top of page

একো নাই

কথা নাই কথা নাই

কবলৈও একোকে বাকী নাই

কোনো নাই কোনো নাই

আজি যেন সব শূণ্য হায় !

মাত নাই বোল নাই

কবলৈও কাকো দেখা নাই

নাই নাই কোনো নাই

আজি সব ধোঁৱা হায় !

কত গল কেতিয়া গল

সকলোবোৰ কেনি গল ?

জানা জানো,কোন-কিয় নোহোৱা হল

সকলো বাৰু কিয় শূণ্য হল?

বাচিল কি,কিনো ৰ'ল

যথেষ্ট নে জীয়াই থকাৰ!

কি কৰিব কেনেকৈ কৰিব

কৰ পৰা আকৌ আৰম্ভ কৰিব!

আছে জানো সময় ইমান

সম্বল কাৰ ক'ত কিমান

জীয়াব কেনেদৰে বাৰু

আশ্বাস দিয়ে কোনে কেনেকৈ!

কি দিব কোনে দিব

কেতিয়ালৈকে দিব পাৰিব ?

উপায় কি,কি কৰিব

সমস্যাৰ সমাধান কেনেকৈ হব

ভবিষ্যতৰ বাবে কি

কেনেকৈ সকলো চিজিল লাগিব !

কি কৰিব কেনেকৈ কৰিব

আগলৈ যাতে এনে কতো নহব !

আছে-দেখিছে,জ্ঞাত বহু অভিজ্ঞতা

কেতিয়া বাৰু কামত লগাব!

সমাধান অতিকৈ দৰকাৰী

হওঁক জনতাৰ উপকাৰী!

কবলৈ একো নাই

কোনো যে লগত নাই।


শোণিত বৰঠাকুৰ,

বৈদ্যটুপ, নগাওঁ(অসম),

দূৰভাষ -৭০০২২৪০৬০

Recent Posts

See All
এটা অতৃপ্ত বাসনাৰ মৃত্যু

লাজ বাৰু দেহৰ কোন অংশত লাগে ? 'নাকত আকউ।' 'নাৰীৰ সৌন্দৰ্য্য দেহৰ কোন অংশত থাকে ?' 'যাহ এইজনী।' লাজত ৰঙা-ছিঙা পৰা মোৰ বাইদেউ সবিতাৰ উত্তৰ। সঁচাই, নাৰীৰ সৌন্দৰ্য আনে ক'ত দেখে নাজানো। কিন্ত্ত মই দেখা পাঁ

 
 
 
জেঠাই আহিল

অমলা আজি পাঁচবছৰৰ মূৰত মাকৰ ঘৰলৈ আহিছে । সেইযে মাক ঢুকাওঁতেই অহা, ইমানদিনে অহা নাছিল।হওঁতে অমলাৰ এতিয়া তিনিকুৰি পাচঁবছৰ হৈছে। এই বয়সত ইমান দূৰ অকলে আহিব নোৱাৰে,লগত এটা সাৰথি লাগে।শৰীৰ ভাল থাকোঁতে অম

 
 
 
সাংঘাতিক

(কাঠনিবাৰী ঘাট স্ৰষ্টা শ্ৰদ্ধাৰ মহিম বৰা ছাৰৰ সোঁৱৰণত) ৰাতিপুৱা শুই উঠি কস্তুৰীয়ে ঘড়ীটোলৈ চাই দেখে সাত বাজিছে। ইতিমধ্যে তাইৰ মানুহজন আৰু ডাঙৰ ল’ৰাটোও নিজৰ কৰিবলগীয়া প্ৰাতঃকৰ্মশেষ কৰি সাজপাৰ পিন্ধি সা

 
 
 

Comments


bottom of page