণত নীৰৱ বিষাদে লাহে লাহে বাঁহ সাজিছে, নকওঁ বুলিও কিয় জানো চকুৰ পতাত স্মৃতিবোৰে এজাক বৰষু

 
 
 
মানৱতা

চৌদিশে মানুহৰ সুত বৈছে অৰ্থৰ অভাবে চোৱা নাই কাকো৷ সাধ্যানুসৰি মন খুলি দিছে সকলোৱে উজনিক বচাবলৈ উজনি আমাৰ ইতিহাস জয়মতী আমাৰ সাহস ৰংঘৰ কাৰেঙ ঘৰ জয়দৌল শিৱদৌল অসমৰ পৰিচয় অমানুহৰ মাজত বহু মানুহ এতিয়াও আছে

 
 
 

Comments


bottom of page