top of page

কৃতঘ্নৰ চিতাজুই আৰু সেউজৰঙী উপত্যকা

তুমি মৌনতাৰ ভাষা শুনানে?

নুশুনা, তুমি বধিৰ।         

শূণ্যতাত ওলমি ৰোৱা অবাক চাৱনিবোৰ 

তুমি পঢ়িব পাৰানে?  

নোৱাৰা, তুমি নিৰক্ষৰ      ।                 


চকুৰ পোহৰো যে ক'লা হ'ব পাৰে 

তুমি ভাবানে সপোনতো?

নাভাবা

তুমি নিৰ্বোধ।


তেজৰঙী হিয়াঁবোৰ কিয় লাহে লাহে ফুটছাই  বৰণীয়া হয়

সিও তোমাৰ সপোনৰ অগোচৰ   

সেই সৰু কলিজাবোৰত  চিতা গজে

তাত তোমাৰ চিতাজুই জ্বলে  ।  

তুমি নেদেখাকৈ নভবাকৈ নিজে জ্বলি ছাই হৈ আছা ।

আৰু

লাহে লাহে কলিজাবোৰ সলনি হৈছে

সেউজৰঙী উপত্যকালৈ

ঠিক বেলি যেনেকৈ পূবে ওলায়।



প্ৰীতিমণি দাস   

নগাঁও,অসম। 

দূৰভাষ নং  ৮৬৩ ৮১৮ ১১৪৬

Recent Posts

See All
স্নেপশ্বট - ৩

পাহাৰৰ নামনিত মই নেপালী খুটি য'ৰ পৰা বিভিন্ন ঠাইলৈ বৈছিল গাখীৰৰ সুঁতি। এতিয়া তাত পানীত উটি অহা কাঠ বাঁহৰ ওখ ওখ দ'ম । একঁকাল এডিঙি পোত যোৱা পলসৰ নৰক মেলা । পলসৰ তলৰ পৰা মই অঘৰী আত্মাই কৈছোঁ হে উত্তৰ প

 
 
 
একো নাই

কথা নাই কথা নাই কবলৈও একোকে বাকী নাই কোনো নাই কোনো নাই আজি যেন সব শূণ্য হায় ! মাত নাই বোল নাই কবলৈও কাকো দেখা নাই নাই নাই কোনো নাই আজি সব ধোঁৱা হায় ! কত গল কেতিয়া গল সকলোবোৰ কেনি গল ? জানা জানো,কোন-ক

 
 
 
এটা অতৃপ্ত বাসনাৰ মৃত্যু

লাজ বাৰু দেহৰ কোন অংশত লাগে ? 'নাকত আকউ।' 'নাৰীৰ সৌন্দৰ্য্য দেহৰ কোন অংশত থাকে ?' 'যাহ এইজনী।' লাজত ৰঙা-ছিঙা পৰা মোৰ বাইদেউ সবিতাৰ উত্তৰ। সঁচাই, নাৰীৰ সৌন্দৰ্য আনে ক'ত দেখে নাজানো। কিন্ত্ত মই দেখা পাঁ

 
 
 

Comments


bottom of page