সাংঘাতিক
- লখিমী মহন্ত

- Aug 2
- 3 min read
(কাঠনিবাৰী ঘাট স্ৰষ্টা শ্ৰদ্ধাৰ মহিম বৰা ছাৰৰ সোঁৱৰণত)
ৰাতিপুৱা শুই উঠি কস্তুৰীয়ে ঘড়ীটোলৈ চাই দেখে সাত বাজিছে। ইতিমধ্যে তাইৰ মানুহজন আৰু ডাঙৰ ল’ৰাটোও নিজৰ কৰিবলগীয়া প্ৰাতঃকৰ্মশেষ কৰি সাজপাৰ পিন্ধি সাজু হৈছে নিজৰ গন্তব্য স্থানলৈ। ল’ৰাটোৱে মা যাওঁ বুলি মাতষাৰ দি পিঠিত কিতাপৰ মোনাটো লৈ বিদ্যালয়লৈ ঢাপলি মেলিছে। আনহাতে মানুহজনো নিজৰ সৰু গাড়ীখনৰে কৰ্ম স্থানলৈ গৈছে। সৰুতো ল’ৰাই আগদিনা ৰাতি বহু দেৰিলৈকে আমনি কৰি থকাত তাই ৰাতি শোৱা পলম হৈছিল। চৰকাৰী আবাসৰ প্ৰথম মহলাৰ চুকৰ সৰু কোঠাটোত থকা বিনীতাই পুৱাৰ আহাৰ, টিফিন আৰু চাহৰ লেঠা মাৰি শেষ কৰিছিল। ফ্লাস্কত তাইৰ বাবে চাহ আৰু পুৱাৰ আহাৰ টেবুলত ৰাখিছিল। এনে সময়তে ঘৰৰ কাপোৰ কানি ধোৱা,ঘৰ চাফা কৰা বাইজনীও দিনটোৰ বাবে আহি উপস্থিত হৈছিলহি। সৰু ল’ৰাৰ গভীৰ টোপনি দেখি সাউতকৈ গাটো ধুই লওঁ বুলি ভাবোতেই গাখীৰৱালা ৰহিমে আহি গাখীৰখিনি দি গ’লহি।
স্নানাগাৰৰ পৰা ওলাই আহি ভগৱানৰ ওচৰত ধূপকাঠি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ লওঁতেই তাই এটা হুলস্থূলীয়া পৰিবেশৰ কৰ্ণগোচৰ হ’ল। সেই হুলস্থুল শুনি শুনিয়েই থাপনাত সেৱা জনাই লৰালৰিকৈ পকী খটখটীৰে তললৈ নামি আহিল। আহিয়েই তাই সকলোৰে মুখবিলাক গোমোঠা হৈ থকা দেখা পালে ।কথাৰ গুণগুণনি মাৰ গ’ল । তাত সেইসময়ত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল।তাইক দেখাৰ পিছতেই সকলোবিলাক ঘৰমুৱা হ’ল।কিন্তু কোনোৱে তাইক একোৱেই নক’লে।ক’বই বা কেনেকৈ, সিহঁতৰ চৱবুৰীটোহে যি সকলো কথাই ‘ঢৌ’ টোৱেই ‘ৰৌ’ টো হয়। কিজানিবা কাৰোবাৰ মুখত শুনা কথা যদি কথাটো সঁচা নহয়েই। সকলোৰে মাজত চেপা উত্তেজনাই বিৰাজ কৰা যেন অনুভৱ হৈছিল কস্ত্তৰীৰ।
কস্ত্তৰীলৈ অলপ ভয়ো কৰে চুবুৰীৰ মানুহখিনিয়ে, কিয়নো তাই একা চেকা বিধৰ। নিজে কোনো ঘটনাৰ সবিশেষ নজনাকৈ নেদেখাকৈ মন্তব্য দিয়াটো একেবাৰে পছন্দ নকৰে । তাইয়ো কোঠালৈ উভতি আহিল।
