top of page

মানৱতা

চৌদিশে মানুহৰ সুত বৈছে

অৰ্থৰ অভাবে চোৱা নাই কাকো৷

সাধ্যানুসৰি মন খুলি

দিছে সকলোৱে

উজনিক বচাবলৈ

উজনি আমাৰ ইতিহাস

জয়মতী আমাৰ সাহস

ৰংঘৰ কাৰেঙ ঘৰ

জয়দৌল শিৱদৌল

অসমৰ পৰিচয়

অমানুহৰ মাজত বহু মানুহ এতিয়াও আছে ।

উজনিৰ বানে পৰিচয় দিলে

ইয়াত জাতপাতৰ চিন নাই

আছে মাত্ৰ মানৱতা

ভূপেনদায়ে কোৱাৰ দৰে

মানুহে মানুহৰ বাবে

মানৱ সেৱা শ্ৰেষ্ঠ ধৰ্ম সকলোৱে বুজিছে ৷

গড়ালৰ হাঁহকুকুৰা

গোহালিৰ গৰুছাগলীবোৰে ৰিঙিয়াইছে নিজৰ ভাষাত

নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি

সাহসী কেইজনে বহু জনক বচালে

কোনোবাই পিতৃমাতৃ হেৰুৱালে

কোনোবাই পুত্ৰৰ শোকত চকুলো টুকিছে৷

চিৰদিনৰ বাবে কাৰোবাৰ শিৰৰ সেন্দূৰ মচা গ’ল৷

তথাপিও শান্ত হোৱা নাই বান

পানীয়েই মানুহৰ প্ৰাণ

পানীতে দিলে জীৱন দান

সকলো মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ৷



পবিত্ৰী ভৰালী(মণি)

নগাঁও (ধিং)

দূৰভাষ নং ৬০০৩৪৯৫৩৬৬

Recent Posts

See All
মানৱতাৰ মহাশংখ

ভাৱিছিলোঁ মানৱতাৰ স্খলন ঘটিল, কিন্তু ক'তা ----? স্বাৰ্থপৰতাৰ এই যান্ত্ৰিক অৰণ্যত আত্মা জানো মৰহিব পাৰে ?? প্লাৱিত অঞ্চলৰ জঠৰ বুকুত আজি এক নতুন ঈশ্বৰৰ জন্ম হ'ল! মানৱতা !! দিখৌৰ উন্মুক্ত গৰ্ভই যেতিয়া গ

 
 
 
কৃতঘ্নৰ চিতাজুই আৰু সেউজৰঙী উপত্যকা

তুমি মৌনতাৰ ভাষা শুনানে? নুশুনা, তুমি বধিৰ। শূণ্যতাত ওলমি ৰোৱা অবাক চাৱনিবোৰ তুমি পঢ়িব পাৰানে? নোৱাৰা, তুমি নিৰক্ষৰ । চকুৰ পোহৰো যে ক'লা হ'ব পাৰে তুমি ভাবানে সপোনতো?

 
 
 
স্নেপশ্বট - ৩

পাহাৰৰ নামনিত মই নেপালী খুটি য'ৰ পৰা বিভিন্ন ঠাইলৈ বৈছিল গাখীৰৰ সুঁতি। এতিয়া তাত পানীত উটি অহা কাঠ বাঁহৰ ওখ ওখ দ'ম । একঁকাল এডিঙি পোত যোৱা পলসৰ নৰক মেলা । পলসৰ তলৰ পৰা মই অঘৰী আত্মাই কৈছোঁ হে উত্তৰ প

 
 
 

Comments


bottom of page