top of page

এটা অতৃপ্ত বাসনাৰ মৃত্যু

লাজ বাৰু দেহৰ কোন অংশত লাগে ?


'নাকত আকউ।'


'নাৰীৰ সৌন্দৰ্য্য দেহৰ কোন অংশত থাকে ?'


'যাহ এইজনী।' লাজত ৰঙা-ছিঙা পৰা মোৰ বাইদেউ


সবিতাৰ উত্তৰ।


সঁচাই, নাৰীৰ সৌন্দৰ্য আনে ক'ত দেখে নাজানো। কিন্ত্ত মই দেখা পাঁও-পকা চুলিৰে সম্পূৰ্ন বগা হৈ পৰা কোনো আদহীয়া নাৰীৰ সেওঁতাৰ সেন্দুৰত। বিয়াই সবাহে য'লৈকে নাযাও কিয়, তেনে এগৰাকী নাৰীৰ সন্ধানত মোৰ চকু দুটা পিত-পিতাই ফুৰে। মোৰ মাৰো চুলিবোৰ পকিছিল। মা' ক'ৰবালৈ ফুৰিবলৈ ওলালে মই সদায়েই সেওঁতাত সেন্দুৰ অলপ সৰহকৈ বোলাই দিছিলো।


'বা: কি সুন্দৰ!'


'পাগলীজনী' বুলি ঢুলঢুলীয়া হৈ পৰা চকুযোৰ মোৰ পৰা মায়ে  আতৰাই নিয়ে। হয়তো সেই মুহূর্তত মায়ে ভাবে, মোৰ এই আজলী ছোৱালী জনীয়ে কেতিয়াবা শিৰত সেন্দুৰ লবলৈ পাবনে? তাৰবাবে মায়ে সদায় দেউতাকেই দোষ দিয়ে। কিন্ত্ত সঁচাই জানো দেউতাৰ দোষ আছিল? এতিয়া মোৰ কাষত মা-দেউতাৰ স্মৃতিৰ বাহিৰে একোৱেই নাই।


ভালেই হ'ল নহ'লে মা' ৰ কেটকেটনি সহ্য কৰি থকা দেউতাৰ মৌন অসহায় ৰূপটো মই সদায় নীৰৱে চাই থকিব লাগিলহেঁতেন।


'কালাপাহাৰ'-থিয়েটাৰ খনৰ নাম।  কোনোবা এটা ভাম্যমান নাট্যদলে নিবেদন কৰা প্ৰথম দৰ্শনী চাই ঘৰলৈ  ওভতি অহাৰ পথত দেউতাক সুধিছিলো-'দেউতা, সেইযে  ভমক ভমক কৈ জুইলগা দৃশ্যটো দেখাইছিল, সেয়া কেনেকৈ দেখাইছিল বাৰু?'


'তেনেই সহজ। 'দেউতাই বিজ্ঞান শিক্ষকৰ অভিজ্ঞতাৰে সুন্দৰকৈ বুজাই দিছিল। পিছদিনাই মা-দেউতা ঘৰত


নথকাৰ সুবিধা লৈ চুবুৰিৰ লগৰীয়া হঁতক যাদু দেখুৱাম বুলি গোটাই লৈছিলো। কেৰাচিন বিচাৰি নাপাই, ভঁৰালৰ গাধৈত থকা পেট্রোলৰ গেলনটোৰ পৰাই মুখত এমোকোৰা পেট্রোল ভৰাই, দেউতাই শিকাই দিয়াৰ দৰে জ্বলাই লোৱা জুইশলা কাঠিটোলৈ জোৰেৰে 'ফু' কৰি মাৰি পঠিয়ালো।


গোটেইখন হুৱাদুৱা লাগিল।


গাঁৱৰ মানুহেৰে চোতাল নধৰা হ'ল।


পিছত হস্পিটাল আৰু সদৌ শেষত মোৰ সুন্দৰ মুখখন বিকৃত হৈ পৰিল। তেতিয়াৰে পৰা সুবিধা পালেই দেউতাৰ ওপৰত 'মা'ৰ গালি বৰ্ষণ হয়। এতিয়া অৱশ্যে মুখ খন সুন্দৰ কৰোৱাৰ বহুত উপায় ওলাল। কিন্তু ইতিমধ্যে' 'গালপোৰা মাষ্টৰণী' হিচাবে মই প্রখ্যাত হৈ গ'লো।