তাই চিন্তাত শংকিত হৈ পৰিছিল। কি হৈছে !সঁচাকৈয়ে তাই ৰাতি ৰাতি সিহঁতৰ বাসভৱনৰ কাষত থকা জংঘলবোৰত ফেঁচা এটাই ‘নিউ নিউ’ কৰি থকা অলপ দিনৰ পৰা প্ৰায়েই শুনি থাকে। সঁচাকৈয়ে কাৰোবাৰ কিবা অথন্তৰ ঘটিল ভাৱি বিপাঙত পৰিল। উগুলথুগুল মন এটা লৈয়েই কাম কৰা বাইজনীৰ সৈতে পুৱাৰ আহাৰ গ্ৰহণ কৰি শেষ কৰিছিল । এনেকুৱা সময়তে সৰু ল’ৰাটোও সাৰ পাই উঠিল আৰু কস্ত্তৰী তাৰ লগত ব্যস্ত হৈ পৰিল ।
দুপৰীয়া সময় বাৰমান বজাত তাইৰ ফোনটো বাজিল। তাই একেজাপেই গৈ ফোনটো ধৰিলে ।
—---হেল্ল’ হেল্ল’ কোনে কৈছে ?
—--মই কলিতানীয়ে কৈছোঁ ।
—--কওক কলিতানী, কিবা খবৰ আছে নেকি ?
—-হয় আছে। আমাৰ কলিতাই নিজ চকুৰে দেখি আহিছে আপোনালোকৰ আবাসগৃহৰ কাষৰ জংঘলখিনিৰ সিপাৰে অৱস্থিত বাসভৱনৰ তালুকদাৰ মটৰ চাইকেলৰ দূৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিছে।
খবৰটো পোৱাৰ লগে লগে কস্ত্তৰীৰ হাতৰ পৰা ফোনটো সৰি পৰি শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ’ল।
শ্ৰীমতী কলিতা কস্ত্তৰীহঁতৰ চুবুৰীৰে আবাসত থাকে। গতিকে সত্য ঘটনাটো সদৰি হোৱাৰ লগে লগে ৰাস্তাত আহি মানুহ জুম বান্ধিলেহি। ৰাস্তাত হোৱা কোলাহলেহে যেন তাইৰ চেতনা ঘূৰাই আনিলে। মানুহবিলাকে কোলাহল কৰিছিল যদিও সকলোৰে মুখত বিষাদৰ ছাঁ। তেল কোম্পানীৰ চাকৰিত কৰ্মৰত হৈ থকা মানুহকেইজনৰ বাহিৰে বাকী যিকেইজন সেই সময়ত মতা মানুহ আছিল সকলো ওচৰৰ চিকিৎসালয় খনলৈ মৃতদেহ আহি পোৱাৰ খবৰ পাই ঢপলিয়াইছিল।
কস্ত্তৰী আকৌ তললৈ নামি আহিছিল আৰু মানুহৰ জুমটোৰ ফালে আগবাঢ়ি গৈছিল। তেতিয়াহে তাই জানিব পাৰিলে যে নৈশ বাছে চুচুৰাই নিয়া তালুকদাৰে মূৰত হেলমেট পৰিধান কৰা নাছিল। এগৰাকীয়ে কৈছিল—----
দুচকীয়া বাহন হেলমেট পৰিধান নকৰাকৈ চলোৱাটো নিষিদ্ধ অথচ মানুহে সেইটো ভুলকেই কৰে।
এই ঘটনাটোত যে কেৱল6পৰিয়ীলৰ লোকেই যে দুখত ভাগী পৰিছিল এনে নহয় তাত বাস কৰা সকলো মানুহেই শোকত ভাগি পৰিছিল। এনেবোৰ কথাই কস্ত্তৰীক ভাৰক্ৰান্ত কৰি তুলিছিল। মূহুৰ্ততে তাইক মুখখন বিবৰ্ণ হৈ মুখেৰে একো এটা শব্দকে নোলোৱা হৈছিল। জুমটোৰ মাজৰ পৰা শ্ৰীমতী গোস্বামীকে আদি কৰি বিভিন্ন মন্তব্য আগবঢ়াইছিল। কোনোৰ মতে—-
