অবুজ সাঁথৰ
- যশ গৌৰৱ বৰদলৈ

- 1 day ago
- 1 min read
আজি অতীতে বৰকৈ
আমনি কৰিছে,
স্মৃতিৰ বাটেৰে অহা
সেই চিনাকি ক্ষণবোৰে
মোক হাত বাউলি মাতিছে।
হৃদয়ৰ কোনোবা নিৰ্জন কোণত
নীৰৱ বিষাদে
লাহে লাহে বাঁহ সাজিছে,
নকওঁ বুলিও কিয় জানো
চকুৰ পতাত স্মৃতিবোৰে
এজাক বৰষুণ নমাই আনিছে।
বহু প্ৰশ্নই আজি
মোৰ হিয়া নধৰা কৰিছে—
কিয় হেৰাল সেই দিনবোৰ?
কিয় সলনি হ'ল চিনাকি মুখবোৰ?
কিয় সময়ে কেতিয়াবা
ইমান নিৰ্দয় হৈ
স্মৃতিৰ দুৱাৰত তলা লগায়?
হৃদয়ত মাথোঁ
প্ৰশ্নৰেই উদয় হয়,
এটাৰ পিছত আনটো—
কিন্তু উত্তৰৰ সন্ধানত
নীৰৱতাই মাথোঁ
মোৰ কাষত বহি ৰয়।
কেতিয়াবা ভাবোঁ
সময়ৰ হাতত হেৰাই যোৱা
সেই কথাবোৰৰো
কিজানিবা কোনো অৰ্থ আছিল
কিন্তু সেই অৰ্থ বিচাৰি
আজিও যেন
অচিন বাটেৰে খোজ কাঢ়ি আছোঁ।
অতীত যেন এখনি কুঁৱলীৰ চাদৰ
চাবলৈ গ'লে আঁতৰি যায়
ধৰিবলৈ গ'লে
মুঠিৰ মাজেৰে সৰি যায়।
তথাপি মনটোৱে
বাৰে বাৰে উভতি যায়
সেই এৰি অহা দিনবোৰলৈ—
য'ত কিছুমান হাঁহি আছিল
কিছুমান নোকোৱা কথা আছিল
আৰু আছিল
হেৰাই যোৱা কিছুমান আপোন অনুভৱ।
আজিও সেই প্ৰশ্নবোৰ
মোৰ অন্তৰত জাগি থাকে
উত্তৰহীন হৈ—
সময়ৰ বুকুত লিখা
এটি নীৰৱ কাহিনীৰ দৰে।
এয়া কি স্মৃতি
নে সময়ে এৰি থৈ যোৱা
এটি অবুজ সাঁথৰ !
যশ গৌৰৱ বৰদলৈ
নগাঁও বিশ্ববিদ্যালয়,নগাঁও (অসম )
দূৰভাষ নং ৬০০০৯৪৩৭৪৮


Comments