'ইয়াত কোন শুই আছে অ'? -বাইদেউৰ জেশাহুয়েকে দিল্লীত পঢ়ি থকা জীয়েকক সুধিছে।


'মামীৰ গালপোৰা ভনীয়েক জনী।'


'মনে মনে ক, শুনিলে বেয়া পাব।


'শুনিলোৱেই' বুলি মোৰ হাঁহি  উঠি গ'ল। এনেকৈ


নক'লেহে দেখোন নিজকে অচিনাকি যেন লাগে।


আচলতে কাহিলি পুৱাতেই মোৰ টোপনি ভাগিল।


ঠাণ্ডাতে  উঠিবৰ মন নোযোৱাৰ বাবে এনেয়ে পৰি আছো। কালি মাত্ৰ সকাম-নিকামৰ সকলো কাম শেষ হৈছে। দূৰণিবটীয়া আৰু একেবাৰে নিজৰ মানুহখিনিৰ বাহিৰে অন্য আলহী-অতিথিবোৰ গ'লগৈ। থকাসকলৰ প্ৰায়বোৰেই পুৱাতে যাবলৈ খৰখেদা লগাইছে। মই শুই থকা এইটো ৰূমত ড্ৰেচিং আইনা আৰু আলনা এডাল থকাৰ বাবেই মূৰ আঁচুৰিবল অহা আৰু গামোচা-টায়েল বিচাৰি অহা মানুহৰ সমাগম বেছি হৈছে। সকলোৰে অজ্ঞাতে ব্যস্ততা বোৰ উপভোগ কৰি বেচ  আমোদ পাইছো।


বৰ ব্যস্তহৈ এইবাৰ বাইদেউৰ দেওৰেক ৰূপম সোমাই আহিল।


'হেৰা, হ'ল নে তোমাৰ? পুৱাই সেই সোপা নঘঁহিলে নহয়নে?দেৰি কৰিলে অফিচ নাপামগৈ কিন্তু।'


পত্নী য়ে ৰূপমৰ কথালৈ গুৰুত্ব  নিদি একান্ত মনে লিপষ্টিক ঘঁহি আছে। কালিও মন কৰিছিলো-ডাঠ লিপষ্টিক, ব্লাচাৰ আৰু আইলাইনাৰ লগাই সকামৰ ঘৰত ঘূৰি-ফুৰা মানুহগৰাকীক বৰ বিসদৃশ লাগিছিল। অন্তত: বিয়া আৰু সকামৰ সাজ-পোছাকৰ এটা পাৰ্থক্য থকা উচিত।


এটা সৰু দুর্ঘটনা। ভিনদেউ নাবাছিল। শুদা হাত, কাণ আৰু  ডিঙিৰে বগা-সাজ পৰিহিতা বাইদেউৰ মুখলৈ এইকেইদিন মই চাব পৰা নাই। মাকো মই এই ৰূপত দেখিছিলো। কেইবাজনো মানুহে ঢাৰি-পাটীৰে সৈতে  দেউতাক চোতাললৈ উলিয়াই আনিছিল। দাদাই খুৱাই দিয়া পানী চামুচ দেউতাৰ কোৱাৰিয়েদি বাগৰি গৈছিল। কান্দি কান্দি বাউলী হোৱা মাক সান্ত্বনা দিয়াৰ পৰিবৰ্তে  মাৰ সেন্দুৰ মচিব খোজা চুবুৰীয়া জেঠাইৰ হাতখন থাপ মাৰি ধৰি 'নুমুচিবা, মাৰ সেন্দুৰ নুমুচিবা' বুলি সর্বশক্তিৰে বাধা দিছিলো। কোনোবাই মোক টানি-আজুৰি আঁতৰাই নিছিল। সেই দিনা, মাৰ সেন্দুৰ মচি দিয়া, অলংকাৰবোৰ খুলি দিয়া জেঠাইক মোৰ ৰাক্ষসী যেন লাগিছিল। মাৰ বগা চুলিৰ শেওঁতাত সেন্দুৰৰ সৌন্দৰ্যৰ অভাবে মোক বহুত দিনলৈকে  নীৰৱে কন্দুৱাইছিল।