তেওঁ সাৱধানে যদি বাহনখন চলালেহেঁতেন এনে দূৰ্ভাগ্যজনক ঘটনাটো নঘটিল হয়।
কোনোৰ মতে—
তেওঁ আগতেই মৰিব বুলি জানিছিল নেকি সেয়ে ইমান মোটী ধনৰ জীৱন বীমাটো খুলিছিল।
ভগৱীনৰেই এইবোৰ লীলা।
কোনোৰ মতে—
যিখন গাড়ীয়ে মহতীয়াই এই ঘটনা সংঘটিত কৰিলে চালকজনে ভাল শাস্তি পাব লাগিব।
কোনোৰ মতে —---
ঘটনাটো ঘটিল যদিও পৰিয়ালটো কোনো অসুবিধাৰ সন্মুখীন নহয়। মৃতকে য’ত চাকৰি কৰিছিল তাৰ পৰাও পৰিয়ালটোৱে যথেষ্ট সহায় সুবিধা লাভ কৰিব । এইবোৰ কথা কস্ত্তৰীয়ে নীৰৱে শুনি থাকি তাৰ পৰা লাহে লাহে নিজৰ কোঠালৈ বুলি পকী খটখটীৰে ওপৰলৈ উঠিলত লাহে লাহে সেই ঠাইৰ পৰা সকলো ছত্ৰভংগ দিছুল। এইদৰেই সেইদিনাৰ সূৰ্যটে আন্ধাৰত ডুব গৈছিল।বাৰে বাৰে চেষ্টা কৰিও তাই টোপনি যাব নোৱাৰিলে। সেইবোৰ কথাই তাইৰ মনটোত ক্ৰিয়া কৰি আছিল। মানুহজনে হেলমেট পিন্ধি থকা হ’লে কথমপি হ’লেও তেওঁৰ প্ৰাণটো ৰক্ষা পৰিলহেঁতেন। মৃতকৰ পত্নী আৰু ফুলকুমলীয়া ল’ৰা সন্তানটো কেনেকৈ থাকিব, বৰ্তমান কি অৱস্থাত আছে, ইয়াৰ পিছতো পত্নী আৰু পুত্ৰ হাজাৰ সুখত থাকিলেও পুত্ৰই পিতাকক আৰু পত্নীয়ে পতিক কোনো কাৰণতে ঘূৰাই পাব জানো ? মানুহ মৰণশীল, তথাপিও এই অপ্ৰিয় কথাটো মানি লোৱাটো বৰ কষ্টকৰ।নিয়তিৰ পৰিহাসক মানি ল’বলৈ বাধ্য হ’বই যে লাগিব।যিমানেই ৰাতি গভীৰ হৈ আহিছিল তাইক বেবেৰিবাং চিন্তাই জুমুৰি দিছিল।
তাই উপলব্ধি কৰিব পাৰিছিল যে বৰ্তমান বিজ্ঞানৰ যুগ। বিজ্ঞান প্ৰযুক্তিয়ে যিমানেই মানুহৰ ক্ৰমবিৱৰ্তনত সহায় কৰিছে ঠিক তেনেকৈয়ে কুফলো উপলব্ধ। কথাতেই কয় ‘ সাৱধানীৰ মৰণ নাই।’ দূৰ্ঘটনাত পতিত জনে মূৰত হেলমেট পিন্ধাৰ পৰা বিৰত নাথাকি অলপ সাৱধান হলহেঁতেন হয়তো এনে নহলহেঁতেন।
তথাপিও মৃত্যু শিল্পটো ভগৱানৰ ওচৰতেই অৰ্পিত।।
লখিমী মহন্ত
আনন্দ নগৰ,নগাঁও
দূৰভাষ নং ৯৪৩৫৭-০৩১১৩





Comments