কালি ভোজৰ শেষত গোপিনী সকলে বাইদেউক সামান্য  অলংকাৰ পিন্ধাই দিছিল। কিন্ত্ত সেন্দুৰকণ--? ময়ে এদিন ধেমালিতে বাইদেউক আর্শীবাদ দিছিলো-'আলৰ বুঢ়ী লৈকে পকা চুলিৰ মাজত ৰঙা সেন্দুৰকণ জিলিকি থাকেযেন। 'মোৰ দুচকু পানীৰে উপচি পৰিল।


গামোচাৰে, তিতা দীঘল চুলিকোছা মচিমচি বাইদেউ ৰূম টোলৈ সোমাই আহিল। এইকেইদিনৰ দুখ-কষ্ট-ভাগৰ তথা চিন্তা চর্চাইও বাইদেউৰ সৌন্দর্য ম্লান কৰিব পৰা নাই। অৱশ্যে চকুৰ তলত সামান্য ক'লা পৰিছে। অনুৰাধা শৰ্মা পূজাৰীৰ ভাষাত 'চাকিৰ তলৰ ছাঁ'ৰ দৰে লাগিছে। মই একেথৰে বাইদেউলৈ চাই আছো। তিতি থকা চুলিখিনিৰেই এটা খোপা বান্ধি, তলুৱাত অলপ 'মইশ্বৰাইজাৰ'   লৈ হাত আৰু মুখত ঘঁহিলে। ওঁঠত অকণমান 'ভেচলিন' লগালে। অনামিকা আঙুলিৰে টেমাটোৰ পৰা অকণমান সেন্দুৰ তুলি আনি কপালত আঙুলিটোৰে  হেঁচি দিব খোজোতেই-


'বাইদেউ!' ---মই একেজাপেই বাইদেউৰ হাতখনত থাপ মাৰি ধৰিলোহি। তাই অবাক হৈ মোলৈ চালে।


'তই এয়া কি কৰিব খুজিছ বাইদেউ? '(মই কেতিয়াৰ পৰা এনে সংস্কাৰ মানি চলা হ'লো!)


তেতিয়াহে যেন বাইদেউৰ সম্বিত ঘুৰাই পালে।


'ভিনিহিয়েৰ নাই বুলি মই পাহৰি গ'লো অ' ববিতা!'      কান্দোনত ভাগি পৰা বাইদেউক মই দুহাতেৰে সাৱটি ধৰিলো। সেই সময়তে ৰূমটোত কিবা বস্তু  বিচাৰি থকা বাইদেউৰ শাহুৱেকৰ মুখৰ পৰা ওলোৱা বাক্যটোৱে মোৰ অন্তৰাত্মা কঁপাই তুলিলে।


'হে ভগৱান। মৰাৰ তেৰদিন হওঁতেই গিৰিয়েকক পাহৰিলে  যেতিয়া বংশত কলংক সানিবলৈ কেতপৰ?'  খংটো উজাৰি আহিছিল যদিও সেই মুহূর্তত মৌন হৈ ৰ'লো। সন্মুখৰ আইনাত প্ৰতিবিম্বিত হোৱা মোৰ পোৰা মুখখন সেই মুহূৰ্তত বৰ আপোন যেন লাগিল। ইমানদিনে মোৰ অলক্ষিতেই মোৰ মনত খুঁটি পুতি বহি থকা অতৃপ্ত বাসনাটোৰ যেন আজি প্রকৃত মৃত্যু ঘটিল। মই আলফুলে মোৰ মুখৰ পোৰা দাগবিলাকৰ ওপৰত সন্তুষ্ট মনেৰে হাত বুলাই দিলো।



গীতা মহন্ত শইকীয়া

মৰিকলং,নগাঁও।

দূৰভাষ নং ৭৫৭৬৯০২৪২০ 

Recent Posts

See All
সাংঘাতিক

(কাঠনিবাৰী ঘাট স্ৰষ্টা শ্ৰদ্ধাৰ মহিম বৰা ছাৰৰ সোঁৱৰণত) ৰাতিপুৱা শুই উঠি কস্তুৰীয়ে ঘড়ীটোলৈ চাই দেখে সাত বাজিছে। ইতিমধ্যে তাইৰ মানুহজন আৰু ডাঙৰ ল’ৰাটোও নিজৰ কৰিবলগীয়া প্ৰাতঃকৰ্মশেষ কৰি সাজপাৰ পিন্ধি সা

 
 
 

Comments


bottom of page